প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা হল বিদেশী নেতাসকলৰ বাবে উজবেকিস্তানে আগবঢ়োৱা সৰ্বোচ্চ সন্মান "অলি দৰাজালি ড‘ষ্টলিক"
August 30th, 05:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি উজবেকিস্তানৰ ৰাষ্ট্ৰপতি মহামহিম শ্বাভকাট মিৰ্জিঅ’য়েভে, দুয়োখন দেশৰ মাজত বন্ধুত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে বিদেশী নেতাৰ বাবে উজবেকিস্তানে আগবঢ়োৱা সৰ্বোচ্চ সন্মান অলি দৰাজালি ড‘ষ্টলিক প্ৰদান কৰে।কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে ভাৰত-জাপানৰ যুটীয়া বিবৃতি
July 02nd, 10:14 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰে যে কৃত্ৰিম বুদ্ধিমত্তা (AI) হৈছে এক যুগৰ প্ৰয়োজনীয় প্ৰযুক্তি, যিয়ে অৰ্থনীতি, সমাজ, বিজ্ঞান আৰু প্ৰযুক্তি, উদ্যোগ আৰু ব্যৱসায়, শাসন, আৰু নিৰাপত্তাৰ পৰিৱৰ্তন ঘটাইছে। তেওঁলোকে স্বীকাৰ কৰে যে আজি এআইৰ ডিজাইন, বিকাশ, নিয়োগ আৰু শাসনৰ ক্ষেত্ৰত কৰা পছন্দসমূহে উদ্ভাৱন, সমাজ কল্যাণ, অৰ্থনৈতিক সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব। এই বুজাবুজিৰ ভিত্তিত তেওঁলোকে এআইৰ ক্ষেত্ৰত দুয়োখন দেশৰ স্থিতিস্থাপকতা আৰু প্ৰতিযোগিতামূলক ক্ষমতা পাৰস্পৰিকভাৱে বৃদ্ধি কৰাৰ লগতে দুয়োখন দেশতে উদ্ভাৱন তথা বিকাশৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিবলৈ সহমত প্ৰকাশ কৰে, যাতে এক নিৰাপদ, সুৰক্ষিত, বিশ্বাসযোগ্য, সৰ্বাংগীন, মানৱকেন্দ্ৰিক, বহনক্ষম, জবাবদিহি, আৰু উদ্ভাৱনমুখী এআই পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাটো সম্ভৱ হয়।মৰিচাছৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
June 28th, 08:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামান্য মাহেৰ ভিক্টোৰিয়াত ডাঃ নবীনচন্দ্ৰ ৰামগুলমৰ সৈতে সাক্ষাৎ কৰে। ছেচেলছৰ সোণালী জয়ন্তী ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ সময়ত দুয়েগৰাকী নেতাই এক বৈঠকত মিলিত হয়। ২০২৪ চনৰ নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰী ৰামগুলামে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে এয়া চতুৰ্থখন বৈঠকত মিলিত হয়।ছেচেলছৰ ৰাষ্ট্ৰীয় সদনত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 28th, 05:00 pm
প্ৰধানমন্ত্ৰী হিচাপে ভাৰত মহাসাগৰ অঞ্চললৈ মোৰ প্ৰথমটো ভ্ৰমণ আছিল ২০১৫ চনত ছেচেলছলৈ।প্ৰধানমন্ত্ৰী হিচাপেও মই প্ৰথমবাৰৰ বাবে আফ্ৰিকা ভ্ৰমণ কৰিছিলো। মই ইয়ালৈ আহিছোঁ কাৰণ মই বিশ্বাস কৰোঁ যে ভাৰত মহাসাগৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীত ছেচেলছৰ এক বিশেষ স্থান আছে। আজি এটা দশকৰ পাছত ইয়ালৈ উভতি অহাৰ লগে লগে মোৰ বিশ্বাস আগতকৈ অধিক সুদৃঢ় হৈ পৰিছে।ছিচেলছলৈ প্ৰধানমন্ত্ৰীৰ চৰকাৰী ভ্ৰমণ (২৭-২৯ জুন, ২০২৬)
June 25th, 06:05 pm
ছিচেলছৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ আমন্ত্ৰণক্ৰমে ২০২৬ চনৰ ২৭ৰ পৰা ২৯ জুনলৈকে প্ৰধানমন্ত্ৰী মোদীয়ে ছিচেলছ ভ্ৰমণ কৰি ভাৰতৰ ‘মহাসাগৰ’ দৃষ্টিভংগী আগুৱাই নিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ছিচেলছৰ ৰাষ্ট্ৰীয় দিৱস-ৰ সোণালী জয়ন্তী উদযাপনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিৰ সৈতে এলানি আলোচনাত মিলিত হ’ব। তেওঁ ছিচেলছৰ ৰাষ্ট্ৰীয় বিধানসভাত ভাষণ দিয়াৰ লগতে প্ৰবাসী ভাৰতীয়সমাজৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিকছ দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু জ্যেষ্ঠ নিৰাপত্তা বিষয়াসকলক সাক্ষাৎ কৰে
