৫১সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
May 27th, 10:01 pm
বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় ৩০ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে ৯খন ৰাজ্য সামৰি সমগ্ৰ ৰে’লৱে, শক্তি আৰু পথ খণ্ডৰ সাতটা জটিল আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰে। অৰ্থনৈতিক বিকাশ আৰু জনকল্যাণৰ বাবে গুৰুত্বপূৰ্ণ এই প্ৰকল্পসমূহ সময়সীমা, আন্তঃসংস্থা সমন্বয় আৰু সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰ্যালোচনা কৰা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেন-বেটৱা লিংক প্ৰকল্প আৰু স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০ৰো পৰ্যালোচনা কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ অধ্যাপক গোবৰ্ধন দাসৰ
April 27th, 12:31 pm
অধ্যাপক গোবৰ্ধন দাসে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অধ্যাপক গোবৰ্ধন দাসৰ ব্যক্তিগত জীৱনৰ যাত্ৰা অতি প্ৰেৰণাদায়ক। তেওঁ সন্মুখীন হোৱা প্ৰতিটো সংগ্ৰামে সমাজক সেৱা কৰাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক শক্তিশালী কৰিছিল যিটো জনস্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ বিজ্ঞানৰ প্ৰতি তেওঁৰ অৱদানত প্ৰতিফলিত হয়।অধ্যাপক গোবৰ্ধন দাসৰ নিযুক্তিত অভিনন্দন প্ৰধানমন্ত্ৰীৰ
April 25th, 10:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোবৰ্ধন দাসক নিটি আয়োগৰ সদস্য হিচাপে নিযুক্তিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁৰ সফল কাৰ্যকালৰ বাবে শুভকামনা জনায়। শ্ৰী মোদীয়ে কয় যে নিৰলস নিষ্ঠা আৰু নম্ৰতাৰ দ্বাৰা চিহ্নিত দাসৰ এই যাত্ৰা সঁচাকৈয়ে প্ৰেৰণাদায়ক। তেওঁ অধ্যাপক দাসৰ জনস্বাস্থ্য, বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ওপৰত আলোকপাত কৰি তেওঁৰ অৱদানৰ বাবে সমগ্ৰ দেশ গৌৰৱান্বিত বুলি কয়।