ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ভূটান ভ্ৰমণ সন্দৰ্ভত যুটীয়া বিবৃতি
November 12th, 10:00 am
এই ভ্ৰমণৰ সময়ত, প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ১১ নৱেম্বৰত চাংলিমিথাঙত মহামান্য চতুৰ্থ ড্ৰুক গ্যালপোৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে ভূটানৰ জনসাধাৰণৰ সৈতে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে থিম্ফুত চলি থকা বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱতো অংশগ্ৰহণ কৰে। ভূটানৰ মহামান্য ৰজাই এই উৎসৱৰ সময়ত ৰাজহুৱা পূজাৰ বাবে থিম্ফুলৈ ভাৰতৰ পৰা অহা ভগৱান বুদ্ধৰ পবিত্ৰ পিপৰাহৱা অৱশিষ্টসমূহৰ প্ৰশংসা কৰে।ভূটানৰ চতুৰ্থ ৰজাৰ সৈতে প্ৰধানমন্ত্ৰীৰ জনতাক আদৰণি আৰু বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱত অংশগ্ৰহণ
November 12th, 09:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত ভূটানৰ চতুৰ্থ ৰজা মহামান্য জিগমে সিংগিয়ে ৱাংচুকৰ সৈতে জনতাক আদৰণি জনায়।প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজাৰ সৈতে দৰ্শকক সম্ভাষণ জনায়
November 11th, 06:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত ভূটানৰ মহামহিম ৰজা জিগমে খেচাৰ নামগৱেল ৱাংচুকৰ সৈতে দৰ্শক ৰাইজক সম্ভাষণ জনায়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ অধিক বৰ্ধন আৰু সুদৃঢ়কৰণৰ উপায় সম্পৰ্কে মত-বিনিময় কৰে। তেওঁলোকে পাৰস্পৰিক স্বাৰ্থজনিত আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহতো আলোচনাত মিলিত হয়। মহামহিমে দিল্লীত সংঘটিত শোকাৱহ ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ আত্মাৰ সদগতি কামনা কৰে।ভূটানৰ ৰজাৰ জন্মদিন উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
November 11th, 12:00 pm
কিন্তু আজি মই এটা গধুৰ মনেৰে ইয়ালৈ আহিছোঁ। কালি সন্ধিয়া দিল্লীত সংঘটিত হোৱা ভয়ানক ঘটনাই আমাক সকলোকে গভীৰভাৱে বিচলিত কৰিছে। ইয়াত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালবৰ্গৰ মৰ্মবেদনা উপলব্ধি কৰিছোঁ। সমগ্ৰ ৰাষ্ট্ৰ আজি তেওঁলোকৰ শোকৰ সমভাগী হৈছে।ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
November 11th, 11:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূটানৰ থিম্পুৰ চাংলিমেথাং উদযাপন খেলপথাৰত ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু চতুৰ্থ ৰজা জিগমে সিংগিয়ে ৱাংচুকলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰাজপৰিয়ালৰ সন্মানীয় সদস্যসকল, ভূটানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত শ্বেৰিং ট'বগে আৰু উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তিসকলকো সন্মান জনায়।ভূটানলৈ যাত্ৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
November 11th, 07:28 am
মই ২০২৫ চনৰ ১১-১২ নৱেম্বৰত ভূটান ভ্ৰমণ কৰিম।