এন এক্স টি সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 12th, 10:47 pm
আজি, ১২ মাৰ্চ, এক অতি ঐতিহাসিক দিন। ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। এয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক পৰিৱৰ্তন আছিল কাৰণ এই যাত্ৰাই দেশৰ প্ৰতিটো কোণক এটা লক্ষ্যৰ সৈতে সংযোগ কৰিছিলঃ ভাৰতৰ স্বাধীনতা। আজি, এই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পাছত, আমি ভাৰতীয়সকলে আন এক যাত্ৰা আৰম্ভ কৰিছো। এই যাত্ৰা হৈছে উন্নত ভাৰতৰ (বিকশিত ভাৰত) যাত্ৰা। আমাৰ লক্ষ্য এটা, আমাৰ গন্তব্য এক-উন্নত ভাৰত। আৰু এই লক্ষ্য প্ৰাপ্ত কৰাত, এনে শিখৰত হোৱা মন্থন আৰু সেইবোৰৰ পৰা আহৰণ কৰা অমৃতে এক ডাঙৰ ভূমিকা পালন কৰে। নেক্সট সন্মিলনলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ। দেশ আৰু বিশ্বৰ পৰা বহুতো সহকৰ্মী ইয়ালৈ আহিছে; কিছুমান পুৰণি পৰিচিতও। আপোনালোক সকলোকে মই শুভেচ্ছা জনাইছো।এন এক্স টি সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
March 12th, 08:30 pm
প্ৰধানমন্ত্ৰীয়ে আজি আই টিভি নেটৱৰ্কৰ এন এক্স টি সন্মিলনত ভাষণ দাণ্ডি যাত্ৰাৰ ঐতিহাসিক বাৰ্ষিকী উপলক্ষে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ ক্ষেত্ৰত বৰ্তমানৰ অন্বেষণৰ মাজত এখন সমান্তৰাল চিত্ৰ দাঙি ধৰে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ১৯৩০ চনত দেশখনক স্বাধীনতাৰ দিশত একত্ৰিত কৰাৰ দৰে বৰ্তমানৰ ‘বিকশিত ভাৰত’ অভিযান হৈছে ১৪০ কোটি ভাৰতীয়ৰ সামূহিক লক্ষ্য। ‘আজি সেই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পিছত আমি ভাৰতীয়সকলে পুনৰ এবাৰ ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ বাবে এক নতুন যাত্ৰা আৰম্ভ কৰিছো’, প্ৰধানমন্ত্ৰীয়ে কয়।ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 29th, 06:45 pm
আজি ভগৱান জগন্নাথ জীৰ আশীৰ্বাদত দেশৰ কৃষকসকলৰ বাবে এক বৃহৎ অভিযান আৰম্ভ হৈছে। 'বিকশিত কৃষি সংকল্প অভিযান' স্বৰূপাৰ্থতে এক অনন্য পদক্ষেপ। বাৰিষাৰ আগমন ঘটিছে, খাৰিফ বতৰৰ বাবে প্ৰস্তুতি চলি আছে আৰু এনে পৰিস্থিতিত আগন্তুক ১২ৰ পৰা ১৫ দিনলৈকে দেশৰ বিজ্ঞানী, বিশেষজ্ঞ, বিষয়া আৰু প্ৰগতিশীল কৃষকৰ ২ হাজাৰৰো অধিক গোট, ২ হাজাৰৰো অধিক টিম গাঁৱে গাঁৱে গৈছে। এই দলসমূহে দেশৰ ৭০০ৰো অধিক জিলাৰ কোটি কোটি কৃষকৰ কাষ চাপিব। মই দেশৰ সকলো কৃষকক, এই দলসমূহৰ সৈতে জড়িত সকলো সহকৰ্মীলৈ, এই মহা অভিযানৰ বাবে, এক বৃহৎ অভিলাষী কাৰ্যসূচীৰ বাবে আৰু কৃষিৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বহুতো শুভেচ্ছা জনাইছোঁ।বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
May 29th, 06:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ আগবঢ়ায়। এই উপলক্ষে ভাষণত তেওঁ কৃষকৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ আৰু কৃষি উন্নয়নত সহায়ৰ বাবে এক অনন্য প্ৰচেষ্টা হিচাপে বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ কৰা বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে বাৰিষা ওচৰ চাপি অহাৰ লগে লগে আৰু খাৰিফ বতৰৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ১২ৰ পৰা ১৫ দিনত বিজ্ঞানী, বিশেষজ্ঞ, বিষয়া আৰু প্ৰগতিশীল কৃষকৰে গঠিত ২০০০ দলে ৭০০তকৈ অধিক জিলা ভ্ৰমণ কৰি গাঁৱৰ লাখ লাখ কৃষকৰ কাষ চাপিব। ভাৰতৰ কৃষি খণ্ডক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ নিষ্ঠা স্বীকাৰ কৰি তেওঁ এই দলসমূহৰ সকলো কৃষক আৰু অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে।হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী/আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
April 14th, 12:00 pm
হাৰিয়ানাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নয়াব সিং চাইনীজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী মনোহৰ লালজী, ৰাও ইন্দ্ৰজিৎ সিং জী আৰু কৃষ্ণ পালজী, হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল। হাৰিয়ানাৰ মোৰ ভাই-ভনীসকলক মোদীয়ে শুভেচ্ছা জনাইছোঁ।হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 14th, 11:54 am
