ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
January 27th, 10:15 am
শক্তি সপ্তাহৰ এই নতুন সংস্কৰণত গোৱাত প্ৰায় ১২৫ খন দেশৰ প্ৰতিনিধিসকল সমবেত হৈছে। এটি শক্তি-সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ অহা আপোনালোক সকলো অংশগ্ৰহণকাৰীকে আদৰণি জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰে
January 27th, 10:08 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত সমবেতসকলক সম্বোধন কৰে। ইয়াত শ্ৰী মোদীয়ে কয় যে শক্তি সপ্তাহৰ এই নতুন সংস্কৰণত গোৱাত প্ৰায় ১২৫ খন দেশৰ প্ৰতিনিধিসকল সমবেত হৈছে। তেওঁ তেওঁলোক এটি শক্তি-সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ আহিছে বুলি উল্লেখেৰে সকলো অংশগ্ৰহণকাৰীকে আদৰণি জনায়।গোৱা মুক্তি দিৱসত স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগৰ কথা স্মৰণ প্ৰধানমন্ত্ৰীৰ
December 19th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে গোৱা মুক্তি দিৱসে দেশক ভাৰতৰ ৰাষ্ট্ৰীয় যাত্ৰাৰ এক নিৰ্ণায়ক অধ্যায়ৰ স্মৃতি সোঁৱৰাই দিয়ে। প্ৰধানমন্ত্ৰীয়ে অন্যায় স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰা আৰু সাহস তথা দৃঢ় বিশ্বাসৰে স্বাধীনতাৰ বাবে যুঁজ দিয়াসকলক অদম্য মনোভাৱৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁলোকৰ ত্যাগে গোৱাৰ সৰ্বাংগীন প্ৰগতিৰ দিশত কাম কৰাৰ হকে দেশক অনুপ্ৰাণিত কৰি আহিছে।গোৱাৰ অৰপোৰাত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
December 07th, 07:08 am
প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে তেওঁ গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্তৰ সৈতে পৰিস্থিতি সন্দৰ্ভত কথা পাতিছে। তেওঁ উল্লেখ কৰে যে ৰাজ্য চৰকাৰে এই শোকাৱহ দুৰ্ঘটনাৰ ফলত ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে।শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 28th, 03:35 pm
শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ২৪ সংখ্যক মহন্ত শ্ৰীমদ বিদ্যাধীশ তীৰ্থ স্বামীজী, মাননীয় ৰাজ্যপাল শ্ৰী অশোক গজপতি ৰাজু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ভ্ৰাতৃ প্ৰমোদ সাৱন্ত জী, মঠ কমিটিৰ অধ্যক্ষ শ্ৰী শ্ৰীনিবাস ডেম্পো জী, উপাধ্যক্ষ শ্ৰী আৰ.আৰ. কামাত জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থসকল শ্ৰী শ্ৰীপদ নাইক জী আৰু দিগম্বৰ কামাত জী। আন-আন সকলো বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে
November 28th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই পবিত্ৰ অনুষ্ঠানত ভাগ লৈ তেওঁৰ মন গভীৰ প্ৰশান্তিৰে ভৰি পৰিছে। তেওঁ কয় যে সন্তসকলৰ সান্নিধ্যত অৱস্থান কৰাটো এক আধ্যাত্মিক অভিজ্ঞতা। ইয়াত উপস্থিত থকা ভালে সংখ্যক ভক্তই এই মঠৰ শতিকা পুৰণি জীৱন্ত শক্তিক অধিক বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আজি এই অনুষ্ঠানত জনসাধাৰণৰ মাজত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিছে। তেওঁ উল্লেখ কৰে যে ইয়ালৈ অহাৰ আগতে তেওঁ ৰাম মন্দিৰ আৰু বীৰ বিঠাল মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ কয় যে তাৰ প্ৰশান্ত পৰিবেশে এই অনুষ্ঠানৰ আধ্যাত্মিকতাক গভীৰ কৰি তুলিছে।২৮ নৱেম্বৰত কৰ্ণাটক আৰু গোৱা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 27th, 12:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ নৱেম্বৰত কৰ্ণাটক আৰু গোৱা ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ উডুপিৰ শ্ৰী কৃষ্ণ মঠ দৰ্শন কৰিব। পিছত তেওঁ গোৱালৈ যাত্ৰা কৰিব, য'ত তেওঁ দিনৰ প্ৰায় ৩.১৫ বজাত মঠৰ ৫৫০ সংখ্যক বৰ্ষপূৰ্তি উদযাপন শৰ্দা পঞ্চশতমনোৎসৱ উপলক্ষে শ্ৰী সংস্থান গোকৰ্ণ পৰ্তাগলী জীৱোত্তম মঠ দৰ্শন কৰিব।গোৱাত আয়ৰনম্যান 70.3-ৰ দৰে অনুষ্ঠানত যুৱক-যুৱতীসকলৰ বৰ্দ্ধিত অংশগ্ৰহণক প্ৰধানমন্ত্ৰীয়ে আদৰণি জনাইছে
November 09th, 10:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত অনুষ্ঠিত হোৱা আয়ৰনম্যান 70.3 ৰ দৰে অনুষ্ঠানত যুৱক-যুৱতীসকলৰ বৰ্দ্ধিত অংশগ্ৰহণক আদৰণি জনাইছে। শ্ৰী মোদীয়ে কয় যে এনে অনুষ্ঠানসমূহে ফিট ইণ্ডিয়া আন্দোলনৰ দিশত অৰিহণা যোগায়। ‘অংশগ্ৰহণ কৰা সকলোকে শুভেচ্ছা জনাইছো। আমাৰ দলৰ দুজন যুৱ সহকৰ্মী আন্নামালাই আৰু তেজস্বী সূৰ্য আয়ৰনমেন ট্ৰায়থ্লন সফলতাৰে সম্পূৰ্ণ কৰা সকলৰ ভিতৰত থকাত আনন্দিত হৈছো ‘, শ্ৰী মোদীয়ে কয়।শ্ৰী ৰবি নাইকৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
October 15th, 08:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱা চৰকাৰৰ মন্ত্ৰী শ্ৰী ৰবি নাইকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।ফিডে বিশ্ব কাপৰ ভাৰতলৈ প্ৰত্যাৱৰ্তনক প্ৰধানমন্ত্ৰীৰ আদৰণি
August 26th, 11:30 pm
দুই দশকতকৈও অধিক সময়ৰ পিছত সন্মানীয় ফিডে বিশ্ব কাপ ২০২৫ অনুষ্ঠিত কৰিবলৈ ভাৰত সাজু হোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ আৰু উৎসাহ প্ৰকাশ কৰিছে।Chief Minister of Goa meets Prime Minister
August 20th, 06:11 pm
The Chief Minister of Goa, Dr. Pramod Sawant met Prime Minister, Shri Narendra Modi today in New Delhi.গোৱাৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
August 04th, 05:04 pm
গোৱাৰ ৰাজ্যপাল শ্ৰী অশোক গজপতি ৰাজুৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।আত্মনিৰ্ভৰশীলতাৰ জৰিয়তেহে ২০৪৭ চনত এখন উন্নত ভাৰতৰ পথ প্ৰশস্ত হ'ব: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
July 27th, 11:30 am
'মন কি বাত'ত আকৌ এবাৰ আমি দেশৰ সফলতা, দেশবাসীৰ সাফল্যৰ কথা ক'বলৈ ওলাইছো। যোৱা কেইসপ্তাহমানৰ ভিতৰত ক্ৰীড়ায়েই হওক, বিজ্ঞানেই হওক বা সংস্কৃতিয়েই হওক, বহু ক্ষেত্ৰত কথাই ঘটিছে, যাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱবোধ কৰিছে। শেহতীয়াকৈ মহাকাশৰ পৰা শুভাংশু শুক্লাই উভতি অহাক লৈ দেশত ব্যাপক চৰ্চা চলিছে। শুভাংশুৱে নিৰাপদে পৃথিৱীত অৱতৰণ কৰাৰ লগে লগে মানুহে আনন্দত আত্মহাৰা হৈ পৰিছে, প্ৰতিজন লোকৰ হৃদয়ত সুখৰ ঢৌৱে খেলাই গৈছে। সমগ্ৰ দেশ গৌৰাৱান্বিত হৈ পৰিছে। মোৰ মনত পৰিছে, ২০২৩ চনৰ আগষ্ট মাহত যেতিয়া চন্দ্ৰযান-৩-এ সফলতাৰে অৱতৰণ কৰিছিল, তেতিয়া দেশত এক নতুন পৰিৱেশৰ সৃষ্টি হৈছিল। বিজ্ঞানৰ প্ৰতি, মহাকাশৰ প্ৰতিও শিশুসকলৰ মনতো নতুন কৌতুহল জগাই তুলিছিল। এতিয়া শিশুসকলে কয়, আমিও মহাকাশলৈ যাম, আমি চন্দ্ৰতো অৱতৰণ কৰিম - আমি মহাকাশ বিজ্ঞানী হ'ম।‘ৰাজ্য প্ৰতিষ্ঠা দিৱস’ উপলক্ষে গোৱাবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
