মুম্বাইত ষষ্ঠ গ্লবেল ফিনটেক ফেষ্টত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 09th, 02:51 pm
শেষবাৰৰ বাবে যেতিয়া মই এই অনুষ্ঠানত অংশ লৈছিলো, তেতিয়াও ২০২৪ চনৰ নিৰ্বাচন বাকী আছিল। কিন্তু সেইদিনা মই পৰৱৰ্তী অনুষ্ঠানত থাকিম বুলি কৈছিলো আৰু আপোনালোক সকলোৱে আটাইতকৈ জোৰেৰে হাত চাপৰি বজাইছিল আৰু ইয়াত বহি থকা সেই ৰাজনীতি বিজ্ঞানীসকলে মোদী আহিব বুলি ধৰি লৈছিল।মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 09th, 02:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ আগবঢ়ায়। মুম্বাইত উপস্থিত সকলোকে উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে মুম্বাইক শক্তিৰ চহৰ, উদ্যোগৰ চহৰ, আৰু অন্তহীন সম্ভাৱনাৰ চহৰ বুলি অভিহিত কৰে। তেওঁ বিশেষভাৱে তেওঁৰ বন্ধু প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী কেইৰ ষ্টাৰমাৰ আৰু গ্ল’বেল ফিনটেক ফেষ্টিভেলত তেওঁৰ উপস্থিতিৰ বাবে আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সময় উলিওৱা বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
October 09th, 11:25 am
প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণৰ বাবে আজি মুম্বাইত আদৰণি জনাবলৈ পাই মই আনন্দিত হৈছো।প্ৰধানমন্ত্ৰীয়ে ৮-৯ অক্টোবৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব
October 07th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮-৯ অক্টোবৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী নৱী মুম্বাইত উপস্থিত হ’ব আৰু আবেলি প্ৰায় ৩ বজাত তেখেতে নৱ-নিৰ্মিত নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিদৰ্শন কৰিব। ইয়াৰ পিছত প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ লগতে মুম্বাইৰ ভিন্ন প্ৰকল্পৰ শুভাৰম্ভ আৰু উৎসৰ্গা কৰিব। তেখেতে লগতে সমবেতসকলক সম্বোধন কৰিব।মুম্বাইত অনুষ্ঠিত ‘ৱেভছ’ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
May 01st, 03:35 pm
আজি গুজৰাটৰো প্ৰতিষ্ঠা দিৱস, সমগ্ৰ বিশ্বতে বিয়পি থকা সকলো গুজৰাটী ভাই-ভনীলৈকো ‘গুজৰাট প্ৰতিষ্ঠা দিৱস’ৰ শুভকামনা জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱেভছ, ২০২৫ উদ্বোধন কৰে
May 01st, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেন্টাৰত ভাৰতৰ প্ৰথম বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES 2025) উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে তেখেতে আজি উদযাপন কৰা মহাৰাষ্ট্ৰ দিৱস আৰু গুজৰাট দিৱস উপলক্ষে সকলোকে সম্ভাষণ জনায়। সৃষ্টিশীল উদ্যোগৰ সকলো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গণ্যমান্য ব্যক্তি, ৰাষ্ট্ৰদূত আৰু নেতৃবৃন্দৰ উপস্থিতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সমাৱেশৰ তাৎপৰ্য্যত আলোকপাতেৰে কয় যে ইয়াত ১০০ খনৰো অধিক দেশৰ শিল্পী, উদ্ভাৱক, বিনিয়োগকাৰী, নীতি নিৰ্ধাৰকসকল একত্ৰিত হৈ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ এক বৈশ্বিক বাতাবৰণৰ ভেটি স্থাপন কৰিছে। “ৱেভছ কেৱল এক সংক্ষিপ্ত ৰূপেই নহয়, বৰঞ্চ এয়া সংস্কৃতি, সৃষ্টিশীলতা আৰু সৰ্বজনীন সংযোগৰ ঢৌ”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই সন্মিলনে চলচ্চিত্ৰ, মিউজিক, গেমিং, এনিমেচন আৰু কাহিনী কথনৰ বিস্তৃত জগতখনক প্ৰদৰ্শন কৰিছে। শিল্পী আৰু ক্ৰিয়েটৰসকলক সংযোগ আৰু তেওঁলোকৰ মাজত সহযোগিতাৰ অৰ্থে এখনি বৈশ্বিক মঞ্চ প্ৰশস্ত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঐতিহাসিক অনুষ্ঠানত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীকে অভিনন্দন জ্ঞাপনৰ লগতে ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথিসকলক উষ্ম আদৰণি জনায়।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰত ৪ৰ্থ বিশ্ব নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু এক্সপ' (RE-INVEST) উদ্বোধন কৰে
