ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত ভাৰত-নেদাৰলেণ্ডৰ যুটীয়া বিবৃতি
May 17th, 03:45 am
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬-১৭ মে’ত এক চৰকাৰী ভ্ৰমণসূচীৰে নেদাৰলেণ্ডত উপস্থিত হয়। এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো নেদাৰলেণ্ড ভ্ৰমণ।নেদাৰলেণ্ডত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
May 16th, 01:30 pm
ইমান মৰম। ইমান উৎসাহ। সঁচা কথা ক’বলৈ গ’লে ক্ষন্তেক সময়ৰ বাবে মই প্ৰায় পাহৰি গৈছিলো যে মই নেদাৰলেণ্ডত আছো। এনে লাগে যেন ভাৰতৰেই ক’ৰবাত কিবা এটা উৎসৱ চলি আছে!নেদাৰলেণ্ডত প্ৰবাসী ভাৰতীয়সমাজ'ক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
May 16th, 01:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেগত ভাৰতীয় সম্প্ৰদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে। নেদাৰলেণ্ডত উপস্থিত হোৱাৰ পিছতে প্ৰবাসী ভাৰতীয়সমাজ আৰু ভাৰতৰ বন্ধুসকলৰ এক বৃহৎ সমাৱেশে তেওঁক উষ্ম আদৰণি জনায়।গুজৰাটৰ ভাব-থাৰাদত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 31st, 05:00 pm
মাত্ৰ কেইদিনমান পূৰ্বে পবিত্ৰ নৱৰাত্ৰি উৎসৱ সমাপ্ত হৈছে। এইটো মা অম্বাজীৰ অনুগ্ৰহ যে মই আজি তেওঁৰ চৰণলৈ অহাৰ সৌভাগ্য লাভ কৰিলো। আজি তেওঁৰ অনুগ্ৰহৰ দ্বাৰা মই আপোনালোক সকলোকে মোৰ নিজৰ পৰিয়ালৰ সদস্যসকলক দেখাৰ সুবিধা পাইছো। মই মা অম্বাজীৰ চৰণত প্ৰণিপাত জনাইছো। ভগৱান শ্ৰী ধৰণীধৰজী, ‘মুখড়া কৃষ্ণ’ৰ ওচৰতো আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। এইটোও এক আনন্দদায়ক কাকতালীয় ঘটনা যে আজি আমি ভগৱান মহাবীৰ জয়ন্তীও উদযাপন কৰিছো। আমাৰ এই অঞ্চলটো বহু জৈন তীৰ্থযাত্ৰাৰ ভূমি। মই ভগৱান মহাবীৰৰ প্ৰতি প্ৰণাম জনাইছো আৰু লগতে পবিত্ৰ মহাবীৰ জন্ম কল্যাণক দিৱস, মহাবীৰ জয়ন্তীত আপোনালোক সকলোকে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ ভাৱ-থাৰাদত ২০,০০০কোটি টকাতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা
March 31st, 04:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বানাচকাণ্ঠা জিলাৰ ভাৱ-থাৰাদত এখন ৰাজহুৱা সভাত ভাষণ দিয়ে, য’ত তেওঁ উত্তৰ গুজৰাটৰ বাবে প্ৰায় ২০,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পবিত্ৰ নৱৰাত্ৰি উৎসৱ অলপতে সমাপ্ত হয় আৰু সেই দিনটোত ভগৱান মহাবীৰ জয়ন্তীও আছিল, প্ৰধানমন্ত্ৰীয়ে মা আম্বাজী আৰু ভগৱান শ্ৰী ধৰণীধৰজীলৈ শ্ৰদ্ধা নিবেদন কৰে।দিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদদিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
March 08th, 03:54 pm
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, দিল্লীৰ লেফটেনেন্ট গৱৰ্ণৰ বিনয় ছাক্সেনা জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ মনোহৰ লাল জী, হৰ্ষ মালহোত্ৰ জী, টোখান চাহু জী, ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, সকলো সন্মানীয় সাংসদ, সন্মানীয় বিধায়ক আৰু দিল্লীৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰে
March 08th, 10:26 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে “আজি আমি সকলো ইয়াত একত্ৰিত হৈ দিল্লীৰ উন্নয়নক এক নতুন গতি প্ৰদান কৰিছো” বুলি কয়।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ইণ্ডিয়া চিপ লিমিটেডৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 21st, 05:30 pm
আজি ভাৰতে বিকাশৰ লক্ষ্যৰে দ্ৰুতগতিত কাম কৰি আছে। আৰু মই লালকিল্লাৰ পৰাও কৈছো যে ভাৰতৰ এতিয়া থমকি ৰ'বলৈ সময় নাই। ২০২৬ চনৰ আৰম্ভণিৰ পৰা ভাৰতে ইয়াৰ গতি আৰু অধিক বৃদ্ধি কৰিছে। ১২ জানুৱাৰীত দেশৰ লাখ লাখ যুৱক-যুৱতীয়ে বিকশিত ভাৰত যুৱ নেতা সন্মিলনত অংশগ্ৰহণ কৰিছিল। ১৬ জানুৱাৰীত আমি ভাৰতৰ ষ্টাৰ্টআপ বিপ্লৱক নতুন শক্তি প্ৰদান কৰি ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস পালন কৰিছিলো। তাৰপাছত আহিল বাজেট, যিয়ে বিকশিত ভাৰতক নতুন গতি প্ৰদান কৰিলে আৰু এতিয়া এই সপ্তাহটো ভাৰতৰ বাবে ঐতিহাসিক হিচাপে প্ৰমাণিত হৈছে। বিশ্ব এআই ইম্পেক্ট ছামিটত বিশ্বৰ বহু দেশৰ ৰাষ্ট্ৰপ্ৰধান, প্ৰযুক্তি জগতৰ অগ্ৰণী ব্যক্তি দিল্লীত সমবেত হৈছে। এই সন্মিলনত বিশ্বই ভাৰতৰ এআইৰ সম্ভাৱনীয়তা দেখিছে, আমাৰ দৃষ্টিভংগী বুজি পাইছে আৰু প্ৰশংসা কৰিছে।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰপ্ৰদেশত এইচচিএল-ফক্সকনৰ অৰ্ধপৰিবাহী ইউনিটৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 21st, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰপ্ৰদেশত এইচচিএল-ফক্সকনৰ অৰ্ধপৰিবাহী ইউনিটৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। নতুন দিল্লীত অনুষ্ঠিত বিশ্ব এআই ইম্পেক্ট ছামিটৰ পিছত এই অনুষ্ঠানটো ভাৰতৰ অৰ্ধপৰিবাহী ক্ষেত্ৰৰ এক বিশ্ব কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ যাত্ৰাত এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।ই টি নাও গ্ল’বেল বিজনেছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
February 13th, 08:30 pm
গ্ল’বেল বিজনেছ ছামিটলৈ আপোনালোক সকলোকে স্বাগতম; আপোনালোক প্ৰত্যেককে মই শুভেচ্ছা জনাইছো। আমি ইয়াত “বিঘিনিৰ এটা দশক, পৰিৱৰ্তনৰ এটা শতিকা” বিষয়টো আলোচনা কৰিবলৈ আহিছো। বিনীতজীৰ ভাষণ শুনাৰ পাছত অনুভৱ কৰোঁ মোৰ কামটো বহুত সহজ হৈ পৰিছে৷ কিন্তু এটা সৰু অনুৰোধ কৰিম : যিহেতু আপুনি ইমানখিনি জানে, গতিকে আপুনি অন্ততঃ কেতিয়াবা ইটিত উপস্থিত হোৱা উচিত।ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
February 13th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ল’বেল বিজনেছ ছামিটত উপস্থিত থকা সকলোকে শুভেচ্ছা জ্ঞাপন কৰি, ‘এটা দশক প্ৰতিবন্ধকতা, পৰিৱৰ্তনৰ এটা শতক’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত মন্তব্য কৰে। তেওঁ আলোকপাত কৰে যে একবিংশ শতিকাৰ বিগত দশকত গোলকীয় মহামাৰী, বিভিন্ন অঞ্চলত উত্তেজনা আৰু যুদ্ধ তথা যোগান শৃংখলৰ বিচ্ছিন্নতাই বিশ্বৰ ভাৰসাম্য কঁপাই তোলাকে ধৰি অভূতপূৰ্ব বিঘিনি ঘটিছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে সংকটে এখন ৰাষ্ট্ৰৰ প্ৰকৃত শক্তি উন্মোচন কৰে আৰু তেওঁ গৌৰৱ প্ৰকাশ কৰে যে এই প্ৰত্যাহ্বানসমূহৰ মাজতো ভাৰত এই দশকটোত উল্লেখযোগ্য উন্নয়ন, অসাধাৰণ ডেলিভাৰী আৰু গণতন্ত্ৰৰ শক্তিশালীকৰণৰ দ্বাৰা চিহ্নিত হৈছে। শ্ৰী মোদীয়ে স্মৰণ কৰে যে যেতিয়া যোৱা দশক আৰম্ভ হৈছিল তেতিয়া ভাৰত একাদশ বৃহত্তম অৰ্থনীতি আছিল আৰু অস্থিৰতাৰ মাজত ইয়াৰ অৱনতি ঘটাৰ আশংকা আছিল। কিন্তু আজি ভাৰত দ্ৰুতগতিত আগবাঢ়ি গৈ বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। পৰিৱৰ্তিত শতিকাৰ বাবে ভাৰত এক প্ৰধান ভেটি হ’ব বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে বৰ্তমান ভাৰতে বিশ্বৰ উন্নয়নত ষোল্ল শতাংশতকৈ অধিক অৰিহণা যোগাইছে আৰু এই অৱদান বছৰৰ পিছত বছৰ ধৰি বৃদ্ধি পাই থাকিব বুলি তেওঁ বিশ্বাস প্ৰকাশ কৰে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে বিশ্বৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰসৰ হব আৰু বিশ্ব অৰ্থনীতিৰ নতুন ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিব।উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৫ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 03rd, 11:00 am
দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং জী, ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ সুদ, ন'বেল বঁটা বিজয়ী ছাৰ আন্দ্ৰে গেইম, আমাৰ মাজত উপস্থিত সকলো বিজ্ঞানী, উদ্ভাৱক, শিক্ষাবিদ, দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ পুৰুষ-মহিলাসকল!উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 03rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন (এছটিআইচি) ২০২৫ত ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশ-বিদেশৰ বিজ্ঞানী, উদ্ভাৱক, শিক্ষাবিদ আৰু অন্যান্য বিশিষ্ট অতিথিসকলক আদৰণি জনায়। আইচিচি মহিলা বিশ্বকাপ ২০২৫ত ভাৰতৰ উল্লেখনীয় বিজয়ৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতীয় ক্ৰিকেট দলৰ সফলতাত সমগ্ৰ দেশবাসী উৎফুল্লিত হৈছে। তেওঁ ভাৰতৰ প্ৰথম মহিলা বিশ্বকাপ বিজয়ৰ কথা উল্লেখ কৰি মহিলা ক্ৰিকেট দলটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশবাসী তেওঁলোকৰ বাবে গৌৰৱান্বিত আৰু তেওঁলোকৰ সাফল্যই দেশৰ লাখ লাখ যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।২৩.০২.২০২৫ত ‘মন কী বাত’ৰ ১১৯সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 23rd, 11:30 am
মন কী বাতলৈ সকলোকে স্বাগতম জনাইছো। বৰ্তমান চেম্পিয়নছ ট্ৰফী চলি আছে আৰু সকলোতে ক্ৰিকেটৰ এক পৰিৱেশ বিৰাজ কৰিছে। ক্ৰিকেটত এটা শতকৰ ৰোমাঞ্চৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু আজি আমি ক্ৰিকেটৰ কথা নকওঁ, মহাকাশত ভাৰতে যি অসাধাৰণ শতক অৰ্জন কৰিছে, সেই অসাধাৰণ শতকৰ কথাহে আলোচনা কৰিম। যোৱা মাহত ইছৰোৰ ১০০সংখ্যক ৰকেট উৎক্ষেপণৰ সাক্ষী হৈছিল দেশবাসী। এয়া কেৱল এক সংখ্যা নহয়, ই মহাকাশ বিজ্ঞানত দৈনিক নতুন উচ্চতাত উপনীত হোৱাৰ আমাৰ সংকল্পক প্ৰতিফলিত কৰিছে। আমাৰ মহাকাশ যাত্ৰা অতি সহজভাৱে আৰম্ভ হৈছিল। প্ৰতিটো খোজতে প্ৰত্যাহ্বান আহিছিল যদিও আমাৰ বিজ্ঞানীসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি আগবাঢ়ি গ’ল। সময়ৰ লগে লগে এই মহাকাশ অভিযানসমূহত আমাৰ সফলতাৰ তালিকাখন দীঘলীয়া হৈ আহিল। উৎক্ষেপণ বাহনৰ নিৰ্মাণেই হওক, চন্দ্ৰযান, মংগল অৰ্বিটাৰ, আদিত্য এল-১ৰ সফলতাই হওক বা এটা ৰকেট ব্যৱহাৰ কৰি একে সময়তে ১০৪টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ অভূতপূৰ্ব অভিযানেই হওক– ইছৰোৰ সাফল্য দিনক দিনে বাঢ়িছে। কেৱল যোৱা দহ বছৰত আন দেশৰ বহু উপগ্ৰহকে ধৰি প্ৰায় ৪৬০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। শেহতীয়া সময়ৰ আন এটা বৈশিষ্ট্য হ’ল আমাৰ মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। মহাকাশৰ ক্ষেত্ৰখন আজি আমাৰ যুৱক-যুৱতীসকলৰ বাবে অতি আকৰ্ষণীয় হৈ পৰা দেখি মই অতিশয় আনন্দিত হৈছো।ভাৰ্চুৱেল জি-২০ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীৰ সামৰণি বক্তব্য (২২ নৱেম্বৰ, ২০২৩)
November 22nd, 09:39 pm
মই আকৌ এবাৰ আপোনালোক সকলৰে বহুমূলীয়া বিচাৰৰ শলাগ লৈছোঁ। আপোনালোক সকলোৱে, যি মুক্ত মনেৰে নিজৰ কথা উপস্থাপন কৰিলে, তাৰ বাবে মই হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।ভাৰ্চুৱেল জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণ
November 22nd, 06:37 pm
মোৰ আমন্ত্ৰণ গ্ৰহণ কৰি আজি এই সন্মিলনত যোগদান কৰাৰ বাবে আপোনালোক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো। ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোক সকলোকে আন্তৰিকতাৰে আদৰণি জনোৱা হ'ল।