অষ্ট্ৰেলিয়াত প্ৰবাসী ভাৰতীয় লোকসকলৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 09th, 03:22 pm
ইয়াৰ আগতে মই ছিডনীত দুবাৰকৈ আপোনালোকক লগ পাইছিলোঁ, মেলবৰ্ণবাসীৰ সৈতে দেখা কৰিবলৈ ময়ো বাট চাই আছিলোঁ। সেয়ে ভাবিলোঁ এইবাৰ মেলবৰ্ণবাসীৰ সৈতে ফ্লেট হোৱাইট কফি খাম।অষ্ট্ৰেলিয়াত থকা প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ
July 09th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণৰ মাৰ্ভেল ষ্টেডিয়ামত অষ্ট্ৰেলিয়াত থকা ভাৰতীয় সমূদায়ৰ এক বৃহৎ সমাৱেশক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। এক বিশেষ সৌজন্যতা প্ৰদৰ্শন কৰি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজেও প্ৰব্ৰাসী ভাৰতীয়সকলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।অষ্ট্ৰেলিয়াৰ গৱৰ্ণৰ জেনেৰেলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
July 09th, 01:55 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ গৱৰ্ণৰ জেনেৰেল চেম মোস্টিনক সাক্ষাৎ কৰে।ইণ্ডোনেছিয়াত অনুষ্ঠিত ভাৰতীয় সমাজৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 07th, 11:47 pm
ইণ্ডোনেছিয়াৰ এই তিনিওটা অনুষ্ঠানতে ‘মেন অৱ দ্য মেচ’ একেই আছে - ইণ্ডোনেছিয়াত বাস কৰা আপোনালোক সকলোৱে। আপোনালোকৰ প্ৰত্যেকেই প্ৰকৃত 'মেন অৱ দ্য মেচ'!জাৰ্কাৰ্টাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 07th, 05:30 pm
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই উষ্ম আদৰণিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি প্ৰাবোৱোৰ উপস্থিতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁক এজন মহান নেতা আৰু ভাৰতৰ প্ৰকৃত বন্ধু বুলি অভিহিত কৰে। তেওঁ ইণ্ডোনেছিয়াৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ বাবে আৰু দুয়োখন দেশৰ মাজত বন্ধুত্বৰ এক জীৱন্ত সেতু হিচাপে সেৱা আগবঢ়োৱাৰ বাবে প্ৰবাসী ভাৰতীয়সকলক প্ৰশংসা কৰে। তেওঁ পাৰস্পৰিক বিশ্বাস, অংশীদাৰী ঐতিহ্য আৰু সামুদ্ৰিক সম্পৰ্কৰ ভিত্তিত ইণ্ডোনেছিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। দুয়োখন দেশৰ মাজত প্ৰাচীন সভ্যতাৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে বালি যাত্ৰা, ভেছাক তীৰ্থযাত্ৰা আৰু নালন্দা বিশ্ববিদ্যালয়ৰ জৰিয়তে আধুনিক যুগৰ সংযোগৰ দৰে পৰম্পৰাই জনসাধাৰণৰ মাজত বৈচিত্ৰ্যময় আৰু স্পন্দনশীল সম্পৰ্ক গঢ়ি তুলিছে।ভাৰত-জাপান ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ ইংৰাজী অনুবাদ
July 02nd, 03:35 pm
আমাৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ সফলতাৰ বহুতো উৎকৃষ্ট উদাহৰণ আছে।নতুন দিল্লীত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত উদগনিমূলক ধন বিতৰণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
June 19th, 05:15 pm
মোৰ কেবিনেট সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱীয়া জী, ভগ্নী শোভা জী, দেশৰ বিভিন্ন প্ৰান্তৰ তথা প্ৰযুক্তিৰ সৈতে জড়িত সকলো বিশিষ্ট ব্যক্তিসকল আৰু অলপ আগতে সঞ্চালকে উল্লেখ কৰাৰ দৰে এই মুহূৰ্তত প্ৰায় ২০০টা স্থানত দুই লাখ লোক এই কাৰ্যসূচীৰ সৈতে সংযোজিত হৈ আছে, মই দূৰৈৰ পৰা হ’লেও তেওঁলোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। মই আজি উদ্যোগ জগতৰ বহু বিশিষ্ট ব্যক্তিকো ইয়াত উপস্থিত থকা দেখা পাইছো আৰু নিশ্চিতভাৱে, ইমান বৃহৎ সংখ্যক যুৱ সতীৰ্থৰ উৎসাহ স্পষ্টভাৱে দৃশ্যমান হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা’ৰ অধীনত প্ৰায় ২৪০০ কোটি টকাৰ উদগনিমূলক সাহাৰ্য প্ৰদান কৰে
June 19th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা'ৰ সৈতে জড়িত হিতাধিকাৰী, উদ্যোগ প্ৰতিনিধি আৰু অংশীদাৰসকলক সম্বোধন কৰে। তেওঁ ভাৰতৰ যুৱক-যুৱতীসকলক সবলীকৰণ আৰু সমগ্ৰ দেশতে চাকৰি সৃষ্টিৰ গতি ত্বৰান্বিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী বিকাশশীল ভাৰত ৰোজগাৰ যোজনাৰ (PM-VBRY)ৰ অধীনত প্ৰায় ২৪০০ কোটি মূল্যৰ উদগনিমূলক আঁচনি মুকলি কৰে। ভাৰত চৰকাৰৰ ধ্বজাবাহী নিয়োগ-সংলগ্ন উদগনি আঁচনি (পিএম-ভিবিআৰৱাই) ৰূপায়ণ আৰু বিভিন্ন খণ্ডত সামাজিক সুৰক্ষাৰ কভাৰেজ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই উদগনিয়ে সমগ্ৰ দেশতে ১৫ লাখ চাকৰিৰ সৃষ্টি কৰাত সহায় কৰিব।ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনত "সকলোৰে বাবে এক সন্তুলিত, অংশীদাৰী আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিতকৰণ" শীৰ্ষক অধিৱেশনত ভাষণ প্ৰধানমন্ত্ৰীৰ
