উত্তৰ প্ৰদেশৰ হৰদোইত গংগা এক্সপ্ৰেছৱে’ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

April 29th, 11:35 am

সৰ্বপ্ৰথমে, মই ভগৱান নৰসিংহৰ এই পুণ্যভূমিক প্ৰণাম জনাইছো। ইয়াৰ পৰা কেইকিলোমিটাৰমান দূৰত মা গংগা সুন্দৰভাৱে বৈ গৈছে। সেয়েহে, এই সমগ্ৰ অঞ্চলটো কোনো তীৰ্থতকৈ কম নহয়। আৰু মই বিশ্বাস কৰোঁ যে উত্তৰ প্ৰদেশলৈ এক্সপ্ৰেছৱে’ৰ এই উপহাৰো মা গংগাৰ আশীৰ্বাদ। এতিয়া আপুনি কেইঘণ্টামানৰ ভিতৰতে সংগমলৈ যাব পাৰে আৰু কাশীত বাবাক সাক্ষাৎ কৰি উভতিও আহিব পাৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশৰ হাৰদোইত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীণফিল্ড গংগা এক্সপ্ৰেছৱে উদ্বোধন

April 29th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ হাৰদোইত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীণফিল্ড গংগা এক্সপ্ৰেছৱে উদ্বোধন কৰে। ভগৱান নৰসিংহৰ পৱিত্ৰ ভূমি হিচাপে আৰু মাত্ৰ কেইকিলোমিটাৰমান দূৰেৰে বৈ যোৱা মা গংগাৰ ঐশ্বৰিক উপস্থিতিক সন্মান জনাই ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে সমগ্ৰ অঞ্চলটো নদীখনৰ আধ্যাত্মিকতা আৰু উৰ্বৰতাৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত এক তীৰ্থস্থান হিচাপে পৰিগণিত হৈছে। উত্তৰ প্ৰদেশত এই এক্সপ্ৰেছৱে’ৰ অৱস্থিতি স্বয়ং মা গংগাৰ পৰাও এক আশীৰ্বাদ, এই এক্সপ্ৰেছৱে’ই কেনেদৰে ঘণ্টাৰ ভিতৰত পৱিত্ৰ গন্তব্যস্থানলৈ যাত্ৰা কৰাটো সম্ভৱ কৰি তুলিব সেই বিষয়ে আলোকপাত কৰি শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

অংশগ্ৰহণ কৰি ‘ডিজিটেল লোকপিয়ল ২০২৭’ সফল কৰি তুলিবলৈ দেশবাসীৰ প্ৰতি ‘মন কী বাত’ত আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে

April 26th, 11:30 am

‘মন কী বাত’ৰ চলিত মাহৰ খণ্ডটোত প্ৰধানমন্ত্ৰী মোদীয়ে পাৰমাণৱিক আৰু বায়ু শক্তিখণ্ডত ভাৰতৰ অগ্ৰগতিৰ প্ৰসংগত আলোকপাত কৰে। ভগৱান বুদ্ধৰ শিক্ষা, ‘বীটিং ৰিট্ৰীট’ অনুষ্ঠান, প্ৰকৃতি সংৰক্ষণ, বাঁহ উদ্যোগখণ্ড, প্ৰাচীন গ্ৰন্থ আৰু ‘গাণিতিক অলিম্পিয়াড’ কাৰ্যসূচীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ো তেওঁ স্পৰ্শ কৰে। চলি থকা ‘ডিজিটেল লোকপিয়ল অভিযান’ সন্দৰ্ভতো মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

২৬ ছেপ্টেম্বৰত বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 25th, 06:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা মুকলি কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ সমগ্ৰ বিহাৰৰ ৭৫ লাখ মহিলাৰ বেংক একাউণ্টত ১০,০০০ টকাকৈ মুঠ ৭৫০০ কোটি টকা হস্তান্তৰ কৰিব ।

প্ৰধানমন্ত্ৰীয়ে অহা ২৮ ফেব্ৰুৱাৰীত নতুন দিল্লীত জাহান-ই-খুছৰৌ ২০২৫ত অংশগ্ৰহণ কৰিব

February 27th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ ফেব্ৰুৱাৰীত সন্ধিয়া প্ৰায় ৭:৩০ বজাত নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত অনুষ্ঠিত হ’বলগীয়া বৃহৎ চুফী সংগীত উৎসৱ জাহান-ই-খুছৰাউ ২০২৫ত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দেশৰ বৈচিত্ৰময় কলা-সংস্কৃতিক প্ৰচাৰৰ প্ৰবল সমৰ্থক হিচাপে কাম কৰি আহিছে। ইয়াৰ লগত সংগতি ৰাখি তেওঁ জাহান-ই-খুছৰাউত অংশগ্ৰহণ কৰিব যিটো চুফী সংগীত, কবিতা, আৰু নৃত্যৰ প্ৰতি উৎসৰ্গিত এক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ। ই বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলক একত্ৰিত কৰি আমিৰ খুছৰাউৰ উত্তৰাধিকাৰ উদযাপন কৰিব। ৰুমী ফাউণ্ডেচনৰ উদ্যোগত ২০০১ চনত প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা শিল্পী মুজাফ্ফৰ আলীয়ে আৰম্ভ কৰা এই মহোৎসৱ চলিত বৰ্ষত ২৫ বছৰীয়া জয়ন্তী উদযাপন কৰিব আৰু ২৮ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ অনুষ্ঠিত হ’ব। এই মহোৎসৱৰ সময়ত প্ৰধানমন্ত্ৰীয়ে টি ই এইচ বজাৰ (টি ই এইচ- দ্য এক্সপ্ল’ৰেশ্যন অৱ দ্য হেণ্ডমেড)ও পৰিদৰ্শন কৰিব য’ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৱান ডিষ্ট্ৰিক্ট-ৱান প্ৰডাক্টৰ শিল্পকৰ্ম আৰু অন্যান্য বিভিন্ন সুন্দৰ শিল্পকৰ্ম, হস্তশিল্প আৰু হাতৰ তাঁতশালৰ ওপৰত চুটি ছবি আদিৰ লগতে আন বহুতো সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব।