অসমৰ শিলচৰত বিভিন্ন উন্নয়নমূলক কাম উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
March 14th, 11:10 am
সংস্কৃতি, সাহস আৰু সজীৱতাৰে ভৰা ঠাই বৰাক উপত্যকাৰ পৰিয়ালৰ সদস্যসকল, আপোনালোক সকলোৰে মাজত থকাটো এক অতি বিশেষ অভিজ্ঞতা। শিলচৰক বৰাক উপত্যকাৰ প্ৰৱেশদ্বাৰ হিচাপে জনা যায়। এইখন এনে এখন ঠাই, য’ত ইতিহাস, ভাষা, সংস্কৃতি, উদ্যোগ একত্ৰিত হৈ এক অনন্য পৰিচয়ৰ সৃষ্টি হৈছে। ইয়াত বাংলা ভাষা কোৱা হয়, অসমীয়া প্ৰতিধ্বনি শুনা যায়, আন আন জনজাতীয় পৰম্পৰাও প্ৰস্ফুটিত হয়। এই বৈচিত্ৰ্যক আপোনালোকৰ শক্তি হিচাপে লৈ সকলোৱে এই সমগ্ৰ অঞ্চলটোক ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰে বিকশিত কৰিছে। এয়াই বৰাক উপত্যকাৰ অপৰিসীম শক্তি।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শিলচৰত ২৩,৫৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
March 14th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ শিলচৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সংস্কৃতি আৰু সজীৱতাৰ বাবে পৰিচিত বৰাক উপত্যকা ভ্ৰমণ কৰাটো তেওঁৰ বাবে সদায় এক অতি বিশেষ অভিজ্ঞতা হৈ আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে শিলচৰ হৈছে এই উপত্যকাৰ দুৱাৰমুখ, য’ত ইতিহাস আৰু ভাষা একত্ৰিত হৈ এক অনন্য আঞ্চলিক পৰিচয় সৃষ্টি কৰে। শ্ৰী মোদীয়ে কয় যে এই অঞ্চলৰ শক্তি নিহিত হৈ আছে ইয়াৰ বৈচিত্ৰ্যত, য’ত বাঙালী, অসমীয়া, জনজাতীয় পৰম্পৰা একেলগে সমন্বয়ৰ মাজেৰে বিকশিত হয়। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে, বৰাক উপত্যকাৰ বৈচিত্ৰ্যই ইয়াৰ সৰ্ববৃহৎ সম্পদ, ইয়েই ইয়াৰ নাগৰিকসকলৰ মাজত ভাতৃত্ববোধ গঢ়ি তুলিছে।ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অসমৰ কোকৰাঝাৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
March 13th, 03:00 pm
বেয়া বতৰৰ বাবে মই ব্যক্তিগতভাৱে কোকৰাঝাৰলৈ যাব পৰা নাই। আপোনালোক সকলোৰে ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছো। ঠিক ইয়াৰ পৰাই, গুৱাহাটীত আপোনালোকৰ লগত মত বিনিময় কৰাটো সম্ভৱ হৈ উঠিছে; আপোনালোকৰ ওচৰলৈ অহাৰ মানসেৰে দিল্লীৰ পৰা ৰাওনা হৈছিলোঁ যদিও গুৱাহাটীতে নামিব লগা হ’ল৷ এতিয়া গুৱাহাটীৰ পৰা আপোনালোক সকলোৰে খবৰ পোৱাৰ লগতে আপোনালোকৰ লগত কথা পাতিবলৈও সক্ষম হৈছো। এই কাৰ্যসূচীৰ সৈতে জড়িত অসমৰ মুখ্যমন্ত্ৰী , মোৰ ভাই হিমন্ত বিশ্ব শৰ্মাজী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী সৰ্বানন্দ সোণোৱাল জী; বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী জী; আমাৰ লগত উপস্থিত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য জী; অসম চৰকাৰৰ মন্ত্ৰীসকল; সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্য; বিটিচিৰ সকলো প্ৰতিনিধি; সমাজৰ সকলো বয়োজ্যেষ্ঠ আৰু বিশিষ্ট সদস্য; আৰু মোৰ মৰমৰ ভাই-ভনীসকল!অসমৰ কোকৰাঝাৰত ৪,৫৭০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 13th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সযোগে অসমৰ কোকৰাঝাৰত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিকূল বতৰৰ বাবে তেওঁ সো-শৰীৰে কোকৰাঝাৰ ভ্ৰমণ কৰিব নোৱাৰিলে, সেইবাবে তেওঁ সভাত সমবেত লোকসকলৰ ওচৰত ক্ষমা বিচাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ গুৱাহাটীৰ পৰা সভাত সমবেত লোকসকলৰ সৈতে সংযুক্ত হৈছে। শ্ৰী মোদীয়ে কয় যে তেওঁ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু ৰূপনাথ ব্ৰহ্মৰ দৰে দেশৰ মহান ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ তেওঁৰ বাবে এক ঋণস্বৰূপ, আৰু তেওঁ নিষ্ঠা আৰু আঞ্চলিক উন্নয়নৰ জৰিয়তে সেই ঋণ পৰিশোধ কৰিব বিচাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, সেৱা আৰু অঞ্চলটোৰ উন্নয়নৰ জৰিয়তে আপোনালোকৰ এই ঋণ পৰিশোধ কৰাৰ বাবে মই প্ৰয়াস কৰিছো।গুৱাহাটীত পৰম্পৰাগত বড়ো সাংস্কৃতিক কাৰ্যসূচী 'বাগুৰুম্বা দহৌ'ৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 17th, 06:30 pm
