গুজৰাটৰ চুৰাটত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূলপাঠ

June 05th, 04:30 pm

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ চি.আৰ. পাটিল, ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ভাই হৰ্ষ সংঘভী, গুজৰাট বিজেপিৰ সভাপতি জগদীশ বিশ্বকৰ্মাজী, অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধিসকল আৰু ইয়াত উপস্থিত থকা চুৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ চুৰাটত ১৮,৮০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে

June 05th, 04:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এক বৃহৎ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ জনসাধাৰণৰ অদম্য সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, স্থানীয় সংস্থাৰ নিৰ্বাচনৰ পিছত এয়া মোৰ প্ৰথম চুৰাট ভ্ৰমণ। চুৰাটৰ পৰা সমগ্ৰ গুজৰাটৰ জনসাধাৰণক প্ৰণাম আৰু অভিনন্দন জনাইছো।

ইটালীৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

May 20th, 07:19 pm

প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইটালীৰ সম্পৰ্ক সুদৃঢ় কৰাৰ দিশত ৰাষ্ট্ৰপতি মাটাৰেলাৰ সহায় আৰু নেতৃত্বৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভাৰত-ইটালীৰ কৌশলগত অংশীদাৰিত্বৰ উৰ্ধমুখী গতিৰ কথা উল্লেখ কৰি দুয়োগৰাকী নেতাই বাণিজ্য তথা বিনিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি, গৱেষণা আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, মহাকাশ, শক্তি, এআই আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তি, শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ সম্পৰ্কৰ ক্ষেত্ৰত চলি থকা সহযোগিতাৰ বিষয়ত সন্তুষ্টি প্ৰকাশ কৰে। উদীয়মান প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়তো তেওঁলোকে মত বিনিময় কৰে।

Prime Minister’s Departure Statement ahead of his visit to the UAE, Netherlands, Sweden, Norway, and Italy

May 15th, 07:56 am

PM Modi is embarking on a five-nation visit to the UAE, the Netherlands, Sweden, Norway and Italy from 15-20 May 2026. During the visit, he will meet various Heads of State and hold discussions to further strengthen partnerships across key sectors. Highlights of the visit include his participation in the European Round Table for Industry in Sweden and the 3rd India-Nordic Summit in Oslo.

ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালীলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (১৫ - ২০ মে', ২০২৬)

May 11th, 09:00 pm

২০২৬ চনৰ ১৫ মে’ৰ পৰা ২০ মে’লৈ ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰজা উইলেম-আলেকজেণ্ডাৰক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে আলোচনাত মিলিত হ’ব। ছুইডেনত তেওঁ প্ৰধানমন্ত্ৰী ক্ৰীষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হ’ব। নৰৱেত তেওঁ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ পিছত তেওঁ ইটালী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ’ব।

মুম্বাইত সামূদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 29th, 04:09 pm

বিশ্ব সামুদ্ৰিক নেতা সন্মিলনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। এই অনুষ্ঠানটো ২০১৬ চনত মুম্বাইত আৰম্ভ কৰা হৈছিল আৰু আজি এই সন্মিলন বিশ্বজনীন অনুষ্ঠানত পৰিণত হোৱাটো আমাৰ সকলোৰে বাবে এক অতি আনন্দৰ বিষয়। আজি এই অনুষ্ঠানত ৮৫ খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। বৃহৎ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান আৰু সেইবোৰৰ চিইঅ’ৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপলৈকে, নীতি নিৰ্ধাৰকৰ পৰা বিনিয়োগকাৰীলৈকে সকলোৱে ইয়াত উপস্থিত আছে। সৰু সৰু দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিও উপস্থিত থাকে। আপোনাৰ দৃষ্টিভংগীয়ে এই শীৰ্ষ সন্মিলনৰ সহযোগিতা আৰু শক্তি দুয়োটাকে বৃদ্ধি কৰিছে।

মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

October 29th, 04:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত ভাষণ দিয়াৰ লগতে বিশ্ব সামুদ্ৰিক চিইঅ’ ফ’ৰামৰ অধ্যক্ষতা কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্ব সামুদ্ৰিক নেতা সন্মিলনত অংশগ্ৰহণ কৰা সকলোকে আদৰণি জনায়। ২০১৬ চনত মুম্বাইত আৰম্ভ হোৱা এই অনুষ্ঠানটো এতিয়া বিশ্বৰ শীৰ্ষ সন্মিলনলৈ উন্নীত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনত ৮৫খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। অনুষ্ঠানত তেওঁ সমবেত হোৱা প্ৰধান জাহাজ চলোৱা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, ষ্টাৰ্টআপ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ উপস্থিতিৰ কথা উল্লেখ কৰে। তেওঁ লগতে ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতি স্বীকাৰ কৰি কয় যে তেওঁলোকৰ সামূহিক দৃষ্টিভংগীয়ে সন্মিলনৰ সহযোগিতা আৰু শক্তি যথেষ্ট বৃদ্ধি কৰিছে।

১ আৰু ২ মে'ত মহাৰাষ্ট্ৰ, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 30th, 03:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ আৰু ২ মে'ত মহাৰাষ্ট্ৰ, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ১ মে'ত মুম্বাই ভ্ৰমণ কৰিব আৰু দিনৰ প্ৰায় ১০.৩০ বজাত বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন (ৱেভছ) উদ্বোধন কৰিব।

এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি

March 26th, 12:06 pm

ভাৰতে প্ৰতিৰক্ষা আৰু প্ৰযুক্তিবিদ্যাৰ পৰা আৰম্ভ কৰি বিশ্ব বাণিজ্য আৰু কূটনীতিলৈকে বিভিন্ন খণ্ডত নিজৰ নাম উজলাই তুলিছে। এই সপ্তাহত দেশখনে ইয়াৰ নৌসেনা শক্তি সবলীকৰণ, ভৱিষ্যতৰ পৰিবহণক আকোঁৱালি লোৱাৰ লগতে বিশ্ব অংশীদাৰৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক গঢ়ি তুলিছে।

নতুন দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

December 06th, 02:10 pm

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ মন্ত্ৰীগণ, অন্যান্য জনপ্ৰতিনিধিসকল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা সকলো ভাতৃ-ভগ্নী, দেৱী আৰু সজ্জনসকল।

অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

December 06th, 02:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয় যে আজি বাবাছাহেব ড০ বি আৰ আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস। তেওঁ লগতে কয় যে ৭৫ বছৰ সম্পূৰ্ণ কৰা বাবাছাহেব আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানখন সকলো নাগৰিকৰ বাবে এক বৃহৎ প্ৰেৰণা। শ্ৰী মোদীয়ে ভাৰতৰ সকলো নাগৰিকৰ হৈ বাবাছাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

‘জাৰ্মান ব্যৱসায়ৰ অষ্টাদশ এছিয়া-প্ৰশান্ত মহাসাগৰীয় সন্মিলন’(এপিকে ২০২৪) ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মূল ভাষণৰ ইংৰাজী অনুবাদৰ তৰ্জমা

October 25th, 11:20 am

তেওঁৰ প্ৰথম ভ্ৰমণ আছিল ‘মেয়ৰ’ হিচাপে, আৰু পৰৱৰ্তী তিনিটা ভ্ৰমণ তেওঁৰ ‘চেঞ্চেলৰ’ হিচাপে কাৰ্যকালত কৰিছিল, যিয়ে ভাৰত-জাৰ্মানীৰ মাজৰ সম্পৰ্কত তেওঁ প্ৰদান কৰা গুৰুত্বত আলোকপাত কৰে।