নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক আলোচনা

July 11th, 08:09 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অকলেণ্ডৰ চৰকাৰী ভৱনত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে সাক্ষাৎ কৰে। চৰকাৰী ভৱনত উপস্থিত হোৱাৰ লগে লগে তেওঁক পৰম্পৰাগত মাউৰি পদ্ধতিৰে আদৰণি জনোৱা হয়। এই অনুষ্ঠানত শান্তি, সন্মান আৰু আদৰণিৰ প্ৰতীক হিচাপে পৰম্পৰাগত মাওৰি ৰীতি-নীতি অন্তৰ্ভুক্ত আছিল। পৰম্পৰাগত আদৰণিৰ পাছত প্ৰধানমন্ত্ৰীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰে।

ভাৰত-নিউজিলেণ্ড কৌশলগত অংশীদাৰিত্বঃ ২০৩০চনৰ বাবে ৰোডমেপ

July 11th, 08:06 am

ভাৰত আৰু নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীদ্বয়ে ২০২৬ চনৰ ১১ জুলাইত নিউজিলেণ্ডৰ অকলেণ্ডত সাক্ষাৎ কৰি ভাৰত-নিউজিলেণ্ড কৌশলগত অংশীদাৰিত্ব গঠনৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে পৰৱৰ্তী চাৰি বছৰত যৌথ পদক্ষেপৰ পথ প্ৰদৰ্শন আৰু ভাৰত-নিউজিলেণ্ড কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে এক অংশীদাৰী পৰিকাঠামো হিচাপে ২০৩০ লৈ এই ৰোডমেপত অনুমোদন জনায়। কৌশলগত অংশীদাৰিত্বত এই ৰোডমেপৰ তলত উল্লেখ কৰা স্তম্ভসমূহত নিৰ্ধাৰিত ক্ষেত্ৰ আৰু পদক্ষেপসমূহ অন্তৰ্ভুক্ত আছে, কিন্তু ইয়াতেই সীমাবদ্ধ নহয়।

ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক নিউজিলেণ্ড ভ্ৰমণ

July 11th, 08:03 am

আলোচনা, সমন্বয়, তথ্য বিনিময় আৰু যৌথ কাৰ্যকলাপৰ জৰিয়তে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ বাবে এক পৰিকাঠামো স্থাপন কৰে।

ভাৰত-নিউজিলেণ্ডৰ যুটীয়া বিবৃতি

July 11th, 07:59 am

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম ক্রিষ্টোফাৰ লাক্সনৰ আমন্ত্রণমৰ্মে ভাৰতৰ প্রধানমন্ত্রী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০ আৰু ১১ জুলাইত নিউজিলেণ্ডৰ অকলেণ্ড আনুষ্ঠানিক ভ্ৰমণ কৰিছে। এয়া হৈছে ৪০ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰথম নিউজিলেণ্ড ভ্ৰমণ, যি ভ্ৰমণ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু এই ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজত চিৰস্থায়ী বন্ধুত্ব তথা অংশীদাৰিত্বৰ এক নতুন পথ নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।

ছেচেলছৰ ৰাষ্ট্ৰীয় সদনত প্ৰধানমন্ত্ৰীৰ ভাষণ

June 28th, 05:00 pm

প্ৰধানমন্ত্ৰী হিচাপে ভাৰত মহাসাগৰ অঞ্চললৈ মোৰ প্ৰথমটো ভ্ৰমণ আছিল ২০১৫ চনত ছেচেলছলৈ।প্ৰধানমন্ত্ৰী হিচাপেও মই প্ৰথমবাৰৰ বাবে আফ্ৰিকা ভ্ৰমণ কৰিছিলো। মই ইয়ালৈ আহিছোঁ কাৰণ মই বিশ্বাস কৰোঁ যে ভাৰত মহাসাগৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীত ছেচেলছৰ এক বিশেষ স্থান আছে। আজি এটা দশকৰ পাছত ইয়ালৈ উভতি অহাৰ লগে লগে মোৰ বিশ্বাস আগতকৈ অধিক সুদৃঢ় হৈ পৰিছে।

ফলাফলৰ তালিকাঃ মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ

September 11th, 02:10 pm

১) ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ আৰু মৰিচাছৰ উচ্চ শিক্ষা, বিজ্ঞান আৰু গৱেষণা মন্ত্ৰালয়ৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি।