ফলাফলৰ তালিকাঃ ফিজিৰ প্ৰধানমন্ত্ৰী চিটিবেনী ৰাবুকাৰ ভাৰত ভ্ৰমণ
August 25th, 01:58 pm
. ফিজিত এখন ছুপাৰ-স্পেচিয়েলিটি হাস্পতালৰ ডিজাইন, নিৰ্মাণ, কাৰ্য্যক্ষম, পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বাবে ভাৰত চৰকাৰ আৰু ফিজি চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি।অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসউদযাপনকাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 21st, 07:06 am
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশৰ লগতে সমগ্ৰ বিশ্বৰ জনতালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ১১ সংখ্যক বাৰৰ বাবে সমগ্ৰ বিশ্বই ২১ জুনত একেলগে যোগাসন কৰিছে। যোগৰ অৰ্থ হৈছে কেৱল সংযোগ আৰু যোগে কেনেকৈ সমগ্ৰ বিশ্বখনক সংযোগ কৰিছে, সেয়া আশ্চৰ্য্যকৰ। যোৱা দশকত যোগৰ পৰিক্ৰমালৈ উভতি চালে বহু কথা মনত পৰে। যিদিনা ভাৰতে ৰাষ্ট্ৰসংঘত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি দিয়া হওঁক বুলি প্ৰস্তাৱ জনাইছিল আৰু তাৰ পিছতে কম সময়ৰ ভিতৰতে বিশ্বৰ ১৭৫খন দেশে আমাৰ প্ৰস্তাৱলৈ সমৰ্থন জনাইছিল, সেয়া এক বিৰল ঘটনা আছিল। এনে সংহতি আৰু সমৰ্থন আজিৰ বিশ্বত এক সাধাৰণ পৰিঘটনা নহয়। এয়া কেৱল এটা প্ৰস্তাৱলৈ সমৰ্থন জনোৱা কাৰ্য্য নাছিল, বৰঞ্চ মানৱতাৰ মংগলৰ বাবে বিশ্বৰ এক সামূহিক প্ৰচেষ্টা আছিল। আজি ১১ বছৰৰ পাছত আমি দেখিবলৈ পাওঁ যে যোগাসন বিশ্বৰ লক্ষ-লক্ষলোকৰ জীৱনশৈলীৰ এক অংশ হৈ পৰিছে। আমাৰ দিব্যাংগজনে ব্ৰেইল মাধ্যমত যোগশাস্ত্ৰ পঢ়িছে, বিজ্ঞানীসকলে মহাকাশত যোগাসন কৰিছে, গাঁৱৰ ডেকা বন্ধুসকলে যোগ অলিম্পিয়াডত অংশগ্ৰহণ কৰা দেখি গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াত চাওঁকচোন, নৌসেনাৰ সকলো জাহাজতে যোগাসনৰ কাৰ্য্যসূচী অব্যাহত আছে। ছিডনী অপেৰা হাউছেই হওঁকবা এভাৰেষ্ট শৃংগই হওঁকবা সাগৰৰ বিস্তৃতিয়েই হওঁক, সকলোৱেএটাইবাৰ্তা প্ৰেৰণ কৰিছে – যোগাসন সকলোৰেআৰু সকলোৰে বাবে। যোগ সকলোৰে বাবে, ইসীমা, পটভূমি, বয়স বা সামৰ্থ্যৰ উৰ্ধত।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে
June 21st, 06:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (IYD)কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়েআন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদানেৰে যোগ অধিবেশনত অংশগ্ৰহণ কৰে।ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 23rd, 11:00 am
কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, মণিপুৰৰ ৰাজ্যপাল অজয় ভল্লা জী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' জী, মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমা জী, সকলো উদ্যোগৰ নেতা, বিনিয়োগকাৰী, ভদ্ৰমহিলা আৰু সুধী সমাজ!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে
May 23rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতক লৈ গৌৰৱ আৰু গভীৰ আস্থা প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ কথা স্মৰণেৰে তেখেতে কয় যে আজি এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগক উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলনত একাধিক উদ্যোগপতিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে অঞ্চলটোৰ সুযোগৰাজিক কেন্দ্ৰ কৰি বিৰাজ কৰা উৎসাহ-উদ্দীপনাত আলোকপাত কৰে। তেখেতে সকলো মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰলৈ অভিনন্দন জ্ঞাপনেৰে এটি বিনিয়োগ-অনুকূল পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। সকলোকে শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিটক প্ৰশংসাৰে অঞ্চলটোৰ অবিৰত বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা দোহাৰে।চাকৰিৰ সুযোগ সৃষ্টিক উত্সাহিতকৰণ সম্পৰ্কীয় বাজেট-পৰৱৰ্তী ৱে’বিনাৰত ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 05th, 01:35 pm
এই গুৰুত্বপূৰ্ণ বাজেট ৱে’বিনাৰলৈ আপোনালোক সকলোকে আদৰণি আৰু শুভেচ্ছা জনাইছোঁ। জনসাধাৰণ, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ – এয়া এনে এটা বিষয় যি উন্নত ভাৰতৰ বাবে পথ-পৰিকল্পনা নিৰ্দ্ধাৰিত কৰিব। আপোনালোকে এই বছৰৰ বাজেটত ব্যপক পৰিমাপত ইয়াৰ প্ৰভাৱ দেখিব পাব। সেয়েহে, এইখন বাজেটে ভাৰতৰ ভৱিষ্যতৰ বাবে এক মূল আঁচনিৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি বিনিয়োগত আন্তঃগাঁথনি আৰু উদ্যোগসমূহক যিমান প্ৰাথমিকতা প্ৰদান কৰিছো সিমানেই আমি মানুহ, অৰ্থনীতি আৰু উদ্ভাৱনকো গুৰুত্ব দিছোঁ। আপোনালোক সকলোৱে জানে যে সামৰ্থ্য বৰ্দ্ধন আৰু প্ৰতিভাৰ প্ৰতিপালনে দেশৰ প্ৰগতিৰ আধাৰশিলা হিচাপে কাম কৰে। সেয়েহে, এতিয়া উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ত আমি এই ক্ষেত্ৰসমূহত অধিক বিনিয়োগ কৰিব লাগিব। ইয়াৰ বাবে সকলো অংশীদাৰ আগবাঢ়ি আহিব লাগিব। কাৰণ, দেশৰ অৰ্থনৈতিক সফলতাৰ বাবে এয়া হৈছে প্ৰয়োজনীয়। আৰু একে সময়তে, ই হৈছে প্ৰতিটো সংগঠনৰ সফলতাৰো আধাৰ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ সৃষ্টি বৃদ্ধি- জনতা, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে
March 05th, 01:30 pm
“জনতাত বিনিয়োগৰ দৃষ্টিভংগী তিনি স্তম্ভ আধাৰিত যথাঃ শিক্ষা, দক্ষতা আৰু স্বাস্থ্যসেৱা” বুলি উল্লেখেৰে ভাৰতৰ শিক্ষা ব্যৱস্থাত কেইবাটাও দশকৰ পাছত উল্লেখযোগ্য ৰূপান্তৰ ঘটিছে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, আইআইটিৰ সম্প্ৰসাৰণ, শিক্ষা ব্যৱস্থাত প্ৰযুক্তিক একত্ৰিতকৰণ আৰু এআইৰ সম্পূৰ্ণ সম্ভাৱনাৰ ব্যৱহাৰ আদি মূল পদক্ষেপসমূহত গুৰুত্ব আৰোপ কৰে। পাঠ্যপুথিৰ ডিজিটেলাইজেচন আৰু ২২ টা ভাৰতীয় ভাষাত শিক্ষণ সামগ্ৰীৰ উপলব্ধতাৰ দৰে প্ৰচেষ্টা গ্ৰহণ সম্পৰ্কে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই মিছন-ম’ডৰ প্ৰচেষ্টাসমূহে ভাৰতৰ শিক্ষা ব্যৱস্থাক একবিংশ শতিকাৰ বিশ্বৰ প্ৰয়োজনীয়তা আৰু পৰিমাপসমূহৰ সৈতে সংগতি ৰাখিবলৈ সক্ষম কৰিছে।”India is a living land with a vibrant culture: PM Modi at inauguration of Sri Sri Radha Madanmohanji Temple in Navi Mumbai
January 15th, 04:00 pm
PM Modi inaugurated the Sri Sri Radha Madanmohanji Temple, an ISKCON project in Navi Mumbai. “India is an extraordinary and wonderful land, not just a piece of land bound by geographical boundaries, but a living land with a vibrant culture,” the Prime Minister exclaimed. He emphasised that the essence of this culture is spirituality, and to understand India, one must first embrace spirituality.PM Modi inaugurates the Sri Sri Radha Madanmohanji Temple of ISKCON in Navi Mumbai
January 15th, 03:30 pm
PM Modi inaugurated the Sri Sri Radha Madanmohanji Temple, an ISKCON project in Navi Mumbai. “India is an extraordinary and wonderful land, not just a piece of land bound by geographical boundaries, but a living land with a vibrant culture,” the Prime Minister exclaimed. He emphasised that the essence of this culture is spirituality, and to understand India, one must first embrace spirituality.দিল্লীত ১২,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 05th, 12:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত ১২,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ মূল লক্ষ্য হৈছে আঞ্চলিক সংযোগ উন্নত কৰা আৰু মসৃণ ভ্ৰমণৰ সুবিধা প্ৰদান কৰা। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে নমো ভাৰত ৰে’লত চাহিবাবাদ আৰ আৰ টি এছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰ আৰ টি এছ ষ্টেচনলৈ যাত্ৰা কৰে।