আজি হাৰিয়ানাৰ যমুনা নগৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। হাৰিয়ানাৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ হাৰিয়ানাৰ পবিত্ৰ ভূমিক শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ পবিত্ৰ ভূমিক মা সৰস্বতীৰ উৎপত্তিস্থল, মন্ত্ৰ দেৱীৰ বাসস্থান, পঞ্চমুখী হনুমান জীৰ জন্মস্থান আৰু ধন্য কপালমোচন চাহিবৰ উৎপত্তিস্থল বুলি স্বীকাৰ কৰে। “হাৰিয়ানা হৈছে সংস্কৃতি, ভক্তি আৰু নিষ্ঠাৰ সংগম”,ৰ কথাও তেওঁ বৰ্ণনা কৰে। তেওঁ বাবাছাহেব আম্বেদকাৰৰ ১৩৫সংখ্যক জয়ন্তীত সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বাবা চাহেবৰ দৃষ্টিভংগী আৰু প্ৰেৰণাক আলোকপাত কৰে, যিয়ে ভাৰতৰ উন্নয়নৰ দিশত যাত্ৰা অব্যাহত ৰাখিছে।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ অধীনত ৭১,০০০ ৰো অধিক নিযুক্তি পত্ৰ বিতৰণত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
December 23rd, 11:00 am
মোৰ কেবিনেটৰ সতীৰ্থবৃন্দ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল, আৰু মোৰ ডেকা বন্ধু-বান্ধবীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ আৰু প্ৰতিষ্ঠানত নৱনিযুক্ত ৭১,০০০ তকৈও অধিক লোকক নিযুক্তি পত্ৰ বিতৰণ কৰে
December 23rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰি আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নৱনিযুক্ত ৭১,০০০তকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰোজগাৰ মেলাই নিয়োগ সৃষ্টিত অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাক সূচায়। ই যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণ আৰু আত্মসৱলীকৰণত অৰিহণা যোগোৱাৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰি শক্তিশালী কৰিব।দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
December 15th, 10:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পূৰ্বে দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰদান কৰে। উল্লেখ্য যে ২০২৪ চনৰ ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ দিল্লীত তিনিদিনীয়া সন্মিলনখন অনুষ্ঠিত হয়।বিশ্ব সমবায় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 25th, 03:30 pm
ভূটানৰ প্ৰধানমন্ত্ৰী আৰু মোৰ কনিষ্ঠ ভ্ৰাতৃ, ফিজিৰ উপ-প্ৰধানমন্ত্ৰী, ভাৰতৰ সমবায় মন্ত্ৰী অমিত শ্বাহ, আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁটৰ অধ্যক্ষ, ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি, সমগ্ৰ বিশ্বৰপৰা ইয়াত সমবেত হোৱা সমবায় জগতৰ সৈতে জড়িত সকলো সহযোগী, ভদ্ৰলোক আৰু মহিলাসকল।PM Modi inaugurates ICA Global Cooperative Conference 2024
November 25th, 03:00 pm
PM Modi inaugurated the ICA Global Cooperative Conference 2024. Emphasising the centuries-old culture, Prime Minister Modi said, “For the world, cooperatives are a model but for India it is the basis of culture, a way of life.”স্বচ্ছতাই সেৱা, ২০২৪ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 02nd, 10:15 am
আজি পূজ্য বাপু আৰু লাল বাহাদুৰ শাস্ত্ৰী জীৰ জন্ম বাৰ্ষিকী। মা ভাৰতীৰ এই মহান পুত্ৰসকলক বিনম্ৰভাৱে প্ৰণাম জনাইছোঁ। ভাৰতৰ বাবে গান্ধীজী আৰু দেশৰ মহান ব্যক্তিসকলে যি সপোন দেখিছিল, সেই সপোন পূৰণৰ বাবে এই দিনটোৱে আমাক সকলোকে একত্ৰিতভাৱে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।‘স্বচ্ছ ভাৰত দিৱস ২০২৪’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে
October 02nd, 10:10 am
‘স্বচ্ছ ভাৰত অভিযান’ৰ শুভাৰম্ভৰ ১০ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত ১৫৫ সংখ্যক গান্ধী জয়ন্তীত উপলক্ষে আয়োজিত ‘স্বচ্ছ ভাৰত দিৱস ২০২৪’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে ‘অম্ৰুত’ আৰু ‘অম্ৰুত ২.০’, ‘ৰাষ্ট্ৰীয় পৰিষ্কাৰ গংগা আৰু গোবৰ্ধন আঁচনি’ৰ অধীনৰ প্ৰকল্পকে ধৰি ৯৬০০ কোটি টকাৰ কেবাটাও অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে আৰু আন কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ‘স্বচ্ছতা হী সেৱা ২০২৪’ৰ বিষয়বস্তু হৈছে 'স্বাভৱ স্বচ্ছতা, সংস্কাৰ স্বচ্ছতা'।স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তি উপলক্ষে অহা ২ অক্টোবৰত স্বচ্ছ ভাৰত দিৱস ২০২৪ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 30th, 08:59 pm
