২২৭৭.৩৯৭ কোটি টকা ব্যয় সাপেক্ষে ডিএচআইৰ আঁচনি 'ক্ষমতা নিৰ্মাণ আৰু মানৱ সম্পদ উন্নয়ন' লৈ কেবিনেটৰ অনুমোদন

September 24th, 05:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত পঞ্চদশ বিত্ত আয়োগ ২০২১-২২ ৰ পৰা ২০২৫-২৬ৰ সময়ছোৱাত মুঠ ব্যয় ২২৭৭.৩৯৭ কোটি টকা ব্যয়সাপেক্ষ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (ডিএছআইআৰ)ৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা/ঔদ্যোগিক গৱেষণা পৰিষদৰ আঁচনি “ক্ষমতা নিৰ্মাণ আৰু মানৱ সম্পদ উন্নয়ন”ত অনুমোদন জনাইছে।

মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদ মেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

September 11th, 12:30 pm

আৰু আজি যেতিয়া আমি কাশীত মৰিচাছৰ পৰা অহা বন্ধু-বান্ধৱীক আদৰণি জনাইছো, তেতিয়া ই কেৱল আনুষ্ঠানিকতা নহয়, আধ্যাত্মিক মিলনহে। সেইবাবেই মই গৌৰৱেৰে কওঁ যে ভাৰত আৰু মৰিচাছ কেৱল অংশীদাৰ নহয় বৰঞ্চ এটা পৰিয়াল।

পৰৱৰ্তী দশকৰ বাবে ভাৰত - জাপানৰ যৌথ দৃষ্টিভংগী: বিশেষ কৌশলগত আৰু বিশ্বজোৰা অংশীদাৰিত্ব পৰিচালনাৰ বাবে আঠটা দিশ

August 29th, 07:11 pm

ভাৰত আৰু জাপানৰ মাজত আইনগত প্ৰশাসনৰ ভেটিত থকা মুক্ত, স্বতন্ত্ৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এক উমৈহতীয়া দৃষ্টিভংগী আছে। সম্পদ, প্ৰযুক্তি, আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ পৰিপূৰক শক্তি, আৰু বন্ধুত্ব তথা সদিচ্ছাৰ সুদীৰ্ঘ পৰম্পৰাৰে সৈতে, দুয়োখন ৰাষ্ট্ৰই অনাগত দশকত বিশ্বজোৰা উপলব্ধ পৰিৱৰ্তন আৰু সুযোগসমূহ যৌথভাৱে ব্যৱহাৰ কৰিবলৈ বিচাৰে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে প্ৰতিখন দেশৰ ঘৰুৱা লক্ষ্যক সমৰ্থন কৰাৰ লগতে তেওঁলোকৰ জনগোষ্ঠী আৰু ভৱিষ্যত প্ৰজন্মক পূৰ্বতকৈ অধিক ওচৰ চপাই অনা।

ভাৰত-জাপান মানৱ সম্পদ বিনিময় আৰু সহযোগিতাৰ বাবে কাৰ্য্য পৰিকল্পনা

August 29th, 06:54 pm

ভাৰত-জাপান বাৰ্ষিক সন্মিলন ২০২৫ৰ সময়ত ভাৰত আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ আৰু বিনিময়ৰ জৰিয়তে তেওঁলোকৰ নাগৰিকসকলৰ মাজত গভীৰ বুজাবুজি গঢ়ি তোলাৰ লগতে তেওঁলোকৰ মানৱ সম্পদৰ বাবে সহযোগিতামূলক পথ বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত সহমত প্ৰকাশ কৰে আৰু নিজ নিজ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ অনুসৰি কাম কৰে।

জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তিৰ অসমীয়া অনুবাদ

August 29th, 03:59 pm

আজি আমি আমাৰ বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্বৰ এক নতুন আৰু সোণালী অধ্যায়ৰ বাবে এটি শক্তিশালী ভেটি স্থাপন কৰিছোঁ। আমি আগন্তুক দশকৰ বাবে ৰোডমেপ নিৰ্ধাৰণ কৰিছোঁ। আমাৰ দৃষ্টিভংগীয়ে বিনিয়োগ, উদ্ভাৱন, অৰ্থনৈতিক সুৰক্ষা, পৰিবেশ, প্ৰযুক্তি, স্বাস্থ্য, গতিশীলতা, জনসাধাৰণৰ মাজৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰে। আমি আগন্তুক দহ বছৰত ভাৰতত জাপানৰ ১০ ট্ৰিলিয়ন য়েন বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। দুয়োখন দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা ষ্টাৰ্ট-আপক সংযোগ কৰাৰ ক্ষেত্ৰতো আমি বিশেষ গুৰুত্ব প্ৰদান কৰিম।

ষষ্ঠ বিমষ্টেক সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

April 04th, 12:59 pm

আৰম্ভণিতে এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে প্ৰধানমন্ত্ৰী মহামহিম শ্বিনাৱাত্ৰা আৰু থাইলেণ্ড চৰকাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে থাইলেণ্ডত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰে

April 04th, 12:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমানৰ অধ্যক্ষ থাইলেণ্ডৰ উদ্যোগত আয়োজিত ৬ষ্ঠ বিমষ্টেক (BIMSTEC-বে’ অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক ক’অপাৰেচন) সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনৰ বিষয়বস্তু হৈছে - বিমষ্টেকঃ সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু মুকলি। এই বিষয়বস্তুৱে বিমষ্টেক অঞ্চলৰ নেতাসকলৰ অগ্ৰাধিকাৰ আৰু জনসাধাৰণৰ আকাংক্ষাৰাজিৰ লগতে বিশ্বজুৰি অনিশ্চয়তাৰ সময়তে সহভাজিত বিকাশ নিশ্চিতকৰণৰ ক্ষেত্ৰত বিমষ্টেকৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।

এক সম্প্ৰসাৰিত কৌশলগত অংশীদাৰিত্বৰ বাবে ভাৰত-মৰিচাছৰ যুটীয়া দৃষ্টিভংগী

March 12th, 02:13 pm

২০২৫ চনৰ ১১ ৰ পৰা ১২ মাৰ্চলৈ কৰা মৰিচাছৰ চৰকাৰী ভ্ৰমণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ মহামান্য প্ৰধানমন্ত্ৰী ড০ নৱীনচন্দ্ৰ ৰামগুলাম, জিচিএছকে, এফআৰচিপি মৰিচাছ আৰু ভাৰতৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয় সন্দৰ্ভত ব্যাপক আৰু ফলপ্ৰসূ আলোচনাত মিলিত হয়।

নতুন দিল্লীত ছ’ল লিডাৰশ্বিপ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 21st, 11:30 am

ভূটানৰ প্ৰধানমন্ত্ৰী, মোৰ ভাই দাশো শ্বেৰিং টবগে জী, ছ’ল ব’ৰ্ডৰ অধ্যক্ষ সুধিৰ মেহতা, উপাধ্যক্ষ হান্সমুখ আধিয়া, উদ্যোগ জগতৰ পৰা অহা বিশিষ্ট ব্যক্তি, যিসকলে নিজৰ জীৱনত নেতৃত্ব প্ৰদান কৰাত সফল হৈছে, তেওঁলোকৰ নিজৰ নিজৰ ক্ষেত্ৰখনতো মোৰ ডেকা বন্ধুসকলক দেখিছোঁ যিসকলে ভৱিষ্যতৰ বাবে অপেক্ষা কৰি আছে, সকলোকে নমস্কাৰ।

ছউল লিডাৰশ্বিপ কনক্লেভৰ প্ৰথম সংস্কৰণ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 21st, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত স্কুল অৱ আলটিমেট লিডাৰশ্বিপ (ছউল) সন্মিলন ২০২৫ৰ প্ৰথম সংস্কৰণ উদ্বোধন কৰে। ইয়াত উপস্থিত থকা বিশিষ্ট নেতা আৰু ভৱিষ্যতৰ উদীয়মান যুৱ নেতাসকলক আদৰণি জনাই শ্ৰী মোদীয়ে মন্তব্য কৰে যে কিছুমান অনুষ্ঠান অতি ভাল লগা আৰু আজি এনে এক অনুষ্ঠান আছিল। ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সুনাগৰিকৰ বিকাশ প্ৰয়োজনীয়, প্ৰতিখন ক্ষেত্ৰতে উৎকৃষ্ট নেতাৰ বিকাশ প্ৰয়োজনীয়, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ মন্তব্য কৰে যে প্ৰতিটো খণ্ডত উৎকৃষ্ট নেতাক গঢ় দিয়াটো জৰুৰী, যিটো সময়ৰ প্ৰয়োজন। সেয়েহে, তেওঁ এই কথাত আলোকপাত কৰি কয় যে স্কুল অৱ আলটিমেট লিডাৰশ্বিপ বিকশিত ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ছউল কেৱল সংস্থাটোৰ নামত নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ছউল হব ভাৰতৰ সামাজিক জীৱনৰ আত্মা। তেওঁ লগতে কয় যে আন এক অৰ্থত, ছউলে আধ্যাত্মিক অভিজ্ঞতাৰ গুৰুত্বও সুন্দৰভাৱে দাঙি ধৰে। ছউলৰ সকলো অংশীদাৰক শুভেচ্ছা জনাই শ্ৰী মোদীয়ে ঘোষণা কৰে যে অদূৰ ভৱিষ্যতে গুজৰাটৰ জি আই এফ টি চিটিৰ ওচৰত ছউলৰ এক নতুন, বিশাল চৌহদ সাজু হব।