June 18th, 05:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনত সকলোৰে বাবে এক সন্তুলিত, অংশীদাৰী আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিতকৰণ শীৰ্ষক আলোচনাচক্ৰত ভাষণ প্ৰদান কৰে।সকলোৰে বাবে সমান, অংশীদাৰী আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিত কৰাৰ ওপৰত জি7 সন্মিলনৰ প্ৰচাৰ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
June 17th, 06:07 pm
মই সুখী যে ফ্ৰান্সৰ জি7 ৰ অধ্যক্ষতাই অংশীদাৰী আৰু বহনক্ষম বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এনে এক সময়ত যেতিয়া বিশ্বই বহু অনিশ্চয়তাৰ মাজেৰে পাৰ হৈছে, এই মঞ্চৰ পৰা ওলোৱা বাৰ্তাই সমগ্ৰ মানৱতাৰ বাবে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে।ফ্ৰান্সৰ ইভিয়ানত জি-৭ত ''নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ'' বিষয়ক অধিবেশনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
June 16th, 10:12 pm
প্ৰযুক্তি আৰু যোগান শৃংখলক অস্ত্ৰ হিচাপে নহয়, বিশ্বৰ মংগলৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি মোৰ বিশ্বাস আছে। উন্নয়নৰ সুযোগ কেইখনমান দেশতে সীমাবদ্ধ নাথাকিব বুলি মই ভাবো। বিশ্বৰ প্ৰতিষ্ঠানসমূহে সকলো দেশৰ আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ’ব বুলিও মোৰ বিশ্বাস আছে।ফ্ৰান্সত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনত “নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ” বিষয়ক অধিৱেশনত ভাষণ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 16th, 10:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনত ‘“নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ” শীৰ্ষক অধিৱেশনত ভাষণ দিয়ে।Daman has become a living example of Mini India: PM Modi
June 05th, 07:20 pm
Addressing a public gathering in Daman, PM Modi lauded Daman as a living example of Mini India. Launching multiple transformative projects spanning connectivity, health, education, tourism, and urban infrastructure, he highlighted the region's prowess in solar energy and cleanliness. Listing various government initiatives that transformed the lives of the people, he assured the Union Territory of the central government's continued support.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দমনত প্ৰায় ২,৯৭০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন , দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। স্থানীয় নেতা আৰু নাগৰিকৰ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ আৰম্ভণিতে জনসাধাৰণৰ আপ্লুত অংশগ্ৰহণৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। পূৰ্বৰ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ পূৰ্বৰ পৰ্যবেক্ষণ বাস্তৱলৈ ৰূপান্তৰিত হৈছে, এতিয়া এই অঞ্চলে দেশৰ বৈচিত্ৰ্যময় আৰু সজীৱ সত্তাক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰিছে। ‘“দমন মিনি ইণ্ডিয়াৰ এক জীৱন্ত নিদৰ্শন হৈ পৰিছে, য’ত বিভিন্ন অঞ্চলৰ লোকৰ বসবাসে সমগ্ৰ দেশৰ এক সুন্দৰ আভাস প্ৰদান কৰিছে,”’ শ্ৰী মোদীয়ে মন্তব্য কৰে।Cabinet approves a highway construction project in Odisha worth Rs.8300.79 crore
June 03rd, 03:10 pm
Under PM Modi’s leadership, the Cabinet approved an ₹8,300 crore coastal highway project in Odisha connecting Rameshwar to Paradeep across 160 km. The project will boost connectivity, reduce travel time by nearly 2.5 hours, strengthen logistics under PM GatiShakti and promote regional economic growth while lowering fuel consumption and carbon emissions.ৰোজগাৰ মেলাত নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
