ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

August 29th, 10:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে সকলো ক্ৰীড়াপ্ৰেমীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে ক্ৰীড়াবিদসকলৰ নিষ্ঠা, আগ্ৰহ আৰু দৃঢ় সংকল্পই সমগ্ৰ দেশখনকে গৌৰৱান্বিত কৰে।

জন্মদিনত মহাত্মা আয়াংকলীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

August 28th, 01:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা আয়াংকলীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে মহাত্মা আয়াংকলীক সামাজিক ন্যায়ৰ এগৰাকী মহান পথ প্ৰদৰ্শক হিচাপে স্মৰণ কৰে, যিয়ে নিজৰ জীৱন প্রান্তীয় লোকসকলৰ সবলীকৰণ আৰু কল্যাণৰ বাবে উৎসৰ্গা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে প্রান্তীয় লোকসকলৰ বাবে শিক্ষাৰ সুবিধা সুৰক্ষিত কৰা, কৃষি শ্ৰমিকসকলৰ জীৱনৰ মান উন্নত কৰা আৰু দৰিদ্ৰ লোকসকলক সেৱা আগবঢ়োৱাৰ বাবে তেওঁৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

August 20th, 10:41 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীৰ জয়ন্তী উপলক্ষে নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

সদৈৱ অটলত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

August 16th, 11:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৃতিসৌধ সদৈৱ অটলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ গুৰুত্ব সহকাৰে কয় যে ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ভূমিকা অতুলনীয় আছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথিত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

August 16th, 09:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমাৰ দেশৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰা উল্লেখযোগ্য দৃষ্টিভংগীৰে পৰিপুষ্ট মহান ৰাষ্ট্ৰনেতাজনক স্মৰণ কৰে।

ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

August 15th, 10:12 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ দৃষ্টিভংগী তথা কৰ্মৰ পৰা দেশখনে সদায় প্ৰেৰণা লাভ কৰি যাব বুলি দৃঢ়তাৰে মন্তব্য কৰে।

ভাৰত ত্যাগ আন্দোলনৰ সাহসী অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

August 09th, 10:32 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ সাহস আৰু দৃঢ়তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ আন্দোলনৰ সুদৃঢ় আহ্বানে স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু ভাৰতৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।

মহান বিপ্লৱী মংগল পাণ্ডেজীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

July 19th, 10:55 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান বিপ্লৱী মংগল পাণ্ডেজীৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁৰ সাহসী জীৱনে আজিও প্ৰতিজন ভাৰতীয়ক গৌৰৱেৰে ভৰাই ৰাখিছে আৰু তেওঁৰ বীৰত্বৰ কাহিনীয়ে দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।

থিৰু কে কামৰাজজীক তেওঁৰ জন্ম দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

July 15th, 12:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিৰু কে কামৰাজজীক তেওঁৰ জন্ম দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বলিষ্ঠ নেতা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী ব্যতিক্ৰমী ৰাজহুৱা ব্যক্তিত্ব হিচাপে স্মৰণ কৰে। শ্ৰী মোদীয়ে কয় যে শিক্ষা, সামগ্ৰিক উন্নয়ন আৰু বঞ্চিত লোকসকলৰ কল্যাণৰ প্ৰতি থিৰু কে কামৰাজ জীৰ অটল দায়বদ্ধতাই প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওক জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

June 28th, 10:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী পি.ভি. নৰসিংহ ৰাওক জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰে। শ্ৰী মোদীয়ে কয় যে পি.ভি. নৰসিংহ ৰাওজীয়ে দেশৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময়ছোৱাত ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।

বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

June 26th, 12:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান পুৰুষ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰাধানমন্ত্ৰীয়ে তেওঁক সাহিত্যৰ এগৰাকী সুবিশাল ব্যক্তিত্ব ৰূপে স্মৰণ কৰে, যাৰ লেখাই ভাৰতীয় প্ৰজন্মৰ মাজত দেশপ্ৰেম আৰু সাংস্কৃতিক গৌৰৱৰ মনোভাব জাগ্ৰত কৰিছিল।

