গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ভাৰতৰ দীৰ্ঘতম অবিৰতভাৱে সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীলৈ বিশ্বৰ নেতাসকলৰ অভিনন্দন বাৰ্তা
June 10th, 02:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ দীৰ্ঘতম নিৰন্তৰভাৱে সেৱা আগবঢ়োৱা গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে বিশ্বৰ বহু ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীসকলৰ পৰা অভিনন্দন বাৰ্তা লাভ কৰে।ভাৰত-ইটালীৰ যুটীয়া ঘোষণা
May 20th, 10:28 pm
ইটালী গণৰাজ্যৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষা জিঅ’ৰ্জিয়া মেল’নীৰ আমন্ত্ৰণমৰ্মে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৯-২০ মে’ত ইটালী ভ্ৰমণ কৰে।২০২৪ চনৰ জুন মাহত জি-৭ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালী ভ্ৰমণ আৰু ২০২৩ চনত জি-২০ শীৰ্ষ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মেল’নীয়ে কৰা ভাৰত ভ্ৰমণৰ পিছত এই ভ্ৰমণে নানান বিষয়ত দ্বিপাক্ষিক সম্পৰ্কক উন্নীত কৰিছে । দুয়োগৰাকী নেতাই ভাৰত-ইটালীৰ সম্পৰ্কক বিশেষ কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।ইটালীৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
May 20th, 07:19 pm
প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইটালীৰ সম্পৰ্ক সুদৃঢ় কৰাৰ দিশত ৰাষ্ট্ৰপতি মাটাৰেলাৰ সহায় আৰু নেতৃত্বৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভাৰত-ইটালীৰ কৌশলগত অংশীদাৰিত্বৰ উৰ্ধমুখী গতিৰ কথা উল্লেখ কৰি দুয়োগৰাকী নেতাই বাণিজ্য তথা বিনিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি, গৱেষণা আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, মহাকাশ, শক্তি, এআই আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তি, শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ সম্পৰ্কৰ ক্ষেত্ৰত চলি থকা সহযোগিতাৰ বিষয়ত সন্তুষ্টি প্ৰকাশ কৰে। উদীয়মান প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়তো তেওঁলোকে মত বিনিময় কৰে।