ৰাজ্য প্ৰতিষ্ঠা দিৱসত তেলেংগানাৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
June 02nd, 09:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানা ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে তেলেংগানাবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।নেদাৰলেণ্ডত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
May 16th, 01:30 pm
ইমান মৰম। ইমান উৎসাহ। সঁচা কথা ক’বলৈ গ’লে ক্ষন্তেক সময়ৰ বাবে মই প্ৰায় পাহৰি গৈছিলো যে মই নেদাৰলেণ্ডত আছো। এনে লাগে যেন ভাৰতৰেই ক’ৰবাত কিবা এটা উৎসৱ চলি আছে!Prime Minister addresses the Indian Diaspora in the Netherlands
May 16th, 01:20 pm
Addressing a massive community programme in The Hague, Netherlands, PM Modi praised the Indian diaspora for its contributions to Dutch society and for serving as a living bridge between India and the Netherlands. He highlighted the sporting linkages that contribute to close people-to-people ties between the two countries. He also called upon the diaspora to actively contribute to India's journey towards Viksit Bharat.এখন ‘বিকশিত ভাৰত’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব: ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদী
December 28th, 11:30 am
‘মন কী বাত’-ৰ বছৰটোৰ অন্তিমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ চনত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা, ক্ৰীড়া, বিজ্ঞান পৰীক্ষাগাৰ আৰু বিশ্ব মঞ্চসমূহত নিজৰ নাম উজলাই তুলিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনত দেশখনে নতুন সংকল্পৰে আগবাঢ়ি যাবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত যুৱ নেতা আলাপ’, ‘কুইজ প্ৰতিযোগিতা’, ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৫’ আৰু ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আদিৰ দৰে যুৱকেন্দ্ৰিক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰে।বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে লোকসভাত বিশেষ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
December 08th, 12:30 pm
এয়া এনে এক সময় য'ত ইতিহাসৰ বহুতো অনুপ্ৰেৰণাদায়ক অধ্যায় আমাৰ সন্মুখত পুনৰ উন্মোচিত হৈছে। আমি আমাৰ সংবিধানৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিছো। আজি দেশবাসীয়ে চৰ্দাৰ বল্লভভাই পেটেল আৰু ভগৱান বিৰছা মুণ্ডাৰ ১৫০সংখ্যক জয়ন্তী পালন কৰিছে আৰু অলপতে আমি গুৰু টেগ বাহাদুৰজীৰ ৩৫০সংখ্যক বলিদান দিৱস পালন কৰাৰ লগতে আজি আমি বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি সদনৰ এক সামূহিক শক্তি উপলব্ধি কৰাৰ প্ৰয়াস কৰিছো। ১৫০বছৰীয়া বন্দে মাতৰমৰ এই যাত্ৰা বিভিন্ন পৰ্যায়ত হৈছে।লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ প্ৰদান
December 08th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সামূহিক আলোচনাৰ পথ বাছনি কৰাৰ বাবে সদনৰ সকলো সন্মানীয় সদস্যক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে ত্যাগ আৰু তপস্যাৰ পথ প্ৰদৰ্শন কৰি ৰাষ্ট্ৰৰ স্বাধীনতা আন্দোলনক শক্তি প্ৰদান আৰু অনুপ্ৰাণিত কৰা মন্ত্ৰ তথা স্পষ্ট আহ্বানেৰে বন্দে মাতৰমক স্মৰণ কৰা হৈছে আৰু ই সদনৰ সকলোৰে বাবে এক বৃহৎ বিশেষত্ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশখনে ১৫০ বছৰীয়া বন্দে মাতৰমৰ ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হোৱাটো গৌৰৱৰ বিষয়। তেওঁ কয় যে এই সময়ছোৱাই আমাৰ সন্মুখত ইতিহাসৰ অগণন ঘটনা কঢ়িয়াই আনিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই আলোচনাত কেৱল সদনৰ প্ৰতিশ্ৰুতিয়েই প্ৰতিফলিত নহয়, বৰঞ্চ সকলোৱে সামূহিকভাৱে ইয়াৰ উচিত ব্যৱহাৰ কৰিলে ভৱিষ্যৎ প্ৰজন্মৰ বাবে শিক্ষাৰ উৎস হিচাপেও কাম কৰিব পাৰিব।ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী চি পি ৰাধাকৃষ্ণনৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
December 01st, 11:15 am
সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে। আৰু আজি আমাৰ সদনৰ সন্মানীয় সকলো সদস্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আপোনাক আদৰণি জনোৱা আৰু আপোনাৰ নিৰ্দেশনাত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা আৰু সদনৰ জৰিয়তে দেশখনক প্ৰগতিৰ পথত আগবঢ়াই নিবলৈ আপোনাৰ বহুমূলীয়া পথ-প্ৰদৰ্শন কাৰ্য্য আমাৰ সকলোৰে বাবে এক ব্যাপক সুযোগ। সদনৰ হৈ আপোনালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু এই সদনত সমবেত সকলো সন্মানীয় সদস্যই উচ্চ সদনৰ মৰ্য্যাদা অক্ষুণ্ণ ৰাখি সদায় আপোনাৰ মৰ্য্যাদাৰ প্ৰতিও সচেষ্ট হৈ থাকিব বুলিও মই আপোনাক আশ্বাস প্ৰদান কৰিব খুজিছো।ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী চি. পি. ৰাধাকৃষ্ণনৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য
December 01st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথমবাৰৰ বাবে ৰাজ্যসভাত অধ্যক্ষতা কৰা উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণনক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক ৰাজ্যসভাৰ সকলো মাননীয় সদস্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে। অধ্যক্ষ গৰাকীক উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “সদনৰ হৈ আৰু মোৰ ফালৰপৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো, শুভেচ্ছা আৰু শুভকামনা জনাইছো। লগতে আপোনাক আশ্বস্ত কৰিব খুজিছো যে উচ্চ সদনৰ সকলো মাননীয় সদস্যই এই সন্মানীয় প্ৰতিষ্ঠানৰ মৰ্য্যাদা সদায় অক্ষুণ্ণ ৰাখিব আৰু একেদৰে আপোনাৰ মৰ্য্যাদা অক্ষুণ্ণ ৰখাৰ প্ৰতি সদায় সচেষ্টতা অৱলম্বন কৰিব। এয়াই হৈছে আপোনাৰ প্ৰতি মোৰ গভীৰ আশ্বাস।”কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 25th, 04:40 pm
আজি ভাৰতৰ ঐতিহ্যৰ এক উল্লেখযোগ্য দিন। ৰাতিপুৱা মই ৰামায়ণৰ নগৰ অযোধ্যাত আছিলো আৰু এতিয়া মই গীতাৰ নগৰ কুৰুক্ষেত্ৰত আছো। শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছো। মই এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্ত আৰু সন্মানীয় মণ্ডলীক সম্ভাষণ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে
November 25th, 04:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতৰ ঐতিহ্যৰ এক উল্লেখযোগ্য দিন। তেওঁ কয় যে ৰাতিপুৱা তেওঁ ৰামায়ণৰ নগৰ অযোধ্যাত আছিল আৰু এতিয়া তেওঁ গীতাৰ নগৰ কুৰুক্ষেত্ৰত আছে। তেওঁ উল্লেখ কৰে যে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্ত আৰু সন্মানীয় মণ্ডলীক সম্ভাষণ জনায়।২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণ
October 26th, 02:20 pm
আছিয়ানৰ সফল অধ্যক্ষতাৰ বাবে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক মই আন্তৰিক অভিনন্দন জনাইছো। ভাৰতৰ দেশ সমন্বয়ক হিচাপে দক্ষতাৰে কাম কৰাৰ বাবে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মাৰ্কছক ধন্যবাদ জনাইছো। লগতে মই টিমৰ-লেষ্টেক আছিয়ানৰ নতুন সদস্য হিচাপে আদৰণি জনাইছো।কুৱালালামপুৰত অনুষ্ঠিত ২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
October 26th, 02:06 pm
২০২৫ চনৰ ২৬ অক্টোবৰত অনুষ্ঠিত হোৱা ২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী আৰু আছিয়ান নেতাসকলে যৌথভাৱে আছিয়ান-ভাৰত সম্পৰ্কৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে আৰু সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে। ভাৰত-আছিয়ান সন্মিলনত এয়া আছিল প্ৰধানমন্ত্ৰীৰ দ্বাদশ অংশগ্ৰহণ ।ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
September 13th, 08:57 pm
মই ভূপেন দা বুলি ক’ম! আপোনালোকে অমৰ হওঁক, অমৰ হওঁক বুলি ক’ব! ভূপেন দা, অমৰ হওঁক! অমৰ হওঁক!! ভূপেন দা, অমৰ হওঁক! অমৰ হওঁক!! ভূপেন দা, অমৰ হওঁক! অমৰ হওঁক!! মঞ্চত উপৱিষ্ট অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য ডাঙৰীয়া, ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অৰুণাচল প্ৰদেশৰ যুৱ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভূপেন হাজৰিকা দেৱৰ ভ্ৰাতৃ সমৰ হাজৰিকা ডাঙৰীয়া, ভূপেন হাজৰিকা দেৱৰ ভগ্নী কবিতা বৰুৱা ডাঙৰীয়াণী, ভূপেন দাৰ পুত্ৰ তেজ হাজৰিকা ডাঙৰীয়া, মই তেজক ক'ম, কেম চো! মোৰ সন্মুখত উপস্থিত থকা আন-আন বিশিষ্ট ব্যক্তিসকল আৰু মোৰ অসমৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে
September 13th, 05:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি এটা উল্লেখযোগ্য দিন আৰু এই মুহূৰ্তটো সঁচাকৈয়ে অমূল্য। তেখেতে কয় যে ইয়াত প্ৰত্যক্ষ কৰা পৰিবেশন, উৎসাহ তথা পৰ্য্যবেক্ষণ কৰা সমন্বয়ৰ মনোভাৱে সঁচাকৈয়ে আৱেগিক কৰি তুলিছে। তেখেতে ভূপেন দাৰ গীতৰ ছন্দত আলোকপাত কৰে যি ছন্দ সমগ্ৰ অনুষ্ঠানটিতে অনুৰণিত হৈছে। ভূপেন হাজৰিকাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ মনত প্ৰতিধ্বনিত হোৱা হাজৰিকাৰ গীতৰ কেইটামান শব্দ উল্লেখ কৰে। তেখেতে কয় যে ভূপেনদাৰ সংগীতৰ ঢৌবোৰ সকলোতে, অন্তহীনভাৱে বৈ যোৱাটো অন্তৰেৰে কামনা কৰিছে। ইয়াত অংশগ্ৰহণ কৰা সকলো শিল্পীকে প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। আজিৰ পৰিবেশন কাৰ্য্যই ব্যতিক্ৰমী প্ৰস্তুতিক প্ৰতিফলিত কৰিলে বুলি উল্লেখেৰে তেখেতে কয় যে অসমৰ মনোভাৱ এনেকুৱা যে ইয়াৰ প্ৰতিটো অনুষ্ঠানেই নতুন অভিলেখ গঢ়ি তোলে। তেখেতে সকলো শিল্পীকে অভিনন্দন জনায় আৰু প্ৰশংসা কৰে।ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰে সৈতে বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 24th, 04:00 pm
এই আদৰণিৰ বাবে, এই ভব্য সন্মানৰ বাবে আৰু আজি আমি চেকাৰ্ছত এক নতুন ইতিহাস সৃষ্টি কৰিবলৈ ওলাইছো আৰু ভাৰত আৰু ব্ৰিটেইনে একেলগে নতুন ইতিহাসৰ ভেটি গঢ়িছে।গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 24th, 03:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৩-২৪ জুলাই, ২০২৫লৈ গ্ৰেট ব্ৰিটেইন ভ্ৰমণৰ সময়ত গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰৰ সৈতে বৈঠকত মিলিত হয়। বাকিংহামশ্বাৰৰ চেকাৰছত থকা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে তেওঁক প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে উষ্ম আদৰণি জনায়। দুয়োগৰাকী নেতাই পাৰস্পৰিক বৈঠকৰ লগতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাতো মিলিত হয়।এবিপি নেটৱৰ্কৰ ইণ্ডিয়া@২০৪৭ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 07th, 12:00 pm
ভাৰত মণ্ডপমৰ এই মঞ্চ আজি পুৱাৰে পৰা প্ৰাণৱন্ত ৰূপ পাইছে। কেইদিনমানৰ পূৰ্বে আপোনাৰ দলটোক অলপ সময়ৰ বাবে লগ পোৱাৰ সুযোগ পাইছিলোঁ। এই সন্মিলন বৈচিত্ৰ্যপূৰ্ণ। বহু মহান ব্যক্তিয়ে এই সন্মিলক সমৃদ্ধ কৰিছে। মই নিশ্চিত যে আপোনালোক সকলোৱেও এটা ডাঙৰ অভিজ্ঞতা লাভ কৰিছে। এই সন্মিলনত বৃহৎ সংখ্যক যুৱক-যুৱতী আৰু মহিলাৰ উপস্থিতি থকাটো ব্যতিক্ৰমী হিচাপে পৰিগণিত হৈছে। বিশেষকৈ আমাৰ ড্ৰোণ দিদি আৰু লাখপতি দিদিসকলে তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলে। এই সকলোবোৰ এংকৰক যেতিয়া মই এতিয়াই লগ পাইছিলো, তেতিয়া মই দেখি আছিলো যে তেওঁলোকে ইমান উৎসাহেৰে নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিছে। প্ৰতিটো সংলাপ মনত পৰিল। অৰ্থাৎ এইটো সঁচাকৈয়ে এক অতি প্ৰেৰণাদায়ক সুযোগ হিচাপে পৰিগণিত হৈছে।PM Modi addresses the Global Conference on Space Exploration (GLEX) 2025
May 07th, 11:30 am
PM Modi addressed GLEX 2025 via videoconferencing, showcasing India’s stellar rise from a humble 1963 rocket launch to becoming the first to land near the Moon’s South Pole. He celebrated India's Mars triumph, space tech breakthroughs, and future missions like Gaganyaan and Bharatiya Antariksha Station.বিহাৰ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
March 22nd, 09:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ দিৱসৰ উপলক্ষে বিহাৰবাসীক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে বিহাৰৰ চহকী ঐতিহ্য, ভাৰতীয় ইতিহাসলৈ ইয়াৰ অৱদান আৰু ৰাজ্যখনৰ উন্নয়নক আগুৱাই নিয়াত ইয়াৰ জনসাধাৰণৰ অদম্য মনোভাৱৰ প্ৰশংসা কৰে।মৰিচাছ ভ্ৰমণলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
March 10th, 06:18 pm
মোৰ বন্ধু প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগুলামৰ আমন্ত্ৰণ ক্ৰমে মৰিচাছৰ ৫৭সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ মই দুদিনীয়া কাৰ্যসূচীৰে মৰিচাছ ভ্ৰমণলৈ যাম।