ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
February 17th, 04:00 pm
মোৰ প্ৰিয় বন্ধু, ৰাষ্ট্ৰপতি মেক্ৰ’ক মুম্বাইত আদৰণি জনাই মই আনন্দিত হৈছো। যোৱা বছৰ তেওঁ মোক ফ্ৰান্সত অনুষ্ঠিত এ আই একচন ছামিটলৈ নিমন্ত্ৰণ জনাইছিল।ইউৰোপীয় পৰিষদৰ অধ্যক্ষ আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
January 27th, 01:30 pm
ভাৰতলৈ এই ঐতিহাসিক ভ্ৰমণৰ সময়ত মোৰ দুই ঘনিষ্ঠ বন্ধু অধ্যক্ষ কষ্টা আৰু অধ্যক্ষ ভন ডাৰ লেয়েনক স্বাগতম জনাই মই অতিশয় আনন্দিত হৈছো।কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদ
January 11th, 02:45 pm
গুজৰাটৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, উপ-মুখ্যমন্ত্ৰী হৰ্ষ সাংভী, গুজৰাট চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক, উদ্যোগসমূহৰ প্ৰতিনিধি, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰলোকসকল।ৰাজকোটত কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 11th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ২০২৬ চনৰ আৰম্ভণিৰ পিছত এয়া তেওঁৰ প্ৰথম গুজৰাট ভ্ৰমণ। তেওঁ আলোকপাত কৰে যে ইয়াৰ পূৰ্বে পুৱা তেওঁৰ ভগৱান সোমনাথৰ ঐশ্বৰিক দৰ্শন হৈছিল আৰু এতিয়া ৰাজকোটত অনুষ্ঠিত হোৱা বৃহত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে “বিকাশ ভি, বিৰাসত ভি” মন্ত্ৰ সকলোতে প্ৰতিধ্বনিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো অংশগ্ৰহণকাৰীক আদৰণি আৰু শুভেচ্ছা জ্ঞাপন কৰে।নতুন দিল্লীত অনুষ্ঠিত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
October 17th, 11:09 pm
শ্ৰীলংকাৰ মহামন্ত্ৰী প্ৰধানমন্ত্ৰী হাৰিণী অমৰাসুৰিয়া জী, অষ্ট্ৰেলিয়াৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰ বন্ধু টনি এবোট জী, ব্ৰিটেইনৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাক জী, বিশিষ্ট অতিথিসকল, ভদ্ৰলোকগণ আৰু ভদ্ৰমহিলাসকল, নমস্কাৰ!নতুন দিল্লীত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
October 17th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত ভাষণ প্ৰদান কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনায়। সকলো নাগৰিকলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে উৎসৱমুখৰ পৰিৱেশৰ মাজতে এন ডি টি ভি বিশ্ব সন্মিলন অনুষ্ঠিত কৰা হৈছে। তেওঁ অধিৱেশনৰ বিষয়বস্তু—“আনষ্টপেবল ইণ্ডিয়া”—ৰ শলাগ লৈ মন্তব্য কৰে যে ই সঁচাকৈয়ে উপযুক্ত, কিয়নো আজি ভাৰতে ৰুদ্ধ হোৱাৰ ভাবনা ৰখা নাই। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, “ভাৰত ৰৈ নাথাকে, থমকি ৰ’বও নোৱাৰে, ১৪০ কোটি ভাৰতীয়ই দ্ৰুতগতিত আগবাঢ়িছে, একেলগে”।ৰিঅ' ডি জেনেৰিঅ' ঘোষণা- অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ
July 07th, 06:00 am
আমি ব্ৰিকছ দেশসমূহৰ নেতাসকল ৬-৭ জুলাই, ২০২৫-ত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'-ত XVII ব্ৰিকছ সন্মিলনৰ বাবে সমবেত হওঁ। এই সন্মিলনৰ বিষয়বস্তু হৈছে অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ।ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 26th, 11:23 am
আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে
April 26th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।টিভি৯ সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 28th, 08:00 pm
শ্ৰীমান ৰামেশ্বৰ গাৰু জী, ৰামু জী, বৰুণ দাস জী, টিভি৯ৰ সমগ্ৰ দল, আপোনালোকৰ নেটৱৰ্কৰ সকলো দৰ্শক, ইয়াত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক এই সন্মিলনৰ বাবে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টিভি৯ সন্মিলন, ২০২৫ সম্বোধন কৰে
March 28th, 06:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত টিভি৯ সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে টিভি৯ৰ সমগ্ৰ টীমটো আৰু ইয়াৰ দৰ্শকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে টিভি৯ৰ আঞ্চলিক দৰ্শক বিস্তৃত আৰু তেখেতে লগতে কয় যে এতিয়া বিশ্বৰ দৰ্শকো সাজু হৈছে। তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।চাকৰিৰ সুযোগ সৃষ্টিক উত্সাহিতকৰণ সম্পৰ্কীয় বাজেট-পৰৱৰ্তী ৱে’বিনাৰত ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 05th, 01:35 pm
এই গুৰুত্বপূৰ্ণ বাজেট ৱে’বিনাৰলৈ আপোনালোক সকলোকে আদৰণি আৰু শুভেচ্ছা জনাইছোঁ। জনসাধাৰণ, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ – এয়া এনে এটা বিষয় যি উন্নত ভাৰতৰ বাবে পথ-পৰিকল্পনা নিৰ্দ্ধাৰিত কৰিব। আপোনালোকে এই বছৰৰ বাজেটত ব্যপক পৰিমাপত ইয়াৰ প্ৰভাৱ দেখিব পাব। সেয়েহে, এইখন বাজেটে ভাৰতৰ ভৱিষ্যতৰ বাবে এক মূল আঁচনিৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি বিনিয়োগত আন্তঃগাঁথনি আৰু উদ্যোগসমূহক যিমান প্ৰাথমিকতা প্ৰদান কৰিছো সিমানেই আমি মানুহ, অৰ্থনীতি আৰু উদ্ভাৱনকো গুৰুত্ব দিছোঁ। আপোনালোক সকলোৱে জানে যে সামৰ্থ্য বৰ্দ্ধন আৰু প্ৰতিভাৰ প্ৰতিপালনে দেশৰ প্ৰগতিৰ আধাৰশিলা হিচাপে কাম কৰে। সেয়েহে, এতিয়া উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ত আমি এই ক্ষেত্ৰসমূহত অধিক বিনিয়োগ কৰিব লাগিব। ইয়াৰ বাবে সকলো অংশীদাৰ আগবাঢ়ি আহিব লাগিব। কাৰণ, দেশৰ অৰ্থনৈতিক সফলতাৰ বাবে এয়া হৈছে প্ৰয়োজনীয়। আৰু একে সময়তে, ই হৈছে প্ৰতিটো সংগঠনৰ সফলতাৰো আধাৰ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ সৃষ্টি বৃদ্ধি- জনতা, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে
March 05th, 01:30 pm
“জনতাত বিনিয়োগৰ দৃষ্টিভংগী তিনি স্তম্ভ আধাৰিত যথাঃ শিক্ষা, দক্ষতা আৰু স্বাস্থ্যসেৱা” বুলি উল্লেখেৰে ভাৰতৰ শিক্ষা ব্যৱস্থাত কেইবাটাও দশকৰ পাছত উল্লেখযোগ্য ৰূপান্তৰ ঘটিছে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, আইআইটিৰ সম্প্ৰসাৰণ, শিক্ষা ব্যৱস্থাত প্ৰযুক্তিক একত্ৰিতকৰণ আৰু এআইৰ সম্পূৰ্ণ সম্ভাৱনাৰ ব্যৱহাৰ আদি মূল পদক্ষেপসমূহত গুৰুত্ব আৰোপ কৰে। পাঠ্যপুথিৰ ডিজিটেলাইজেচন আৰু ২২ টা ভাৰতীয় ভাষাত শিক্ষণ সামগ্ৰীৰ উপলব্ধতাৰ দৰে প্ৰচেষ্টা গ্ৰহণ সম্পৰ্কে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই মিছন-ম’ডৰ প্ৰচেষ্টাসমূহে ভাৰতৰ শিক্ষা ব্যৱস্থাক একবিংশ শতিকাৰ বিশ্বৰ প্ৰয়োজনীয়তা আৰু পৰিমাপসমূহৰ সৈতে সংগতি ৰাখিবলৈ সক্ষম কৰিছে।”৩য় কৌটিল্য অৰ্থনীতি সন্মিলন ২০২৪ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 04th, 07:45 pm
মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, ইনষ্টিটিউট অৱ ইকনমিক গ্ৰ'থৰ সভানেত্ৰী এন কে সিং, ভাৰত আৰু বিদেশৰ পৰা সন্মানীয় অতিথিসকল, আৰু অভ্যাগতসকল: কৌটিল্য কনক্লেভৰ তৃতীয় সংস্কৰণলৈ আপোনালোকক আদৰণি জনাই আনন্দিত হৈছো। আপোনালোক সকলোৰে সৈতে জড়িত হ’বলৈ পাই মই ৰোমাঞ্চিত হৈছো। অনাগত তিনিটা দিনত আমাৰ মূল অৰ্থনৈতিক বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে বিভিন্ন ধৰণৰ অধিবেশন অনুষ্ঠিত হ’ব। মই আশাবাদী যে আমাৰ আলোচনাই ভাৰতৰ বিকাশক ত্বৰান্বিত কৰাত যথেষ্ট অৰিহণা যোগাব৷নতুন দিল্লীত কৌটিল্য অৰ্থনৈতিক সন্মিলনৰ তৃতীয় সংস্কৰণৰ ভাষণ দিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
