২০২৫ চনৰ নৰ'ৱে দবা প্ৰতিযোগিতাত মেগনাছ কাৰ্লছেনৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে জয়লাভ কৰা গুকেশক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে

June 02nd, 08:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৰ'ৱে দবা প্ৰতিযোগিতা২০২৫ৰ ষষ্ঠ ৰাউণ্ডত মেগনাছ কাৰ্লছেনৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে জয়ী হোৱাৰ বাবে গুকেশক অভিনন্দন জনাইছে।প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় , বিশ্বৰ ১ নং দবা খেলুৱৈৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে তেওঁক অভিনন্দন।

দবা চেম্পিয়ন গুকেশ ডিয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

December 28th, 06:34 pm

দবা চেম্পিয়ন গুকেশ ডিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে তেওঁৰ দৃঢ়তা আৰু নিষ্ঠাৰ প্ৰশংসা কৰে আৰু কয় যে তেওঁৰ আত্মবিশ্বাস সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। তেওঁ মন্তব্য কৰি কয় যে তেওঁলোকৰ কথোপকথন আজি যোগ আৰু ধ্যানৰ ৰূপান্তৰণশীল সম্ভাৱনাক লৈ চলিছিল।

বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হিচাপে পৰিগণিত হোৱাৰ বাবে গুকেশ ডিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

December 12th, 07:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হিচাপে পৰিগণিত হোৱাৰ বাবে গুকেশ ডিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ তেওঁৰ এই কৃতিত্বক ঐতিহাসিক আৰু আদৰ্শমূলক বুলি প্ৰশংসা কৰে।