September 16th, 11:30 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰস্থিত মহাত্মা মন্দিৰত ৪ৰ্থ বিশ্ব নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু এক্সপ’ (RE-INVEST) উদ্বোধন কৰে। ৩-দিনীয়া এই সন্মিলনত ভাৰতৰ ২০০ জিৱাটৰো অধিক সংস্থাপিত অ-জীৱাশ্ম ইন্ধন ক্ষমতাৰ উল্লেখযোগ্য কৃতিত্বৰ গুৰুত্বপূৰ্ণ অৱদানকাৰীসকলক সন্মান জনোৱা হয়। শ্ৰী মোদীয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কোম্পানী, ষ্টাৰ্ট-আপ আৰু উদ্যোগৰ প্ৰধান প্লেয়াৰসমূহৰ অত্যাধুনিক উদ্ভাৱনৰাজিক থূপাই প্ৰদৰ্শন কৰা প্ৰদৰ্শনীখনো প্ৰত্যক্ষ কৰে।PM Modi inaugurates 4th Global Renewable Energy Investor’s Meet and Expo (RE-INVEST) in Gandhinagar, Gujarat
September 16th, 11:11 am
Prime Minister Narendra Modi inaugurated the 4th Global Renewable Energy Investor’s Meet and Expo (RE-INVEST) in Gandhinagar, Gujarat. The summit celebrates India's achievement of over 200 GW of non-fossil fuel capacity. The PM said that India's persity, scale, capacity, potential and performance are all unique and pave the way for Indian solutions for global applications.মুম্বাইত অনুষ্ঠিত ‘গ্লোবেল ফিনটেক ফেষ্ট’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
August 30th, 12:00 pm
‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ ‘গভৰ্ণৰ’ শ্ৰীযুত শক্তিকান্ত দাস জী, ক্ৰিছ গোপালকৃষ্ণন জী, নিয়ন্ত্ৰকসমূহৰ সদস্য, বিত্ত উদ্যোগসমূহৰ নেতা, ‘ফিনটেক’ আৰু ‘ষ্টাৰ্ট-আপ বিশ্ব’ৰ মোৰ সহকৰ্মীসকল, গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ‘গ্লোবেল ফিনটেক ফেষ্ট’ (জিএফএফ) ২০২৪ ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে
August 30th, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইৰ জিঅ' বিশ্ব সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ‘গ্লোবেল ফিনটেক ফেষ্ট’ (জিএফএফ) ২০২৪ ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীখনো পদব্ৰজে পৰিদৰ্শন কৰে। ‘ভাৰতীয় পৰিশোধ পৰিষদ’, ‘ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগম’ আৰু ‘ফিনটেক কনভাৰ্জেঞ্চ কাউন্সিল’-য়ে যুটীয়াভাৱে ‘জিএফএফ’-ৰ আয়োজন কৰিছে আৰু ইয়াৰ লক্ষ্য হৈছে ‘ফিনটেক জগত’ত ভাৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰদৰ্শন কৰা আৰু খণ্ডটোৰ মুখ্য অংশীদাৰসকলক একত্ৰিত কৰা।প্ৰধানমন্ত্ৰীয়ে ৩০ আগষ্টত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব
August 29th, 04:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ আগষ্ট, ২০২৪ত মহাৰাষ্ট্ৰৰ মুম্বাই আৰু পালঘৰ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনচন চেন্টাৰত গ্ল'বেল ফিনটেক ফেষ্ট (GFF), ২০২৪ৰ কাৰ্য্যসূচী সম্বোধন কৰিব। ইয়াৰ পিছত প্ৰায় দিনৰ ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে পালঘৰৰ চিডকো খেলপথাৰত ভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।