India's journey over the past decade has been one of scale, speed and sustainability: PM Modi in Guyana

November 22nd, 03:02 am

PM Modi addressed the Indian community in Georgetown, Guyana, thanking President Dr. Irfaan Ali for the warm welcome and hospitality. He highlighted planting a tree as part of the Ek Ped Maa ke Naam initiative and received Guyana's highest national honor, dedicating it to 1.4 billion Indians and the Indo-Guyanese community. Reflecting on his earlier visit, he praised the enduring bond between India and Guyana.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গায়ানাৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে

November 22nd, 03:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ জৰ্জটাউনত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে। অনুষ্ঠানত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, প্ৰধানমন্ত্ৰী মাৰ্ক ফিলিপছ, উপ-ৰাষ্ট্ৰপতি ভৰত জগদেও, প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ৰামোটাও উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু দেশখনত উপস্থিত হোৱাৰ সময়ত তেওঁক বিশেষভাৱে আদৰণি জনোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। আতিথ্যৰ মনোভাৱ আমাৰ সংস্কৃতিৰ কেন্দ্ৰবিন্দু বুলি শ্ৰীমোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰত চৰকাৰৰ এজোপা গছ মাৰ নামত উদ্যমৰ অংশ হিচাপে তেওঁ ৰাষ্ট্ৰপতি আৰু আইতাকৰ সৈতে গছ ৰোপণ কৰে। এই মুহূৰ্তক আৱেগিক বুলি অভিহি কৰি শ্ৰীমোদীয়ে কয় যে এয়া তেওঁৰ বাবে চিৰস্মৰণীয় হৈ ৰব।

‘কৰ্মযোগী সপ্তাহ’ - ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

October 19th, 06:57 pm

সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে মিছন কৰ্মযোগীৰ জৰিয়তে আমাৰ লক্ষ্য হৈছে মানৱ সম্পদ সৃষ্টি কৰা যিয়ে আমাৰ দেশৰ উন্নয়নৰ চালিকা শক্তি হিচাপে পৰিগণিত হ’ব। ইয়াৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যদি আমি এই আবেগেৰে কাম কৰি যাওঁ তেন্তে দেশৰ প্ৰগতিত কোনেও বাধা দিব নোৱাৰে। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহত নতুন শিক্ষণ আৰু অভিজ্ঞতাই কৰ্ম ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত শক্তি আৰু সহায় আগবঢ়াব যিয়ে ২০৪৭ চনৰ ভিতৰত আমাৰ লক্ষ্য বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।

কমনৱেলথ লিগেল এডুকেশ্যন এছচিয়েশ্যন - কমনৱেলথ এটৰ্নী এণ্ড ছলিচিটৰ জেনেৰেলছ কনফাৰেন্সত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

February 03rd, 11:00 am

বিশিষ্ট আইনী বিজ্ঞসকল, বিশ্বৰ বিভিন্ন দেশৰ অতিথিসকল, আৰু সন্মানীয় দৰ্শক সদস্যসকল। আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ।

প্ৰধানমন্ত্ৰীয়ে চিএলইএ- কমনৱেলথ এটৰ্নী আৰু ছলিচিটৰ জেনেৰেল সন্মিলন ২০২৪ উদ্বোধন কৰে

February 03rd, 10:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত কমনৱেলথ লিগেল এডুকেশ্বন এছ'চিয়েচন (চিএলইএ)-কমনৱেলথ এটৰ্নী এণ্ড ছলিচিটৰ জেনেৰেল কনফাৰেন্স (চিএএছজিচি) ২০২৪ উদ্বোধন কৰে। সন্মিলনৰ বিষয়বস্তু হৈছে ন্যায় প্ৰদানত আন্তঃসীমান্ত প্ৰত্যাহ্বান। এই সন্মিলনত অইন বিষয়ৰ লগতে আইন আৰু ন্যায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় যেনে ন্যায়িক পৰিৱৰ্তন আৰু আইনী অনুশীলনৰ নৈতিক দিশ, কাৰ্যবাহী দায়বদ্ধতা; আৰু আধুনিক যুগৰ আইনী শিক্ষাৰ পুনৰ বিবেচনা কৰা, আদিৰ ওপৰত আলোচনা কৰা হব।

এনপিডিআৰআৰ আৰু সুভাষ চন্দ্ৰ বসু দুৰ্যোগ প্ৰবন্ধন পুৰস্কাৰ-২০২৩ৰ তৃতীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

March 10th, 09:43 pm

সৰ্বপ্ৰথমে মই দুৰ্যোগ প্ৰতিৰোধ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত সকলো বন্ধুক অভিনন্দন জনাইছো। কিয়নো কাম এনেকুৱাই যে আপোনালোকে বহুবাৰ নিজৰ জীৱন সংকটত পেলায়ো আনৰ জীৱন বচাবলৈ বহুত চমকপ্ৰদ কাম কৰিছে। শেহতীয়াকৈ তুৰ্কী আৰু ছিৰিয়াত ভাৰতীয় দলৰ প্ৰয়াস সমগ্ৰ পৃথিৱীয়ে প্ৰশংসা কৰিছে আৰু এই কথা প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়। উদ্ধাৰ আৰু সাহায্যৰে জড়িত মানৱ সম্পদ আৰু প্ৰযুক্তিগত সক্ষমতাক ভাৰতে যেনেদৰে বঢ়াইছে, সেয়া দেশতো বেলেগ বেলেগ দুৰ্যোগৰ সময়ত বহুত লোকৰ জীৱন বচোৱাত সহায়ক হৈছে। দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত প্ৰণালী শক্তিশালী হওক, ইয়াৰ বাবে উৎসাহিত হওক, আৰু দেশজুৰি এক সঠিক প্ৰতিযোগিতাৰ বাতাবৰণ হওক এই কামৰ বাবে এক বিশেষ পুৰস্কাৰো ঘোষণা কৰা হৈছে। আজি ইয়াত দুটা সংস্থাক নেতাজী সুভাষ চন্দ্ৰ বসু দুৰ্যোগ প্ৰবন্ধন পুৰস্কাৰ দিয়া হৈছে। ওডিশা ষ্টেট ডিজেষ্টাৰ মেনেজমেণ্ট অথৰিটীয়ে চাইক্লনৰ পৰা আৰম্ভ কৰি ছুনামিলৈকে, বিভিন্ন দুৰ্যোগৰ সময়ত উৎকৃষ্ট কাম কৰি আছে। এনেকৈ মিজোৰামৰ লুংলেই ফায়াৰ ষ্টেচনে হাবিত লগা জুই নুমুৱাবলৈ অক্লান্ত পৰিশ্ৰম কৰে, সমগ্ৰ অঞ্চলটোক বচায় আৰু জুই বিয়পাত বাধা দিয়ে। মই এই সংস্থাত কাম কৰা সকলো বন্ধুক বহুত বহুত অভিনন্দন জনাইছো।

দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় মঞ্চৰ তৃতীয় পৰ্ব উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

March 10th, 04:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় মঞ্চ(এনপিডিআৰআৰ)ৰ তৃতীয় পৰ্ব উদ্বোধন কৰে৷ এই মঞ্চৰ তৃতীয় পৰ্বৰ মুল বিষয়বস্তু হৈছে পৰিৱৰ্তিত জলবায়ুত স্থানীয় সুস্থিৰতা গঢ়ি তোলা’৷

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱত প্ৰধানমন্ত্ৰী ভাষণৰ অসমীয়া অনুবাদ

February 09th, 02:15 pm

ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদৰ প্ৰস্তাৱৰ ওপৰত আলোচনা চলি আছে। সেই আলোচনাত অংশগ্ৰহণ কৰি মই সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক শ্ৰদ্ধাৰে ধন্যবাদ জনাইছো। সন্মানীয় ৰাষ্ট্ৰপতিলৈ অভিনন্দন জনাইছো। সন্মানীয় অধ্যক্ষ, দুয়োখন সদনক সম্বোধন কৰাৰ সময়ত তেওঁ উন্নত ভাৰতৰ ব্লুপ্ৰিণ্ট আৰু উন্নত ভাৰতৰ সংকল্পৰ বাবে ৰোড মেপ দাঙি ধৰিছে।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰীৰ

February 09th, 02:00 pm

আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ভাষণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি ডাঙৰীয়াণীক তেওঁৰ ভাষণত ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগী দাঙি ধৰি উভয় সদনকে পথ প্ৰদৰ্শনৰ বাবে ধন্যবাদ জনায়।

The 'Panch Pran' must be the guiding force for good governance: PM Modi

October 28th, 10:31 am

PM Modi addressed the ‘Chintan Shivir’ of Home Ministers of States. The Prime Minister emphasized the link between the law and order system and the development of the states. “It is very important for the entire law and order system to be reliable. Its trust and perception among the public are very important”, he pointed out.