গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ভাৰতৰ দীৰ্ঘতম অবিৰতভাৱে সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীলৈ বিশ্বৰ নেতাসকলৰ অভিনন্দন বাৰ্তা
June 10th, 02:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ দীৰ্ঘতম নিৰন্তৰভাৱে সেৱা আগবঢ়োৱা গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে বিশ্বৰ বহু ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীসকলৰ পৰা অভিনন্দন বাৰ্তা লাভ কৰে।ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা বাবে শ্ৰীমতী মেটে ফ্ৰেডৰিকচেনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
June 03rd, 06:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীমতী মেটে ফ্ৰেডৰিকচেনক একেৰাহে তৃতীয়টো উল্লেখনীয় কাৰ্যকালৰ বাবে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাত অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত আৰু ডেনমাৰ্কৰ মাজত পাৰস্পৰিক বিশ্বাস, অংশীদাৰিত্বমূলক মূল্যবোধ আৰু এক বহনক্ষম ভৱিষ্যতৰ প্ৰতি উমৈহতীয়া প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিষ্ঠিত এক দীৰ্ঘদিনীয়া অংশীদাৰিত্ব আছে। শ্ৰী মোদীয়ে কয় যে তেওঁ ভাৰত-ডেনমাৰ্ক সেউজ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে এই সহযোগিতাক এক নতুন উচ্চতালৈ লৈ যাবলৈ প্ৰধানমন্ত্ৰী ফ্ৰেডৰিকচেনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ মাজতে ডেনমাৰ্কৰ অস্থায়ী প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 19th, 06:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-নৰ্ডিক সন্মিলনৰ মাজতে অছলোত ডেনমাৰ্কৰ অস্থায়ী প্ৰধানমন্ত্ৰী মাননীয়া মেটে ফ্ৰেডৰিকছেনক সাক্ষাৎ কৰে।.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেটে ফ্ৰেডৰিকচনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে
September 16th, 07:29 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেটে ফ্ৰেডৰিকচনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।