২০৩০ চনৰ দিশত: ভাৰত-ইউৰোপীয় সংঘ-ৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচী
January 27th, 06:48 pm
২০২৬ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত ‘১৬ সংখ্যক ভাৰত-ইউৰোপীয় সংঘৰ শীৰ্ষ সন্মিলন’ত স্বাক্ষৰিত ভাৰত-ইউৰোপীয় সংঘৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচীৰ লক্ষ্য হৈছে ইউৰোপীয় সংঘ-ভাৰতৰ সহযোগিতাক বিস্তৃত, গভীৰ আৰু উন্নত সমন্বয়ৰ দ্বাৰা কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰি তোলা যাতে উভয় অংশীদাৰৰ লগতে সামগ্ৰিক বিশ্বৰ বাবে পাৰস্পৰিকভাৱে লাভজনক, সুনিৰ্দিষ্ট আৰু পৰিৱৰ্তনশীল ফলাফল প্ৰদান কৰিব পৰা হয়।ভাৰত - ইউৰোপীয় পৰিষদ-ৰ সভাপতি আৰু ইউৰোপীয় আয়োগ-ৰ সভাপতিৰ ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণ আৰু ১৬ সংখ্যক ভাৰত-ইউৰোপীয় সংঘ-ৰ শীৰ্ষ সন্মিলন সম্পৰ্কে ইউৰোপীয় সংঘ-ৰ যুটীয়া বিবৃতি
January 27th, 06:15 pm
প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণত ইউৰোপীয় পৰিষদ-ৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগ-ৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েনে ভাৰতৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণ কৰে। এই ভ্ৰমণৰ সময়ত নেতাসকলে ভাৰত–ইউৰোপীয় সংঘ-ৰ ঐতিহাসিক এফটিএ সম্পৰ্কীয় আলোচনাৰ সফল সমাপ্তিৰ প্ৰশংসা কৰে আৰু “২০৩০ চনৰ দিশত: ভাৰত–ইউৰোপীয় সংঘ-ৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচী” গ্ৰহণ কৰে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত-ইউৰোপীয় ইউনিয়নৰ ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 27th, 04:32 pm
এয়া কৃতিত্ব কোনো আকস্মিক ঘটনা নহয়; বজাৰ অৰ্থনীতি হিচাপে আমাৰ উমৈহতীয়া মূল্যবোধ আছে। বিশ্বৰ সুস্থিৰতাৰ দিশত আমি অগ্ৰাধিকাৰ শ্বেয়াৰ কৰিছো আৰু মুক্ত সমাজ হিচাপে আমাৰ মানুহৰ মাজতো এক স্বাভাৱিক সংযোগ আছে। এই শক্তিশালী ভেটিৰ ওপৰত আমি আমাৰ অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ গৈছো। আমি ইয়াক বিশ্বৰ অন্যতম প্ৰভাৱশালী অংশীদাৰিত্ব হিচাপে প্ৰতিষ্ঠা কৰিছো আৰু ইয়াৰ ফলাফল আমাৰ বাবে স্পষ্টভাৱে দেখা গৈছে। যোৱা ১০ বছৰত আমাৰ বাণিজ্য দুগুণ হৈছে, ১৮০ বিলিয়ন ইউৰো হৈছে। ভাৰতত ৬ হাজাৰৰো অধিক ইউৰোপীয় কোম্পানীয়ে কাম কৰি আছে। ইউৰোপীয় সংঘৰ পৰা ভাৰতত ১২০ বিলিয়ন ইউৰোতকৈ অধিক বিনিয়োগ হৈছে। ইউৰোপীয় সংঘত ১৫০০ ভাৰতীয় কোম্পানী উপস্থিত আছে, আৰু তাত ভাৰতীয় বিনিয়োগ প্ৰায় ৪০ বিলিয়ন ইউৰো হৈছেগৈ। আজি ভাৰতীয় আৰু ইউৰোপীয় কোম্পানীসমূহৰ মাজত অনুসন্ধান আৰু বিকাশ, উৎপাদন, আৰু সেৱাকে ধৰি প্ৰতিটো ক্ষেত্ৰতে গভীৰ সহযোগিতা আছে। আৰু আপোনালোকৰ দৰে ব্যৱসায়িক নেতাসকলেই ইয়াৰ কৰ্তা আৰু হিতাধিকাৰী দুয়োটাই।নতুন দিল্লীত ভাৰত-ইউৰোপীয় ইউনিয়নৰ ব্যৱসায়িক মঞ্চত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 27th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-ইউৰোপিয়ান সংঘ ব্যৱসায়িক মঞ্চত ভাষণ আগবঢ়ায়। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইউৰোপিয়ান সংঘ(ইইউ) ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰি সুখী হোৱা বুলি কয়। তেওঁ কয় যে ইউৰোপিয়ান সংঘ পৰিষদ আৰু আয়োগৰ অধ্যক্ষৰ ভাৰত ভ্ৰমণ কেৱল সাধাৰণ কূটনৈতিক ভ্ৰমণ হিচাপেই নহয়, বৰঞ্চ ভাৰত-ইউৰ সম্পৰ্কৰ এক নতুন যুগৰ আৰম্ভণি হৈছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে প্ৰথমবাৰলৈ ইইউ নেতৃত্বই ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে।