পেৰিছত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 18th, 11:41 pm
১৪ জুনত যেতিয়া মই নাইচত উপস্থিত হৈছিলো, তেতিয়া মই অংশগ্ৰহণ কৰা প্ৰথমটো অনুষ্ঠান আছিল ‘ইণ্ডিয়া ইনোভেটছ’। আজি ফ্ৰান্সৰ পৰা উভতি যাবলৈ সাজু হৈ থাকোঁতে এনে লাগে যেন মই ‘ইণ্ডিয়া কানেক্টছ’ৰ কোনো অনুষ্ঠানত উপস্থিত হৈছো।পেৰিছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 18th, 09:30 pm
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ জুনত পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়, যিয়ে ভাৰতীয়মূলৰ বিদেশত থকা লোকসকলৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ মৰমক প্ৰতিফলিত কৰে।ভাৰত-ফ্ৰান্স উদ্ভাৱনী পৰিকল্পনা ২০৩০
June 15th, 05:42 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে দ্বিপাক্ষিক সম্পৰ্কক বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰে আৰু কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাৱন, গৱেষণা, প্ৰযুক্তি, ডিজিটেল প্ৰযুক্তি আৰু চাইবাৰ ক্ষেত্ৰ, স্বাস্থ্য, সংস্কৃতি, অৰ্থনীতি, শৈক্ষিক সংযোগ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ দৰে খণ্ডসমূহত সম্প্ৰসাৰিত আৰু বহুপাক্ষিক সহযোগিতাৰ আহ্বান জনাই যুটীয়াভাৱে ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬ উদ্বোধন কৰে।ফ্ৰান্সত অনুষ্ঠিত ‘ভাৰত ইনোভেটছ্ ২০২৬’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 14th, 04:36 pm
এই সম্পৰ্কৰ ভেটিৰ ওপৰত ভিত্তি কৰিয়েই বিগত বৰ্ষবোৰত আমি যৌথভাৱে নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ, নতুন চিন্তাধাৰাক পথ প্ৰদৰ্শন কৰিছোঁ আৰু গোলকীয় প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাইছোঁ।ভাৰত ইনোভেটছ ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
June 14th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে আজি নাইচৰ পেলা ডে এক্সপ'জিচনছত যুটীয়াভাৱে ভাৰত ইনোভেটছ ২০২৬ উদ্বোধন কৰে। তিনিদিনীয়া এই অনুষ্ঠান 'ভাৰত ইনোভেটছ'-এ ভাৰতীয় ডিপ-টেক, ষ্টাৰ্ট-আপ, উদ্ভাৱক, গৱেষক আৰু বিনিয়োগকাৰীসকলক গোলকীয় উদ্ভাৱন পুঁজি আৰু প্ৰভাৱৰ সৈতে একত্ৰিত কৰিছে। ই বিশ্ব দৰবাৰত ভাৰতৰ আগশাৰীৰ গভীৰ প্ৰযুক্তি প্ৰদৰ্শন কৰে, য'ত গোলকীয় গুৰুত্বৰ ১৩টা গুৰুত্বপূৰ্ণ প্ৰযুক্তি স্তম্ভৰ বিপৰীতে ১২০টা যুগান্তকাৰী ষ্টাৰ্ট-আপ আৰু ২০টাতকৈও অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উপস্থাপন কৰা হৈছে। সমগ্ৰ বিশ্বৰ ৩৫০জনতকৈও অধিক শীৰ্ষ বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেলিষ্টেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।প্ৰধানমন্ত্ৰীৰ ফ্ৰান্স আৰু স্লোভাকিয়া ভ্ৰমণ
June 09th, 07:20 pm
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মাননীয় ইমানুৱেল মেক্ৰ’ৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩-১৪ জুন ২০২৬(নিচ),১৬-১৯ জুন ২০২৬ (ইভিয়ান আৰু পেৰিছ) ৰ পৰা ফ্ৰান্সলৈ আৰু লগতে ১৪-১৬ জুন ২০২৬ ৰ পৰা স্লোভাকিয়া ভ্ৰমণ কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে ১৪ জুনত ৰাষ্ট্ৰপতি মেক্ৰ’ৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ বাবে নিচ ভ্ৰমণ কৰিব। দুয়োগৰাকী নেতাই ভাৰত-ফ্ৰান্সৰ দ্বিপাক্ষিক সম্পৰ্কৰ সম্পূৰ্ণ পৰিসৰৰ পৰ্যালোচনা কৰিব, যাক এই বছৰৰ আৰম্ভণিতে বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰা হৈছিল। নিচত দুয়োগৰাকী নেতাই যুটীয়াভাৱে 'ভাৰত উদ্ভাৱন' অনুষ্ঠান উদ্বোধন কৰিব, যি ভাৰত, ফ্ৰান্স আৰু অন্যান্য দেশৰ শীৰ্ষ উদ্ভাৱন ষ্টাৰ্টআপ তথা ভেঞ্চাৰ কেপিটেল পুঁজি একত্ৰিত কৰিব। ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষৰ সময়ত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানটোৱে দুয়োখন দেশৰ মাজত বিদ্যমান জীৱন্ত উদ্ভাৱন অংশীদাৰিত্বক শক্তিশালী কৰে।ফলাফলৰ তালিকাঃ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ
February 17th, 07:00 pm
ভাৰত-ফ্ৰান্সৰ সম্পৰ্কক বিশেষ বিশ্ব কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা”ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
February 17th, 04:00 pm
মোৰ প্ৰিয় বন্ধু, ৰাষ্ট্ৰপতি মেক্ৰ’ক মুম্বাইত আদৰণি জনাই মই আনন্দিত হৈছো। যোৱা বছৰ তেওঁ মোক ফ্ৰান্সত অনুষ্ঠিত এ আই একচন ছামিটলৈ নিমন্ত্ৰণ জনাইছিল।ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ কূটনৈতিক উপদেষ্টাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
January 13th, 10:52 pm
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ কূটনৈতিক উপদেষ্টা শ্ৰী ইমানুৱেল বনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ৰাষ্ট্ৰপতি মেক্ৰনৰ পৰা টেলিফোন কল লাভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
August 21st, 06:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনৰ পৰা এটা ফোন কল লাভ কৰে।জি-৭ সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
June 18th, 02:57 pm
১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনৰ সৈতে মত-বিনিময় কৰে। দুয়োজন নেতাই বিস্তৃত বিষয়ত দৃষ্টিভংগীৰ আদান-প্ৰদানেৰে ভাৰত আৰু ফ্ৰান্সে আমাৰ গ্ৰহটোৰ ভালৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি যাব বুলি দৃঢ়তাৰে কয়।ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি মাজাৰ্গেছৰ যুদ্ধ সমাধিক্ষেত্ৰ পৰিদৰ্শন
February 12th, 04:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে আজি পুৱা মাৰ্চেইলৰ মাজাৰগুৱেছ যুদ্ধ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ হেৰুৱা ভাৰতীয় জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই শ্বহীদসকলৰ বলিদানক সন্মান জনাই মাল্যাৰ্পণ কৰে।ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
November 19th, 05:26 am
ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনক সাক্ষাৎ কৰে। জানুৱাৰীত উদযাপন কৰা গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে ৰাষ্ট্ৰপতি মেক্ৰনে কৰা ভাৰত ভ্ৰমণত আৰু জুনত ইটালীত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনৰ আঁৰত তেওঁলোকৰ বৈঠকৰ পিছত এই বছৰত দুয়োগৰাকী নেতাৰ এইখন তৃতীয়খন বৈঠক আছিল।