১০-১১ মে’ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

May 09th, 11:19 am

২০২৬ চনৰ ১০-১১ মে’ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।১০ মে’ৰ নিশা গুজৰাটৰ জামনগৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী । ১১ মে’ৰ পুৱা প্ৰায় ১০:১৫ বজাত সোমনাথ মন্দিৰত অনুষ্ঠিত হ’বলগীয়া সোমনাথ অমৰুত মহোৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে বদোদৰালৈ যাত্ৰা কৰিব, য’ত তেওঁ সন্ধিয়া প্ৰায় ৬ বজাত চৰ্দাৰধাম হোষ্টেল উদ্বোধন কৰিব। লগতে দুয়োটা অনুষ্ঠানতে জনসভাক সম্বোধন কৰিব।

ৰাম নৱমী উপলক্ষে জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

March 26th, 12:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৱিত্ৰ ৰাম নৱমী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে কয় যে ত্যাগ, তপস্যা আৰু আত্মসংযমৰ দ্বাৰা চিহ্নিত মৰ্যাদা পুৰুষোত্তম ভগৱান ৰামৰ জীৱনে মানুহক সামৰ্থ্য আৰু সংকল্পৰে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ অনুপ্ৰাণিত কৰি আহিছে।

নৱ সম্বৎসৰ উপলক্ষে প্ৰধানমন্ত্ৰীৰ সকলোলৈ শুভেচ্ছা জ্ঞাপন

March 19th, 08:03 am

প্ৰধানমন্ত্ৰীয়ে শুভ নৱ সম্বৎসৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে আৰু সমৃদ্ধি তথা ৰাষ্ট্ৰীয় প্ৰগতিৰ প্ৰতি এক নৱ প্ৰতিশ্ৰুতিৰে ভৰা বছৰ কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ১০-১১ জানুৱাৰীত গুজৰাটৰ সোমনাথ ভ্ৰমণ কৰিব আৰু সোমনাথ স্বাভিমানী পৰ্বত অংশগ্ৰহণ কৰিব

January 09th, 12:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০-১১ জানুৱাৰীত গুজৰাটৰ সোমনাথ ভ্ৰমণ কৰিব আৰু সোমনাথ স্বাভিমানী পৰ্বত অংশগ্ৰহণ কৰিব। ১০ জানুৱাৰীত নিশা প্ৰায় ৮ বজাত প্ৰধানমন্ত্ৰীয়ে ওমকাৰ মন্ত্ৰ জপত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত তেওঁ সোমনাথ মন্দিৰত ড্ৰোন শ্ব’ উপভোগ কৰিব।

হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

December 06th, 08:14 pm

হিন্দুস্তান টাইমছ সন্মিলনত ভাৰত আৰু বিদেশৰ ভালে কেইগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিছে। মই আয়োজকবৃন্দ আৰু মতামত আগবঢ়োৱা সকলো সতীৰ্থকে অভিনন্দন জনাইছো। শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, এয়া মই শুনিলো। প্ৰথমে তেওঁ কৈছে যে যোৱাবাৰ মোদী জীয়ে ভ্ৰমণ কৰোতে তেওঁ এই পৰামৰ্শ প্ৰদান কৰিছিল। এই দেশৰ কোনেও মিডিয়া হাউচক নিজৰ কাম কৰিবলৈ ক’বলৈ সাহস নকৰে। কিন্তু মই কৈছিলো আৰু মই সুখী যে শোভানা জী আৰু তেওঁৰ টীমটোৱে এই কামটো অতিশয় উৎসাহেৰে কৰিলে। আৰু মই ক্ষন্তেক পূৰ্বে প্ৰদৰ্শনীখন চালো, সেয়ে মই সকলোকে প্ৰদৰ্শনীখন চাবলৈ আহ্বান জনাইছো। এই ফটোগ্ৰাফাৰ বন্ধুসকলে এই মুহূৰ্তটোক এনেদৰে বন্দী কৰিছে যে মুহূৰ্ততো স্মৰণীয় হৈ উঠিছে। দ্বিতীয়তে তেওঁ কৈছিল আৰু মই মাত্ৰ কথাটো বুজিবলৈ চেষ্টা কৰিছো, তেওঁ ক'ব পাৰিলেহেঁতেন, আপুনি দেশৰ সেৱা কৰি যাওক। কিন্তু ইয়াৰ পৰিৱৰ্তে হিন্দুস্তান টাইমছে কৈছিল, আপুনি দেশৰ সেৱা কৰি যাওক। ইয়াৰ বাবেও মই মোৰ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে

December 06th, 08:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে। ইয়াত ভাষণ প্ৰদানেৰে তেওঁ এই সন্মিলনত ভাৰত আৰু বিদেশৰ ভালেসংখ্য বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে আয়োজক আৰু চিন্তাধাৰা ব্যক্ত কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, যি কথা তেওঁ মনোযোগেৰে শুনিছে। প্ৰথমটো আছিল তেওঁৰ পূৰ্বৰ ভ্ৰমণ সম্পৰ্কীয়। তেওঁ এটা পৰামৰ্শ প্ৰদান কৰিছিল। মিডিয়া হাউছৰ ক্ষেত্ৰত এয়া বিৰল যদিও তেওঁ পৰামৰ্শ দিছিল। শোভানা জী আৰু টীমটোৱে উৎসাহেৰে সম্পন্ন কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰদৰ্শনীখন দৰ্শনৰ সময়ত তেওঁ প্ৰত্য়ক্ষ কৰিছিল যে ফটোগ্ৰাফাৰসকলে এনেদৰে মুহূৰ্তসমূহ বন্দী কৰিছিল যে সেই মুহূৰ্তসমূহ স্মৰণীয় হৈ পৰিছিল আৰু তেওঁ সকলোকে এয়া চাবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে শোভানা জীৰ দ্বিতীয়টো কথা সন্দৰ্ভত মন্তব্য প্ৰদানেৰে কেৱল তেৱেঁই নহয়, বৰঞ্চ হিন্দুস্তান টাইমছেও একেদৰেই ৰাষ্ট্ৰক সেৱা কৰি যাব লাগে বুলি কোৱা বুলি ব্যাখ্যা কৰে, ইয়াৰ বাবে তেওঁ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে।

ভক্তসকলৰ জীৱনত সুখৰ এক নতুন সূৰ্য্যোদয় হিচাপে মা জগদম্বেৰ অনুগ্ৰহৰ ওপৰত প্ৰধানমন্ত্ৰীৰ আলোকপাত

April 04th, 08:28 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভক্তসকলৰ জীৱনত সুখৰ এক নতুন সূৰ্য্যোদয় হিচাপে মা জগদম্বেই কঢ়িয়াই অনা অনুগ্ৰহৰ ওপৰত আলোকপাত কৰে। তেওঁ শ্ৰীমতী লতা মংগেশকাৰৰ এটা প্ৰাৰ্থনাও শ্বেয়াৰ কৰে।

নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাক পূজা কৰিলে ভক্তৰ জীৱনত কেনেদৰে নতুন শক্তি আৰু সংকল্পৰ সঞ্চাৰ হয়, সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে

April 03rd, 06:57 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আলোকপাত কৰে যে নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক পূজা কৰিলে ভক্তৰ জীৱনত কেনেদৰে নতুন শক্তি আৰু সংকল্পৰ সঞ্চাৰ হয়। লগতে শ্ৰীমতী অনুৰাধা পৌদৱালৰ ভজন শ্বেয়াৰ কৰে।

