৮ ছেপ্টেম্বৰত গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 07th, 11:51 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১২বজাত প্ৰধানমন্ত্ৰীয়ে ভদোদৰাত ৩৫,০০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমবেত সকলকো সম্বোধন কৰিব।অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৫ৰ সমীপত মঙলদৈ বাইপাছ (১৫.১১ কিলোমিটাৰ) এৰি গুৱাহাটীৰ সমীপৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ ৮৯৭০.২০ কোটি টকা ব্যয়সাপেক্ষ মুঠ ১৩৫.৮৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিশৰীয়া ঘাইপথ নিৰ্মাণত কেবিনেটৰ অনুমোদন
August 06th, 04:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি অসমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৩৫.৮৭১কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিশৰীয়া গুৱাহাটী-তেজপুৰ কৰিডৰৰ উন্নয়নত অনুমোদন জনাইছে। এই প্ৰকল্পটো ৰাষ্ট্ৰীয় ঘাইপথ (অ’) ৰ অধীনত মুঠ ৮৯৭০.২০ কোটি টকাৰ মূলধনী ব্যয়েৰে বিল্ট-অপাৰেট-ট্ৰেন্সফাৰ (বি অ’ টি) টোল মোডত বিকশিত কৰা হ’ব।অন্ধ্ৰ প্ৰদেশত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
August 01st, 11:45 am
প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশত প্ৰায় ১৮,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি ‘বিকশিত ভাৰত’ৰ বিকাশ-ইঞ্জিনৰ ৰূপত হোৱা ৰাজ্যখনৰ উত্থানত আলোকপাত কৰে। বিশ্বমানৰ সংযোগ আৰু লজিষ্টিকছ-ৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী, এআই, সেউজ শক্তি আৰু নিৰ্মাণলৈকে, প্ৰধানমন্ত্ৰী মোদীয়ে চাকৰিৰ সুযোগ সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু অন্ধ্ৰপ্ৰদেশৰ উন্নয়ন ত্বৰান্বিতকৰণ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে।অন্ধ্ৰ প্ৰদেশৰ ভোগাপুৰমত ১৭,৯০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
August 01st, 11:30 am
প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰ প্ৰদেশত প্ৰায় ১৮,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি ‘বিকশিত ভাৰত’ৰ বিকাশ-ইঞ্জিনৰ ৰূপত হোৱা ৰাজ্যখনৰ উত্থানত আলোকপাত কৰে। বিশ্বমানৰ সংযোগ আৰু লজিষ্টিকছ-ৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী, এআই, সেউজ শক্তি আৰু নিৰ্মাণলৈকে, প্ৰধানমন্ত্ৰী মোদীয়ে চাকৰিৰ সুযোগ সৃষ্টি, বিনিয়োগ আকৰ্ষণ আৰু অন্ধ্ৰপ্ৰদেশৰ উন্নয়ন ত্বৰান্বিতকৰণ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে।হাৰিয়ানাৰ জিন্দত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
July 17th, 12:00 pm
এইবোৰ ইয়ালৈ অনা কিছুমান ফটো- অনুগ্ৰহ কৰি সংগ্ৰহ কৰক, নহ’লে পিছফালে বহি থকাসকলে চাব নোৱাৰিব৷ এছ পি জিৰ কৰ্মীসকল, অনুগ্ৰহ কৰি সংগ্ৰহ কৰক। ধন্যবাদ ভাই, ইমান ধুনীয়া ছবিবোৰৰ বাবে। তাত সৰু ছোৱালী এজনীয়েও কিবা এটা আনিছে- অনুগ্ৰহ কৰি সেয়াও সংগ্ৰহ কৰক। ইয়াতো দুজন ভদ্ৰলোক দেখা গৈছে। আৰু এতিয়া, সকলোৱে অনুগ্ৰহ কৰি আৰামত বহিব। আপোনালোকৰ মৰমৰ বাবে, এই কলাত্মক সাধনাৰ বাবে সকলোকে ধন্যবাদ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ জিন্দত প্ৰায় ১৪,৭০০ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
