তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ মাজতে আইচলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 19th, 06:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ সমান্তৰালভাৱে অছলোত আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী মাননীয়া ক্ৰিষ্টাৰ্ন ফ্ৰ’ষ্টাড’টিৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে।

তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনত যুটীয়া সংবাদ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ

May 19th, 04:25 pm

গণতন্ত্ৰ, আইনৰ শাসন আৰু বহুদিশতাৰ প্ৰতি আমাৰ অংশীদাৰী দায়বদ্ধতাই আমাক স্বাভাৱিক সহযোগী কৰি তুলিছে। একে সময়তে প্ৰযুক্তি আৰু বহনক্ষমতাৰ ক্ষেত্ৰত আমাৰ অংশীদাৰী অগ্ৰাধিকাৰসমূহে আমাৰ সম্পৰ্কক অপৰিসীম সুযোগেৰে ভৰাই তুলিছে। সেয়েহে আঠ বছৰ আগতে নৰ্ডিক দেশসমূহৰ সৈতে আমাৰ সম্পৰ্কত অধিক শক্তি আৰু গতি অনাৰ বাবে এই বিন্যাস প্ৰতিষ্ঠা কৰিছিলো।

ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালীলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (১৫ - ২০ মে', ২০২৬)

May 11th, 09:00 pm

২০২৬ চনৰ ১৫ মে’ৰ পৰা ২০ মে’লৈ ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰজা উইলেম-আলেকজেণ্ডাৰক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে আলোচনাত মিলিত হ’ব। ছুইডেনত তেওঁ প্ৰধানমন্ত্ৰী ক্ৰীষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হ’ব। নৰৱেত তেওঁ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ পিছত তেওঁ ইটালী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ’ব।

দ্বিতীয় ভাৰত-ন’ৰ্ডিক শীৰ্ষ সন্মিলন

May 04th, 07:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফ্ৰেডাৰিকছেন, আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী কাৰ্টিন জেকবছডট্টিৰ, নৰৱে’ৰ প্ৰধানমন্ত্ৰী জোনাছ গাৰ ষ্ট’ৰ, ছুইডেনৰ প্ৰধানমন্ত্ৰী মেগডালেনা এণ্ডাৰছন আৰু ফীনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছান্না মেৰিনৰ সৈতে ‘দ্বিতীয় ভাৰত-ন’ৰ্ডিক শীৰ্ষ সন্মিলন’ত অংশগ্ৰহণ কৰে।

আইচলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

May 04th, 03:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ সময়ত কোপেনহেগেনত আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী কাট্ৰিন জেকবচডট্টিৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

ভাৰত আৰু নৰ্ডিক দেশসমূহৰ মাজত অনুষ্ঠিত সন্মিলনৰ যুটীয়া প্রেছ বিবৃতি

April 18th, 12:57 pm

আজি ষ্ট’কহমত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ডেনমার্কৰ প্রধানমন্ত্রী লার্ছ লোক্কে ৰাছমুসেন, ফিনলেণ্ডৰ প্রধানমন্ত্রী জুহা ছিপিলা, আইলেণ্ডৰ প্রধানমন্ত্রী কাট্রিন জেকবছদোত্তিৰ, নৰৱেৰ প্রধানমন্ত্রী এৰনা ছোলবার্গ আৰু ছুইডেনৰ প্রধানমন্ত্রী ষ্টিফেন লোফেনৰ সৈতে এক সন্মিলনত মিলিত হয়।

প্ৰধানমন্ত্ৰী মোদীয়ে ডেনমাৰ্ক, আইচলেণ্ড, ফিনলেণ্ড আৰু ন’ৰৱেৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

April 17th, 09:05 pm

ছুইডেন ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্ক, আইচলেণ্ড, ফিনলেণ্ড আৰু ন’ৰৱেৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে৷ নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিপাক্ষিক চুক্তি সম্পৰ্কে আলোচনা কৰে আৰু পৰৱৰ্তী পৰ্যায়ত দেশসমূহৰ সৈতে ভাৰতৰ মৈত্ৰী বৃদ্ধিৰ বাবে আলোচনা কৰে৷

PM greets the people of Iceland on Iceland's National Day

June 17th, 11:01 am