ছবিৰে চাওক প্ৰধানমন্ত্ৰী মোদীৰ মে' মাহটো
May 31st, 08:07 am
২০২৫ চনৰ মে’ মাহত অপাৰেচন সিন্দূৰৰ সফলতা আৰু আদমপুৰ বিমানঘাটি ভ্ৰমণৰ পৰা আৰম্ভ কৰি ২০২৫ চনৰ ৱেভছ সন্মিলন উদ্বোধনলৈকে প্ৰধানমন্ত্ৰী মোদীৰ গতিশীল নেতৃত্ব চিহ্নিত হৈছে। চিচিএছৰ দৰে উচ্চ পৰ্যায়ৰ সভা আৰু জনসাধাৰণৰ সৈতে মত বিনিময়ে এই মাহটোক ৰাষ্ট্ৰীয় গৌৰৱ আৰু উন্নয়নমূলক সংকল্পৰ মাহ হিচাপে সংজ্ঞায়িত কৰিছে।ছবিত চাওক প্ৰধানমন্ত্ৰী মোদীৰ মাৰ্চ মাহটো
March 31st, 08:00 am
প্ৰধানমন্ত্ৰী মোদীৰ বাবে মাৰ্চ মাহটো অতি ঘটনাবহুল আছিল, য’ত কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। মৰিচাছৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে তেওঁ মৰিচাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰে। গুজৰাটৰ নৱছাৰীত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে লাখপতি দিদীসকলক সাক্ষাৎ কৰি মত বিনিময় কৰে আৰু গিৰৰ জৈৱ বৈচিত্ৰ্য অন্বেষণ কৰাৰ লগতে বনতাৰাস্থিত বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনক আতিথ্য প্ৰদান কৰে, যাৰ সৈতে তেওঁ গুৰদ্বাৰা ৰাকব গঞ্জ চাহাব পৰিদৰ্শন কৰে।ছবিত চাওক প্ৰধানমন্ত্ৰী মোদীৰ ফেব্ৰুৱাৰী মাহ
February 28th, 04:00 pm
ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্স আৰু আমেৰিকা ভ্ৰমণ কৰি পেৰিছত ৰাষ্ট্ৰপতি মেক্ৰ’ক আৰু ৱাশ্বিংটনত ৰাষ্ট্ৰপতি ট্ৰাম্পক সাক্ষাৎ কৰে। পেৰিছত অনুষ্ঠিত এআই কাৰ্য সন্মিলনত তেওঁ ভাষণ আগবঢ়ায়। তেওঁ প্ৰয়াগৰাজত মহাকুম্ভত অংশ লৈ মধ্যপ্ৰদেশৰ বাগেশ্বৰ ধামত প্ৰাৰ্থনা কৰে। এনডিএৰ মুখ্যমন্ত্রীসকলক সাক্ষাৎ কৰি দলৰ দিল্লী নির্বাচনত জয়লাভ কৰাৰ পাছত বিজেপিৰ কার্যকৰ্তাসকলক সম্বোধন কৰে। ভূপালত অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী সন্মিলনত ভাষণ প্রদান কৰাৰ লগতে ঝুমইৰ বিনন্দিনী কার্যসূচীত অংশ লৈ অসমৰ চহকী সংস্কৃতিক উদযাপন কৰে৷ছবিত চাওক প্ৰধানমন্ত্ৰী মোদীৰ জানুৱাৰী মাহটো
January 30th, 02:44 pm
প্ৰধানমন্ত্ৰী মোদীৰ জানুৱাৰী মাহত নমো ভাৰত ৰে'লযোগে যাত্ৰাৰ পৰা আৰম্ভ কৰি বৰফেৰে আবৃত সোণামৰ্গ ভ্ৰমণ আৰু স্বাভিমান এপাৰ্টমেণ্টত গৃহ নিৰ্মাণৰ হিতাধিকাৰীক সাক্ষাৎ কৰালৈকে বহু গুৰুত্বপূৰ্ণ অনুষ্ঠানেৰে ভৰি পৰিছিল । তেওঁ গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ, নৌসেনাৰ জাহাজ শুভাৰম্ভ, যুৱ নেতাসকলৰ সৈতে মত বিনিময় আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব’ৱ ছুবিয়াণ্টোকো সাক্ষাৎ কৰিছিল।