July 17th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ জিন্দত প্ৰায় ১৪,৭০০ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই স্থানত উপস্থিত হৈ গভীৰ আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে শক্তি পীঠ মাতা জয়ন্তীৰ দ্বাৰা অনন্যভাৱে আশীৰ্বাদপুষ্ট অঞ্চলটোৰ সমৃদ্ধ ঐতিহাসিক, সামৰিক আৰু আধ্যাত্মিক ঐতিহ্যৰ ওপৰত আলোকপাত কৰে। কেইবা দশক পূৰ্বে সাংগঠনিক কৰ্তব্যৰ বাবে চহৰখনত তেওঁৰ প্ৰাৰম্ভিক ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ লাভ কৰা অবিস্মৰণীয় মৰমৰ কথা স্মৰণ কৰে, যি অন্তৰ্নিহিতভাৱে মুৰা ম’হৰ দুগ্ধজাত সামগ্ৰী, দেশী বুৰা আৰু ঘেৱৰৰ দৰে স্থানীয় ৰন্ধন সামগ্ৰীৰ সৈতে জড়িত। ‘এয়া কোনো সাধাৰণ ঠাই নহয়; ইয়াৰ ইতিহাস, সাহসিকতা, ধৰ্ম আৰু অপৰিসীম গৌৰৱেৰে গভীৰ।’ শ্ৰী মোদীয়ে কয়।ইণ্ডোনেছিয়াত অনুষ্ঠিত ভাৰতীয় সমাজৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 07th, 11:47 pm
ইণ্ডোনেছিয়াৰ এই তিনিওটা অনুষ্ঠানতে ‘মেন অৱ দ্য মেচ’ একেই আছে - ইণ্ডোনেছিয়াত বাস কৰা আপোনালোক সকলোৱে। আপোনালোকৰ প্ৰত্যেকেই প্ৰকৃত 'মেন অৱ দ্য মেচ'!জাৰ্কাৰ্টাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 07th, 05:30 pm
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই উষ্ম আদৰণিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি প্ৰাবোৱোৰ উপস্থিতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁক এজন মহান নেতা আৰু ভাৰতৰ প্ৰকৃত বন্ধু বুলি অভিহিত কৰে। তেওঁ ইণ্ডোনেছিয়াৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ বাবে আৰু দুয়োখন দেশৰ মাজত বন্ধুত্বৰ এক জীৱন্ত সেতু হিচাপে সেৱা আগবঢ়োৱাৰ বাবে প্ৰবাসী ভাৰতীয়সকলক প্ৰশংসা কৰে। তেওঁ পাৰস্পৰিক বিশ্বাস, অংশীদাৰী ঐতিহ্য আৰু সামুদ্ৰিক সম্পৰ্কৰ ভিত্তিত ইণ্ডোনেছিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। দুয়োখন দেশৰ মাজত প্ৰাচীন সভ্যতাৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে বালি যাত্ৰা, ভেছাক তীৰ্থযাত্ৰা আৰু নালন্দা বিশ্ববিদ্যালয়ৰ জৰিয়তে আধুনিক যুগৰ সংযোগৰ দৰে পৰম্পৰাই জনসাধাৰণৰ মাজত বৈচিত্ৰ্যময় আৰু স্পন্দনশীল সম্পৰ্ক গঢ়ি তুলিছে।মুঠ ৭১৪৫.১৪ কোটি টকাৰ মূলধনী ব্যয়ৰে উত্তৰ প্ৰদেশৰ ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪/৬ লেনযুক্ত প্ৰৱেশ নিয়ন্ত্ৰিত কানপুৰ-কাব্ৰাই অংশ বি অ’ টি (টোল) মোডত নিৰ্মাণত অনুমোদন কেবিনেটৰ
