মালয়েছিয়াত ব্যৱসায়িক নেতাৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
February 08th, 02:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ চাৰিজন আগশাৰীৰ উদ্যোগপতিৰ সৈতে মত-বিনিময় কৰে। তেওঁ পেট্ৰ’নাছৰ অধ্যক্ষ তথা গ্ৰুপ চিইঅ’ টান শ্ৰী টেংকু মহম্মদ তৌফিক, বেৰ্জায়া কৰ্প'ৰেশ্যন বেৰহাদৰ প্ৰতিষ্ঠাপক টান শ্ৰী দাটো' চেৰী ভিনচেণ্ট টান চী ইয়ন, খাজানা নেচনেল বেৰহাদৰ পৰিচালন সঞ্চালক দাটো’ আমিৰুল ফৈচাল ৱান জাহিৰ আৰু ফিছোন ইলেক্ট্ৰনিক্সৰ প্ৰতিষ্ঠাপক ডাটো’ পুৱা খেইন চেঙক সাক্ষাত কৰে।মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মালয়েছিয়াৰ কুৱালালামপুৰলৈ আনুষ্ঠানিক ভ্ৰমণ
February 04th, 04:17 pm
মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী মোদীয়ে ৭–৮ ফেব্ৰুৱাৰী, ২০২৬লৈ মালয়েছিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু দ্বিপাক্ষিক সহযোগিতাৰ সমগ্ৰ পৰিসৰ পৰ্যালোচনা কৰিব। ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ লগতে উদ্যোগ আৰু ব্যৱসায়িক প্ৰতিনিধিৰ সৈতেও তেওঁ মত বিনিময় কৰিব আৰু ১০ম ভাৰত–মালয়েছিয়া চিইঅ’ ফ’ৰামত অংশগ্ৰহণ কৰিব।