বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 12th, 06:45 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ সকল, সকলো সাংসদ, বিকশিত ভাৰত ইয়ং লীডাৰ্ছ চেলেঞ্জৰ বিজয়ী সকল, আন আন গণ্যমান্য ব্যক্তি আৰু বহিঃৰাষ্ট্ৰৰ পৰা অহা সকলকে প্ৰমুখ্য কৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল। তোমালোকে নিশ্চয় ইয়াত এক নতুন অভিজ্ঞতা লাভ কৰিছা। তোমালোকৰ ভাগৰ লাগিছে নেকি? তোমালোকৰ সমাৱেশৰ আজি দুদিন হ’ল, গতিকে আকৌ এবাৰ শুনিবলৈ ভাগৰ লগা নাই নে? যি নহওক, পিছৰ আসনৰ পৰাই মই ইতিমধ্যে ক’বলগীয়াখিনি কৈছো। মই প্ৰথম যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়া তোমালোকৰ বহুতৰে জন্মই হোৱা নাছিল বুলি মোৰ অনুমান হৈছে। আৰু ২০১৪ ত যেতিয়া মই প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়াও তোমালোকৰ বহুতেই শিশু আছিলা। কিন্তু মুখ্যমন্ত্ৰী হিচাপেই হওক বা এতিয়া প্ৰধানমন্ত্ৰী হিচাপেই হওক, নৱ প্ৰজন্মৰ প্ৰতি মোৰ সদায় অসীম বিশ্বাস আছে। মই সদায় তোমালোকৰ সামৰ্থ্য আৰু তোমালোকৰ প্ৰতিভাৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি মই দেখিছো যে তোমালোকে এখনি উন্নত ভাৰত গঢ়াৰ অভিযানৰ বাঘজৰী ধাৰণ কৰিছা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬ সম্বোধন কৰে
January 12th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশন সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোতে আজিৰ একাধিক যুৱ নাগৰিকৰ জন্মই হোৱা নাছিল আৰু ২০১৪-ত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁলোকৰ অধিকাংশই শিশু আছিল। তথাপিও তেওঁ কয় যে নৱ-প্ৰজন্মৰ প্ৰতি তেওঁৰ আস্থা নিৰন্তৰ আৰু অদম্য হৈয়েই আছে। তোমালোকৰ সামৰ্থ্য, তোমালোকৰ প্ৰতিভা অনন্য আৰু মই সদায় তোমালোকৰ সামৰ্থ্যৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি চোৱাচোন, তোমালোক সকলোৱে এখনি উন্নত ভাৰতৰ লক্ষ্যৰ বাঘজৰী ধাৰণ কৰিছা, শ্ৰী মোদীয়ে কয়।কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদ
January 11th, 02:45 pm
গুজৰাটৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, উপ-মুখ্যমন্ত্ৰী হৰ্ষ সাংভী, গুজৰাট চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক, উদ্যোগসমূহৰ প্ৰতিনিধি, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰলোকসকল।ৰাজকোটত কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 11th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ২০২৬ চনৰ আৰম্ভণিৰ পিছত এয়া তেওঁৰ প্ৰথম গুজৰাট ভ্ৰমণ। তেওঁ আলোকপাত কৰে যে ইয়াৰ পূৰ্বে পুৱা তেওঁৰ ভগৱান সোমনাথৰ ঐশ্বৰিক দৰ্শন হৈছিল আৰু এতিয়া ৰাজকোটত অনুষ্ঠিত হোৱা বৃহত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে “বিকাশ ভি, বিৰাসত ভি” মন্ত্ৰ সকলোতে প্ৰতিধ্বনিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো অংশগ্ৰহণকাৰীক আদৰণি আৰু শুভেচ্ছা জ্ঞাপন কৰে।হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 06th, 08:14 pm
হিন্দুস্তান টাইমছ সন্মিলনত ভাৰত আৰু বিদেশৰ ভালে কেইগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিছে। মই আয়োজকবৃন্দ আৰু মতামত আগবঢ়োৱা সকলো সতীৰ্থকে অভিনন্দন জনাইছো। শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, এয়া মই শুনিলো। প্ৰথমে তেওঁ কৈছে যে যোৱাবাৰ মোদী জীয়ে ভ্ৰমণ কৰোতে তেওঁ এই পৰামৰ্শ প্ৰদান কৰিছিল। এই দেশৰ কোনেও মিডিয়া হাউচক নিজৰ কাম কৰিবলৈ ক’বলৈ সাহস নকৰে। কিন্তু মই কৈছিলো আৰু মই সুখী যে শোভানা জী আৰু তেওঁৰ টীমটোৱে এই কামটো অতিশয় উৎসাহেৰে কৰিলে। আৰু মই ক্ষন্তেক পূৰ্বে প্ৰদৰ্শনীখন চালো, সেয়ে মই সকলোকে প্ৰদৰ্শনীখন চাবলৈ আহ্বান জনাইছো। এই ফটোগ্ৰাফাৰ বন্ধুসকলে এই মুহূৰ্তটোক এনেদৰে বন্দী কৰিছে যে মুহূৰ্ততো স্মৰণীয় হৈ উঠিছে। দ্বিতীয়তে তেওঁ কৈছিল আৰু মই মাত্ৰ কথাটো বুজিবলৈ চেষ্টা কৰিছো, তেওঁ ক'ব পাৰিলেহেঁতেন, আপুনি দেশৰ সেৱা কৰি যাওক। কিন্তু ইয়াৰ পৰিৱৰ্তে হিন্দুস্তান টাইমছে কৈছিল, আপুনি দেশৰ সেৱা কৰি যাওক। ইয়াৰ বাবেও মই মোৰ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে
December 06th, 08:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে। ইয়াত ভাষণ প্ৰদানেৰে তেওঁ এই সন্মিলনত ভাৰত আৰু বিদেশৰ ভালেসংখ্য বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে আয়োজক আৰু চিন্তাধাৰা ব্যক্ত কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, যি কথা তেওঁ মনোযোগেৰে শুনিছে। প্ৰথমটো আছিল তেওঁৰ পূৰ্বৰ ভ্ৰমণ সম্পৰ্কীয়। তেওঁ এটা পৰামৰ্শ প্ৰদান কৰিছিল। মিডিয়া হাউছৰ ক্ষেত্ৰত এয়া বিৰল যদিও তেওঁ পৰামৰ্শ দিছিল। শোভানা জী আৰু টীমটোৱে উৎসাহেৰে সম্পন্ন কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰদৰ্শনীখন দৰ্শনৰ সময়ত তেওঁ প্ৰত্য়ক্ষ কৰিছিল যে ফটোগ্ৰাফাৰসকলে এনেদৰে মুহূৰ্তসমূহ বন্দী কৰিছিল যে সেই মুহূৰ্তসমূহ স্মৰণীয় হৈ পৰিছিল আৰু তেওঁ সকলোকে এয়া চাবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে শোভানা জীৰ দ্বিতীয়টো কথা সন্দৰ্ভত মন্তব্য প্ৰদানেৰে কেৱল তেৱেঁই নহয়, বৰঞ্চ হিন্দুস্তান টাইমছেও একেদৰেই ৰাষ্ট্ৰক সেৱা কৰি যাব লাগে বুলি কোৱা বুলি ব্যাখ্যা কৰে, ইয়াৰ বাবে তেওঁ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 05th, 03:45 pm
মই বিশ্বাস কৰোঁ যে আজি ইমান বৃহৎ প্ৰতিনিধি দলৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাটো ৰাষ্ট্ৰপতি পুটিনৰ এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল। আৰু মই আপোনালোক সকলোকে অন্তৰৰ পৰা আদৰণি জনাইছো আৰু আপোনালোক সকলোৰে মাজত উপস্থিত থকাটো মোৰ বাবে অতি আনন্দৰ কথা। এই মঞ্চত যোগদান কৰি তেওঁৰ বহুমূলীয়া অন্তৰ্দৃষ্টি শ্বেয়াৰ কৰাৰ বাবে মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ব্যৱসায়ৰ বাবে সৰলীকৃত ভৱিষ্যদ্বাণীযোগ্য প্ৰক্ৰিয়া সৃষ্টি কৰা হৈছে। ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ হৈছে।ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সৈতে ভাৰত – ৰাছিয়া ব্যৱসায়িক মঞ্চত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 05th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত ভাষণ আগবঢ়ায়। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিন, ভাৰত আৰু বিদেশৰ নেতা আৰু সকলো বিশিষ্ট অতিথিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চ ৰাষ্ট্ৰপতি পুটিনৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ প্ৰতিফলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে লৈ আহিছে বৃহৎ প্ৰতিনিধি দল। তেওঁ সকলো অংশগ্ৰহণকাৰীক উষ্ম আদৰণি জনাই তেওঁলোকৰ মাজত থাকিবলৈ পাই তেওঁ সুখী বুলি কয়। শ্ৰী মোদীয়ে তেওঁৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক মঞ্চত যোগদান কৰি তেওঁৰ বহুমূলীয়া চিন্তাধাৰা শ্বেয়াৰ কৰাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ দৃঢ়তাৰে কয় যে ব্যৱসায় কৰাৰ বাবে সৰলীকৃত আৰু পূৰ্বানুমানযোগ্য প্ৰক্ৰিয়া সৃষ্টি কৰা হৈছে আৰু ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ হৈছে।সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰাকক্ষণত সংবাদ মাধ্যমত প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ পূৰ্ণপাঠ
December 01st, 10:15 am
এই শীতকালীন অধিৱেশন কেৱল এক অনুষ্ঠান নহয়। বৰঞ্চ ই ৰাষ্ট্ৰৰ প্ৰগতিক ত্বৰান্বিতকৰণৰ বাবে অব্যাহত প্ৰচেষ্টাৰাজিক শক্তিশালী কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ভাৰতে গণতন্ত্ৰৰ জীৱন-যাপন কৰি আহিছে আৰু গণতন্ত্ৰৰ প্ৰতি বিশ্বাস দৃঢ় কৰি তোলা ধৰণেৰে নিজৰ উদ্যম আৰু উৎসাহ বাৰে-বাৰে প্ৰদৰ্শন কৰি আহিছে। শেহতীয়া বিহাৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটাৰৰ ভোটদান কাৰ্য্যই গণতন্ত্ৰৰ সৰ্বাধিক শক্তিকে প্ৰতিফলিত কৰিছে। ইয়াত মাতৃ-ভগ্নীসকলৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণে নতুন আশা আৰু আত্মবিশ্বাসৰ সৃষ্টি কৰে। এই গণতান্ত্ৰিক ব্যৱস্থাৰ ভিতৰত গণতন্ত্ৰৰ শক্তি আৰু শক্তিশালী অৰ্থনীতিক বিশ্বই গভীৰভাৱে নিৰীক্ষণ কৰি আছে। গণতন্ত্ৰই যে প্ৰদান কৰিব (Deliver) পাৰে, সেই কথা ভাৰতে প্ৰমাণ কৰিছে। এখনি উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত ভাৰতৰ অৰ্থনীতিয়ে যি গতিৰে নতুন শিখৰত আৰোহণ কৰিছে, যি দৰে আমাৰ মাজত নতুন আত্মবিশ্বাস আৰু সামৰ্থ্যৰ বীজ সিঁচিছে, এয়াই কেৱল নতুন আত্মবিশ্বাসৰ প্ৰেৰণা যোগোৱাই নহয়, বৰঞ্চ নতুন শক্তিও প্ৰদান কৰিছে।২০২৫-ৰ শীতকালীন অধিৱেশনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য
December 01st, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনৰ চৌহদত ২০২৫-ৰ শীতকালীন অধিৱেশনৰ প্ৰাকক্ষণত সংবাদ মাধ্যমক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অধিৱেশন কেৱল এক অনুষ্ঠান নহয়, বৰঞ্চ ৰাষ্ট্ৰখনৰ দ্ৰুত অগ্ৰগতিৰ দিশত অব্যাহত থকা যাত্ৰাৰ বাবে নৱীকৃত শক্তিৰ এক গুৰুত্বপূৰ্ণ উৎস। শ্ৰী মোদীয়ে লগতে কয়, “এই শীতকালীন অধিৱেশনে ৰাষ্ট্ৰখনক অধিক দ্ৰুতগতিত আগুৱাই নিবলৈ আমাৰ প্ৰচেষ্টাত নতুন শক্তিৰ সঞ্চাৰ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস।“প্ৰধানমন্ত্ৰীয়ে এম এছ এম ই খণ্ডৰ বৃদ্ধি আৰু উৎপাদন সম্প্ৰসাৰণৰ অনুঘটক হিচাপে জি এছ টি সংস্কাৰৰ বিষয়টো সন্দৰ্ভত আলোকপাত কৰে
September 04th, 08:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ সবলীকৰণৰ বাবে চৰকাৰৰ অটল প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে, যিয়ে চাকৰি সৃষ্টি, উদ্ভাৱন, আৰু অৰ্থনৈতিক সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে বছৰ বছৰ ধৰি চৰকাৰে ঋণৰ সুবিধা সহজ কৰি তুলিবলৈ, বজাৰৰ সংযোগ সম্প্ৰসাৰণ কৰিবলৈ, আৰু এম এছ এম ইসমূহৰ বাবে কাৰ্য্যকৰী বোজা হ্ৰাস কৰিবলৈ ধাৰাবাহিক সংস্কাৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। #নেক্সটজেন জিএছটি পদক্ষেপৰ অধীনত শেহতীয়া জি এছ টিৰ সংস্কাৰসমূহে এই যাত্ৰাক এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে।The dreams of crores of women, poor and youth are Modi's resolve: PM Modi
February 18th, 01:00 pm
