India-Indonesia Joint Statement on the State Visit by Prime Minister of India to Indonesia
July 07th, 05:15 pm
At the invitation of Indonesian President Prabowo Subianto, PM Modi is on a State Visit to Indonesia from 6-8 July 2026. PM Modi's visit reflects the shared commitment of the two leaders to achieve a substantial upward trajectory in the India-Indonesia Comprehensive Strategic Partnership. The two leaders held discussions at Istana Merdeka in Jakarta, covering the full spectrum of bilateral relations.ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
July 07th, 03:15 pm
আজি আপোনালোকৰ মাজত উপস্থিত থকাটো মোৰ বাবে এক ডাঙৰ সন্মান আৰু সৌভাগ্য। ১.৪ বিলিয়ন ভাৰতীয়ৰ প্ৰতিনিধি হিচাপে আৰু গণতন্ত্ৰৰ মাতৃৰ এগৰাকী গৌৰৱান্বিত নাগৰিক হিচাপে মই আপোনালোকক ভাৰতৰ সকলো জনসাধাৰণৰ হৈ উষ্ম শুভেচ্ছা জনাইছো।ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
July 07th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্কাৰ্টাত ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়ে। তেওঁ হৈছে ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়া প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী।ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
July 07th, 11:21 am
আজি পুৱা মই অতি আন্তৰিকতা আৰু সন্মানৰ সৈতে ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ বঁটা লাভ কৰি গভীৰভাৱে সন্মানিত হৈছিলো। এই সন্মান কোটি কোটি ভাৰতীয়ৰ। ই ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ সদিচ্ছাক প্ৰতিফলিত কৰে আৰু ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত ঐতিহাসিক আৰু স্থায়ী বন্ধুত্বৰ বান্ধোনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হৈছে। এই বিশিষ্ট সন্মানৰ বাবে মই ৰাষ্ট্ৰপতি প্ৰাবোৱো, ইণ্ডোনেছিয়া চৰকাৰ আৰু ইণ্ডোনেছিয়াৰ জনসাধাৰণক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।জাকাৰ্টাত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী মোদী
July 06th, 05:03 pm
ইণ্ডোনেছিয়াৰ জাকাৰ্টাত উপস্থিত হয়হি প্ৰধানমন্ত্ৰী মোদী। ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ানটোৱে বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায়।প্ৰধানমন্ত্ৰীৰ ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ
July 03rd, 08:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম প্ৰববো ছুবিয়ানোৰ আমন্ত্ৰণত ২০২৬ চনৰ ৬-৮ জুলাইত ইণ্ডোনেছিয়া ভ্ৰমণ কৰিব। এয়া ২০১৮ চনৰ মে’ মাহত ভাৰত-ইণ্ডোনেছিয়াৰ সম্পৰ্কক সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ পিছত প্ৰধানমন্ত্ৰীৰ ইণ্ডোনেছিয়া ভ্ৰমণৰ চতুৰ্থটো আৰু প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ হ’ব। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি প্ৰববোৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। জাকাৰ্টাত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ এক বৃহৎ সমাৱেশত ভাষণ দিব। ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত ঐতিহাসিক আৰু আন্তৰিক সম্পৰ্ক আছে। এই বিশেষ সম্পর্কসমূহৰ লগত খাপ খুৱাই প্রধানমন্ত্রীয়ে ইণ্ডোনেছিয়াৰ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্রৰ অন্যতম স্থান যোগাকার্টাৰ প্রম্বানান মন্দিৰ কমপ্লেক্সতো পৰিদর্শন কৰিব৷