ভগৱান স্বামীনাৰায়ণৰ শিক্ষাপত্ৰীৰ দ্বিশতবাৰ্ষিকী উদযাপন মহোৎসৱত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

January 23rd, 02:12 pm

আজি আমি সকলোৱে এটা বিশেষ অনুষ্ঠানৰ সাক্ষী হোৱাৰ সৌভাগ্য লভিছো। আমাৰ সকলোৰে বাবে এক সৌভাগ্যৰ বিষয় যে ভগৱান স্বামীনাৰায়ণৰ ২০০ বছৰীয়া শিক্ষাপত্রীৰ দ্বিশতবাৰ্ষিকী উদযাপনৰ এই পবিত্ৰ উৎসৱত আমি সকলোৱে অংশগ্ৰহণকাৰী হৈ পৰিছো। এই পুণ্যকালত সকলো সাধুকে প্ৰণাম জনাইছো। ভগৱান স্বামীনাৰায়ণৰ কোটি কোটি অনুগামীক দ্বিশতবাৰ্ষিকী উৎসৱত অভিনন্দন জনাইছো।

শিক্ষাপত্রী দ্বিশতাব্দী মহোৎসৱত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

January 23rd, 02:00 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষাপত্রী দ্বিশতাব্দী মহোৎসৱত ভিডিঅ’ বাৰ্তাৰ যোগেদি ভাষণ প্ৰদান কৰে। এই উপলক্ষ্যে ভাষণ আগবঢ়াই শ্ৰী মোদীয়ে কয় যে আজি সকলোৱে ভগৱান স্বামীনাৰায়ণৰ শিক্ষাপত্ৰীৰ ২০০ বছৰ পূৰ্ণ হোৱা উপলক্ষ্যে আজিৰ এই বিশেষ অনুষ্ঠানৰ সাক্ষী হৈছে। তেওঁ দৃঢ়তাৰে কয় যে দ্বিশতিবাৰ্ষিকী উদযাপনৰ এই পবিত্ৰ অনুষ্ঠানৰ অংশ হ’বলৈ পোৱাটো সকলোৰে বাবে এক সৌভাগ্যৰ মুহূৰ্ত। এই পূণ্য মুহূৰ্তত সকলো সাধুক প্ৰণাম জনাই শ্ৰী মোদীয়ে ভগৱান স্বামীনাৰায়ণৰ কোটি কোটি অনুগামীক দ্বিশতবাৰ্ষিকী উৎসৱত শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে

October 31st, 06:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰোহিনীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে শ্ৰী মোদীয়ে কয় যে ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। তেওঁ কয় যে যেতিয়াই তেওঁ এনে সমাৱেশৰ মাজলৈ আহে, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰে। এই অনুভূতিৰ কাৰণ তেওঁ স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ বুলি কয়। প্ৰধানমন্ত্ৰীয়ে স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। উপস্থিত সকলো চিন্তকৰ সৈতে তেওঁৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোনৰ কথা উল্লেখেৰে কয় যে তেওঁলোকে তেওঁক বাৰে-বাৰে তেওঁলোকৰ মাজত থকাৰ সুযোগ দিছে। তেওঁ উল্লেখ কৰে যে যেতিয়াই তেওঁলোকক লগ পায় আৰু তেওঁলোকৰ সৈতে যোগাযোগ কৰে, তেতিয়াই তেওঁৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।

নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

September 12th, 04:54 pm

বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। মই মাত্ৰ কেইদিনমান পূৰ্বে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিলোঁ আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয়। বৰঞ্চ জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। আমাৰ হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ, ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্য, ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজি - জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে মই সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে

September 12th, 04:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। তেখেতে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে তেখেতে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিল আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰী মোদীয়ে অৱগত কৰে যে আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। তেখেতে হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰে। ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্যত আলোকপাতেৰে তেখেতে ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজিৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে তেখেতে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।

১২ ছেপ্টেম্বৰত নতুন দিল্লীত জ্ঞান ভাৰতম সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 11th, 04:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ ছেপ্টেম্বৰ, ২০২৫ৰ বিয়লি প্ৰায় ৪:৩০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত জ্ঞান ভাৰতম সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ লগতে পাণ্ডুলিপিসমূহৰ ডিজিটেলাইজেচন, সংৰক্ষণ আৰু জনসাধাৰণে সহজে পাব পৰাকৈ এক নিৰ্দিষ্ট ডিজিটেল প্লেটফৰ্ম জ্ঞান ভাৰতম পৰ্টেল মুকলি কৰিব। এই উপলক্ষে সভাত ভাষণো আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে।