Cabinet approves extension and restructuring of Jal Jeevan Mission
March 10th, 04:12 pm
The Union Cabinet chaired by PM Modi has approved the Ministry of Jal Shakti’s proposal to restructure and reorient the implementation of the Jal Jeevan Mission. JJM 2.0 fosters the vision of Viksit Bharat @2047 with assured 24×7 rural drinking water supply by shifting from infrastructure-centric approach to a citizen-centric utility-based service delivery approach through Structural Reforms.১৪ ফেব্ৰুৱাৰীত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 13th, 11:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ফেব্ৰুৱাৰী, ২০২৬ত অসম ভ্ৰমণ কৰিব।প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ মৰাণ বাইপাছৰ জৰুৰীকালীন অৱতৰণ সুবিধা (ই এল এফ)ত অৱতৰণ কৰিব, য’ত তেওঁ যুঁজাৰু বিমান, পৰিবহণ, হেলিকপ্টাৰ আদিৰ আকাশী প্ৰদৰ্শন প্ৰত্যক্ষ কৰিব। প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে কুমাৰ ভাস্কৰ বৰ্মা সেতু পৰিদৰ্শন কৰিব। ইয়াৰ পিছত প্ৰায় ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ লাচিত ঘাটত ৫,৪৫০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্প উদ্বোধন আৰু ফ্লেগ অফ কৰিব।ওমানত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু ভাৰতীয় সমাজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
December 18th, 12:32 pm
আপোনালোকৰ উৎসাহ আৰু শক্তিয়ে ইয়াৰ সমগ্ৰ পৰিৱেশটো উজ্জীৱিত কৰি তুলিছে। সেই সকলো ভাই-ভনীকো মই শুভেচ্ছা জনাইছো যিসকলে ঠাইৰ অভাৱৰ বাবে এই প্ৰেক্ষাগৃহত উপস্থিত থাকিব পৰা নাই , কিন্তু ওচৰৰ হলঘৰৰ পৰ্দাত লাইভ অনুষ্ঠান চাই আছে। এতিয়া আপোনালোকে কল্পনা কৰিব পাৰে যে ইমান দূৰলৈ আহি সোমাব নোৱাৰাৰ পিছতো তেওঁলোকৰ হৃদয়ত কেনে ভাবে ক্ৰিয়া কৰি আছে।ওমানত থকা ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ
December 18th, 12:31 pm
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় পৰিয়াল আৰু তেওঁলোকৰ বন্ধুবৰ্গক শুভেচ্ছা জ্ঞাপন কৰে। অতি উষ্ম আৰু ৰঙীন আদৰণিৰ বাবে তেওঁ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে তেওঁ ওমানত বাস কৰা ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলক সাক্ষাৎ কৰি আনন্দিত হৈছে আৰু উল্লেখ কৰে যে বৈচিত্ৰ্য হৈছে ভাৰতীয় সংস্কৃতিৰ ভেটি-এনে এক মূল্যবোধে যিকোনো সমাজত মিলি যোৱাত সহায় কৰে। ওমানত ভাৰতীয় সম্প্ৰদায়ক কিমান গুৰুত্ব দিয়া হয় সেই বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সহনশীলতা আৰু সহযোগিতা হৈছে প্ৰবাসী ভাৰতীয়সকলৰ এক বৈশিষ্ট্য।অসমত আইআইএম প্ৰতিষ্ঠাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যবাসীক অভিনন্দন জনায়
August 20th, 07:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত ভাৰতীয় মেনেজমেন্ট প্ৰতিষ্ঠান (IIM) প্ৰতিষ্ঠাৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনাইছে।শ্ৰী নাৰায়ণ গুৰু আৰু গান্ধীজীৰ মাজৰ বাৰ্তালাপৰ শতাব্দী সমাৰোহ বৈঠকত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 24th, 11:30 am
আজি এই চৌহদ দেশৰ ইতিহাসত এক অভূতপূৰ্ব পৰিঘটনাৰ স্মৃতিৰ সাক্ষী হৈ পৰিছে। এনে এক ঐতিহাসিক পৰিঘটনা, যিয়ে আমাৰ স্বাধীনতা আন্দোলনক নতুন দিশ দিয়াই নহয়, বৰং স্বাধীনতাৰ উদ্দেশ্য, স্বাধীন ভাৰতৰ সপোনকো সুনিৰ্দিষ্ট অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰৰ আগতে শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ সেই সাক্ষাৎ, আজিও সিমানেই প্ৰেৰণাদায়ক, সিমানেই প্ৰাসংগিক। ১০০ বছৰ আগতে হোৱা সেই সাক্ষাৎ, সামাজিক সম্প্ৰীতিৰ বাবে, উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে, আজিও শক্তিৰ এক বৃহৎ উৎস। এই ঐতিহাসিক অনুষ্ঠানত মই শ্ৰী নাৰায়ণ গুৰুৰ চৰণত প্ৰণাম জনাইছোঁ। মই গান্ধীজীলৈও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
June 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ দুজন সৰ্বশ্ৰেষ্ঠ আধ্যাত্মিক আৰু সুনীতিসম্পন্ন নেতা শ্ৰী নাৰায়ণ গুৰু তথা মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সশ্ৰদ্ধ শুভেচ্ছা জ্ঞাপন কৰি কয় যে আজি এই স্থান দেশৰ ইতিহাসত এক অভূতপূৰ্ব মুহূৰ্তৰ সাক্ষী হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ঐতিহাসিক ঘটনাই স্বাধীনতা আন্দোলনক নতুন দিশ প্ৰদান কৰাৰ লগতে স্বাধীনতাৰ উদ্দেশ্য আৰু স্বাধীন ভাৰতৰ সপোনক দৃঢ় অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰ পূৰ্বৰ শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজত হোৱা বৈঠক আজিও অনুপ্ৰেৰণামূলক আৰু প্ৰাসংগিক হৈ থকাৰ লগতে সামাজিক সম্প্ৰীতি তথা উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে শক্তিৰ এক শক্তিশালী উৎস হিচাপে পৰিগণিত হৈ আহিছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। এই ঐতিহাসিক অনুষ্ঠানত তেওঁ শ্ৰী নাৰায়ণ গুৰুৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে।জম্মু আৰু কাশ্মীৰত সোণমাৰ্গ সুৰংগৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 13th, 12:30 pm
মই প্ৰথমে দেশৰ উন্নতিৰ বাবে, জম্মু-কাশ্মীৰৰ উন্নতিৰ বাবে যিসকল শ্ৰমিক ভাতৃয়ে কঠিনৰো কঠিন পৰিস্থিতিত কাম কৰিলে, আনকি নিজৰ জীৱনকো সংকটত পেলাই কাম কৰিলে, ধন্যবাদ জনাইছোঁ। আমাৰ সাতজন শ্ৰমিক বন্ধুৱে নিজৰ প্ৰাণ হেৰুৱালে, কিন্তু আমি আমাৰ সংকল্পৰ পৰা আঁতৰি নাহিলোঁ, মোৰ শ্ৰমিক বন্ধুসকল আঁতৰি নাহিল, কোনেও ঘৰলৈ উভতি যাওঁ বুলি কোৱা নাছিল, মোৰ এই শ্ৰমিক বন্ধুসকলে প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি এই কাম সম্পূৰ্ণ কৰিলে৷ আৰু যি সাতজন বন্ধুক আমি হেৰুৱালোঁ, মই আজি সবাতোকৈ প্ৰথমে তেওঁলোকৰ পূণ্য স্মৰণ কৰিছোঁ।জম্মু-কাশ্মীৰত সোণমাৰ্গ সুৰংগ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 13th, 12:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰত সোণমাৰ্গ সুৰংগ উদ্বোধন কৰে। এই উপলক্ষে উপস্থিত থকা ৰাইজক সম্বোধন কৰি তেওঁ জম্মু-কাশ্মীৰ আৰু ভাৰতৰ উন্নয়নৰ বাবে কঠোৰ পৰিশ্ৰম কৰি জীৱনকো তুচ্ছজ্ঞান কৰা শ্ৰমিকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। মোদীয়ে কয় যে প্ৰত্যাহ্বানৰ মাজতো আমাৰ সংকল্পৰ হেৰফেৰ হোৱা নাছিল। তেওঁ শ্ৰমিকসকলৰ দৃঢ়তা আৰু দায়বদ্ধতাৰ বাবে আৰু সকলো বাধা অতিক্ৰম কৰি কামটো সম্পূৰ্ণ কৰাৰ বাবে প্ৰশংসা কৰে। তেওঁ লগতে ৭ জন শ্ৰমিকৰ মৃত্যুত শোক প্ৰকাশ কৰে।নতুন দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
December 06th, 02:10 pm
অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ মন্ত্ৰীগণ, অন্যান্য জনপ্ৰতিনিধিসকল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা সকলো ভাতৃ-ভগ্নী, দেৱী আৰু সজ্জনসকল।অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 06th, 02:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয় যে আজি বাবাছাহেব ড০ বি আৰ আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস। তেওঁ লগতে কয় যে ৭৫ বছৰ সম্পূৰ্ণ কৰা বাবাছাহেব আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানখন সকলো নাগৰিকৰ বাবে এক বৃহৎ প্ৰেৰণা। শ্ৰী মোদীয়ে ভাৰতৰ সকলো নাগৰিকৰ হৈ বাবাছাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।The people of Jammu and Kashmir are tired of the three-family rule of Congress, NC and PDP: PM Modi
September 28th, 12:35 pm
Addressing a massive rally in Jammu, PM Modi began his speech by paying tribute to Shaheed Sardar Bhagat Singh on his birth anniversary, honoring him as a source of inspiration for millions of Indian youth. In his final rally for the J&K assembly elections, PM Modi reflected on his visits across Jammu and Kashmir over the past weeks, noting the tremendous enthusiasm for the BJP everywhere he went.PM Modi captivates the audience at Jammu rally
September 28th, 12:15 pm
Addressing a massive rally in Jammu, PM Modi began his speech by paying tribute to Shaheed Sardar Bhagat Singh on his birth anniversary, honoring him as a source of inspiration for millions of Indian youth. In his final rally for the J&K assembly elections, PM Modi reflected on his visits across Jammu and Kashmir over the past weeks, noting the tremendous enthusiasm for the BJP everywhere he went.মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত ভাৰতীয় সমূদায়ক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 22nd, 10:00 pm
নমস্কে ইউ. এছ! এতিয়া আনকি আমাৰ “নমস্তে”ও বহুজাতিক হৈ পৰিছে, স্থানীয়ৰ পৰা বিশ্বজুৰি পৰিৱৰ্তন হৈছে আৰু এই সকলোবোৰ আপোনালোকৰ বাবেই হৈছে। ভাৰতক হৃদয়ত ধৰি ৰখা প্ৰতিজন ভাৰতীয়ই এই কাম সম্ভৱ কৰি তুলিছে।নিউয়ৰ্কত ভাৰতীয় সম্প্ৰদায়ক প্ৰধানমন্ত্ৰীৰ সম্বোধন
September 22nd, 09:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিউয়ৰ্কৰ লং আইলেণ্ডত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ৰ এক বৃহৎ সমাৱেশক সম্বোধন কৰে। ১৫,০০০ৰো অধিক লোক অনুষ্ঠানটোত উপস্থিত থাকে।শ্ৰীনগৰত 'শক্তিসমৃদ্ধ যুৱপ্ৰজন্ম, সমৃদ্ধ জম্মু-কাশ্মীৰ' অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
June 20th, 07:00 pm
জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল শ্ৰী মনোজ সিনহাজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী প্ৰতাপৰাও যাদৱজী, গণ্যমান্য ব্যক্তিসকল, জম্মু-কাশ্মীৰৰ প্ৰতিটো কোণৰ পৰা সংযোজিত হোৱা মোৰ যুৱ বন্ধুসকল, আৰু মোৰ প্ৰিয় ভাই-ভনীসকল!জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত ‘যুৱ সবলীকৰণ, পৰিৱৰ্তিত জম্মু আৰু কাশ্মীৰ’ কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰীৰ
June 20th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰস্থিত শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত (এছকেআইচিচি) ‘যুৱ সবলীকৰণ, পৰিৱৰ্তিত জম্মু আৰু কাশ্মীৰ’ শীৰ্ষক অনুষ্ঠানত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে জম্মু আৰু কাশ্মীৰত পথ, পানী যোগান আৰু উচ্চ শিক্ষাৰ আন্তঃগাঁথনি আদি খণ্ডক সামৰি ১৫০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। লগতে ১৮০০ কোটি টকাৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ প্ৰতিযোগিতামূলকতা উন্নীতকৰণ প্ৰকল্প (জেকেচিআইপি)ৰো শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে ২০০গৰাকী নতুন চৰকাৰী নিযুক্তিপ্ৰাপ্তক নিয়োগ পত্ৰও বিতৰণ কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃতী যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰে।This election is a contest between the NDA-led 'Santushtikaran' Model & Congress-SP-led 'Tushtikaran Model': PM Modi in Jaunpur, UP
May 16th, 11:15 am
Ahead of the Lok Sabha elections 2024, Prime Minister Narendra Modi addressed powerful election rally amid jubilant and passionate crowds in Jaunpur, UP. He said, “The world is seeing people's popular support & blessings for Modi.” He added that even the world now trusts, 'Fir ek Baar Modi Sarkar.'CAA is a testimony to Modi's guarantee: PM Modi in Lalganj, UP
May 16th, 11:10 am
Ahead of the Lok Sabha elections 2024, Prime Minister Narendra Modi addressed a powerful election rally amid jubilant and passionate crowds in Lalganj, UP. He said, “The world is seeing people's popular support & blessings for Modi.” He added that even the world now trusts, 'Fir ek Baar Modi Sarkar.'PM Modi addresses a powerful election rallies in Lalganj, Jaunpur, Bhadohi, and Pratapgarh UP
May 16th, 11:00 am
Ahead of the Lok Sabha elections 2024, Prime Minister Narendra Modi addressed powerful election rallies amid jubilant and passionate crowds in Lalganj, Jaunpur, Bhadohi, and Pratapgarh UP. He said, “The world is seeing people's popular support & blessings for Modi.” He added that even the world now trusts, 'Fir ek Baar Modi Sarkar.'