মণিপুৰৰ চুৰাচান্দপুৰত একাধিক উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
September 13th, 12:45 pm
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়! মঞ্চত উপৱিষ্ট ৰাজ্যপাল শ্ৰী অজয় ভাল্লা ডাঙৰীয়া, ৰাজ্য প্ৰশাসনৰ আন-আন বিষয়াবৰ্গ আৰু মোৰ সন্মুখত উপস্থিত মণিপুৰৰ মোৰ ভাই-ভনীসকল। আপোনালোক আটাইকে নমস্কাৰ জনালোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ চুৰাচান্দপুৰত ৭,৩০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
September 13th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ চুৰাচান্দপুৰত ৭,৩০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰ সাহস আৰু দৃঢ়তাৰ ভূমি বুলি উল্লেখেৰে মণিপুৰৰ শাৰী-শাৰী পাহাৰসমূহ প্ৰকৃতিৰ এক অমূল্য উপহাৰ বুলি কয়। তেখেতে আৰু কয় যে এই পাহাৰসমূহ ইয়াৰ জনসাধাৰণৰ অক্লান্ত কঠোৰ পৰিশ্ৰমৰ প্ৰতীকো। তেখেতে মণিপুৰবাসীৰ মনোভাৱক প্ৰণাম জনাই সভাস্থলীলৈ ভালে সংখ্যক লোক অহাৰ বাবে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপনৰ লগতে তেওঁলোকৰ এনে স্নেহৰ বাবে ধন্যবাদ জনায়।