July 01st, 03:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে ৰাষ্ট্ৰীয় ঘাইপথ (অ)ৰ অধীনত ভূপাল–কানপুৰ অৰ্থনৈতিক কৰিডৰৰ ভৱিষ্যতে ছয় লেনিঙৰ বাবে ডিজাইন কৰা চাৰিলেনযুক্ত প্ৰৱেশ নিয়ন্ত্ৰিত কৰিড’ৰৰ ১১৭.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ কানপুৰ–কাব্ৰাই প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণফিল্ড ঘাইপথ নিৰ্মাণত অনুমোদন জনায় । আনুমানিক মুঠ মূলধনী ব্যয় ৭১৪৫.১৪ কোটি টকাৰে এই প্ৰকল্পটো ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই বিঅ’টি (টোল) মোডত ৰূপায়ণ কৰিব, লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ বৰ্তমানৰ কানপুৰ-কাব্ৰাই অংশৰ পৰিচালনা তথা ৰক্ষণাবেক্ষণৰ কামো কৰিব। এই প্ৰকল্পৰ জৰিয়তে কানপুৰ আৰু কাব্ৰাইৰ মাজত নিৰৱচ্ছিন্ন, দ্ৰুতবেগী সংযোগ নিশ্চিত কৰাৰ লগতে সাগৰ, ভূপাল আৰু মধ্যপ্ৰদেশৰ অন্যান্য অঞ্চলৰ সৈতে সংযোগ শক্তিশালী কৰি তুলিব। যাৰ ফলত উত্তৰ প্ৰদেশৰ ঔদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰসমূহক মধ্যপ্ৰদেশৰ খনিজ সমৃদ্ধ, উৎপাদন তথা কৃষিৰে জড়িত অঞ্চলসমূহৰ সৈতে সংযোগ কৰা আধুনিক প্ৰৱেশ নিয়ন্ত্ৰিত অৰ্থনৈতিক কৰিডৰ সৃষ্টি হ’ব । ই মধ্যপ্ৰদেশৰ খনিজ সমৃদ্ধ, উৎপাদন আৰু কৃষি অঞ্চলসমূহৰ সৈতে সংযোগ স্থাপনত সহায় কৰিব ।পেৰিছত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 18th, 11:41 pm
১৪ জুনত যেতিয়া মই নাইচত উপস্থিত হৈছিলো, তেতিয়া মই অংশগ্ৰহণ কৰা প্ৰথমটো অনুষ্ঠান আছিল ‘ইণ্ডিয়া ইনোভেটছ’। আজি ফ্ৰান্সৰ পৰা উভতি যাবলৈ সাজু হৈ থাকোঁতে এনে লাগে যেন মই ‘ইণ্ডিয়া কানেক্টছ’ৰ কোনো অনুষ্ঠানত উপস্থিত হৈছো।পেৰিছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 18th, 09:30 pm
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ জুনত পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়, যিয়ে ভাৰতীয়মূলৰ বিদেশত থকা লোকসকলৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ মৰমক প্ৰতিফলিত কৰে।ৰামেশ্বৰৰ পৰা পাৰাদ্বীপলৈ (২টা পেকেজত মুঠ ১৬৩.১৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূলীয় ঘাইপথৰ অংশ) ওড়িশাত হাইব্ৰিড বাৰ্ষিক পদ্ধতিত নতুন উপকূলীয় ঘাইপথ নিৰ্মাণত কেবিনেটৰ অনুমোদন
June 03rd, 03:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি ওড়িশাত হাইব্ৰিড বাৰ্যিক পদ্ধতি (এইচএএম)ত ৰামেশ্বৰৰ পৰা পাৰাদ্বীপলৈ নতুন উপকূলীয় ঘাইপথ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে।৫১সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
May 27th, 10:01 pm
বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় ৩০ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে ৯খন ৰাজ্য সামৰি সমগ্ৰ ৰে’লৱে, শক্তি আৰু পথ খণ্ডৰ সাতটা জটিল আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰে। অৰ্থনৈতিক বিকাশ আৰু জনকল্যাণৰ বাবে গুৰুত্বপূৰ্ণ এই প্ৰকল্পসমূহ সময়সীমা, আন্তঃসংস্থা সমন্বয় আৰু সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰ্যালোচনা কৰা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেন-বেটৱা লিংক প্ৰকল্প আৰু স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০ৰো পৰ্যালোচনা কৰে।DMK’s policy is by the family, of the family and for the family: PM Modi in Coimbatore, Tamil Nadu
