বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে লোকসভাত বিশেষ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

December 08th, 12:30 pm

এয়া এনে এক সময় য'ত ইতিহাসৰ বহুতো অনুপ্ৰেৰণাদায়ক অধ্যায় আমাৰ সন্মুখত পুনৰ উন্মোচিত হৈছে। আমি আমাৰ সংবিধানৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিছো। আজি দেশবাসীয়ে চৰ্দাৰ বল্লভভাই পেটেল আৰু ভগৱান বিৰছা মুণ্ডাৰ ১৫০সংখ্যক জয়ন্তী পালন কৰিছে আৰু অলপতে আমি গুৰু টেগ বাহাদুৰজীৰ ৩৫০সংখ্যক বলিদান দিৱস পালন কৰাৰ লগতে আজি আমি বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি সদনৰ এক সামূহিক শক্তি উপলব্ধি কৰাৰ প্ৰয়াস কৰিছো। ১৫০বছৰীয়া বন্দে মাতৰমৰ এই যাত্ৰা বিভিন্ন পৰ্যায়ত হৈছে।

লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ প্ৰদান

December 08th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সামূহিক আলোচনাৰ পথ বাছনি কৰাৰ বাবে সদনৰ সকলো সন্মানীয় সদস্যক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে ত্যাগ আৰু তপস্যাৰ পথ প্ৰদৰ্শন কৰি ৰাষ্ট্ৰৰ স্বাধীনতা আন্দোলনক শক্তি প্ৰদান আৰু অনুপ্ৰাণিত কৰা মন্ত্ৰ তথা স্পষ্ট আহ্বানেৰে বন্দে মাতৰমক স্মৰণ কৰা হৈছে আৰু ই সদনৰ সকলোৰে বাবে এক বৃহৎ বিশেষত্ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশখনে ১৫০ বছৰীয়া বন্দে মাতৰমৰ ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হোৱাটো গৌৰৱৰ বিষয়। তেওঁ কয় যে এই সময়ছোৱাই আমাৰ সন্মুখত ইতিহাসৰ অগণন ঘটনা কঢ়িয়াই আনিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই আলোচনাত কেৱল সদনৰ প্ৰতিশ্ৰুতিয়েই প্ৰতিফলিত নহয়, বৰঞ্চ সকলোৱে সামূহিকভাৱে ইয়াৰ উচিত ব্যৱহাৰ কৰিলে ভৱিষ্যৎ প্ৰজন্মৰ বাবে শিক্ষাৰ উৎস হিচাপেও কাম কৰিব পাৰিব।

ভিডিঅ’ কনফাৰেন্সিংযোগে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 02nd, 01:00 pm

বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ জী, উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী জী, বিজয় কুমাৰ সিনহাজী, অন্যান্য বিশিষ্ট ব্যক্তি আৰু কাৰ্যসূচীত উপস্থিত থকা মোৰ লাখ লাখ বিহাৰৰ ভগ্নী সকল, আপোনালোক সকলোকে প্ৰণাম জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভ কৰে

September 02nd, 12:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰ ৰাজ্য জীৱিকা নিধি সাখ সহকাৰী সংঘ লিমিটেডৰ শুভাৰম্ভ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই শুভ মঙলবাৰে এক অতিশয় আশাব্যঞ্জক পদক্ষেপ আৰম্ভ হৈছে। তেখেতে কয় যে জীৱিকা নিধি সাখ সহকাৰী সংঘৰ জৰিয়তে বিহাৰৰ মাতৃ-ভগ্নীসকলক এক নতুন সুবিধা প্ৰদান কৰা হৈছে। এই পদক্ষেপে গাঁৱে-ভূঞে জীৱিকাৰ সৈতে জড়িত মহিলাসকলক অধিক সহজে আৰ্থিক সহায় লাভ কৰিবলৈ সক্ষম কৰি তুলিব, ইয়াৰ ফলশ্ৰুতিত তেওঁলোকে তেওঁলোকৰ কাম আৰু ব্যৱসায়ক আগুৱাই নিয়াত সহায়ক হ’ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। জীৱিকা নিধি ব্যৱস্থা সম্পূৰ্ণ ডিজিটেল হোৱাত তেখেতে সন্তোষ প্ৰকাশেৰে কয় যে এতিয়া সকলো কাম ম’বাইল ফোনযোগেই কৰিব পৰা যাব। তেখেতে জীৱিকা নিধি সাখ সহকাৰী সংঘৰ শুভাৰম্ভণি উপলক্ষে বিহাৰৰ মাতৃ-ভগ্নীসকলক অভিনন্দন জনোৱাৰ লগতে এই উল্লেখযোগ্য পদক্ষেপ গ্ৰহণৰ বাবে শ্ৰী নীতিশ কুমাৰ আৰু বিহাৰ চৰকাৰক প্ৰশংসা কৰে।

৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ আলোকপাত

August 15th, 03:52 pm

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰা, ভাৰতক আত্মনিৰ্ভৰ কৰা, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বব্যাপী নেতৃত্ব আহৰণ কৰা, সমাজৰ সকলো শ্ৰেণীৰ বাবে সামাজিক ন্যায় নিশ্চিত কৰা আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃঢ় সংকল্প আদি কেইবাটাও বিষয়ৰ ওপৰত ভৱিষ্যতৰ বিস্তৃত ৰূপৰেখা দাঙি ধৰে।

৭৯ তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

August 15th, 07:00 am

স্বাধীনতাৰ এই মহান উৎসৱ ১৪০ কোটি ভাৰতীয়ৰ সংকল্পৰ উদযাপন। এয়া হৈছে আমাৰ সামূহিক কৃতিত্ব প্ৰতিফলিত কৰা, গৌৰৱেৰে পৰিপূৰ্ণ, প্ৰতিখন হৃদয়লৈ অপৰিসীম আনন্দ কঢ়িয়াই অনা এক বিষ্ময়কৰ উৎসৱ। আমাৰ দেশখনে একতাৰ মনোভাৱ প্ৰতিনিয়ত শক্তিশালী কৰিছে। আজি দেশৰ ১৪০ কোটি নাগৰিক ত্ৰিৰংগাৰ ৰঙেৰে বিঢৌত হৈছে। ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ লহৰ চৌপাশে উঠিছে, সেয়া মৰুভূমিয়েই হওক, কিম্বা হিমালয়ৰ শৃংগই হওক, সাগৰতীৰতেই হওক, বা ঘন জনবসতিপূৰ্ণ অঞ্চলতেই হওক, সকলোতে এটাই প্ৰতিধ্বনি, এটাই উল্লাস: আমাৰ প্ৰাণৰো প্ৰাণৰ, আমাৰ দেশ, গৰিমাৰ বেশ আমাৰ দেশ।

India celebrates 79th Independence Day

August 15th, 06:45 am

PM Modi, in his address to the nation on the 79th Independence day paid tribute to the Constituent Assembly, freedom fighters, and Constitution makers. He reiterated that India will always protect the interests of its farmers, livestock keepers and fishermen. He highlighted key initiatives—GST reforms, Pradhan Mantri Viksit Bharat Rozgar Yojana, National Sports Policy, and Sudharshan Chakra Mission—aimed at achieving a Viksit Bharat by 2047. Special guests like Panchayat members and “Drone Didis” graced the Red Fort celebrations.

প্ৰধানমন্ত্ৰীয়ে হৰ ঘৰ তিৰংগা অভিযানত জনতাৰ অসাধাৰণ অংশগ্ৰহণৰ প্ৰশংসা কৰে

August 09th, 07:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ তিৰংগা অভিযানত জনতাৰ অসাধাৰণ অংশগ্ৰহণক লৈ আনন্দ প্ৰকাশ কৰি কয় যে ইয়াত ভাৰতৰ জনসাধাৰণক একত্ৰিত কৰা গভীৰ দেশপ্ৰেমৰ মনোভাৱ আৰু ত্ৰিৰংগাৰ প্ৰতি তেওঁলোকৰ অদম্য গৌৰৱ প্ৰতিফলিত হৈছে। লগতে নাগৰিকসকলক তেওঁলোকৰ ফটো আৰু চেলফি harghartiranga.com ত শ্বেয়াৰ কৰি যাবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে ।

পিংগলী ভেংকয়া জীৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

August 02nd, 02:55 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীযুত পিংগলী ভেংকয়া জীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। যিগৰাকী ব্যক্তি আমাৰ গৌৰৱময় ত্ৰিৰংগা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে স্মৰণীয়। #হৰঘৰত্ৰিৰংগা আন্দোলন শক্তিশালী কৰি ত্ৰিৰংগা উৰুৱাবলৈ আহ্বান জনাই শ্ৰী মোদীয়ে ত্ৰিৰংগাৰ সৈতে চেলফি বা ফটো তুলি harghartiranga.com ত আপলোড কৰিবলৈ আহ্বান জনায়

The BJP-NDA government will fight the mafia-driven corruption in recruitment: PM Modi in Godda, Jharkhand

November 13th, 01:47 pm

Attending and addressing rally in Godda, Jharkhand, PM Modi expressed gratitude to the women of the state for their support. He criticized the local government for hijacking benefits meant for women, like housing and water supply. PM Modi assured that under the BJP-NDA government, every family in Jharkhand will get permanent homes, water, gas connections, and free electricity. He also promised solar panels for households, ensuring free power and compensation for any surplus electricity generated.

We ensured that government benefits directly reach beneficiaries without intermediaries: PM Modi in Sarath, Jharkhand

November 13th, 01:46 pm

PM Modi addressed a large gathering in Jharkhand's Sarath. He said, Today, the first phase of voting is happening in Jharkhand. The resolve to protect livelihood, daughters, and land is visible at every booth. There is strong support for the guarantees that the BJP has given for the future of women and youth. It is certain that the JMM-Congress will be wiped out in the Santhali region this time.

PM Modi engages lively audiences in Jharkhand’s Sarath & Godda

November 13th, 01:45 pm

PM Modi addressed a large gathering in Jharkhand's Sarath. He said, Today, the first phase of voting is happening in Jharkhand. The resolve to protect livelihood, daughters, and land is visible at every booth. There is strong support for the guarantees that the BJP has given for the future of women and youth. It is certain that the JMM-Congress will be wiped out in the Santhali region this time.

মহাকাশ খণ্ডৰ সংস্কাৰৰ দ্বাৰা দেশৰ যুৱক-যুৱতীসকল লাভৱান হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

August 25th, 11:30 am

বন্ধুসকল, মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলো যথেষ্ট উপকৃত হৈছে, গতিকে মই ভাবিলোঁ যে আজি ‘মন কী বাত’ত মহাকাশ খণ্ডৰ সৈতে জড়িত মোৰ কেইজনমান যুৱ বন্ধুৰ সৈতে কথা পাতো৷ মোৰ সৈতে কথা পাতিবলৈ যোগদান কৰিছে স্পেচটেক ষ্টাৰ্ট-আপ গেলেক্সআইৰ দলটো। এই ষ্টাৰ্ট-আপ আৰম্ভ কৰিছিল আইআইটি-মাদ্ৰাজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে। এই আটাইকেইজন যুৱক আজি মোৰ লগত ফোন লাইনত সংযোগ হৈছে৷ তেওঁলোক হৈছে সুয়াশ, ডেনিয়েল, ৰক্ষিত, কিষাণ আৰু প্ৰনীত। আহক, এই যুৱকসকলৰ অভিজ্ঞতা সম্পৰ্কে আমি জানো।

৭৮ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক উদ্দেশি ভাষণ প্ৰদান কৰে

August 15th, 03:04 pm

প্ৰধানমন্ত্ৰীৰ ভাষণৰ মুখ্য প্ৰসংগসমূহ তলত উল্লেখ কৰা হৈছে:

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

August 15th, 01:09 pm

On 78th Independence Day, PM Modi, in his address, outlined a vision for India's future. From hosting the 2036 Olympics to championing a Secular Civil Code, PM Modi emphasized India's collective progress and empowerment of every citizen. He spoke of continuing the fight against corruption with renewed vigour. With a focus on innovation, education, and global leadership, he reaffirmed that nothing can stop India from becoming a Viksit Bharat by 2047.

ভাৰতে উদযাপন কৰিছে ৭৮সংখ্যক স্বাধীনতা দিৱস

August 15th, 07:30 am

৭৮সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত ভাৰতৰ ভৱিষ্যতৰ এক দৃষ্টিভংগীৰ আলোকপাত কৰে। ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ পৰা আৰম্ভ কৰি ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ চেম্পিয়নিঙলৈকে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ সামূহিক অগ্ৰগতি আৰু প্ৰতিজন নাগৰিকৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজখন নতুন শক্তিৰে অব্যাহত ৰখাৰ কথা উল্লেখ কৰে। উদ্ভাৱন, শিক্ষা আৰু বিশ্ব নেতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ভাৰত হোৱাৰ পৰা কোনো শক্তিয়ে বাধা দিব নোৱাৰে।

হৰ ঘৰ ত্ৰিৰংগা অভিযানে ত্ৰিৰংগাৰ প্ৰতি ১৪০ কোটি ভাৰতীয়ৰ গভীৰ সন্মানৰ ইংগিত দিয়েঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী

August 14th, 09:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ ত্ৰিৰংগা অভিযানক লৈ সুখ প্ৰকাশ কৰি কয় যে হৰ ঘৰ ত্ৰিৰংগা আন্দোলন সমগ্ৰ ভাৰততে জনপ্ৰিয় হৈ পৰিছে, যিয়ে ১৪০ কোটি ভাৰতীয়ৰ ত্ৰিৰংগাৰ প্ৰতি থকা গভীৰ সন্মানৰ ইংগিত দিয়ে।

সজীৱ সাংস্কৃতিক ঐতিহ্যত অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ দেশপ্ৰেম প্ৰতিফলিত হৈছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

August 13th, 05:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ পূব কামেঙৰ চেপ্পাত #HarGharTiranga যাত্ৰাক লৈ আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে অৰুণাচল প্ৰদেশৰ সজীৱ সাংস্কৃতিক ঐতিহ্যত দেশপ্ৰেম স্পষ্টভাৱে প্ৰতিফলিত হৈছে।

Prime Minister Narendra Modi expresses pride over #HarGharTiranga campaign in Surat

August 12th, 09:21 pm

Prime Minister Shri Narendra Modi today expressed pride over the passionate spirit of the people of Surat in their participation in #HarGharTiranga campaign.

প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক ছ’চিয়েল মিডিয়াত ত্ৰিৰংগা থকা প্ৰফাইল ছবি সলনি কৰিবলৈ আহ্বান জনায়

August 09th, 09:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ত্ৰিৰংগা থকা প্ৰ'ফাইল ছবি সলনি কৰিবলৈ আহ্বান জনাইছে। শ্ৰী মোদীয়ে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ তেওঁৰ প্ৰ'ফাইল ছবিখন ত্ৰিৰংগালৈ সলনি কৰে। হৰ ঘৰ ত্ৰিৰংগা আন্দোলনক এক স্মৰণীয় গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈ তেওঁ সকলোকে তেনে কৰিবলৈ আহ্বান জনায়।