May 23rd, 11:15 am
এই মাইলৰ খুঁটিত উপনীত হ’বলৈ আপোনালোকে নিশ্চয় বিস্তৃত প্ৰস্তুতি চলাইছিল আৰু কঠোৰ পৰিশ্ৰম কৰিছিল। এই সাফল্যৰ বাবে আপোনালোক আৰু আপোনালোকৰ পৰিয়াল উভয়কে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকক এই পৰ্যায়ত উপনীত কৰোৱাত আপোনালোকৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ অৱদান কোনো কাৰণতে তুচ্ছ নহয়। কিন্তু—আৰু এয়া এটা গুৰুত্বপূৰ্ণ কথা—পৰিয়ালে যেনেকৈ অৰিহণা যোগায়, সমাজেও আমাক আজি য’ত আছো তাত উপনীত হোৱাত সহায় কৰাত বিশেষ ভূমিকা পালন কৰে। আমি কেৱল নিজৰ প্ৰচেষ্টাৰ বাবেই সফল নহয়, কেৱল পৰিয়ালৰ বাবেও নহয়। এইক্ষেত্ৰত এই বিশাল দেশৰ ১৪ কোটি নাগৰিকৰ অৱদানৰ গুৰুত্বও অপৰিসীম। গতিকে আমি কেৱল নিজৰ লগতে পৰিয়ালৰ প্ৰতিয়েই , নহয় সমগ্ৰ সমাজৰ প্ৰতিও সমানে দায়িত্ব পালন কৰোঁ। এই সকলো দায়িত্ব পালনৰ বাবে আপোনালোকৰ সামৰ্থ্য বৃদ্ধি কৰি যাব বুলি মোৰ বিশ্বাস। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।ৰোজগাৰ মেলাৰ অধীনত চৰকাৰী বিভাগত নৱনিযুক্ত যুৱক-যুৱতীসকলক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
May 23rd, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১১ বজাত ১৯ সংখ্যক ৰোজগাৰ মেলা উপলক্ষ্যে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত যুৱক-যুৱতীক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষ্যে ভাষণ দি তেওঁ এই এই দিনটোক সমগ্ৰ দেশৰ হাজাৰ হাজাৰ যুৱকৰ বাবে এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। চৰকাৰী সেৱাত নতুনকৈ প্ৰৱেশ কৰাসকলক আদৰণি জনাই তেওঁ ৰে’লৱে, বেংকিং, প্ৰতিৰক্ষা, স্বাস্থ্য আৰু শিক্ষাকে ধৰি বিভিন্ন খণ্ডত ভাৰতৰ উন্নয়নত তেওঁলোকে আগবঢ়াবলগীয়া অৱদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘আগন্তুক বছৰবোৰত আপোনালোক সকলোৱেই বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ মাজতে ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 19th, 06:42 pm
ডিজিটেলাইজেচন আৰু বহনক্ষমতাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ সৈতে, দুয়োগৰাকী নেতাই উদ্যোগ, গৱেষণা প্ৰতিষ্ঠান আৰু শিক্ষাৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে ভৱিষ্যতৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নত বহনক্ষমতা তথা ডিজিটেলাইজেচনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। নেতাদ্বয়ে বাণিজ্য আৰু বিনিয়োগ, ডিজিটেলাইজেচন, এআই, 5জি/6জি, কোৱাণ্টাম প্ৰযুক্তি, মহাকাশ, বহনক্ষমতা, নৱীকৰণযোগ্য শক্তি, চক্ৰীয় অৰ্থনীতি, উদ্ভাৱন, শিক্ষা, গতিশীলতা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত চলি থকা সহযোগিতাৰ বিষয়ে পৰ্যালোচনা কৰে।নেদাৰলেণ্ডত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা বক্তব্যৰ পূৰ্ণপাঠ
May 16th, 10:00 pm
আজি ইয়াত, বিশ্বৰ উদ্ভাৱনীমূলক কোম্পানীসমূহৰ বিশিষ্ট ব্যক্তিসকলৰ মাজত উপস্থিত থকাৰ কথাই মোক অপৰিসীম আনন্দ দিছে। আজি ৩০০ৰো অধিক ডাচ কোম্পানী ‘ইণ্ডিয়া ষ্ট’ৰী’ৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। আপোনালোকৰ দৃষ্টিভংগীৰ বাবেই—আৰু ভাৰতৰ প্ৰতি থকা আপোনালোকৰ আস্থাৰ বাবেই— ইউৰোপৰ পৰা নেদাৰলেণ্ডে ভাৰতৰ সৰ্ববৃহৎ বিনিয়োগকাৰী তথা ইয়াৰ দ্বিতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম শিক্ষাৰ্থী নিবাস উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ভাষান্তৰ
May 11th, 06:15 pm
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্র ভাই পেটেল, উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱী জী, কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰতিষ্ঠাপক ন্যাসৰক্ষী মনসুখ ভাই মাণ্ডৱিয়া, চৰ্দাৰ ধামৰ সভাপতি গাগজি ভাই সুতাৰিয়া জী, দুষ্যন্ত ভাই পেটেল, পংকজ ভাই পেটেল, ৰাজ্যিক বিজেপি সভাপতি জগদীশ বিশ্বকৰ্মা জী, মঞ্চত উপস্থিত গুজৰাট চৰকাৰৰ মন্ত্ৰীবৰ্গ, সকলো দাতা, ন্যাসৰক্ষী, বিশিষ্ট অতিথি আৰু গুজৰাটৰ প্ৰতিটো প্ৰান্তৰ পৰা ইয়ালৈ অহা মোৰ মৰমৰ ভাই-ভনীসকল।