October 04th, 07:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কৌটিল্য অৰ্থনৈতিক সন্মিলনত ভাষণ প্ৰদান কৰে। বিত্ত মন্ত্ৰালয়ৰ সৈতে অংশীদাৰিত্বৰে দ্য ইনষ্টিটিউট অৱ ইকনমিক গ্ৰ’থে আয়োজন কৰা কৌটিল্য ইকনমিক কনক্লেভে সেউজ পৰিৱৰ্তনৰ বাবে বিত্তীয় সাহায্য প্ৰদান, ভূ-অৰ্থনৈতিক বিভাজন আৰু বৃদ্ধিৰ বাবে ইয়াৰ প্ৰভাৱ, আৰু অন্যান্য দিশসমূহৰ মাজত সুস্থিৰতা ৰক্ষাৰ বাবে নীতিগত ব্যৱস্থাৰ নীতি আদি বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।ভিডিঅ’ কনফাৰেন্সিংযোগে দ্বিতীয় পৰ্যায়ৰ ইনফিনিটী ফ’ৰামৰ মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণ
December 09th, 11:09 am
ইনফিনিটী ফ'ৰামৰ দ্বিতীয় পৰ্যায়ৰ এই সমাৱেশলৈ আজি সকলোকে আদৰণি জনাইছো। ২০২১ চনৰ ডিচেম্বৰ মাহত উদ্বোধনী ইনফিনিটী ফ’ৰামত আমি লগ হৈছিলো। সেই সময়ত মহামাৰীৰ বাবে সমগ্ৰ বিশ্বতে অনিশ্চয়তাৰ পৰিবেশ বিৰাজ কৰিছিল। পৃথিৱীৰ অৰ্থনৈতিক প্ৰগতিৰ বাবে সকলোৱে চিন্তিত হৈ পৰিছিল। দুৰ্ভাগ্যজনকভাৱে সেই উদ্বিগ্নতা আজিও শেষ হোৱা নাই। ভূ-ৰাজনৈতিক উত্তেজনা, উচ্চ মুদ্ৰাস্ফীতিৰ হাৰ আৰু ঋণৰ বোজাৰ প্ৰত্যাহ্বান আৰু বিষয়সমূহৰ বিষয়ে আপোনালোকে নিশ্চয় জানে।PM addresses Infinity Forum 2.0
December 09th, 10:40 am
PM Modi addressed the second edition of Infinity Forum, a global thought leadership platform on FinTech via video conferencing. PM Modi reiterated that India’s growth story is based on the government’s top priority to policy, good governance and the welfare of the citizens. Speaking about expanding the scope of IFSCA, PM Modi reiterated the government’s efforts to take GIFT IFSCA beyond traditional finance and ventures. “We want to make GIFT City the Global Nerve Center of New Age Global Financial and Technology Services”.কৌশল দীক্ষান্ত সমাৰোহত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ পূৰ্ণ পাঠ
October 12th, 01:00 pm
দক্ষতা বিকাশৰ এই অনুষ্ঠান এক অনন্য অনুষ্ঠান। সমগ্ৰ দেশৰ দক্ষতা বিকাশ প্ৰতিষ্ঠানসমূহৰ এনে এক অংশীদাৰী দক্ষতা সমাৱৰ্তন এক অতি প্ৰশংসনীয় পদক্ষেপ। ই আজিৰ ভাৰতৰ অগ্ৰাধিকাৰসমূহকো প্ৰতিফলিত কৰে। এই অনুষ্ঠানত দেশৰ হাজাৰ হাজাৰ যুৱক-যুৱতী প্ৰযুক্তিৰ জৰিয়তে সংযুক্ত হৈ আছে। মই সকলো যুৱক-যুৱতীক এক উন্নত ভৱিষ্যতৰ বাবে শুভকামনা জনাইছোঁ।ভিডিঅ' বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ কৌশল দীক্ষান্ত সমাৰোহ ২০২৩ সম্বোধন
October 12th, 12:49 pm
সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দক্ষতা বিকাশৰ এই উৎসৱটো নিজেই অনন্য আৰু আজিৰ সমগ্ৰ দেশৰ দক্ষতা বিকাশ প্ৰতিষ্ঠানসমূহৰ যৌথ সমাৱৰ্তনৰ অনুষ্ঠানটো অতি প্ৰশংসনীয় পদক্ষেপ। তেওঁ কয় যে কৌশল দীক্ষান্ত সমাৰোহে আজিৰ ভাৰতৰ অগ্ৰাধিকাৰক প্ৰতিফলিত কৰে। প্ৰযুক্তিৰ জৰিয়তে এই অনুষ্ঠানৰ সৈতে জড়িত হাজাৰ হাজাৰ যুৱক-যুৱতীৰ উপস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তৰুণ প্ৰজন্মলৈ শুভেচ্ছা জ্ঞাপন কৰে।ভাৰত হৈছে এক গোলকীয় উজ্জ্বল বিন্দু, বিকাশ আৰু উদ্ভাৱনৰ শক্তিক্ষেত্ৰ : প্ৰধানমন্ত্ৰী
October 11th, 08:09 am
আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ বিকাশৰ পূৰ্বানুমান সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত হৈছে এক গোলকীয় উজ্জ্বল বিন্দু, বিকাশ আৰু উদ্ভাৱনৰ শক্তিক্ষেত্ৰ। ইয়াৰ কাৰণ হৈছে আমাৰ জনসাধাৰণৰ শক্তি আৰু দক্ষতা, শ্ৰী মোদীয়ে কয়।