April 18th, 06:20 pm
Election, Coimbatore, Tamil Nadu, BJP, Lord Murugan, Puthandu, Nari Shakti Vandan Adhiniyam, Nari Shakti, Women Empowerment, Women's Reservation Bill, Parliament, Corruption, Highway, Roadways, Next Generation Infrastructure, Railway, Inclusive Growth, C. P. Radhakrishnan, Surya Ghar Muft Bijli Yojana, Rooftop Solar, Electricity for all, Investment, Jobs, Jal Jeevan Mission, MUDRA, Pradhan Mantri Ujjwala Yojana, Business, Income Tax, GST Bachat Utsav, Education, Healthcare, Ayushman Bharat Yojana, Jan Aushadhhi Kendra, Yuva Shakti, First Time Voters, Census, MSME, Economy, Natural Farming, Farmer Welfare, Innovation, Employment, Viksit Bharat Viksit Tamil Nadu,PM Modi’s fiery speech electrifies Coimbatore
April 18th, 06:00 pm
Prime Minister Narendra Modi today delivered a high-energy and politically charged address in Coimbatore, Tamil Nadu, drawing an enthusiastic response from the public. Addressing a large gathering, Prime Minister Modi said the people of Tamil Nadu are sending a clear message ahead of the upcoming polls: “NDA is in, DMK is out.”৩১ মাৰ্চত প্ৰধানমন্ত্ৰীৰ গুজৰাট ভ্ৰমণ
March 30th, 11:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ ৩১ মাৰ্চত গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০বজাত প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত সম্ৰাট সম্প্ৰতি সংগ্ৰহালয় উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব। প্ৰায় ১বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ সানন্দত কেইন্স ছেমিকন প্ৰকল্প উদ্বোধন কৰিব আৰু লগতে এখন ৰাজহুৱা সমাৱেশকো সম্বোধন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে ভাভ-থাৰাডলৈ যাত্ৰা কৰিব য’ত সন্ধিয়া প্ৰায় ৪বজাত তেওঁ ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।উত্তৰ প্ৰদেশৰ নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
March 28th, 12:15 pm
উদ্বোধন হৈ গ'ল নেকি? উদ্বোধন হৈ গ'ল নেকি? নাই, এতিয়ালৈকে আধা কামহে কৰা হৈছে। মই কেৱল পৰ্দাখন উন্মোচন কৰিছো; কিন্তু মই বিচাৰিছো যে ইয়াত উপস্থিত থকা প্ৰতিজন ব্যক্তিয়ে এই বিমানবন্দৰটো উদ্বোধন কৰক। গতিকে প্ৰত্যেকই মোবাইল ফোন উলিয়াই, টৰ্চ অন কৰক আৰু আপোনালোকেই উদ্বোধন কৰক। আপোনালোকৰ মোবাইল ফোনৰ লাইট জ্বলাৰ লগে লগেই —আজি ইয়াত উপস্থিত প্ৰতিজন ব্যক্তিয়ে এই বিমানবন্দৰটো উদ্বোধন কৰিলে। এয়া আপোনালোকৰ সম্পদ; এয়া আপোনালোকৰ ভৱিষ্যত; এয়া আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু উদ্যোগৰ ফল। ঠিক সেইবাবেই ইয়াৰ উদ্বোধনী আপোনালোকৰ হাতেৰেই কৰা হৈছে। হাত দুখন ওপৰলৈ তুলি কওক, ভাৰত মাতা কী জয় । আপোনালোকৰ টৰ্চবোৰ সকলোকে দেখাকৈ উজ্জ্বলভাৱে জিলিকিবলৈ দিয়ক! ভাৰত মাতা কী জয় !ভাৰত মাতা কী জয় ! ভাৰত মাতা কী জয় ! আপোনালোকক অশেষ ধন্যবাদ। এতিয়া—উদ্বোধন সম্পূর্ণ হ'ল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১১,২০০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰা নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰে
March 28th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ জেৱাৰত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে। এই উপলক্ষ্যে গৌৰৱ আৰু আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিকশিত উত্তৰ প্ৰদেশৰ এক নতুন অধ্যায় আৰম্ভ হৈছে, বিকশিত ভাৰতৰ অভিযানতো এয়া এক নতুন অধ্যায়। তেওঁ উল্লেখ কৰে যে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন এতিয়া সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেয়াৰ লগতে কয় যে তেওঁ দুটা কথাত অধিক গৌৰৱ অনুভৱ কৰিছে , প্ৰথমতে, এই বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰাৰ বাবে আৰু এতিয়া ইয়াৰ উদ্বোধন কৰাৰ সুবিধা পোৱাৰ বাবে আৰু দ্বিতীয়তে, এই সুন্দৰ বিমানবন্দৰটিৰ নাম উত্তৰ প্ৰদেশৰ সৈতে জড়িত। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এইখনেই ৰাজ্য যিয়ে মোক নিজৰ প্ৰতিনিধি হিচাপে বাছি লৈ মোক সংসদৰ সদস্য কৰিছিল আৰু ইয়াৰ পৰিচয় এতিয়া এই সুন্দৰ বিমানবন্দৰৰ সৈতে জড়িত।টিভি৯ সন্মিলন ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 23rd, 08:30 pm
শেহতীয়া সময়ত মই এবাৰ বা দুবাৰকৈ টিভি৯ ভাৰতবৰ্ষ চোৱাৰ সুযোগ পাইছো। সাধাৰণতে, আপোনাৰ মনোযোগ যুদ্ধ আৰু মিছাইলৰ ওপৰত বেছি থাকে আৰু আজিকালি আপোনাক বিষয়বস্তুৰে অতিৰিক্ত তথ্য প্ৰদান কৰা হৈছে। ডাঙৰ দেশবোৰে টিভি৯ক ইমান তথ্য প্ৰদান কৰিবলৈ সংকল্পবদ্ধ যেন লাগে। কিন্তু ক’বলৈ গ’লে আজি বিশ্বই যি গুৰুতৰ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে সেয়া অভূতপূৰ্ব আৰু অত্যন্ত গুৰুতৰ। এই পৰিস্থিতিৰ মাজত টিভি৯ নেটৱৰ্কে ধাৰণাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ মঞ্চ সৃষ্টি কৰিছে। এই সন্মিলনত আপোনালোক সকলোৱে ‘ভাৰত আৰু বিশ্ব’ বিষয়ৰ ওপৰত আলোচনা কৰি আছে। মই আপোনালোকক অভিনন্দন জনাইছো, এই সন্মিলনৰ বাবে মোৰ শুভেচ্ছা জনাইছো আৰু সকলো অতিথিক আদৰণি জনাইছো।টিভি৯ নেটৱৰ্ক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 23rd, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'ভাৰত আৰু বিশ্ব' শীৰ্ষক বিষয়বস্তুৰ সন্দৰ্ভত টিভি৯ সন্মিলনত ভাষণ প্ৰদান কৰে। অভূতপূৰ্ব আৰু গুৰুতৰ বৈশ্বিক পৰিস্থিতিৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত মত বিনিময়ৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ গঢ় দিয়াৰ বাবে টিভি৯ নেটৱৰ্কক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয়, আজি সমগ্ৰ বিশ্বই এক অভূতপূৰ্ব আৰু অতিশয় ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে টিভি৯ নেটৱৰ্কে ইয়াৰ চিন্তা-চৰ্চাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ গঢ় দিছে।