প্ৰবীণ অভিনেতা শ্ৰী গোৱৰ্ধন আছৰানীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
October 21st, 09:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ অভিনেতা শ্ৰী গোৱৰ্ধন আছৰানীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। আজি এটা শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় চলচ্চিত্ৰলৈ তেওঁৰ অপৰিসীম অৱদান আৰু কেইবাটাও প্ৰজন্মৰ দৰ্শকৰ বাবে বিনোদন কঢ়িয়াই অনাৰ সামৰ্থ্যৰ কথা স্মৰণ কৰি কিংবদন্তি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।