হুল দিৱস উপলক্ষে জনজাতীয় বীৰসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

June 30th, 02:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হুল দিৱস উপলক্ষে ভাৰতৰ জনজাতীয় সমাজৰ অদম্য সাহস আৰু অসাধাৰণ বীৰত্বক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ঐতিহাসিক চাঁওতাল বিদ্ৰোহক স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঔপনিৱেশিক নিপীড়নক উফৰাই প্ৰাণ আহুতি দিয়া পূজনীয় স্বাধীনতা সংগ্ৰামী— চিদো-কানহু, চান্দ-ভৈৰৱ আৰু ফুলো-ঝানোৰ চিৰস্থায়ী উত্তৰাধিকাৰকে প্ৰমুখ্য কৰি অগণিত সাহসী জনজাতীয় শ্বহীদক সন্মান জনায়।

‘হুল দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে জনজাতীয় নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

June 30th, 02:32 pm

সিদ্ধো-কানহু, চান্দ-ভৈৰৱ আৰু ফুলো-ঝানোৰ দৰে জনজাতীয় নায়কসকলে ব্ৰিটিছ সাম্ৰাজ্যৰ অত্যাচাৰৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা আত্মসন্মান আৰু বীৰত্বগাঁথা সুঁৱৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সেইসকল বীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ‘হুল দিৱস’ হৈছে আমাৰ জনজাতীয় সমাজৰ অতুলনীয় সাহস, সংগ্ৰাম আৰু ত্যাগৰ প্ৰতি সমৰ্পিত এক মহান অনুষ্ঠান।

সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী

June 30th, 11:00 am

ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।