ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 29th, 06:45 pm
আজি ভগৱান জগন্নাথ জীৰ আশীৰ্বাদত দেশৰ কৃষকসকলৰ বাবে এক বৃহৎ অভিযান আৰম্ভ হৈছে। 'বিকশিত কৃষি সংকল্প অভিযান' স্বৰূপাৰ্থতে এক অনন্য পদক্ষেপ। বাৰিষাৰ আগমন ঘটিছে, খাৰিফ বতৰৰ বাবে প্ৰস্তুতি চলি আছে আৰু এনে পৰিস্থিতিত আগন্তুক ১২ৰ পৰা ১৫ দিনলৈকে দেশৰ বিজ্ঞানী, বিশেষজ্ঞ, বিষয়া আৰু প্ৰগতিশীল কৃষকৰ ২ হাজাৰৰো অধিক গোট, ২ হাজাৰৰো অধিক টিম গাঁৱে গাঁৱে গৈছে। এই দলসমূহে দেশৰ ৭০০ৰো অধিক জিলাৰ কোটি কোটি কৃষকৰ কাষ চাপিব। মই দেশৰ সকলো কৃষকক, এই দলসমূহৰ সৈতে জড়িত সকলো সহকৰ্মীলৈ, এই মহা অভিযানৰ বাবে, এক বৃহৎ অভিলাষী কাৰ্যসূচীৰ বাবে আৰু কৃষিৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বহুতো শুভেচ্ছা জনাইছোঁ।বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
May 29th, 06:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ আগবঢ়ায়। এই উপলক্ষে ভাষণত তেওঁ কৃষকৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ আৰু কৃষি উন্নয়নত সহায়ৰ বাবে এক অনন্য প্ৰচেষ্টা হিচাপে বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ কৰা বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে বাৰিষা ওচৰ চাপি অহাৰ লগে লগে আৰু খাৰিফ বতৰৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ১২ৰ পৰা ১৫ দিনত বিজ্ঞানী, বিশেষজ্ঞ, বিষয়া আৰু প্ৰগতিশীল কৃষকৰে গঠিত ২০০০ দলে ৭০০তকৈ অধিক জিলা ভ্ৰমণ কৰি গাঁৱৰ লাখ লাখ কৃষকৰ কাষ চাপিব। ভাৰতৰ কৃষি খণ্ডক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ নিষ্ঠা স্বীকাৰ কৰি তেওঁ এই দলসমূহৰ সকলো কৃষক আৰু অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে।‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 25th, 11:30 am
নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।আমাৰ যুৱপ্ৰজন্মই সকলো ক্ষেত্ৰতে দেশক গৌৰৱান্বিত কৰিছে: মন কী বাতত প্ৰধানমন্ত্ৰী
July 31st, 11:30 am
বন্ধুসকল, ৩১ জুলাই, অৰ্থাৎ আজিৰ দিনটোতে আমি সকলো দেশবাসীয়ে শ্বহীদ উধম সিংজীৰ বলিদানক নমস্কাৰ জনাও। মই আন সকলো মহান বিপ্লৱীলৈ মোৰ নম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো যিসকলে দেশৰ বাবে তেওঁলোকৰ সকলো ত্যাগ কৰিছে।