Addressing the BJP National Convention 2024 at Bharat Mandapam, Prime Minister Narendra Modi said, “Today is February 18th, and the youth who have reached the age of 18 in this era will vote in the country's 18th Lok Sabha election. In the next 100 days, you need to connect with every new voter, reach every beneficiary, every section, every community, and every person who believes in every religion. We need to gain the trust of everyone.PM Modi addresses BJP Karyakartas during BJP National Convention 2024
February 18th, 12:30 pm
Addressing the BJP National Convention 2024 at Bharat Mandapam, Prime Minister Narendra Modi said, “Today is February 18th, and the youth who have reached the age of 18 in this era will vote in the country's 18th Lok Sabha election. In the next 100 days, you need to connect with every new voter, reach every beneficiary, every section, every community, and every person who believes in every religion. We need to gain the trust of everyone.Last 10 years will be known for the historic decisions of the government: PM Modi
February 07th, 02:01 pm
Prime Minister Narendra Modi replied to the Motion of Thanks on the President's address to Parliament in Rajya Sabha. Addressing the House, PM Modi said that the 75th Republic Day is a significant milestone in the nation’s journey and the President during her address spoke about India’s self-confidence. PM Modi underlined that in her address, the President expressed confidence about India’s bright future and acknowledged the capability of the citizens of India.ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদসূচক প্ৰস্তাৱৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ
February 07th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱত প্ৰধানমন্ত্ৰীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ
February 05th, 05:44 pm
মই ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱ জনাবলৈ থিয় হৈছো৷ যেতিয়া সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীয়ে সংসদৰ এই নতুন ভৱনত আমাক সকলোকে সম্বোধন কৰিবলৈ আহিছিল আৰু যি গৌৰৱ আৰু সন্মানেৰে ছেংগোলে সমগ্ৰ যাত্ৰাটোক নেতৃত্ব দিছিল আৰু আমি সকলোৱে ইয়াক অনুসৰণ কৰিছিলোঁ৷ নতুন সদনত এই নতুন পৰম্পৰা যেতিয়া ভাৰতৰ স্বাধীনতাৰ সেই পবিত্ৰ মুহূৰ্তৰ প্ৰতিফলন হৈ পৰে, তেতিয়া গণতন্ত্ৰৰ মৰ্যাদা বহুগুণে বৃদ্ধি পায়। ৭৫সংখ্যক গণৰাজ্য দিৱস, নতুন সংসদ ভৱন, ছেংগোলৰ নেতৃত্ব, এই গোটেই দৃশ্যটো সঁচাকৈয়ে অতি আকৰ্ষণীয় আছিল। যেতিয়া মই তাৰ পৰাই সমগ্ৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিলো। ইয়াৰ পৰা আমি ইমান ভব্যতা দেখা নাপাওঁ। কিন্তু তাৰ পৰাই যেতিয়া দেখিলোঁ যে নতুন সদনত ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি মৰ্যাদা সহকাৰে উপস্থিতি আছিল, সেই দৃশ্যই আমাৰ সকলোকে আপ্লুত কৰিছিল, যিটো আমি সদায় মনত ৰাখিম। ৬০জনতকৈ অধিক সন্মানীয় সদস্যই ৰাষ্ট্ৰপতিলৈ ধন্যবাদৰ প্ৰস্তাৱ সন্দৰ্ভত নিজৰ মতামত আগবঢ়াইছে। মতামত আগবঢ়োৱা আমাৰ সকলো সন্মানীয় সাংসদলৈ বিনম্ৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বিৰোধীয়ে যি সংকল্প লৈছে তাৰ মই বিশেষ শলাগ লৈছো। তেওঁৰ ভাষণৰ প্ৰতিটো শব্দই মোৰ আৰু দেশৰ আস্থাক নিশ্চিত কৰিছে যে তেওঁ বহুদিন তাত থাকিবলৈ সংকল্প লৈছে। আপোনালোকে যেনেকৈ বহু দশক ইয়াত বহি আছিল, বহু দশক ধৰি বহি থকাৰ সংকল্প আৰু জনসাধাৰণৰ সমৰ্থন ঈশ্বৰৰ ৰূপ। আৰু আজিকালি আপোনালোকে যিদৰে কঠোৰ পৰিশ্ৰম কৰিছে। মোৰ দৃঢ় বিশ্বাস যে ঈশ্বৰসদৃশ জনতা জনাৰ্দনে আপোনালোকক নিশ্চয় আশীৰ্বাদ দিব। আৰু আপানালোকে যিটো স্থানত আছে তাতকৈ উচ্চ উচ্চতাত নিশ্চয়কৈ উপনীত হ’ব আৰু পৰৱৰ্তী নিৰ্বাচনত দৰ্শকৰ শাৰীত প্ৰত্যক্ষ কৰিব৷ অধিৰ ৰঞ্জন জী এইবাৰ আপোনাৰ কন্ট্ৰেক্ট দিছে তেওঁক দিছে নেকি? আপুনি এইবোৰ সামগ্ৰীকে যোগান ধৰিছে।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ
February 05th, 05:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ প্ৰত্যুত্তৰ দিয়ে।The next 25 years are crucial to transform India into a 'Viksit Bharat': PM Modi
January 25th, 12:00 pm
PM Modi addressed the people of India at Nav Matdata Sammelan. He said, “The age between 18 to 25 shapes the life of a youth as they witness dynamic changes in their lives”. He added that along with these changes they also become a part of various responsibilities and during this Amrit Kaal, strengthening the democratic process of India is also the responsibility of India’s youth. He said, “The next 25 years are crucial for both India and its youth. It is the responsibility of the youth to transform India into a Viksit Bharat by 2047.”PM Modi’s address at the Nav Matdata Sammelan
January 25th, 11:23 am
PM Modi addressed the people of India at Nav Matdata Sammelan. He said, “The age between 18 to 25 shapes the life of a youth as they witness dynamic changes in their lives”. He added that along with these changes they also become a part of various responsibilities and during this Amrit Kaal, strengthening the democratic process of India is also the responsibility of India’s youth. He said, “The next 25 years are crucial for both India and its youth. It is the responsibility of the youth to transform India into a Viksit Bharat by 2047.”গুজৰাটৰ গান্ধীনগৰত ভাইব্ৰেণ্ট গুজৰাট সন্মিলন ২০২৪ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 10th, 10:30 am
আপোনালোক সকলোলৈ ২০২৪ চনৰ বহুত বহুত শুভেচ্ছা! শেহতীয়াকৈ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। আৰু এতিয়া ভাৰতে আগন্তুক ২৫ বছৰৰ লক্ষ্যত কাম কৰি আছে। যেতিয়া ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব, সেই সময়লৈকে আমি ভাৰতক বিকশিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। আৰু সেয়ে, এই ২৫ বছৰৰ কাৰ্যকাল ভাৰতৰ অমৃত কাল। এয়া নতুন সপোন, নতুন সংকল্প আৰু নিত্য নতুন সিদ্ধিৰ কাৰ্যকাল। এই অমৃতকালত এই প্ৰথম ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিট অনুষ্ঠিত হৈছে। আৰু সেয়েহে, ইয়াৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে। এই সন্মিলনলৈ অহা ১০০ৰো অধিক দেশৰ প্ৰতিনিধি ভাৰতৰ এই উন্নয়ন যাত্ৰাৰ গুৰুত্বপূৰ্ণ মিত্ৰ। মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ।