আহমেদাবাদত অনুষ্ঠিত ভাৰত-জাৰ্মানী চিইঅ’ ফ’ৰামত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

January 12th, 01:35 pm

মই ভাৰত-জাৰ্মানী চিইঅ’ ফ’ৰামত অংশগ্ৰহণ কৰি পৰম সন্তোষ পাইছো। এই বৈঠক অতিশয় গুৰুত্বপূৰ্ণ সময়ত অনুষ্ঠিত হৈছে। কিয়নো আমি ভাৰত-জাৰ্মানীৰ সম্পৰ্কৰ মহাৰজত জয়ন্তী আৰু ভাৰত-জাৰ্মানীৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপালী জয়ন্তী উদযাপন কৰিছো। অৰ্থাৎ আমাৰ সম্পৰ্কত প্লেটিনামৰ স্থায়িত্ব আৰু ৰূপৰ জিলিকনি বিৰাজমান।

জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰিড্ৰিখ মাৰ্জৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ মূল পাঠ

January 12th, 12:49 pm

স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে আজি ভাৰতলৈ চেঞ্চেলৰ মাৰ্জক স্বাগতম জনাই মই অতি আনন্দিত হৈছো। এইটো এটা আনন্দদায়ক কাকতালীয় ঘটনা যে স্বামী বিবেকানন্দই ভাৰত আৰু জাৰ্মানীৰ মাজত দৰ্শন, জ্ঞান আৰু আত্মাৰ এক সেতুৰ সৃষ্টি কৰিছিল। আজি, চেঞ্চেলৰ মাৰ্জৰ এই ভ্ৰমণে একেখন সাঁকোকে নতুন শক্তি, নতুন আত্মবিশ্বাস আৰু নতুন সম্প্ৰসাৰণ প্ৰদান কৰিছে। এয়া চেঞ্চেলৰ হিচাপে তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ নহয়, এছিয়া ভ্ৰমণ। এয়া ভাৰতৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা গুৰুত্বৰ দৃঢ় প্ৰমাণ। তেওঁৰ ব্যক্তিগত মনোযোগ আৰু দায়বদ্ধতাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। ভাৰত জাৰ্মানীৰ সৈতে ইয়াৰ বন্ধুত্ব আৰু অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। গুজৰাটত আমি কওঁ-'আৱকৰো মিঠা আপজে ৰে’, অৰ্থাৎ মৰম আৰু মৰমৰ সৈতে স্বাগতম জনাবলৈ। এই মনোভাৱেৰে আমি ভাৰতলৈ চেঞ্চেলৰ মাৰ্জক উষ্ম আদৰণি জনাইছো।

১২ জানুৱাৰীত আহমেদাবাদত জাৰ্মান চেঞ্চেলৰ মাৰ্জক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 09th, 12:05 pm

প্ৰধানমন্ত্ৰীয়ে ১২ জানুৱাৰীত আহমেদাবাদত জাৰ্মানীৰ ফেডাৰেল চেঞ্চেলৰ ফ্ৰিড্ৰিখ মাৰ্জক সাক্ষাৎ কৰিব।

জাৰ্মানীৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

September 03rd, 08:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্মানীৰ বৈদেশিক মন্ত্ৰী জোহান ৱাডেফুলৰ সৈতে বৈঠকত মিলিত হয়। ভাৰত আৰু জাৰ্মানীয়ে কৌশলগত অংশীদাৰিত্বৰ ২৫ বছৰ উদযাপন কৰিছে। সজীৱ গণতন্ত্ৰ আৰু আগশাৰীৰ অৰ্থনীতি হিচাপে আমি বাণিজ্য, প্ৰযুক্তি, উদ্ভাৱন, বহনক্ষমতা, উৎপাদন আৰু গতিশীলতাৰ ক্ষেত্ৰত পাৰস্পৰিকভাৱে উপকাৰী সহযোগিতা বৃদ্ধি কৰাৰ অপৰিসীম সম্ভাৱনা দেখিছো, শ্ৰী মোদীয়ে কয়।

জি-৭ সন্মিলনৰ আঁৰত জাৰ্মানীৰ চেন্সেলৰৰে মিলিত প্ৰধানমন্ত্ৰী

June 17th, 11:58 pm

কানাডাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জাৰ্মানী ফেডাৰেল ৰিপাব্লিকৰ চেন্সেলৰ মহামহিম ফ্ৰেড্ৰিখ মাৰ্জৰ সৈতে মিলিত হয়। ২০২৫-ৰ মে’-ত চেন্সেলৰ মাৰ্জে কাৰ্য্যভাৰ গ্ৰহণৰ পিছত এয়া আছিল দুয়োগৰাকী নেতাৰ প্ৰথম সাক্ষাৎ। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনত জয়লাভ আৰু কাৰ্য্যভাৰ গ্ৰহণৰ বাবে চেন্সেলৰগৰাকীক অভিনন্দন জনায়। যোৱা সপ্তাহত আহমেদাবাদত সংঘটিত মৰ্মান্তিক বিমান দুৰ্ঘটনাটোক লৈ জাৰ্মান চৰকাৰে শোক প্ৰকাশৰ বাবেও তেখেতে গভীৰ শলাগ লয়।