মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

July 26th, 06:47 pm

মালে ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উদযাপনত ‘সন্মানীয় অতিথি’ হিচাপে অংশগ্ৰহণ কৰে। মালদ্বীপৰ স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত প্ৰথমবাৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি মুইজ্জুৱে আতিথ্য প্ৰদান কৰা ৰাষ্ট্ৰপতি বা চৰকাৰৰ মুৰব্বী পৰ্যায়ৰ প্ৰথমজন বিদেশী নেতা হিচাপেও পৰিগণিত হয় প্ৰধানমন্ত্ৰী মোদী।

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

July 25th, 08:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি মালেস্থিত ৰাষ্ট্ৰপতি কাৰ্য্যালয়ত মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ মুহম্মদ মুইজ্জুৰ সৈতে এখনি বৈঠকত মিলিত হয়। বৈঠকৰ পূৰ্বে ৰিপাব্লিক স্কোৱাৰত প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি মুইজ্জুৱে সম্ভাষণ আৰু আনুষ্ঠানিকভাৱে আদৰণি জনায়। উক্ত বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বদ্ধমূল সম্পৰ্ক আৰু বন্ধুত্বৰ কথা দোহৰা হয়।

ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

July 23rd, 01:05 pm

ভাৰত আৰু ব্ৰিটেইনে এক ব্যাপক কৌশলগত অংশীদাৰীত্ব কৰিছে, যিয়ে শেহতীয়া বছৰবোৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ সহযোগিতা বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, শিক্ষা, গৱেষণা, বহনক্ষমতা, স্বাস্থ্য আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত বিস্তাৰিত। মাননীয় প্ৰধানমন্ত্ৰী চাৰ কেইৰ ষ্টাৰমাৰৰ সৈতে হ’বলগীয়া বৈঠকত আমি দুয়োখন দেশত সমৃদ্ধি, বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ লক্ষ্যৰে পৰস্পৰৰ অৰ্থনৈতিক অংশীদাৰিত্ব অধিক বৃদ্ধি কৰাৰ সুযোগ পাম। এই ভ্ৰমণকালত মই মহামান্য ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰিবলৈও আগ্ৰহী।