‘মা অম্বে’ৰ উপাসনাৰে নৱৰাত্ৰিৰ পবিত্ৰ যাত্ৰাক প্ৰতিবিম্বিত কৰে প্ৰধানমন্ত্ৰীয়ে

April 02nd, 10:06 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মা অম্বে’ৰ উপাসনাৰে নৱৰাত্ৰিৰ পৱিত্ৰ যাত্ৰাক প্ৰতিবিম্বিত কৰে। সকলোকে শুনিবলৈ আহ্বান জনাই তেওঁ দেৱী মাৰ ৰূপৰ প্ৰতি সমৰ্পিত এক প্ৰাৰ্থনা সহভাগ বতৰা কৰে।

নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক পূজা কৰিলে মনলৈ অপৰিসীম শান্তি আহে: প্ৰধানমন্ত্ৰী

April 01st, 10:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নৱৰাত্ৰিৰ সময়ত দেৱী মাক পূজা কৰিলে মনলৈ অপৰিসীম শান্তি আহে। তেওঁ লগতে পণ্ডিত ভীমসেন যোশীৰ এটা ভজনো শ্বেয়াৰ কৰে।

‘বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান’ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

February 23rd, 06:11 pm

ভাইসকল, ভগৱান মাতংগেশ্বৰ ভগৱান কী জয় ব’লো, বাগেশ্বৰ ধাম কী জয়, জটাশংকৰ ধাম কী জয়, আপোনাসৱক মোৰ তৰফৰ পৰা দুই হাতযোৰ কৰি ৰাম-ৰাম জনাইছোঁ। অনুষ্ঠানটোত উপস্থিত থকা মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী ভাই মোহন যাদৱ জী, ‘জগত গুৰু’ পূজ্য ৰামভদ্ৰাচাৰ্য জী, ‘বাগেশ্বৰ ধাম’ৰ ‘পীঠাধীশ্বৰ’ শ্ৰীধীৰেন্দ্ৰ শাস্ত্ৰী জী, ‘সাধ্বী’ ৰীতাম্ভৰা জী, স্বামী চিদানন্দ সৰস্বতী, মহন্ত শ্ৰী বালক যোগেশ্বৰদাস জী, এই অঞ্চলৰ সাংসদ বিষ্ণুদেৱ শৰ্মা জী আৰু অন্যান্য বিশিষ্ট ব্যক্তি তথা প্ৰিয় ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে

February 23rd, 04:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ গঢ়া গাঁৱত বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। তেওঁ কয় যে ইমান কম সময়ৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বুণ্ডেলখণ্ডলৈ অহাটো তেওঁৰ সৌভাগ্য। তেওঁ কয় যে আধ্যাত্মিক কেন্দ্ৰ বাগেশ্বৰ ধাম অতি সোনকালে আৰোগ্য কেন্দ্ৰও হ’ব। তেওঁ কয় যে বাগেশ্বৰ ধাম মেডিকেল এণ্ড ছায়েন্স ৰিচাৰ্চ ইনষ্টিটিউট ১০ একৰ এলেকাত নিৰ্মাণ কৰা হ’ব আৰু প্ৰথম পৰ্যায়ত ১০০খন বিছনাযুক্ত সুবিধা সাজু হ’ব। তেওঁ এই সৎ কামৰ বাবে শ্ৰী ধীৰেন্দ্ৰ শাস্ত্ৰীক অভিনন্দন জনায় আৰু বুণ্ডেলখণ্ডৰ ৰাইজক শুভেচ্ছা জনায়।

থাইলেণ্ডত অনুষ্ঠিত সংবাদ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ

February 14th, 08:30 am

থাইলেণ্ডত অনুষ্ঠিত সংবাদৰ (SAMVAD) এই সংস্কৰণত আপোনালোক সকলোৰে সৈতে যোগদান কৰিবলৈ পোৱাটো সন্মানৰ কথা। ভাৰত, জাপান আৰু থাইলেণ্ডৰ একাধিক বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ কাম কৰি আছে। তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে মই সকলোৰে শলাগ লৈছোঁ আৰু সকলো অংশগ্ৰহণকাৰীলৈ মোৰ শুভেচ্ছা জনাইছোঁ।

থাইলেণ্ডত সম্বাদ (SAMVAD) কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

February 14th, 08:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডত আয়োজিত সম্বাদ (SAMVAD) কাৰ্যসূচীৰ সময়ত ভিডিঅ 'বাৰ্তাৰ জৰিয়তে তেওঁৰ মন্তব্য প্ৰকাশ কৰে। সমাৱেশত ভাষণ দি তেওঁ থাইলেণ্ডত সম্বাদ (SAMVAD) সংস্কৰণত যোগদান কৰি এই অনুষ্ঠানটো সম্ভৱ কৰি তোলাৰ বাবে ভাৰত, জাপান আৰু থাইলেণ্ডৰ বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিসকলক প্ৰশংসা কৰে। তেওঁ সকলো অংশগ্ৰহণকাৰীক শুভেচ্ছা জ্ঞাপন কৰে।

Congress' royal family is the most corrupt family in the country: PM Modi in Katra

September 19th, 12:06 pm

PM Modi addressed large gatherings in Katra, emphasizing Jammu and Kashmir's rapid development, increased voter turnout, and improved security. He criticized past leadership for neglecting the region, praised youth for rising against dynastic politics, and highlighted infrastructure projects, education, and tourism growth. PM Modi reiterated BJP's commitment to Jammu and Kashmir’s progress and statehood restoration.

Since Article 370 was revoked, terror and separatism have been steadily weakening: PM Modi in Srinagar

September 19th, 12:05 pm

PM Modi addressed large gatherings in Srinagar, emphasizing Jammu and Kashmir's rapid development, increased voter turnout, and improved security. He criticized past leadership for neglecting the region, praised youth for rising against dynastic politics, and highlighted infrastructure projects, education, and tourism growth. PM Modi reiterated BJP's commitment to Jammu and Kashmir’s progress and statehood restoration.

PM Modi addresses public meetings in Srinagar & Katra, Jammu & Kashmir

September 19th, 12:00 pm

PM Modi addressed large gatherings in Srinagar and Katra, emphasizing Jammu and Kashmir's rapid development, increased voter turnout, and improved security. He criticized past leadership for neglecting the region, praised youth for rising against dynastic politics, and highlighted infrastructure projects, education, and tourism growth. PM Modi reiterated BJP's commitment to Jammu and Kashmir’s progress and statehood restoration.

Congress is most dishonest and deceitful party in India: PM Modi in Doda, Jammu and Kashmir

September 14th, 01:00 pm

PM Modi, addressing a public meeting in Doda, Jammu & Kashmir, reaffirmed his commitment to creating a safe, prosperous, and terror-free region. He highlighted the transformation under BJP's rule, emphasizing infrastructure development and youth empowerment. PM Modi criticized Congress for its dynastic politics and pisive tactics, urging voters to support BJP for continued progress and inclusivity in the upcoming Assembly elections.

PM Modi addresses public meeting in Doda, Jammu & Kashmir

September 14th, 12:30 pm

PM Modi, addressing a public meeting in Doda, Jammu & Kashmir, reaffirmed his commitment to creating a safe, prosperous, and terror-free region. He highlighted the transformation under BJP's rule, emphasizing infrastructure development and youth empowerment. PM Modi criticized Congress for its dynastic politics and pisive tactics, urging voters to support BJP for continued progress and inclusivity in the upcoming Assembly elections.

ইউএইৰ আবুধাবিত বিএপিএছ হিন্দু মন্দিৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

February 14th, 07:16 pm

শ্ৰী স্বামী নাৰায়ণ জয় দেৱ, মহামহিম শ্বেখ নাহিয়ান আল মুবাৰক, সন্মানীয় মহন্ত স্বামী জী মহাৰাজ, ভাৰত আৰু ইউএই তথা বিশ্বৰ ভিন্ন দেশৰ বিশিষ্ট অতিথি আৰু বিশ্বৰ প্ৰতিটো কোণৰপৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰা মোৰ ভ্ৰাতৃ-ভগ্নীসকল!