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য জী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, পবিত্ৰ মাৰ্ঘেৰিটা জী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী জী, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীবৰ্গ, সন্মানীয় নাগৰিক আৰু অসমৰ মোৰ ভাই-ভনীসকল।অসমৰ গুৱাহাটীত বাগুৰুম্বা দহৌ কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 17th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়ো সম্প্ৰদায়ৰ ঐতিহ্যমণ্ডিত ঐতিহাসিক সাংস্কৃতিক অনুষ্ঠান 'বাগুৰুম্বা দহৌ ২০২৬' অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে অসমৰ সংস্কৃতিৰ সাক্ষী হোৱা আৰু বড়ো জনগোষ্ঠীৰ পৰম্পৰা নিবিড়ভাৱে অনুসৰণ কৰাটো তেওঁৰ বাবে এক সৌভাগ্যৰ বিষয়। কোনো প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দৰে সঘনাই অসম ভ্ৰমণ কৰা নাই বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে অসমৰ কলা-সংস্কৃতিয়ে যাতে বৃহত্তৰ মঞ্চ লাভ কৰে আৰু দেশ তথা বিশ্বজুৰি ব্যাপক উদযাপনৰ জৰিয়তে স্বীকৃতি লাভ কৰে, তাৰ বাবে তেওঁ সদায় কামনা কৰে বুলি কয়। বৃহৎ পৰিসৰত বিহু উদযাপন, ঝুমুইৰ বিনন্দিনী অনুষ্ঠান, নতুন দিল্লীত ডেৰ বছৰৰ পূৰ্বে অনুষ্ঠিত ভব্য বড়ো মহোৎসৱ আৰু অন্যান্য সাংস্কৃতিক কাৰ্যসূচীৰ কথা উল্লেখ কৰি তেওঁ এই দিশত ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত আছে বুলি কয়। অসমৰ কলা-সংস্কৃতিৰ অনন্য আনন্দ উপভোগ কৰাৰ সুযোগ তেওঁ কেতিয়াও এৰি নিদিয়ে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বড়োসকলৰ পৰিচয়ৰ এক উজ্জ্বল উদযাপন আৰু অসমৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে বাগুৰুম্বা উৎসৱৰ আয়োজন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে অনুষ্ঠানৰ সৈতে জড়িত সকলোকে, বিশেষকৈ শিল্পীসকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।অসমৰ নামৰূপত ইউৰিয়া প্ৰকল্পৰ ভূমি পূজনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
December 21st, 04:25 pm
অসমৰ ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহকৰ্মী আৰু ইয়াত আপোনালোকৰ প্ৰতিনিধি, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী, সংসদৰ সদস্য, বিধানসভাৰ সদস্য, অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু আমাক আশীৰ্বাদ দিবলৈ ইমান বৃহৎ সংখ্যাত অহা মোৰ সকলো ভাই-ভনীসকল, ভিতৰৰ তুলনাত পেণ্ডেলৰ বাহিৰত আৰু বেছি মানুহ দেখা পাইছো।অসমৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 21st, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ডিব্ৰুগড়ৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত শ্ৰী মোদীয়ে কয় যে এইখন চাওলুং ছ্যুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ দৰে মহান বীৰৰ ভূমি। ভাষণত তেওঁ ভীমবৰ দেউৰী, শ্বহীদ কুশল কোঁৱৰ, মৰাণ ৰজা বাদৌছা, মালতী মেম, ইন্দিৰা মিৰি, স্বৰ্গদেউ সৰ্বানন্দ সিংহ আৰু বীৰ সতী সাধনীৰ অৱদানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ উজনি অসমৰ পবিত্ৰ ভূমিক প্ৰণাম জনাইছে, কিয়নো এয়া শৌৰ্য আৰু ত্যাগৰ মহান ভূমি।অসমৰ গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ভৱন উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
December 20th, 03:20 pm
মোৰ ভাষণ আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে এটা অনুৰোধ জনাইছো যে আজি এই বিজয়ৰ দিনটো এক অৰ্থত উন্নয়নৰ উদযাপনৰ দিন, কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে । সেয়ে আপোনালোকক মোবাইল ফোন উলিয়াই, টৰ্চ জ্বলাই, উন্নয়নৰ এই উদযাপনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। সকলোৰে মোবাইল ফোন জ্বলিব লাগে আৰু সমগ্ৰ দেশে গুঞ্জৰিত হাতচাপৰিৰ মাজেৰে দেখিব যে অসমে উন্নয়নৰ উদযাপন কৰিছে। উন্নয়নৰ পোহৰ যেতিয়া সকলোৰে কাষত উপনীত হয় তেতিয়া জীৱনৰ প্ৰতিটো পথেই নতুন উচ্চতাত উপনীত হ’বলৈ আৰম্ভ কৰে। সকলোকে বহুত বহুত ধন্যবাদ।অসমৰ গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
December 20th, 03:10 pm
অসমৰ সংযোগ, অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু বিশ্বজোৰা সংযোগৰ ক্ষেত্ৰত এক পৰিৱৰ্তনশীল মাইলৰ খুঁটি হিচাবে চিহ্নিত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে
November 05th, 10:04 am
অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
September 13th, 08:57 pm
মই ভূপেন দা বুলি ক’ম! আপোনালোকে অমৰ হওঁক, অমৰ হওঁক বুলি ক’ব! ভূপেন দা, অমৰ হওঁক! অমৰ হওঁক!! ভূপেন দা, অমৰ হওঁক! অমৰ হওঁক!! ভূপেন দা, অমৰ হওঁক! অমৰ হওঁক!! মঞ্চত উপৱিষ্ট অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য ডাঙৰীয়া, ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অৰুণাচল প্ৰদেশৰ যুৱ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভূপেন হাজৰিকা দেৱৰ ভ্ৰাতৃ সমৰ হাজৰিকা ডাঙৰীয়া, ভূপেন হাজৰিকা দেৱৰ ভগ্নী কবিতা বৰুৱা ডাঙৰীয়াণী, ভূপেন দাৰ পুত্ৰ তেজ হাজৰিকা ডাঙৰীয়া, মই তেজক ক'ম, কেম চো! মোৰ সন্মুখত উপস্থিত থকা আন-আন বিশিষ্ট ব্যক্তিসকল আৰু মোৰ অসমৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে
September 13th, 05:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি এটা উল্লেখযোগ্য দিন আৰু এই মুহূৰ্তটো সঁচাকৈয়ে অমূল্য। তেখেতে কয় যে ইয়াত প্ৰত্যক্ষ কৰা পৰিবেশন, উৎসাহ তথা পৰ্য্যবেক্ষণ কৰা সমন্বয়ৰ মনোভাৱে সঁচাকৈয়ে আৱেগিক কৰি তুলিছে। তেখেতে ভূপেন দাৰ গীতৰ ছন্দত আলোকপাত কৰে যি ছন্দ সমগ্ৰ অনুষ্ঠানটিতে অনুৰণিত হৈছে। ভূপেন হাজৰিকাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ মনত প্ৰতিধ্বনিত হোৱা হাজৰিকাৰ গীতৰ কেইটামান শব্দ উল্লেখ কৰে। তেখেতে কয় যে ভূপেনদাৰ সংগীতৰ ঢৌবোৰ সকলোতে, অন্তহীনভাৱে বৈ যোৱাটো অন্তৰেৰে কামনা কৰিছে। ইয়াত অংশগ্ৰহণ কৰা সকলো শিল্পীকে প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। আজিৰ পৰিবেশন কাৰ্য্যই ব্যতিক্ৰমী প্ৰস্তুতিক প্ৰতিফলিত কৰিলে বুলি উল্লেখেৰে তেখেতে কয় যে অসমৰ মনোভাৱ এনেকুৱা যে ইয়াৰ প্ৰতিটো অনুষ্ঠানেই নতুন অভিলেখ গঢ়ি তোলে। তেখেতে সকলো শিল্পীকে অভিনন্দন জনায় আৰু প্ৰশংসা কৰে।অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
July 28th, 12:58 pm
অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰীৰ
April 19th, 12:55 pm
অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।কেন্দ্ৰ আৰু অসম উভয়ৰে এনডিএ চৰকাৰে বড়ো জনগোষ্ঠীক সবলীকৰণ কৰা আৰু বড়ো আকাংক্ষা পূৰণৰ বাবে অক্লান্তভাৱে কাম কৰি আছে, এই কাম আৰু অধিক উদ্যমেৰে চলি থাকিব: প্ৰধানমন্ত্ৰী
February 15th, 04:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ ফেব্ৰুৱাৰীত অসমৰ কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া ঐতিহাসিক এদিনীয়া বিশেষ বিধানসভা অধিৱেশনৰ প্ৰশংসা কৰিছে।অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
February 03rd, 05:23 pm
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰীৰ
December 02nd, 02:07 pm
আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
July 22nd, 03:34 pm
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
December 11th, 05:22 pm
অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।