ৰাজৰ্ষী ছত্ৰপতি শ্বাহুজী মহাৰাজলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

June 26th, 12:46 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজৰ্ষী ছত্ৰপতি শ্বাহুজী মহাৰাজৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, তেওঁ বঞ্চিত, শোষিত আৰু পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে নিজৰ জীৱন উছৰ্গা কৰিছিল। তেওঁৰ মহান কৰ্ম আৰু আদৰ্শই যুগ যুগ ধৰি দেশক পথ প্ৰদৰ্শন কৰি থাকিব।

জৰুৰীকালীন সময়ত গণতন্ত্ৰ ৰক্ষাকাৰীসকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

June 25th, 10:53 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৰুৰীকালীন সময়ত গণতান্ত্ৰিক মূল্যবোধসমূহক দৃঢ়তাৰে ৰক্ষা কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ইয়াক ভাৰতৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায় বুলি অভিহিত কৰে। তেওঁ কয় যে এই সময়ছোৱাত অগণন নাগৰিকৰ অসাধাৰণ সাহস আৰু সহনশীলতা প্ৰদৰ্শিত হৈছিল, যিসকলে নীৰৱ হৈ থাকিবলৈ অস্বীকাৰ কৰাৰ লগতে সংবিধানৰ আদৰ্শসমূহৰ সমৰ্থন কৰিছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

May 27th, 08:33 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আদি শংকৰাচাৰ্য্যলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

April 21st, 01:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ অন্যতম মহান আধ্যাত্মিক ব্যক্তিত্ব আদি শংকৰাচাৰ্য্যৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁৰ অদ্বৈত বেদান্তৰ গভীৰ শিক্ষা, চিন্তা আৰু দৰ্শনে বিশ্বব্যাপী অসংখ্য লোকক পথ প্ৰদৰ্শন অব্যাহত ৰাখিছে। আধ্যাত্মিক চিন্তাধাৰাক পুনৰুজ্জীৱিত কৰা আৰু সমগ্ৰ দেশতে আধ্যাত্মিক কেন্দ্ৰ স্থাপনৰ বাবে তেওঁৰ প্ৰচেষ্টা এক সুদূৰপ্ৰসাৰী অনুপ্ৰেৰণা হৈ আছে। তেওঁৰ জ্ঞানে আমাৰ পথ আলোকিত কৰি থাকক আৰু সত্য, সহানুভূতি তথা সামূহিক কল্যাণৰ প্ৰতি আমাৰ দায়বদ্ধতাক শক্তিশালী কৰক, শ্ৰী মোদীয়ে লগতে কয়।

বাসৱ জয়ন্তীত জগৎগুৰু বাসবেশ্বৰলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

April 20th, 09:43 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাসৱ জয়ন্তী উপলক্ষে জগৎগুৰু বাসবেশ্বৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে সংসদ ভৱন চৌহদত ড° বাবাচাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

April 14th, 11:33 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱন চৌহদত ড° বাবাচাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জালিয়ানৱালা বাগৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

April 13th, 09:39 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জালিয়ানৱালা বাগৰ সাহসী শ্বহীদসকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁলোকৰ ত্যাগ আমাৰ জনসাধাৰণৰ অদম্য মনোভাৱৰ এক শক্তিশালী স্মাৰক হিচাপে থিয় দি আছে।

সংসদ ভৱনৰ চৌহদত মহাত্মা ফুলেৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

April 11th, 11:48 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা ফুলেৰ জন্ম জয়ন্তী উপলক্ষ্যে সংসদ ভৱন চৌহদত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

পৰকাশ পুৰব উপলক্ষে শ্ৰী গুৰু টেগ বাহাদুৰলৈ শ্ৰদ্ধা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

April 07th, 10:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৱিত্ৰ পৰকাশ পুৰব উপলক্ষে আমাৰ সভ্যতাৰ মহান আধ্যাত্মিক ব্যক্তি শ্ৰী গুৰু টেগ বাহাদুৰলৈ শ্ৰদ্ধা জ্ঞাপন কৰে।