ছোনমক চিকিৎসকৰ পৰামৰ্শ মানি চলিবলৈ আহ্বান আৰু তেওঁৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ
July 24th, 06:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছোনমক চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁৰ দৈনন্দিন ৰুটিন বৰ্তাই ৰাখিবলৈ আৰু যিমান সোনকালে সম্ভৱ তেওঁৰ পূৰ্বৰ ওজন ঘূৰাই আনিবলৈ আহ্বান জনায়।দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস: কলকাতাৰ পৰা কিছু আভাস
June 21st, 06:46 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ প্ৰসিদ্ধ ৰে’ড ৰোডত ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ উপলক্ষে সমাজৰ সকলো শ্ৰেণীৰ হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীৰ সৈতে অংশগ্ৰহণ কৰি মানৱতাৰ প্ৰতি ভাৰতৰ কালজয়ী উপহাৰ উদযাপন কৰে। এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ দি তেওঁ যোগ-ক সমতুলতা, মংগল আৰু মানৱ ঐক্যৰ পথ হিচাপে আলোকপাত কৰাৰ লগতে এইবাৰৰ বিষয়বস্তু “সুস্থ বাৰ্দ্ধক্যৰ বাবে যোগ”ত গুৰুত্ব আৰোপ কৰে।পশ্চিমবংগৰ কলকাতাত উদযাপন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
June 21st, 06:45 am
মঞ্চত উপৱিষ্ট ৰাজ্যপাল শ্ৰী আৰ. এন. ৰবিজী, উদ্যমী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীজী, কেন্দ্ৰত মোৰ সহযোগী প্ৰতাপ ৰাও যাদৱজী, আন সকলো গণ্যমান্য ব্যক্তি, ইয়াত কলকাতাত সমবেত হোৱা সকলো অংশগ্ৰহণকাৰী, দেশ-বিদেশত অনুষ্ঠিত যোগ দিৱসত যোগদান কৰা বন্ধুকল আৰু মোৰ মৰমৰ দেশবাসী!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডৰ পৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নেতৃত্ব দিয়ে
June 21st, 06:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাৰ ৰেড ৰোডৰ পৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নেতৃত্ব দিয়ে। শ্ৰী মোদীয়ে সহস্ৰাধিক যোগ সাধকৰ সৈতে ‘কমন যোগ প্ৰট’কল’ অধিবেশনত অংশগ্ৰহণ কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্বৰ জনগণক অভিনন্দন জনাই শ্ৰী মোদীয়ে কয় যে ২১ জুন তাৰিখটো বিশ্বৰ বহু ঠাইত বছৰৰ আটাইতকৈ দীঘলীয়া দিন আৰু ই যোগৰ জৰিয়তে মানৱতাৰ অন্যতম বৃহৎ সামূহিক উদযাপন হিচাপেও আত্মপ্ৰকাশ কৰিছে।গুণগত মানদণ্ডৰ স্বাস্থ্যসেৱা অধিক সুলভ আৰু সহজলভ্য কৰি তুলিবলৈ বিগত ১২ বছৰত চলোৱা প্ৰচেষ্টাসমূহ আলোকপাত প্ৰধানমন্ত্ৰীৰ
June 14th, 01:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উল্লেখ কৰে যে যোৱা ১২ বছৰত ভাৰতে গুণগত মানদণ্ডৰ স্বাস্থ্যসেৱাক অধিক সুলভ আৰু সহজলভ্য কৰি তুলিবলৈ কাম কৰিছে। তেওঁ উল্লেখ কৰে যে যেতিয়া আমাক বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যসেৱা কাৰ্যসূচী 'আয়ুষ্মান ভাৰত'ৰ দেশ হিচাপে জনা যায়, যিয়ে আটাইতকৈ অসুৰক্ষিত শ্ৰেণীক সৰ্বোচ্চ মানদণ্ডৰ স্বাস্থ্যসেৱা প্ৰদান কৰে, তেতিয়া আমি গৌৰৱ অনুভৱ কৰোঁ।প্ৰধানমন্ত্ৰীক সাক্ষাৎ অধ্যাপক গোবৰ্ধন দাসৰ
April 27th, 12:31 pm
অধ্যাপক গোবৰ্ধন দাসে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অধ্যাপক গোবৰ্ধন দাসৰ ব্যক্তিগত জীৱনৰ যাত্ৰা অতি প্ৰেৰণাদায়ক। তেওঁ সন্মুখীন হোৱা প্ৰতিটো সংগ্ৰামে সমাজক সেৱা কৰাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক শক্তিশালী কৰিছিল যিটো জনস্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ বিজ্ঞানৰ প্ৰতি তেওঁৰ অৱদানত প্ৰতিফলিত হয়।নৱৰাত্ৰি উপলক্ষে সকলোলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
March 19th, 09:48 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰি উপলক্ষে সকলোলৈ তেওঁৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি সমৃদ্ধি, স্বাস্থ্য আৰু বিকশিত ভাৰতৰ সংকল্প পূৰণৰ বাবে প্ৰাৰ্থনা জনায়।“কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তন” বিষয়ক বাজেট-উত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
March 06th, 01:14 pm
বাজেট ৱেবিনাৰ ছিৰিজৰ তৃতীয়খন ৱেবিনাৰলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ইয়াৰ পূৰ্বে দুখন ৱেবিনাৰত প্ৰযুক্তি, সংস্কাৰ আৰু অৰ্থনৈতিক বিকাশৰ দৰে মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। আজি আমি গ্ৰাম্য অৰ্থনীতি আৰু কৃষিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ বিষয়ে আলোচনা কৰিম। আপোনালোক সকলোৱে আপোনালোকৰ মূল্যৱান পৰামৰ্শৰে বাজেট প্ৰণয়নত অপৰিসীম অৰিহণা যোগাইছিল, আৰু আপোনালোকে আপোনালোকৰ পৰামৰ্শ বাজেটত প্ৰতিফলিত হোৱা দেখিছে, যিটো অতি সহায়ক বুলি প্ৰমাণিত হৈছে। যিহেতু বাজেট দাখিল হৈ গল, এতিয়া দেশখনে নিজৰ সম্পূৰ্ণ সম্ভাৱনাক উপলব্ধি কৰাটো নিশ্চিত কৰিবলৈ আপোনালোকৰ অভিজ্ঞতা, পৰামৰ্শ আৰু এটা সহজ পন্থা অতি গুৰুত্বপূৰ্ণ। বাজেটৰ প্ৰতিটো পইচা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাটো আমি কেনেকৈ নিশ্চিত কৰিম ? আমি যিমান পাৰো সোনকালে এইখিনি কেনেকৈ লাভ কৰিম ? সেয়েহে এই ৱেবিনাৰৰ বাবে আপোনালোকৰ পৰামৰ্শসমূহ অতি গুৰুত্বপূৰ্ণ।কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তনৰ ওপৰত বাজেট-উত্তৰ ৱেবিনাৰত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 06th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাজেটৰ পিছৰ তৃতীয় ৱেবিনাৰত ভাষণ দিয়ে। প্ৰযুক্তি আৰু অৰ্থনৈতিক বিকাশৰ সন্দৰ্ভত পূৰ্বৰ অধিৱেশনসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বাজেট প্ৰস্তুত কৰাৰ সময়ত অংশীদাৰসকলে মূল্যৱান সহযোগিতা আগবঢ়াইছিল। এতিয়া বাজেটৰ পিছত দেশখনে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনাৰ সুবিধা গ্ৰহণ কৰাটো সমানেই গুৰুত্বপূৰ্ণ আৰু এই দিশত আপোনালোকৰ পৰামৰ্শ আৰু এই ৱেবিনাৰ সেয়েহে গুৰুত্বপূৰ্ণ, শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে।আবুধাবিৰ ক্ৰাউন প্ৰিন্স মহামহিম শ্বেইখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণ
February 19th, 05:45 pm
আবুধাবিৰ ক্ৰাউন প্ৰিন্স মহামহিম শ্বেইখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানে ১৮-১৯ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত এ আই ইমপেক্ট সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে আজি (১৯ ফেব্ৰুৱাৰী, ২০২৬ত) ভাৰত ভ্ৰমণলৈ আহিছে।২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ভাৰত ভ্ৰমণৰ পিছত এয়া তেওঁৰ দ্বিতীয়টো চৰকাৰী ভ্ৰমণ।ভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি
February 18th, 08:10 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আনুষ্ঠানিক ভাৰত ভ্ৰমণত আহে। এই ভ্ৰমণৰ সময়ত তেওঁ ২০২৬ চনৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। মেক্ৰন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু ১৭ ফেব্ৰুৱাৰীত মুম্বাইত ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬ যৌথভাৱে উদ্বোধন কৰে। এয়া ৰাষ্ট্ৰপতি মেক্ৰনৰ চতুৰ্থটো ভাৰত ভ্ৰমণ, আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ফ্ৰান্স ভ্ৰমণ কৰিছিল।ফলাফলৰ তালিকাঃ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ
February 17th, 07:00 pm
ভাৰত-ফ্ৰান্সৰ সম্পৰ্কক বিশেষ বিশ্ব কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা”১৩ ফেব্ৰুৱাৰীত সেৱা তীৰ্থ, কৰ্তব্য ভৱন-১ আৰু ২ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
February 12th, 12:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰীৰ দিনৰ প্ৰায় ১.৩০ বজাত ভৱন চৌহদ সেৱা তীৰ্থ নামকৰণেৰে উন্মোচন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে সেৱা তীৰ্থ, কৰ্তব্য ভৱন-১ আৰু ২ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু সন্ধিয়া প্ৰায় ৬ বজাত সেৱা তীৰ্থত এটা ৰাজহুৱা কাৰ্যসূচীত ভাষণ দিব।বৰ্ধিত সংযোগৰ জৰিয়তে বহনক্ষমতা, অৰ্থনৈতিক বৃদ্ধি আৰু সুৰক্ষাৰ বাবে ভাৰত – ছিচেলছৰ যৌথ দৃষ্টিভংগী
February 09th, 03:28 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ছিচেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ড° পেট্ৰিক হাৰ্মিনিয়ে ৫ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰিছে ।ৰাষ্ট্ৰপতি হাৰ্মিনিৰ কাৰ্যভাৰ গ্ৰহণৰ প্ৰায় ১০০ দিনৰ পাছত কৰা এই ভ্ৰমণে দীৰ্ঘদিনীয়া আৰু বহুমুখী দ্বিপাক্ষিক অংশীদাৰিত্বক শক্তিশালী, সম্প্ৰসাৰিত আৰু গভীৰ কৰিব বুলি ভাৰত আৰু ছিচেলছৰ প্ৰতিশ্ৰুতিৰ সংকেত বহন কৰিছে। ছিচেলছৰ স্বাধীনতাৰ ৫০ বথছৰ সম্পূৰ্ণ হোৱা আৰু দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰীয়া বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি কৰা ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। ২০২৬ চনৰ ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়ক সামৰি লৈ বিস্তৃত আৰু ইতিবাচক আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৰাষ্ট্ৰপতি হাৰ্মিনীয়ে লাভ কৰা সফলতাৰ বাবে অভিনন্দন জনায়।দুয়োগৰাকী নেতাই দৃঢ়তাৰে কয় যে ভাৰত আৰু ছিচেলছ, ঘনিষ্ঠ সামুদ্ৰিক প্ৰতিবেশী হিচাপে ঐতিহাসিক সম্পৰ্কৰে বান্ধ খাই আছে। দুয়োখন দেশে গণতন্ত্ৰ আৰু বহুত্ববাদৰ ভাগ-বতৰা কৰা মূল্যবোধৰ দ্বাৰা লালিত-পালিত এক বিশেষ তথা সময়-পৰীক্ষিত অংশীদাৰিত্ব লাভ কৰিছে। নেতাদ্বয়ে স্বীকাৰ কৰে যে ছিচেলছ-ভাৰতৰ মাজৰ সম্পৰ্ক জনকেন্দ্ৰিক আৰু ই পশ্চিম ভাৰত মহাসাগৰ অঞ্চলৰ নিৰাপত্তা তথা স্থিতিশীলতাক অধিক শক্তিশালী কৰিছে। ভাৰতৰ ভিজন মহাসাগৰ (মিউচুৱেল এণ্ড হোলিষ্টিক এডভান্সমেণ্ট ফৰ ছিকিউৰিটি এণ্ড গ্ৰ’থ এক্ৰছ ৰিজিঅ’নছ)ৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে ছিচেলছৰ ভূমিকাকো নেতাদ্বয়ে স্বীকাৰ কৰে।ছিচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা যৌথ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
February 09th, 01:00 pm
ৰাষ্ট্ৰপতি হাৰ্মিনী আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জৱৃনাবলৈ পাই মই অপৰিসীম আনন্দ লাভ কৰিছো।মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক বাৰ্তালাপ
February 08th, 11:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাতো' ছেৰী আনৱাৰ ইব্ৰাহিমৰ পৰা পেৰদানা পুত্ৰ কমপ্লেক্সত উষ্ম আদৰণিৰ লগতে আনুষ্ঠানিকভাৱে গাৰ্ড অব্ অনাৰ লাভ কৰে। ইয়াৰ পিছতে দুয়োগৰাকী নেতাই প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমৰ চৰকাৰী বাসগৃহ চেৰী পেৰদানাত ৰুদ্ধদ্বাৰ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়।প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াত ভাৰতীয় সমাজক সম্বোধন কৰে
February 07th, 03:59 pm
সৰ্বপ্ৰথমে মোৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনাইছো। ভাৰত – মালয়েছিয়াৰ বন্ধুত্বৰ পৰিসৰ আৰু ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত তেওঁৰ অতিশয় সাৱলীল বক্তব্যৰ বাবেও তেওঁক ধন্যবাদ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে
February 07th, 03:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে শুভেচ্ছাৰ উষ্মতাই উমৈহতীয়া সংস্কৃতিৰ সুন্দৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে। তেওঁ তেওঁৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে তেওঁক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিল আৰু নিজৰ গাড়ীৰে এই কাৰ্য্যসূচীলৈ আনিছে। “এই বিশেষ ইংগিতে ভাৰতৰ প্ৰতি আৰু আপোনালোক সকলোৰে প্ৰতি তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ মনোভাৱকে প্ৰতিফলিত কৰে”, শ্ৰী মোদীয়ে লগতে কয়।স্বাস্থ্য, দীৰ্ঘজীৱন আৰু ৰাষ্ট্ৰৰ সেৱাৰ বাবে আশীৰ্বাদৰ আহ্বান জনাই সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
February 06th, 11:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ কালজয়ী সভ্যতাৰ প্ৰজ্ঞাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰৰ সামূহিক আকাংক্ষাক প্ৰতিফলিত কৰা স্বাস্থ্য, দীৰ্ঘজীৱন আৰু সেৱাৰ প্ৰতি নিষ্ঠাৰ বাবে এক প্ৰাৰ্থনাৰ আহ্বান জনায়।ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ পৰা ফোন কল লাভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
January 30th, 09:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভেনিজুৱেলা বলিভাৰ গণৰাজ্যৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমতী ডেলচি এলোইনা ৰড্ৰিগেজ গোমেজৰ পৰা এটি ফোন কল লাভ কৰে।