Assam will not only break voting records but also create new victory records: PM Modi
March 30th, 01:30 pm
PM Modi interacted with BJP booth karyakartas across Assam as a part of the ‘Mera Booth, Sabse Mazboot’ programme via NaMo App. He energised booth-level members and reaffirmed that every booth remains the foundation of the party’s strength and electoral success. He hailed the true spirit of Assam, calling it a powerful force driving BJP’s growth in the Northeast.PM Modi’s interaction with BJP booth Karyakartas from Assam ahead of Assembly Elections
March 30th, 01:00 pm
PM Modi interacted with BJP booth karyakartas across Assam as a part of the ‘Mera Booth, Sabse Mazboot’ programme via NaMo App. He energised booth-level members and reaffirmed that every booth remains the foundation of the party’s strength and electoral success. He hailed the true spirit of Assam, calling it a powerful force driving BJP’s growth in the Northeast.অসমৰ শিলচৰত বিভিন্ন উন্নয়নমূলক কাম উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
March 14th, 11:10 am
সংস্কৃতি, সাহস আৰু সজীৱতাৰে ভৰা ঠাই বৰাক উপত্যকাৰ পৰিয়ালৰ সদস্যসকল, আপোনালোক সকলোৰে মাজত থকাটো এক অতি বিশেষ অভিজ্ঞতা। শিলচৰক বৰাক উপত্যকাৰ প্ৰৱেশদ্বাৰ হিচাপে জনা যায়। এইখন এনে এখন ঠাই, য’ত ইতিহাস, ভাষা, সংস্কৃতি, উদ্যোগ একত্ৰিত হৈ এক অনন্য পৰিচয়ৰ সৃষ্টি হৈছে। ইয়াত বাংলা ভাষা কোৱা হয়, অসমীয়া প্ৰতিধ্বনি শুনা যায়, আন আন জনজাতীয় পৰম্পৰাও প্ৰস্ফুটিত হয়। এই বৈচিত্ৰ্যক আপোনালোকৰ শক্তি হিচাপে লৈ সকলোৱে এই সমগ্ৰ অঞ্চলটোক ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰে বিকশিত কৰিছে। এয়াই বৰাক উপত্যকাৰ অপৰিসীম শক্তি।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শিলচৰত ২৩,৫৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
March 14th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ শিলচৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সংস্কৃতি আৰু সজীৱতাৰ বাবে পৰিচিত বৰাক উপত্যকা ভ্ৰমণ কৰাটো তেওঁৰ বাবে সদায় এক অতি বিশেষ অভিজ্ঞতা হৈ আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে শিলচৰ হৈছে এই উপত্যকাৰ দুৱাৰমুখ, য’ত ইতিহাস আৰু ভাষা একত্ৰিত হৈ এক অনন্য আঞ্চলিক পৰিচয় সৃষ্টি কৰে। শ্ৰী মোদীয়ে কয় যে এই অঞ্চলৰ শক্তি নিহিত হৈ আছে ইয়াৰ বৈচিত্ৰ্যত, য’ত বাঙালী, অসমীয়া, জনজাতীয় পৰম্পৰা একেলগে সমন্বয়ৰ মাজেৰে বিকশিত হয়। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে, বৰাক উপত্যকাৰ বৈচিত্ৰ্যই ইয়াৰ সৰ্ববৃহৎ সম্পদ, ইয়েই ইয়াৰ নাগৰিকসকলৰ মাজত ভাতৃত্ববোধ গঢ়ি তুলিছে।গুৱাহাটী, অসমত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 13th, 05:30 pm
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল, উপস্থিত থকা ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, জনসাধাৰণৰ প্ৰতিনিধি, সমগ্ৰ দেশৰ পৰা প্ৰযুক্তিৰ জৰিয়তে এই কাৰ্যসূচীৰ সৈতে জড়িত আমাৰ সকলো কৃষক সঙ্গী, চাহ বাগিচাত কাম কৰা মোৰ ভাই-ভনীসকল, মই দেখিছোঁ যে আজি আমাৰ কেইবাজনো জ্যেষ্ঠ মুখ্যমন্ত্ৰীয়েও দেশৰ প্ৰতিটো কোণৰ পৰা এই কাৰ্যসূচীত আমাৰ সৈতে জড়িত হৈ আছে, সকলোকে মোৰ শুভেচ্ছা জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গুৱাহাটীত ১৯,৪৮০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে ; প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি মুকলি কৰি দেশৰ কোটি কোটি কৃষকক ১৮,০০০ কোটি টকাতকৈ অধিক ধন প্ৰেৰণ কৰিলে
March 13th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত প্ৰায় ১৯,৪৮০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত অনুষ্ঠিত এক সমাৱেশত ভাষণ দি মহানগৰবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যোগদান কৰা কৃষকসকলৰ লগতে চাহ বাগিচাত কৰ্মৰত ভাই-ভনীসকলকো তেওঁ সম্ভাষণ জনায়। নৱৰাত্ৰিৰ প্ৰাকক্ষণত মা কামাখ্যাৰ পবিত্ৰ ভূমিত উপস্থিত হোৱাৰ সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে নৱৰাত্ৰি আৰম্ভ হোৱাৰ ঠিক আগতেই মা কামাখ্যাৰ এই পৱিত্ৰ ভূমি দৰ্শন কৰিব পৰাটো সৌভাগ্যৰ কথা।ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অসমৰ কোকৰাঝাৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
March 13th, 03:00 pm
বেয়া বতৰৰ বাবে মই ব্যক্তিগতভাৱে কোকৰাঝাৰলৈ যাব পৰা নাই। আপোনালোক সকলোৰে ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছো। ঠিক ইয়াৰ পৰাই, গুৱাহাটীত আপোনালোকৰ লগত মত বিনিময় কৰাটো সম্ভৱ হৈ উঠিছে; আপোনালোকৰ ওচৰলৈ অহাৰ মানসেৰে দিল্লীৰ পৰা ৰাওনা হৈছিলোঁ যদিও গুৱাহাটীতে নামিব লগা হ’ল৷ এতিয়া গুৱাহাটীৰ পৰা আপোনালোক সকলোৰে খবৰ পোৱাৰ লগতে আপোনালোকৰ লগত কথা পাতিবলৈও সক্ষম হৈছো। এই কাৰ্যসূচীৰ সৈতে জড়িত অসমৰ মুখ্যমন্ত্ৰী , মোৰ ভাই হিমন্ত বিশ্ব শৰ্মাজী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী সৰ্বানন্দ সোণোৱাল জী; বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী জী; আমাৰ লগত উপস্থিত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য জী; অসম চৰকাৰৰ মন্ত্ৰীসকল; সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্য; বিটিচিৰ সকলো প্ৰতিনিধি; সমাজৰ সকলো বয়োজ্যেষ্ঠ আৰু বিশিষ্ট সদস্য; আৰু মোৰ মৰমৰ ভাই-ভনীসকল!অসমৰ কোকৰাঝাৰত ৪,৫৭০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 13th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সযোগে অসমৰ কোকৰাঝাৰত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিকূল বতৰৰ বাবে তেওঁ সো-শৰীৰে কোকৰাঝাৰ ভ্ৰমণ কৰিব নোৱাৰিলে, সেইবাবে তেওঁ সভাত সমবেত লোকসকলৰ ওচৰত ক্ষমা বিচাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ গুৱাহাটীৰ পৰা সভাত সমবেত লোকসকলৰ সৈতে সংযুক্ত হৈছে। শ্ৰী মোদীয়ে কয় যে তেওঁ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু ৰূপনাথ ব্ৰহ্মৰ দৰে দেশৰ মহান ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ তেওঁৰ বাবে এক ঋণস্বৰূপ, আৰু তেওঁ নিষ্ঠা আৰু আঞ্চলিক উন্নয়নৰ জৰিয়তে সেই ঋণ পৰিশোধ কৰিব বিচাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, সেৱা আৰু অঞ্চলটোৰ উন্নয়নৰ জৰিয়তে আপোনালোকৰ এই ঋণ পৰিশোধ কৰাৰ বাবে মই প্ৰয়াস কৰিছো।১৩-১৪ মাৰ্চত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
March 12th, 05:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-ৰ ১৩-১৪ মাৰ্চত অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰ, গুৱাহাটী আৰু শিলচৰত ৪৭,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন, ভূমি পূজন আৰু ফ্লেগ অফ কৰিব।অসমৰ গুৱাহাটীত কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন প্ৰধানমন্ত্ৰীৰ
February 14th, 07:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই দলংখন গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প। ইয়াৰ জৰিয়তে সংযোগ, আৰাম আৰু বাণিজ্য যথেষ্ট বৃদ্ধি পাব। ইয়াৰ দ্বাৰা ভক্তসকলে অতি সহজে কামাখ্যা মন্দিৰলৈ যাব পাৰিব, শ্ৰী মোদীয়ে লগতে কয়।Congress wants to push Assam back into instability and infiltration: PM Modi in Guwahati
February 14th, 03:00 pm
PM Modi addressed a massive public rally in Guwahati, where he said the recent Union Budget has further strengthened the vision of the BJP-NDA for the development of Assam and the North East. Calling the North East “Ashtalakshmi,” he said the region was ignored for decades by Congress but is now being served with dedication.PM Modi addresses a grand public rally in Guwahati, Assam
February 14th, 02:30 pm
PM Modi addressed a massive public rally in Guwahati, where he said the recent Union Budget has further strengthened the vision of the BJP-NDA for the development of Assam and the North East. Calling the North East “Ashtalakshmi,” he said the region was ignored for decades by Congress but is now being served with dedication.১৪ ফেব্ৰুৱাৰীত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 13th, 11:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ফেব্ৰুৱাৰী, ২০২৬ত অসম ভ্ৰমণ কৰিব।প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ মৰাণ বাইপাছৰ জৰুৰীকালীন অৱতৰণ সুবিধা (ই এল এফ)ত অৱতৰণ কৰিব, য’ত তেওঁ যুঁজাৰু বিমান, পৰিবহণ, হেলিকপ্টাৰ আদিৰ আকাশী প্ৰদৰ্শন প্ৰত্যক্ষ কৰিব। প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে কুমাৰ ভাস্কৰ বৰ্মা সেতু পৰিদৰ্শন কৰিব। ইয়াৰ পিছত প্ৰায় ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ লাচিত ঘাটত ৫,৪৫০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্প উদ্বোধন আৰু ফ্লেগ অফ কৰিব।“পৰীক্ষা পে চৰ্চা ২০২৬” অনুষ্ঠানৰ দ্বিতীয় খণ্ডত ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা পাৰস্পৰিক মত-বিনিময়ৰ অসমীয়া অনুবাদ
February 09th, 10:30 am
মোৰ মৰমৰ বন্ধুসকল, পৰীক্ষ পে চৰ্চাৰ এই গুৰুত্বপূৰ্ণ সংস্কৰণলৈ স্বাগতম জনাইছো। এইবাৰ অলপ বেলেগ, অলপ বিশেষ। বহু ছাত্ৰ-ছাত্ৰীয়ে পৰামৰ্শ দিছিল যে দেশৰ বিভিন্ন প্ৰান্ততো পৰীক্ষা পে চৰ্চা অনুষ্ঠিত কৰিব লাগে। গতিকে এইবাৰ সমগ্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বহি এই আলোচনা কৰিবলৈ লৈছো। এই বিশেষ খণ্ডটোত তোমালোকে ঠিক সেয়াই দেখিবা।আৰম্ভ কৰোঁ তামিলনাডুৰ কইম্বাটুৰৰ পৰা।তামিলনাডুৰ ছাত্ৰ-ছাত্ৰীসকলৰ শক্তি আৰু কৌতূহলে মোক বহুত আপ্লুত কৰিলে। এবাৰ চাওঁ আহা৷পৰীক্ষা পে চৰ্চা ২০২৬ৰ দ্বিতীয় খণ্ডত কোইম্বাট’ৰ, ৰায়পুৰ, দেৱমোগ্ৰা আৰু গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 09th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা (পি পি চি) ২০২৬ৰ নৱম সংস্কৰণৰ অংশ হিচাপে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে পি পি চি ২০২৬ৰ দ্বিতীয় খণ্ডত কোইম্বাট’ৰ, ৰায়পুৰ, দেৱমোগ্ৰা আৰু গুৱাহাটীৰ পৰীক্ষা যোদ্ধাসকলৰ সৈতে এক অনানুষ্ঠানিক মত বিনিময় কৰিছিল। ‘পৰীক্ষা পে চৰ্চা’ৰ বিশেষ সংস্কৰণলৈ শিক্ষাৰ্থীসকলক আদৰণি জনাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে এইবাৰ কাৰ্যসূচীটো দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল। কোইম্বাট’ৰৰ সংস্কৰণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে তামিলনাডুৰ শিক্ষাৰ্থীসকলৰ শক্তি আৰু কৌতূহলে তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছে। তেওঁলোকক ‘ৱনক্কম’ বুলি অভিবাদন জনাই তেওঁ সাধাৰণ বাৰ্তালাপত মিলিত হৈছিল। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ উত্তেজনা প্ৰকাশ কৰি কয় যে তেওঁক দেখা পোৱাৰ লগে লগে তেওঁলোকে নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিল। এক নাটকীয় প্ৰৱেশৰ আশা কৰিছিল কিন্তু তেওঁক সৰল, নম্র আৰু মাটিৰ ওপৰত থকা যেন অনুভৱ কৰিছিল। এজন শিক্ষাৰ্থীয়ে মনৰ ভাব প্ৰকাশ কৰি কয় যে তেওঁৰ আগমনত গাৰ নোম শিয়ৰি উঠিছিল।দেৱমোগ্ৰা, কইম্বাট’ৰ, ৰায়পুৰ, গুৱাহাটী আৰু দিল্লীৰ ৭, এলকেএমত পৰীক্ষা যোদ্ধাসকলৰ সৈতে বিশেষ পৰীক্ষা পে’ চৰ্চা খণ্ডটো সকলোকে চাবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
February 03rd, 04:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগৰিকসকলক ২০২৬চনৰ ৬ফেব্ৰুৱাৰীত পৰীক্ষা পে’ চৰ্চাৰ বিশেষ খণ্ড চাবলৈ আমন্ত্ৰণ জনায়, যাতে এই আকৰ্ষণীয় কথোপকথন আৰু ভাৰতৰ তৰুণসকলৰ সামূহিক মনোভাৱৰ সাক্ষী হ'ব পাৰে।গুৱাহাটীত পৰম্পৰাগত বড়ো সাংস্কৃতিক কাৰ্যসূচী 'বাগুৰুম্বা দহৌ'ৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 17th, 06:30 pm
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য জী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, পবিত্ৰ মাৰ্ঘেৰিটা জী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী জী, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীবৰ্গ, সন্মানীয় নাগৰিক আৰু অসমৰ মোৰ ভাই-ভনীসকল।অসমৰ গুৱাহাটীত বাগুৰুম্বা দহৌ কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 17th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়ো সম্প্ৰদায়ৰ ঐতিহ্যমণ্ডিত ঐতিহাসিক সাংস্কৃতিক অনুষ্ঠান 'বাগুৰুম্বা দহৌ ২০২৬' অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে অসমৰ সংস্কৃতিৰ সাক্ষী হোৱা আৰু বড়ো জনগোষ্ঠীৰ পৰম্পৰা নিবিড়ভাৱে অনুসৰণ কৰাটো তেওঁৰ বাবে এক সৌভাগ্যৰ বিষয়। কোনো প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দৰে সঘনাই অসম ভ্ৰমণ কৰা নাই বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে অসমৰ কলা-সংস্কৃতিয়ে যাতে বৃহত্তৰ মঞ্চ লাভ কৰে আৰু দেশ তথা বিশ্বজুৰি ব্যাপক উদযাপনৰ জৰিয়তে স্বীকৃতি লাভ কৰে, তাৰ বাবে তেওঁ সদায় কামনা কৰে বুলি কয়। বৃহৎ পৰিসৰত বিহু উদযাপন, ঝুমুইৰ বিনন্দিনী অনুষ্ঠান, নতুন দিল্লীত ডেৰ বছৰৰ পূৰ্বে অনুষ্ঠিত ভব্য বড়ো মহোৎসৱ আৰু অন্যান্য সাংস্কৃতিক কাৰ্যসূচীৰ কথা উল্লেখ কৰি তেওঁ এই দিশত ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত আছে বুলি কয়। অসমৰ কলা-সংস্কৃতিৰ অনন্য আনন্দ উপভোগ কৰাৰ সুযোগ তেওঁ কেতিয়াও এৰি নিদিয়ে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বড়োসকলৰ পৰিচয়ৰ এক উজ্জ্বল উদযাপন আৰু অসমৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে বাগুৰুম্বা উৎসৱৰ আয়োজন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে অনুষ্ঠানৰ সৈতে জড়িত সকলোকে, বিশেষকৈ শিল্পীসকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।১৭-১৮ জানুৱাৰীত পশ্চিমবংগ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
January 16th, 01:55 pm
১৭ জানুৱাৰীত প্ৰায় ১২.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে মালদা ভ্ৰমণ কৰি মালদা টাউন ৰে’লৱে ষ্টেচনত হাওৰা আৰু গুৱাহাটী (কামাখ্যা)ৰ মাজত ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনৰ শুভাৰম্ভ কৰিব। তাৰ পাছত বিয়লি প্ৰায় ১.৪৫ বজাত, প্ৰধানমন্ত্ৰীয়ে মালদাত এক ৰাজহুৱা অনুষ্ঠানত ৩,২৫০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ একাধিক ৰে’ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব আৰু কিছুসংখ্যক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।অসমৰ নামৰূপত ইউৰিয়া প্ৰকল্পৰ ভূমি পূজনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
December 21st, 04:25 pm
অসমৰ ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহকৰ্মী আৰু ইয়াত আপোনালোকৰ প্ৰতিনিধি, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী, সংসদৰ সদস্য, বিধানসভাৰ সদস্য, অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু আমাক আশীৰ্বাদ দিবলৈ ইমান বৃহৎ সংখ্যাত অহা মোৰ সকলো ভাই-ভনীসকল, ভিতৰৰ তুলনাত পেণ্ডেলৰ বাহিৰত আৰু বেছি মানুহ দেখা পাইছো।