Participants of Viksit Vibrant Village Programme share their experiences with PM Modi

July 26th, 10:27 pm

PM Modi interacts with participants of the Viksit Vibrant Village Programme 2026, as MYBharat volunteers share inspiring stories from India's border villages. Participants recount how the journey transformed their perspectives through interactions with local communities, firsthand experiences of life in border villages and a deeper understanding of the spirit of Ek Bharat, Shreshtha Bharat

The Vibrant Village Programme is giving further momentum to the development of border villages: PM Modi

July 26th, 05:00 pm

PM Modi today interacted with participants of the Viksit Vibrant Village Programme 2026, lauding the young friends of MY Bharat for their commendable work across the country. He highlighted the official redesignation of border settlements from the 'last' to the 'first villages' of India, noted the newly established infrastructure and praised the local inhabitants for living and breathing patriotism.

PM Modi Interacts with Participants of Viksit Vibrant Village Programme 2026

July 26th, 04:30 pm

PM Modi today interacted with participants of the Viksit Vibrant Village Programme 2026, lauding the young friends of MY Bharat for their commendable work across the country. He highlighted the official redesignation of border settlements from the 'last' to the 'first villages' of India, noted the newly established infrastructure and praised the local inhabitants for living and breathing patriotism.

ছেচেলছলৈ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণ

June 28th, 08:30 pm

২০২৬ চনৰ ২৭-২৯ জুনলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ছেচেলছ ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী তথা ছেচেলছৰ ৰাষ্ট্ৰপতি মহামান্য ডাঃ পেট্ৰিক হাৰ্মিনীয়ে আজি মাহেৰ ভিক্টোৰিয়াৰ ষ্টেট হাউছত আনুষ্ঠানিক আলোচনাত মিলিত হয়।

ফলাফলৰ সবিশেষঃ প্ৰধানমন্ত্ৰীৰ চৰকাৰী ছেচিলছ ভ্ৰমণ

June 28th, 08:17 pm

ছেচিলছ চৰকাৰক এখন দ্ৰুত টহলদাৰী জাহাজ উপহাৰ

পশ্চিমবংগৰ তাৰকেশ্বৰত পশ্চিমবংগ দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

June 20th, 05:13 pm

এই মঞ্চত উপবিষ্ট ৰাজ্যপাল আৰ এন ৰবি জী, জনপ্ৰিয় আৰু শক্তিশালী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী জী, অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু বংগৰ মোৰ ভাই-ভনী - বাবা তাৰকনাথৰ এই পবিত্ৰ ভূমি, ঐতিহাসিক পশ্চিম বংগ দিৱসত ইমান বৃহৎ সমাৱেশৰ উপস্থিতিত, নিৰ্বাচনৰ পিছত আৰু শপতগ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজত থাকিবলৈ পাই মই সন্মানিত অনুভৱ কৰিছো । বংগৰ বতাহে এতিয়া এক নতুন সতেজতা কঢ়িয়াই লৈ ফুৰে, প্ৰতিটো কণাই যেন এক নতুন সুগন্ধি বিয়পাই দিয়ে। এনে লাগে যেন বংগ শিকলিৰ পৰা মুক্ত হৈছে, যেন বংগৰ গৌৰৱ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে।

পশ্চিমবংগৰ হুগলীত পশ্চিমবংগ দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

June 20th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগ দিৱস উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ সৈতে জড়িত ঐতিহাসিক তাৎপৰ্যপূৰ্ণ স্থান হুগলীৰ তাৰকেশ্বৰত ৰাজ্যিক পৰ্যায়ৰ উদযাপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । এইবাৰৰ পশ্চিমবংগ দিৱসৰ বিষয়বস্তু: “পশ্চিম বংগ: ঐতিহ্য, সমন্বয় আৰু উন্নয়ন,”-এ ৰাজ্যখনৰ সাংস্কৃতিক সমৃদ্ধি, সামাজিক সংহতি আৰু উন্নয়নমূলক আকাংক্ষাক প্ৰতিফলিত কৰিছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰে। ৰে’লৱে, কৃষি, গ্ৰাম্য উন্নয়ন, মীন আৰু পশুপালনৰ খণ্ডসমূহক সামৰি লোৱা এই পদক্ষেপসমূহে আন্তঃগাঁথনি শক্তিশালী কৰিব, জীৱিকাৰ উন্নতি সাধন কৰিব, কৃষকৰ কল্যাণ বৃদ্ধি কৰিব আৰু সমগ্ৰ ৰাজ্যতে আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত কৰিব।

১০ মে’ত কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

May 09th, 11:17 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১০ মে, ২০২৬ ত কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব।সিদিনা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া দ্য আৰ্ট অৱ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব আৰু এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদলৈ যাত্ৰা কৰিব আৰু প্ৰায় ৩ বজাত প্ৰায় ৯,৪০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰিব। লগতে এই উপলক্ষ্যে আয়োজিত সভাত তেওঁ ভাষণ দিব। প্ৰায় ৩:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদৰ সিন্ধু হাস্পতাল দেশৰ বাবে উৎসৰ্গা কৰিব।

উত্তৰ প্ৰদেশৰ বাৰাণসীত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

April 28th, 05:30 pm

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, সংসদত মোৰ সহযোগী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নীতিন নবীন জী, উত্তৰ প্ৰদেশৰ সংসদ সদস্য আৰু উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি শ্ৰীযুত পংকজ চৌধুৰী জী, জিলা পঞ্চায়তৰ অধ্যক্ষ ভগ্নী পুনম মৌৰ্য জী, কাশীৰ মহিলা কাউন্সিলাৰ আৰু গাওঁবুঢ়া সকলে আজিৰ মঞ্চত উপবিষ্ট অন্যান্য জনপ্ৰতিনিধিসকল আৰু ইয়ালৈ বৃহৎ সংখ্যাত অহা মোৰ মা, ভনী আৰু কন্যাসকল । আপোনালোক সকলোলৈ নমস্কাৰ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত অনুষ্ঠিত মহিলা সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় ৬,৩৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

April 28th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত অনুষ্ঠিত এক সন্মিলনত মহিলাৰ ব্যাপক সমাৱেশক উদ্দেশ্যি ভাষণ দিয়ে। লগতে তেওঁ হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলাও স্থাপন কৰে।

Cabinet approves construction of 1720 MW Kamala Hydro Electric Project in Arunachal Pradesh

April 08th, 04:26 pm

The Cabinet Committee on Economic Affairs, chaired by PM Modi has approved investment of Rs.26,069.50 crore for construction of Kamala Hydro Electric Project (HEP) in Kamle, Kra Daadi & Kurung Kumey Districts of Arunachal Pradesh. The project will significantly improve infrastructure in the state and provide essential facilities, benefiting local communities.

মথুৰাৰ যমুনা এক্সপ্ৰেছৱে’ত দুৰ্ঘটনাত হোৱা প্ৰাণহানিৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

March 16th, 12:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মথুৰাৰ যমুনা এক্সপ্ৰেছৱে’ত সংঘটিত এক দুৰ্ঘটনাত হোৱা প্ৰাণহানিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে।

কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ

January 28th, 02:39 pm

​আজিৰ এই মৰ্য্যাদাপূৰ্ণ অনুষ্ঠানত আপোনালোক সকলোৰে সৈতে মিলিত হোৱাটো মোৰ বাবে এক আনন্দৰ উপলক্ষ। আয়ুৰ্বেদৰ সংৰক্ষণ, সুৰক্ষা আৰু অগ্ৰগতিৰ ক্ষেত্ৰত আৰ্য বৈদ্যশালাৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। ১২৫ বছৰৰ যাত্ৰাত এই প্ৰতিষ্ঠানে আয়ুৰ্বেদক এক শক্তিশালী চিকিৎসা পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰিছে। আজি এই উপলক্ষে মই আৰ্য বৈদ্যশালাৰ প্ৰতিষ্ঠাপক বৈদ্যৰত্নম পি এছ ভেৰিয়াৰৰ অৱদানক স্মৰণ কৰিছো। আয়ুৰ্বেদৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আৰু জনকল্যাণৰ প্ৰতি তেওঁৰ উৎসৰ্গাই আজিও আমাক অনুপ্ৰাণিত কৰে।

কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

January 28th, 02:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সকলোৰে সৈতে সংযোগ স্থাপন কৰাটো তেওঁৰ বাবে আনন্দৰ বিষয়। তেওঁ উল্লেখ কৰে যে আয়ুৰ্বেদৰ সংৰক্ষণ, সুৰক্ষা আৰু অগ্ৰগতিৰ ক্ষেত্ৰত আৰ্য বৈদ্যশালাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ইয়াৰ ১২৫ বছৰীয়া যাত্ৰাত প্ৰতিষ্ঠানটোৱে আয়ুৰ্বেদক এক শক্তিশালী চিকিৎসা পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰিছে। তেওঁ আর্য বৈদ্যশালাৰ প্ৰতিষ্ঠাপক বৈদ্যৰত্নম পি এছ ভেৰিয়াৰৰ অৱদানৰ কথা স্মৰণ কৰি গুৰুত্ব আৰোপ কৰি কয় যে আয়ুৰ্বেদৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আৰু জনকল্যাণৰ প্ৰতি তেওঁৰ উৎসৰ্গাৰ মনোভাৱে অনুপ্ৰেৰণা যোগাই আহিছে।