June 23rd, 08:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিকছ দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু জ্যেষ্ঠ নিৰাপত্তা বিষয়াসকলক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে সমসাময়িক বিশ্ব সুৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত একে গোট হৈ কাম কৰাৰ ক্ৰমবৰ্ধমান তাৎপৰ্যৰ বিষয়ত আলোকপাত কৰে।প্ৰধানমন্ত্ৰীয়ে ভাৰতত ছেইণ্ট গোবেইনৰ উপস্থিতি সম্প্ৰসাৰণৰ বিষয়ে মুখ্য কাৰ্যবাহী বিষয়া বেন’ইট বাজিনৰ সৈতে আলোচনা কৰে
June 18th, 06:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেণ্ট গোবেইনৰ বেন’ইট বাজিনৰ সৈতে মত বিনিময় কৰাৰ বিষয়কলৈ আনন্দ প্ৰকাশ কৰিছে।ফ্ৰান্স আৰু স্লোভাকিয়া ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
June 13th, 10:03 am
ভাৰতৰ কৌশলগত দৃষ্টিভংগীৰ ক্ষেত্ৰত ফ্ৰান্সে এক বিশেষ স্থান দখল কৰিছে। এই বছৰৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি মেক্ৰ’ই ভাৰত ভ্ৰমণ কৰিছিল আৰু আমি আমাৰ সম্পৰ্কক এক বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছিলো। যেতিয়া মই নিচত ৰাষ্ট্ৰপতি মেক্ৰ’ক সাক্ষাৎ কৰিম, তেতিয়া ফেব্ৰুৱাৰীৰ পৰা হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰিম আৰু আমাৰ সহযোগিতাৰ পৰৱৰ্তী পদক্ষেপসমূহৰ তালিকা প্ৰস্তুত কৰিম। পাৰস্পৰিক স্বাৰ্থৰ গোলকীয় বিষয়সমূহৰ ওপৰতো আমাৰ আলোচনাৰ বাবে মই আগ্ৰহী।বিশ্বৰ নেতা আৰু নাগৰিকসকলক তেওঁলোকৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
June 10th, 11:50 pm
প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দনমূলক বাৰ্তাৰ বাবে বিশ্বৰ নেতাসকল আৰু বিভিন্ন ক্ষেত্ৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই শুভেচ্ছাৰ বাবে গভীৰভাৱে আপ্লুত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাত অৰিহণা যোগোৱাটো এক সৌভাগ্যৰ বিষয়। জনসাধাৰণৰ আস্থা তেওঁৰ শক্তিৰ আটাইতকৈ ডাঙৰ উৎস বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰা, ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰণ কৰা আৰু ভাৰতৰ গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আৰু অধিক নিষ্ঠাৰে কাম কৰিব বুলি তেওঁৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।ভাৰতত সৰ্বাধিক দিনৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ থকাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনালে বিশ্বৰ নেতাসকলে
June 09th, 07:32 pm
ভাৰতত সৰ্বাধিক দিনৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ কাইলৈ অভিলেখ গঢ়িবলগীয়া প্ৰধানমন্ত্ৰী মোদীক বিশ্বৰ নেতাসকলে আগতীয়াকৈ উষ্ম অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তনশীল শাসন ব্যৱস্থা, গ্ল’বেল চাউথৰ বাবে তেওঁৰ পোষকতা আৰু তেওঁৰ সৰ্বাংগীন তথা অৰ্থনৈতিকভাৱে গতিশীল ভাৰতৰ দৃষ্টিভংগীক সমগ্ৰ বিশ্বৰ বিশ্বৰ নেতাসকলে স্বীকৃতি দিয়ে।প্ৰধানমন্ত্ৰীৰ ফ্ৰান্স আৰু স্লোভাকিয়া ভ্ৰমণ
June 09th, 07:20 pm
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মাননীয় ইমানুৱেল মেক্ৰ’ৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩-১৪ জুন ২০২৬(নিচ),১৬-১৯ জুন ২০২৬ (ইভিয়ান আৰু পেৰিছ) ৰ পৰা ফ্ৰান্সলৈ আৰু লগতে ১৪-১৬ জুন ২০২৬ ৰ পৰা স্লোভাকিয়া ভ্ৰমণ কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে ১৪ জুনত ৰাষ্ট্ৰপতি মেক্ৰ’ৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ বাবে নিচ ভ্ৰমণ কৰিব। দুয়োগৰাকী নেতাই ভাৰত-ফ্ৰান্সৰ দ্বিপাক্ষিক সম্পৰ্কৰ সম্পূৰ্ণ পৰিসৰৰ পৰ্যালোচনা কৰিব, যাক এই বছৰৰ আৰম্ভণিতে বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰা হৈছিল। নিচত দুয়োগৰাকী নেতাই যুটীয়াভাৱে 'ভাৰত উদ্ভাৱন' অনুষ্ঠান উদ্বোধন কৰিব, যি ভাৰত, ফ্ৰান্স আৰু অন্যান্য দেশৰ শীৰ্ষ উদ্ভাৱন ষ্টাৰ্টআপ তথা ভেঞ্চাৰ কেপিটেল পুঁজি একত্ৰিত কৰিব। ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষৰ সময়ত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানটোৱে দুয়োখন দেশৰ মাজত বিদ্যমান জীৱন্ত উদ্ভাৱন অংশীদাৰিত্বক শক্তিশালী কৰে।Acting President of Venezuela meets Prime Minister
June 04th, 09:50 pm
PM Modi met Acting President of Venezuela Delcy Rodríguez and held extensive discussions on expanding cooperation in energy, critical minerals, technology, agriculture, healthcare and people-to-people ties. Highlighting Venezuela as a valued partner in Latin America, PM Modi reaffirmed India’s commitment to strengthening cooperation for the benefit of both nations and the Global South.নৰ'ৱেৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
May 18th, 04:44 pm
যোৱা বছৰ মই নৰ'ৱে ভ্ৰমণ কৰাৰ কথা আছিল যদিও পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সেই ভ্ৰমণ পিছুৱাই দিবলগীয়া হৈছিল। সেই কঠিন সময়ছোৱাত নৰ'ৱেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ কাষত দৃঢ়তাৰে থিয় দি বন্ধুত্বৰ প্ৰকৃত মনোভাৱ প্ৰদৰ্শন কৰিছিল। আজি নৰ'ৱে ভ্ৰমণ কৰাৰ সময়ত সেই সংহতিৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।টিভি৯ সন্মিলন ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 23rd, 08:30 pm
শেহতীয়া সময়ত মই এবাৰ বা দুবাৰকৈ টিভি৯ ভাৰতবৰ্ষ চোৱাৰ সুযোগ পাইছো। সাধাৰণতে, আপোনাৰ মনোযোগ যুদ্ধ আৰু মিছাইলৰ ওপৰত বেছি থাকে আৰু আজিকালি আপোনাক বিষয়বস্তুৰে অতিৰিক্ত তথ্য প্ৰদান কৰা হৈছে। ডাঙৰ দেশবোৰে টিভি৯ক ইমান তথ্য প্ৰদান কৰিবলৈ সংকল্পবদ্ধ যেন লাগে। কিন্তু ক’বলৈ গ’লে আজি বিশ্বই যি গুৰুতৰ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে সেয়া অভূতপূৰ্ব আৰু অত্যন্ত গুৰুতৰ। এই পৰিস্থিতিৰ মাজত টিভি৯ নেটৱৰ্কে ধাৰণাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ মঞ্চ সৃষ্টি কৰিছে। এই সন্মিলনত আপোনালোক সকলোৱে ‘ভাৰত আৰু বিশ্ব’ বিষয়ৰ ওপৰত আলোচনা কৰি আছে। মই আপোনালোকক অভিনন্দন জনাইছো, এই সন্মিলনৰ বাবে মোৰ শুভেচ্ছা জনাইছো আৰু সকলো অতিথিক আদৰণি জনাইছো।টিভি৯ নেটৱৰ্ক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 23rd, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'ভাৰত আৰু বিশ্ব' শীৰ্ষক বিষয়বস্তুৰ সন্দৰ্ভত টিভি৯ সন্মিলনত ভাষণ প্ৰদান কৰে। অভূতপূৰ্ব আৰু গুৰুতৰ বৈশ্বিক পৰিস্থিতিৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত মত বিনিময়ৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ গঢ় দিয়াৰ বাবে টিভি৯ নেটৱৰ্কক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয়, আজি সমগ্ৰ বিশ্বই এক অভূতপূৰ্ব আৰু অতিশয় ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে টিভি৯ নেটৱৰ্কে ইয়াৰ চিন্তা-চৰ্চাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ গঢ় দিছে।এন এক্স টি সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 12th, 10:47 pm
আজি, ১২ মাৰ্চ, এক অতি ঐতিহাসিক দিন। ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। এয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক পৰিৱৰ্তন আছিল কাৰণ এই যাত্ৰাই দেশৰ প্ৰতিটো কোণক এটা লক্ষ্যৰ সৈতে সংযোগ কৰিছিলঃ ভাৰতৰ স্বাধীনতা। আজি, এই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পাছত, আমি ভাৰতীয়সকলে আন এক যাত্ৰা আৰম্ভ কৰিছো। এই যাত্ৰা হৈছে উন্নত ভাৰতৰ (বিকশিত ভাৰত) যাত্ৰা। আমাৰ লক্ষ্য এটা, আমাৰ গন্তব্য এক-উন্নত ভাৰত। আৰু এই লক্ষ্য প্ৰাপ্ত কৰাত, এনে শিখৰত হোৱা মন্থন আৰু সেইবোৰৰ পৰা আহৰণ কৰা অমৃতে এক ডাঙৰ ভূমিকা পালন কৰে। নেক্সট সন্মিলনলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ। দেশ আৰু বিশ্বৰ পৰা বহুতো সহকৰ্মী ইয়ালৈ আহিছে; কিছুমান পুৰণি পৰিচিতও। আপোনালোক সকলোকে মই শুভেচ্ছা জনাইছো।এন এক্স টি সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
March 12th, 08:30 pm
প্ৰধানমন্ত্ৰীয়ে আজি আই টিভি নেটৱৰ্কৰ এন এক্স টি সন্মিলনত ভাষণ দাণ্ডি যাত্ৰাৰ ঐতিহাসিক বাৰ্ষিকী উপলক্ষে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ ক্ষেত্ৰত বৰ্তমানৰ অন্বেষণৰ মাজত এখন সমান্তৰাল চিত্ৰ দাঙি ধৰে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ১৯৩০ চনত দেশখনক স্বাধীনতাৰ দিশত একত্ৰিত কৰাৰ দৰে বৰ্তমানৰ ‘বিকশিত ভাৰত’ অভিযান হৈছে ১৪০ কোটি ভাৰতীয়ৰ সামূহিক লক্ষ্য। ‘আজি সেই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পিছত আমি ভাৰতীয়সকলে পুনৰ এবাৰ ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ বাবে এক নতুন যাত্ৰা আৰম্ভ কৰিছো’, প্ৰধানমন্ত্ৰীয়ে কয়।নিউজ১৮ ৰাইজিং ভাৰত ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
February 27th, 08:30 pm
আপোনালোক সকলোৱে ৰাইজিং ইণ্ডিয়া সম্পৰ্কে আলোচনা কৰি আছে। আৰু ইয়াত আপোনাসৱৰ গুৰুত্ব অভ্যন্তৰীণ শক্তিৰ ওপৰত-সৰল ভাষাত ক’বলৈ গ’লে আপোনালোকৰ গুৰুত্ব ৰাষ্ট্ৰৰ নিজৰ অন্তৰ্নিহিত সামৰ্থ্যৰ ওপৰত। আমাৰ শাস্ত্ৰত কোৱা হৈছে- ত ত্বম অসী!-যি আমি ব্ৰহ্মত বিচাৰো, সেয়া আমাৰ ভিতৰতে আছে, সেয়া আমি নিজেই। শক্তি আমাৰ ভিতৰতে নিহিত হৈ আছে আৰু আমি ইয়াক চিনি পাব লাগিব। বিগত ১১ বছৰত ভাৰতে সেই শক্তিকে স্বীকাৰ কৰিছে আৰু আজি ৰাষ্ট্ৰই ইয়াক সবলীকৰণৰ বাবে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেটৱৰ্ক১৮ ৰাইজিং ভাৰত ছামিট সম্বোধন কৰে
February 27th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাইজিং ভাৰত সন্মিলন সম্বোধনেৰে অভ্যন্তৰীণ শক্তি বিষয়ক কেন্দ্ৰ কৰি নিজৰ বক্তব্য আগবঢ়ায়। ভাৰতৰ বিগত ১১ বছৰৰ যাত্ৰাত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সম্ভাৱনাৰ পুনৰ উদ্ধাৰ, অৰ্থনৈতিক আত্ম-নিৰ্ভৰতা আৰু ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰতৰ বাবে ৰূপৰেখা সন্দৰ্ভত বিস্তৃত ভাষণ প্ৰদান কৰে।ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদান কৰা বিবৃতি
February 26th, 03:30 pm
মোক আৰু ভাৰতীয় প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে মই পুনৰবাৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।