আইচিচি মহিলা বিশ্ব কাপ চেম্পিয়ন দলৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ
November 06th, 10:15 am
–মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, আপোনাক বহুত বহুত ধন্যবাদ। আমি ইয়াত উপস্থিত হৈ নিজকে সন্মান আৰু সৌভাগ্যৱান অনুভৱ কৰিছো। মই মাত্ৰ এটা অভিযানৰ কথা ক’ম, এই ছোৱালীবোৰে এটা আচৰিত কাম কৰিলে, দেশৰ কন্যাসকলে এটা আচৰিত কাম কৰিলে, তেওঁলোকে দুবছৰ ধৰি এই লক্ষ্যত কাম কৰি আহিছে। ছাৰ, তেওঁলোকে ইমান কষ্ট কৰিছে, আচৰিত ধৰণে কষ্ট কৰিছে, প্ৰতিটো অনুশীলনত একে তীব্ৰতাৰে খেলিছে, প্ৰতিটো অনুশীলনত একে শক্তিৰে খেলপথাৰত প্ৰৱেশ কৰিছে, মই মাত্ৰ ক’ব পাৰো যে তেওঁলোকে তেওঁলোকৰ কষ্টৰ ফল পাইছে।আইচিচি মহিলা বিশ্বকাপ ২০২৫ চেম্পিয়নৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
November 06th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গত আইচিচি মহিলা বিশ্বকাপ ২০২৫ৰ চেম্পিয়নসকলৰ সৈতে বাৰ্তালাপ কৰে। ভাৰতীয় দলটোৱে ২০২৫ চনৰ ২ নৱেম্বৰ দেওবাৰে অনুষ্ঠিত ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ কৰে। প্ৰধানমন্ত্ৰীয়ে দেৱ দীপাৱলী আৰু গুৰপুৰবৰ উপলক্ষৰ প্ৰসংগৰে এয়া এটা অতি গুৰুত্বপূৰ্ণ দিন বুলি মন্তব্য কৰি উপস্থিত সকলোকে তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে।মন কী বাত, ডিচেম্বৰ ২০২৩
December 31st, 11:30 am
বন্ধুসকল, ‘মন কী বাত’ শুনি বহুতে মোক লিখি নিজৰ স্মৰণীয় মুহূৰ্তবোৰ শ্বেয়াৰ কৰিছে। এশ চল্লিশ কোটি ভাৰতীয়ৰ শক্তি এই যে এইবাৰ আমাৰ দেশে বহু বিশেষ তাৎপৰ্যপূৰ্ণ সাফল্য লাভ কৰিছে। এই বছৰতে ‘নাৰী শক্তি বন্দন আইন’ গৃহীত হয় যিটো বহু বছৰ ধৰি অপেক্ষা কৰি আছিল। ভাৰত পঞ্চম বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হোৱাৰ লগে লগে বহু লোকে আনন্দ প্ৰকাশ কৰি চিঠি লিখিছিল। বহুতে মোক জি-২০ সন্মিলনৰ সফলতাৰ কথা সোঁৱৰাই দিছিল৷ বন্ধুসকল, আজি ভাৰতৰ প্ৰতিটো কোণত আত্মবিশ্বাসেৰে ভৰপূৰ, উন্নত ভাৰতৰ চিন্তাত, আত্মনিৰ্ভৰশীলতাৰ চিন্তাত আকৰ্ষিত। ২০২৪ চনত আমি এই চিন্তা আৰু প্ৰভাৱ বজাই ৰখাটো প্ৰয়োজন। দীপাৱলীৰ অভিলেখ পৰিমাণ সামগ্ৰী বিক্ৰীয়ে প্ৰমাণ কৰিলে যে প্ৰতিজন ভাৰতীয়ই ‘ভোকেল ফৰ লোকেল’ মন্ত্ৰক মূল্য দিয়ে।