স্বচ্ছ ভাৰত অভিযানৰ অন্যতম প্ৰভাৱশালী স্বচ্ছ আন্দোলন স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তি উদযাপনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫৫ সংখ্যক গান্ধী জয়ন্তীৰ দিনা স্বচ্ছ ভাৰত দিৱস ২০২৪ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অহা ২ অক্টোবৰৰ পুৱা প্ৰায় ১০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।It is my mission to make sure water reaches every house & farmer in the country: PM Modi in Jalore
April 21st, 03:00 pm
Campaigning for the 2024 Lok Sabha election has intensified, with Prime Minister Narendra Modi, the star campaigner for the NDA, amplifying his support for BJP candidates in Rajasthan. Addressing a massive rally in Jalore, PM Modi said, “In the first phase of voting, half of Rajasthan has taught Congress a good lesson. Rajasthan, deeply rooted in patriotism, knows that Congress can never build a strong India.”PM Modi delivers high-octane speeches at public meetings in Jalore and Banswara, Rajasthan
April 21st, 02:00 pm
Campaigning for the 2024 Lok Sabha election has intensified, with Prime Minister Narendra Modi, the star campaigner for the NDA, amplifying his support for BJP candidates in Rajasthan. PM Modi addressed public meetings in Jalore and Banswara today. Addressing the event, he said, “In the first phase of voting, half of Rajasthan has taught Congress a good lesson. Rajasthan, deeply rooted in patriotism, knows that Congress can never build a strong India.”উত্তৰ প্ৰদেশৰ বাৰাণসীত এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন, দেশবাসীৰ প্ৰতি উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 23rd, 02:45 pm
মঞ্চত উপৱিষ্ট উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী মহেন্দ্ৰ নাথ পাণ্ডেজী, উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকজী, ‘বনাছ ডেইৰী’ৰ অধ্যক্ষ শংকৰভাই চৌধুৰী, ‘ভাৰতীয় জনতা পাৰ্টী’ৰ ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ চৌধুৰীজী, ৰাজ্যখনৰ অন্যান্য মন্ত্ৰী, জনপ্ৰতিনিধি আৰু মোৰ কাশী পৰিয়ালৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত ১৩,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
February 23rd, 02:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত ১৩,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীৰ কাৰ্খিয়াওঁৰ ইউপিএছআইডিএ এগ্ৰো পাৰ্কত স্থাপিত বানাছকান্থা জিলা সমবায় দুগ্ধ উৎপাদক ইউনিয়ন লিমিটেডৰ এটি দুগ্ধ প্ৰক্ৰিয়াকৰণ ইউনিট বানাছ কাশী সংকুল পৰিদৰ্শনেৰে গো-পালকসকলৰ সৈতে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিয়োগ পত্ৰ আৰু জিআই-কৰ্তৃত্বপ্ৰাপ্ত ব্যৱহাৰকাৰীৰ প্ৰমাণ পত্ৰও প্ৰদান কৰে। আজিৰ উন্নয়ন প্ৰকল্পসমূহে পথ, ৰেল, বিমান পৰিবহণ, পৰ্যটন, শিক্ষা, স্বাস্থ্য, খোৱাপানী, নগৰ উন্নয়নআৰু অনাময় ব্যৱস্থা আদি গুৰুত্বপূৰ্ণ খণ্ডসমূহক সামৰি লয়।আমূল ফেডাৰেচনৰ জিচিএমএমএফৰ সোণালী জয়ন্তী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 22nd, 11:30 am
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী; গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল; মোৰ কেবিনেট সহকৰ্মী পৰশোত্তম ৰূপালা জী; সংসদৰ সন্মানীয় সহকৰ্মী চি আৰ পাটিল, আমূলৰ অধ্যক্ষ শ্ৰী শামালভাই, আৰু ইয়াত সমবেত হোৱা মোৰ সকলো ভাই-ভনী!প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ আহমেদাবাদত গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচনৰ সোণালী জয়ন্তী উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে
February 22nd, 10:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি আহমেদাবাদৰ মটেৰাস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচনৰ (GCMMF) সোণালী জয়ন্তী উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে অনুষ্ঠিত প্ৰদৰ্শনী প্ৰত্যক্ষকৰণৰ লগতে সোণালী জয়ন্তী কফি টেবুল বুক উন্মোচন কৰে। এই ফেডাৰেচন হৈছে সমবায়সমূহৰ স্থিতিস্থাপকতা, উদ্যোগী মনোভাৱ আৰু কৃষকসকলৰ দৃঢ়তাৰ সাক্ষ্য, যিয়ে আমূলক বিশ্বৰ অন্যতম শক্তিশালী দুগ্ধ ব্ৰেণ্ড হিচাপে গঢ়ি তুলিছে।