অসমৰ নামৰূপত ইউৰিয়া প্ৰকল্পৰ ভূমি পূজনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

December 21st, 04:25 pm

অসমৰ ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহকৰ্মী আৰু ইয়াত আপোনালোকৰ প্ৰতিনিধি, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী, সংসদৰ সদস্য, বিধানসভাৰ সদস্য, অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু আমাক আশীৰ্বাদ দিবলৈ ইমান বৃহৎ সংখ্যাত অহা মোৰ সকলো ভাই-ভনীসকল, ভিতৰৰ তুলনাত পেণ্ডেলৰ বাহিৰত আৰু বেছি মানুহ দেখা পাইছো।

অসমৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

December 21st, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ডিব্ৰুগড়ৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত শ্ৰী মোদীয়ে কয় যে এইখন চাওলুং ছ্যুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ দৰে মহান বীৰৰ ভূমি। ভাষণত তেওঁ ভীমবৰ দেউৰী, শ্বহীদ কুশল কোঁৱৰ, মৰাণ ৰজা বাদৌছা, মালতী মেম, ইন্দিৰা মিৰি, স্বৰ্গদেউ সৰ্বানন্দ সিংহ আৰু বীৰ সতী সাধনীৰ অৱদানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ উজনি অসমৰ পবিত্ৰ ভূমিক প্ৰণাম জনাইছে, কিয়নো এয়া শৌৰ্য আৰু ত্যাগৰ মহান ভূমি।

বাৰাণসীৰপৰা চাৰিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 08th, 08:39 am

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী শ্ৰী আদিত্যনাথ জী; কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ আৰু বিকশিত ভাৰতৰ শক্তিশালী ভেটি স্থাপন কৰা উল্লেখযোগ্য প্ৰযুক্তিগত অগ্ৰগতিৰ নেতৃত্ব প্ৰদানকাৰী শ্ৰী অশ্বিনী বৈষ্ণৱ জী; এৰ্নাকুলামৰ পৰা প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা কেৰালাৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ জী; কেন্দ্ৰত মোৰ সতীৰ্থ শ্ৰী সুৰেশ গোপী জী আৰু শ্ৰী জৰ্জ কুৰিয়ান জী; কেৰালাত এই কাৰ্য্যসূচীত উপস্থিত থকা আন সকলো মন্ত্ৰী আৰু জনপ্ৰতিনিধি; কেন্দ্ৰত মোৰ সতীৰ্থ আৰু পঞ্জাৱৰ নেতা তথা ফিৰোজপুৰৰ পৰা সংযুক্ত শ্ৰী ৰৱনীত সিং বিট্টু জী; তাত থকা সকলো জনপ্ৰতিনিধি; লক্ষ্ণৌৰ পৰা সংযুক্ত উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী ব্ৰজেশ পাঠক জী; আন-আন বিশিষ্ট অতিথি আৰু মোৰ কাশীৰ পৰিয়ালৰ সদস্যসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰে

November 08th, 08:15 am

ভাৰতৰ আধুনিক ৰেল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনোৱাৰ লগতে বাবা বিশ্বনাথৰ পবিত্ৰ নগৰ বাৰাণসীৰ সকলো পৰিয়াললৈ শুভেচ্ছা জনায়। তেওঁ দেৱ দীপাৱলীৰ সময়ত প্ৰত্যক্ষ কৰা অসাধাৰণ উদযাপন কাৰ্য্য সন্দৰ্ভত ব্যক্ত কৰি আজিও এক শুভ অনুষ্ঠান বুলি উল্লেখেৰে উন্নয়নৰ এই উৎসৱৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

১৭ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 16th, 02:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ধাৰত দুপৰীয়া প্ৰায় ১২ বজাত ‘স্বস্থ নাৰী সশক্ত পৰিয়াল’ আৰু ‘৮ম ৰাষ্ট্ৰীয় পোষণ মাহ’ অভিযান আৰম্ভ কৰিব। তেওঁ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰাৰ লগতে এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিব।

ভাৰত - মৰিচাছৰ যুটীয়া ঘোষণাঃ বিশেষ অৰ্থনৈতিক পেকেজ

September 11th, 01:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে মৰিচাছৰ প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগুলামে ভাৰত ভ্ৰমণ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক বিস্তৃত বিষয়ত অতি ফলপ্ৰসূ আলোচনাত মিলিত হয়। মৰিচাছ চৰকাৰে দাখিল কৰা অনুৰোধৰ ভিত্তিত তলত উল্লেখ কৰা প্ৰকল্পসমূহ নীতিগতভাৱে ভাৰত আৰু মৰিচাছে যৌথভাৱে ৰূপায়ণ কৰিবলৈ সহমতত উপনীত হৈছে।