ইণ্ডিয়া ষ্টীল ২০২৫ অনু্ষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

ইণ্ডিয়া ষ্টীল ২০২৫ অনু্ষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 24th, 02:00 pm

আজি আৰু অহা ২ দিনত আমি ভাৰতৰ উদিত খণ্ড, তীখা খণ্ডৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ ওপৰত বিস্তৃত আলোচনা কৰিবলৈ ওলাইছো। যিটো খণ্ড ভাৰতৰ প্ৰগতিৰ আধাৰ, যিটো উন্নত ভাৰতৰ শক্তিশালী ভেটি আৰু যিয়ে ভাৰতত বৃহৎ পৰিৱৰ্তনৰ নতুন কাহিনী লিখিছে। মই আপোনালোক সকলোকে ইণ্ডিয়া ষ্টীল ২০২৫ লৈ আদৰণি জনাইছো। মই নিশ্চিত যে এই অনুষ্ঠানে নতুন ধাৰণা ভাগ-বতৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে এক নতুন সুযোগৰ থলী হিচাপে কাম কৰিব। ইয়াৰ দ্বাৰা তীখা খণ্ডত নতুন অধ্যায়ৰ আৰম্ভণিৰ আধাৰ হিচাপে গঢ় লৈ উঠিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীত ভাষণ দিয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীত ভাষণ দিয়ে

April 24th, 01:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে মুম্বাইত ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীৰ সময়ত তেওঁৰ মন্তব্য আগবঢ়ায়। সমবেত সকলক সম্বোধন কৰি তেওঁ কয় যে অহা দুদিনৰ আলোচনাত ভাৰতৰ ‘সূৰ্যোদয় খণ্ড’- তীখা উদ্যোগৰ সম্ভাৱনা আৰু সুযোগ সন্দৰ্ভত গুৰুত্ব দিয়া হ'ব। তেওঁ মন্তব্য কৰে যে এই খণ্ডই ভাৰতৰ প্ৰগতিৰ ভেটি গঢ়ি তুলিছে, উন্নত ভাৰতৰ আধাৰ শক্তিশালী কৰিছে আৰু দেশত ৰূপান্তৰৰ এক নতুন অধ্যায় ৰচনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’লৈ সকলোকে আদৰণি জনায় আৰু বিশ্বাস ব্যক্ত কৰে যে এই অনুষ্ঠানটোৱে নতুন ধাৰণা সহভাগ কৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক উদগণি দিয়াৰ বাবে এক উত্ক্ষেপন মঞ্চ হিচাপে কাম কৰিব। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই অনুষ্ঠানটোৱে তীখা খণ্ডত এক নতুন অধ্যায়ৰ ভেটি স্থাপন কৰিব।

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এমএছএমই খণ্ডৰ ওপৰত বাজেট পৰৱৰ্তী তিনিখন ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এমএছএমই খণ্ডৰ ওপৰত বাজেট পৰৱৰ্তী তিনিখন ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ

March 04th, 01:00 pm

মোৰ কেবিনেটৰ সকলো সহকৰ্মী, বিত্ত আৰু অৰ্থনীতি বিশেষজ্ঞ, অংশীদাৰ, মহিলা আৰু ভদ্র লোকসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাজেট-পৰৱৰ্তি ‘ৱে’বিনাৰ’সমূহ সম্বোধন কৰে

March 04th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে বাজেট-পৰৱৰ্তি ‘ৱে’বিনাৰ’সমূহ সম্বোধন কৰে। ৱে’বিনাৰকেইখন বিকাশৰ ইঞ্জিন হিচাপে এমএছএমই; নিৰ্মাণ, ৰপ্তানি আৰু পাৰমাণৱিক শক্তি অভিযান; নিয়ামক, বিনিয়োগ আৰু ব্যৱসায় কৰাৰ স্বাচ্ছন্দ্য সম্পৰ্কীয় সংস্কাৰ শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত কৰা হৈছিল। অনুষ্ঠানত উপস্থিত সকলক সম্বোধন কৰি তেওঁ মন্তব্য কৰে যে নিৰ্মাণ আৰু ৰপ্তানিৰ ক্ষেত্ৰত বাজেটৰ পিছৰ ৱেবিনাৰসমূহ হৈছে যথেষ্ট গুৰুত্বপূৰ্ণ। এই বাজেট চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণ বাজেট বুলি উল্লেখ কৰি তেওঁ গুৰুত্ব আৰোপ কৰে যে এই বাজেটৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে ইয়াৰ বিতৰণ, যি প্ৰত্যাশাকো অতিক্ৰম কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে কেবাটাও ক্ষেত্ৰত চৰকাৰে বিশেষজ্ঞসকলে আশা কৰাতকৈ অধিক পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এইটোও উল্লেখ কৰে যে এই বাজেটত উৎপাদন আৰু ৰপ্তানি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।

‘এক ৰাষ্ট্ৰ এক সদস্যতা’ (ওএনওএছ)ৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে কেবিনেটে

November 25th, 08:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে পাণ্ডিত্যপূৰ্ণ গৱেষণা প্ৰবন্ধ আৰু জাৰ্নেল প্ৰকাশনৰ বাবে দেশজুৰি প্ৰৱেশানুকূলতা প্ৰদানৰ বাবে ‘এক ৰাষ্ট্ৰ এক সদস্যতা’ শীৰ্ষক এক নতুন কেন্দ্ৰীয় খণ্ডৰ আঁচনিলৈ অনুমোদন জনাইছে। আঁচনিখন এক সৰল, ব্যৱহাৰকাৰী অনুকূল আৰু সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰ জৰিয়তে পৰিচালনা কৰা হ'ব। এয়া চৰকাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় চৰকাৰৰ গৱেষণা আৰু গৱেষণা পৰীক্ষাগাৰৰ বাবে এক ৰাষ্ট্ৰ এক সদস্যতাৰ সুবিধা হ'ব।

১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ মুকলি পূৰ্ণাংগ সভাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

October 23rd, 05:22 pm

আৰু, আকৌ এবাৰ ব্ৰিকছত যোগদান কৰা সকলো নতুন বন্ধু ৰাষ্ট্ৰক উষ্ম আদৰণি জনাইছোঁ। নতুন ৰূপত ব্ৰিকছে বিশ্বৰ মানৱতাৰ ৪০ শতাংশ আৰু বিশ্ব অৰ্থনীতিৰ প্ৰায় ৩০ শতাংশ অংশ গ্ৰহণ কৰিছে।

উত্তৰ প্ৰদেশৰ নইডাত ছেমছাঙৰ ম’বাইল নিৰ্মাণ কাৰখানা মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

July 09th, 05:35 pm

ৰাষ্ট্ৰপতি আৰু মোৰ বন্ধু শ্ৰীমান মুন জায়ে–ইন ডাঙৰীয়া, ছেমছাঙৰ উপ অধ্যক্ষ জে’ ৱাই লী, কোৰিয়া আৰু ভাৰতৰ প্ৰতিনিধি তথা উপস্থিত গণ্যমান্যসকল৷

নয়দাত ম’বাইল নিৰ্মাণ কাৰখানা উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী, কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে

July 09th, 05:34 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু কোৰিয়াৰ ৰাষ্ট্ৰপতি শ্ৰীযুত মুন জেই-ইনে আজি নয়দাত ছেমছাং ইণ্ডিয়া ইলেক্ট্রনিক্স প্রাইভেট লিমিটেডৰ এক বৃহৎ ম’বাইল উৎপাদন কাৰখানা উদ্বোধন কৰে।