ৰাজ্যসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

April 17th, 11:10 am

সদনৰ ফালৰ পৰা আৰু মোৰ ফালৰ পৰা, মই শ্ৰী হৰিবংশজীক বহুত অভিনন্দন আৰু শুভেচ্ছা জনাইছো। ৰাজ্যসভাৰ উপ-সভাপতি হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাটো, আপোনাৰ ওপৰত এই সদনৰ গভীৰ বিশ্বাস আৰু অতীতত আপোনাৰ অভিজ্ঞতাৰ পৰা উপকৃত হোৱা সকলোকে লগত লৈ যোৱাৰ আপোনাৰ প্ৰচেষ্টাৰ স্বীকৃতি। এক প্ৰকাৰে, সদনখনে আজি এক চিহ্ন স্থাপন কৰিছে আৰু ই নিজেই এক অভিজ্ঞতাৰ স্বীকৃতি আৰু লগতে এক মসৃণ কাম কৰা শৈলীৰ স্বীকৃতি। আমি সকলোৱে হৰিবংশজীৰ নেতৃত্বত সদনৰ ক্ষমতা অধিক ফলপ্ৰসূ হোৱাটোও দেখিছো আৰু মই ক’ব পাৰো যে কেৱল সদনৰ কাৰ্য্যকলাপ পৰিচালনা কৰাই নহয়, তেওঁ নিজৰ জীৱনৰ অতীতৰ অভিজ্ঞতাসমূহকো সদনক অতি সঠিকভাৱে সমৃদ্ধ কৰিবলৈ ব্যৱহাৰ কৰে। তেওঁৰ এই অভিজ্ঞতাই সদনৰ সমগ্ৰ কাৰ্য্যকলাপ, আচৰণ আৰু পৰিৱেশ অধিক পৰিপক্ক কৰি তোলে। মই আত্মবিশ্বাসী যে উপ-সভাপতিৰ নতুন কাৰ্যকাল একে মনোভাৱ, ভাৰসাম্য আৰু নিষ্ঠাৰে আগবাঢ়িব আৰু আমাৰ সকলোৰে প্ৰচেষ্টাত সদনৰ মৰ্যাদা নতুন শিখৰত উপনীত হ’ব।

ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

April 17th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ভাষণ দিয়ে আৰু অভূতপূৰ্বভাৱে তৃতীয়বাৰৰ বাবে ৰাজ্যসভাৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰী হৰিবংশক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। এই ঐতিহাসিক সাফল্য সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়ে শ্ৰী হৰিবংশৰ ওপৰত সদনৰ গভীৰ বিশ্বাস আৰু প্ৰতিষ্ঠানটোৰ প্ৰতি তেওঁৰ মূল্যৱান অভিজ্ঞতাক প্ৰতিফলিত কৰে। একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাটো তেওঁৰ অভিজ্ঞতা, দৃষ্টিভংগী আৰু মৰ্য্যাদাপূৰ্ণ কৰ্মশৈলীৰ ওপৰতসদনৰ অনুমোদনৰ মোহৰ, শ্ৰী মোদীয়ে মন্তব্য কৰে।

দিল্লীৰ যশোভূমিত আয়োজিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ, ২০২৫-ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 04th, 10:45 am

কেবিনেটত মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া, ৰাজ্যিক মন্ত্ৰী চন্দ্ৰ শেখৰ পেম্মাছানি ডাঙৰীয়া, ভিন্ন ৰাজ্যৰ প্ৰতিনিধি, বহিঃৰাষ্ট্ৰৰ পৰা অহা আমাৰ অতিথি, টেলিকম খণ্ডৰ লগত জড়িত সকলো গণ্যমান্য ব্যক্তি, ইয়াত উপস্থিত থকা ভিন্ন মহাবিদ্যালয়ৰ মোৰ যুৱ বন্ধুসকল, ভদ্ৰলোক আৰু মহিলাসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৌশল দীক্ষান্ত সমাৰোহ সম্বোধনেৰে ৬২,০০০ কোটি টকাৰো অধিক মূল্যৰ যুৱ-কেন্দ্ৰিক পদক্ষেপৰাজিৰ শুভাৰম্ভ কৰে

October 04th, 10:29 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত কৌশল দীক্ষান্ত সমাৰোহত অংশগ্ৰহণেৰে ৬২,০০০ কোটি টকাৰো অধিক মূল্যৰ ভিন্ন যুৱ-কেন্দ্ৰিক পদক্ষেপৰ শুভাৰম্ভ কৰে। প্রধানমন্ত্রীগৰাকীয়ে সমগ্ৰ দেশৰ আইটিআই সমূহৰ সৈতে জড়িত লাখ-লাখ ছাত্র-ছাত্রীৰ লগতে বিহাৰৰ ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্রীসকলক শুভেচ্ছা জ্ঞাপনেৰে কয় যে কেইবছৰমান পূর্বে চৰকাৰে আইটিআই সমূহৰ ছাত্র-ছাত্রী সকলৰ বাবে বৃহৎ-পৰিসৰৰ সমাৱৰ্তন অনুষ্ঠান আয়োজনৰ এক নতুন পৰম্পৰা আৰম্ভ কৰিছিল। তেখেতে আজি সেই পৰম্পৰাৰেই আন এক মাইলৰ খুঁটি স্থাপন হৈছে বুলি কয়।