May 30th, 04:43 pm
‘ৰাজ্য প্ৰতিষ্ঠা দিৱস’ উপলক্ষে গোৱাবাসীলৈ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। গোৱাৰ অনন্য সংস্কৃতি হৈছে ভাৰতৰ গৌৰৱ। গোৱাৰ জনতাই বিভিন্ন খণ্ডত শক্তিশালী স্থান দখল কৰি আহিছে। এই ৰাজ্যখনে সদায় সমগ্ৰ বিশ্বৰ মানুহক আকৰ্ষিত কৰি আহিছে, শ্ৰী মোদীয়ে কয়।প্ৰধানমন্ত্ৰীক সাক্ষাৎ গোৱাৰ মুখ্যমন্ত্ৰীৰ
January 23rd, 02:48 pm
গোৱাৰ মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্তই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।PM to distribute over 65 lakh property cards to property owners under SVAMITVA Scheme on 18th January
January 16th, 08:44 pm
Prime Minister Shri Narendra Modi will distribute over 65 lakh property cards under SVAMITVA Scheme to property owners in over 50000 villages in more than 230 districts across 10 States and 2 Union territories on 18th January at around 12:30 PM through video conferencing.সংবিধান আমাৰ পথ প্ৰদৰ্শকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
December 29th, 11:30 am
‘মন কী বাত’ৰ এইটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ‘সংবিধানৰ ৭৫ সংখ্য বাৰ্ষিকী’ আৰু প্ৰয়াগৰাজত অনুষ্ঠিতব্য ‘মহাকুম্ভ’ৰ প্ৰস্তুতিকে ধৰি ভাৰতৰ সাফল্যসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ ‘বস্তৰ অলিম্পিক’ৰ সফলতাৰ প্ৰশংসা কৰে আৰু ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত মেলেৰিয়া নিৰ্মূল আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্য সফলতাৰ কথাও উল্লেখ কৰে। তদুপৰি, তেওঁ উৰিষ্যাৰ কালাহাণ্ডিত সম্পাদিত হোৱা কৃষি বিপ্লৱৰো প্ৰশংসা কৰে।PM to distribute over 50 lakh property cards to property owners under SVAMITVA Scheme
December 26th, 04:50 pm
Prime Minister Shri Narendra Modi will distribute over 50 lakh property cards under SVAMITVA Scheme to property owners in over 46,000 villages in 200 districts across 10 States and 2 Union territories on 27th December at around 12:30 PM through video conferencing.গোৱা মুক্তি দিৱসত, আমি গোৱাক মুক্ত কৰাৰ আন্দোলনত সক্ৰিয়ভাৱে জড়িত মহান নাৰী-পুৰুষসকলৰ বীৰত্ব আৰু দৃঢ়তাৰ কথা স্মৰণ কৰিছোঁ: প্ৰধানমন্ত্ৰী
December 19th, 06:17 pm
আজি গোৱা মুক্তি দিৱস উপলক্ষে ৰাইজক শুভেচ্ছা জনাই, প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে গোৱাক মুক্ত কৰাৰ আন্দোলনত সক্ৰিয়ভাৱে জড়িত মহান নাৰী-পুৰুষসকলৰ বীৰত্ব আৰু দৃঢ়তাৰ কথা স্মৰণ কৰে।Maharashtra has witnessed the triumph of development, good governance, and genuine social justice: PM Modi
November 23rd, 10:58 pm
Prime Minister Narendra Modi addressed BJP workers at the party headquarters following the BJP-Mahayuti alliance's resounding electoral triumph in Maharashtra. He hailed the victory as a decisive endorsement of good governance, social justice, and development, expressing heartfelt gratitude to the people of Maharashtra for trusting BJP's leadership for the third consecutive time.