প্ৰধানমন্ত্ৰীয়ে ১৭ সংখ্যক ব্ৰিকছ সন্মিলনৰ পৰিবেশ, চিঅ’পি-৩০ আৰু বিশ্ব স্বাস্থ্য অধিবেশন সম্বোধন কৰে

July 07th, 11:38 pm

প্ৰধানমন্ত্ৰীয়ে আজি পৰিবেশ, চিঅ’পি-৩০ (COP-30) আৰু বিশ্ব স্বাস্থ্য বিষয়ক অধিবেশন সম্বোধন কৰে। এই অধিবেশনত ব্ৰিকছৰ সদস্য, অংশীদাৰ দেশ আৰু আমন্ত্ৰিত ৰাষ্ট্ৰসমূহে অংশগ্ৰহণ কৰে। তেখেতে ব্ৰাজিলক বিশ্বৰ ভৱিষ্যতৰ বাবে এনে অধিক গুৰুত্বপূৰ্ণ বিষয়সমূহত অধিবেশন আয়োজনৰ বাবে ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বাবে জলবায়ু পৰিৱৰ্তন কেৱল শক্তি সমস্যাৰে মোকাবিলাকৰণেই নহয়, বৰঞ্চ ই জীৱন আৰু প্ৰকৃতিৰ মাজত ভাৰসাম্যতা ৰক্ষাকো সূচিত কৰে। তেখেতে কয় যে ভাৰতে জলবায়ু ন্যায়ক নৈতিক দায়িত্ব হিচাপে গ্ৰহণ কৰিছে আৰু সেয়ে পালন কৰিব। পৰিবেশ কাৰ্য্যৰ প্ৰতি ভাৰতৰ গভীৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখেৰে তেখেতে জনসমৰ্থক আৰু গ্ৰহ সমৰ্থক বিকাশ আৰু উন্নয়নক প্ৰসাৰিতকৰণৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰাজি সম্পৰ্কে বিশদভাৱে কয়, যেনেঃ আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট, দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি মিত্ৰজোঁট, গ্ল’বেল বাঅ’ফুৱেলছ এলায়েন্স, আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স, মিছন লাইফ, এক পেড় মা কে নাম [মাতৃৰ বাবে এটি গছপুলি] আদি।

ব্ৰিকছ সন্মিলনত পৰিৱেশ, COP-30, আৰু গ্ল’বেল হেল্থ বিষয়ক প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 07th, 11:13 pm

মই অতি আনন্দিত যে ব্ৰাজিলৰ অধ্যক্ষতাত ব্ৰিকছে পৰিৱেশ আৰু স্বাস্থ্য সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহক গুৰুত্বসহকাৰে অগ্ৰাধিকাৰ দিছে। এই বিষয়সমূহ কেৱল আন্তঃসংলগ্নই নহয়, মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ।