বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে লোকসভাত বিশেষ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

December 08th, 12:30 pm

এয়া এনে এক সময় য'ত ইতিহাসৰ বহুতো অনুপ্ৰেৰণাদায়ক অধ্যায় আমাৰ সন্মুখত পুনৰ উন্মোচিত হৈছে। আমি আমাৰ সংবিধানৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিছো। আজি দেশবাসীয়ে চৰ্দাৰ বল্লভভাই পেটেল আৰু ভগৱান বিৰছা মুণ্ডাৰ ১৫০সংখ্যক জয়ন্তী পালন কৰিছে আৰু অলপতে আমি গুৰু টেগ বাহাদুৰজীৰ ৩৫০সংখ্যক বলিদান দিৱস পালন কৰাৰ লগতে আজি আমি বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি সদনৰ এক সামূহিক শক্তি উপলব্ধি কৰাৰ প্ৰয়াস কৰিছো। ১৫০বছৰীয়া বন্দে মাতৰমৰ এই যাত্ৰা বিভিন্ন পৰ্যায়ত হৈছে।

লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ প্ৰদান

December 08th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সামূহিক আলোচনাৰ পথ বাছনি কৰাৰ বাবে সদনৰ সকলো সন্মানীয় সদস্যক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে ত্যাগ আৰু তপস্যাৰ পথ প্ৰদৰ্শন কৰি ৰাষ্ট্ৰৰ স্বাধীনতা আন্দোলনক শক্তি প্ৰদান আৰু অনুপ্ৰাণিত কৰা মন্ত্ৰ তথা স্পষ্ট আহ্বানেৰে বন্দে মাতৰমক স্মৰণ কৰা হৈছে আৰু ই সদনৰ সকলোৰে বাবে এক বৃহৎ বিশেষত্ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশখনে ১৫০ বছৰীয়া বন্দে মাতৰমৰ ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হোৱাটো গৌৰৱৰ বিষয়। তেওঁ কয় যে এই সময়ছোৱাই আমাৰ সন্মুখত ইতিহাসৰ অগণন ঘটনা কঢ়িয়াই আনিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই আলোচনাত কেৱল সদনৰ প্ৰতিশ্ৰুতিয়েই প্ৰতিফলিত নহয়, বৰঞ্চ সকলোৱে সামূহিকভাৱে ইয়াৰ উচিত ব্যৱহাৰ কৰিলে ভৱিষ্যৎ প্ৰজন্মৰ বাবে শিক্ষাৰ উৎস হিচাপেও কাম কৰিব পাৰিব।

হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

December 06th, 08:14 pm

হিন্দুস্তান টাইমছ সন্মিলনত ভাৰত আৰু বিদেশৰ ভালে কেইগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিছে। মই আয়োজকবৃন্দ আৰু মতামত আগবঢ়োৱা সকলো সতীৰ্থকে অভিনন্দন জনাইছো। শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, এয়া মই শুনিলো। প্ৰথমে তেওঁ কৈছে যে যোৱাবাৰ মোদী জীয়ে ভ্ৰমণ কৰোতে তেওঁ এই পৰামৰ্শ প্ৰদান কৰিছিল। এই দেশৰ কোনেও মিডিয়া হাউচক নিজৰ কাম কৰিবলৈ ক’বলৈ সাহস নকৰে। কিন্তু মই কৈছিলো আৰু মই সুখী যে শোভানা জী আৰু তেওঁৰ টীমটোৱে এই কামটো অতিশয় উৎসাহেৰে কৰিলে। আৰু মই ক্ষন্তেক পূৰ্বে প্ৰদৰ্শনীখন চালো, সেয়ে মই সকলোকে প্ৰদৰ্শনীখন চাবলৈ আহ্বান জনাইছো। এই ফটোগ্ৰাফাৰ বন্ধুসকলে এই মুহূৰ্তটোক এনেদৰে বন্দী কৰিছে যে মুহূৰ্ততো স্মৰণীয় হৈ উঠিছে। দ্বিতীয়তে তেওঁ কৈছিল আৰু মই মাত্ৰ কথাটো বুজিবলৈ চেষ্টা কৰিছো, তেওঁ ক'ব পাৰিলেহেঁতেন, আপুনি দেশৰ সেৱা কৰি যাওক। কিন্তু ইয়াৰ পৰিৱৰ্তে হিন্দুস্তান টাইমছে কৈছিল, আপুনি দেশৰ সেৱা কৰি যাওক। ইয়াৰ বাবেও মই মোৰ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে

December 06th, 08:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে। ইয়াত ভাষণ প্ৰদানেৰে তেওঁ এই সন্মিলনত ভাৰত আৰু বিদেশৰ ভালেসংখ্য বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে আয়োজক আৰু চিন্তাধাৰা ব্যক্ত কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, যি কথা তেওঁ মনোযোগেৰে শুনিছে। প্ৰথমটো আছিল তেওঁৰ পূৰ্বৰ ভ্ৰমণ সম্পৰ্কীয়। তেওঁ এটা পৰামৰ্শ প্ৰদান কৰিছিল। মিডিয়া হাউছৰ ক্ষেত্ৰত এয়া বিৰল যদিও তেওঁ পৰামৰ্শ দিছিল। শোভানা জী আৰু টীমটোৱে উৎসাহেৰে সম্পন্ন কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰদৰ্শনীখন দৰ্শনৰ সময়ত তেওঁ প্ৰত্য়ক্ষ কৰিছিল যে ফটোগ্ৰাফাৰসকলে এনেদৰে মুহূৰ্তসমূহ বন্দী কৰিছিল যে সেই মুহূৰ্তসমূহ স্মৰণীয় হৈ পৰিছিল আৰু তেওঁ সকলোকে এয়া চাবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে শোভানা জীৰ দ্বিতীয়টো কথা সন্দৰ্ভত মন্তব্য প্ৰদানেৰে কেৱল তেৱেঁই নহয়, বৰঞ্চ হিন্দুস্তান টাইমছেও একেদৰেই ৰাষ্ট্ৰক সেৱা কৰি যাব লাগে বুলি কোৱা বুলি ব্যাখ্যা কৰে, ইয়াৰ বাবে তেওঁ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে।

নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

December 05th, 03:45 pm

মই বিশ্বাস কৰোঁ যে আজি ইমান বৃহৎ প্ৰতিনিধি দলৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাটো ৰাষ্ট্ৰপতি পুটিনৰ এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল। আৰু মই আপোনালোক সকলোকে অন্তৰৰ পৰা আদৰণি জনাইছো আৰু আপোনালোক সকলোৰে মাজত উপস্থিত থকাটো মোৰ বাবে অতি আনন্দৰ কথা। এই মঞ্চত যোগদান কৰি তেওঁৰ বহুমূলীয়া অন্তৰ্দৃষ্টি শ্বেয়াৰ কৰাৰ বাবে মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ব্যৱসায়ৰ বাবে সৰলীকৃত ভৱিষ্যদ্বাণীযোগ্য প্ৰক্ৰিয়া সৃষ্টি কৰা হৈছে। ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ হৈছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সৈতে ভাৰত – ৰাছিয়া ব্যৱসায়িক মঞ্চত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

December 05th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত ভাষণ আগবঢ়ায়। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিন, ভাৰত আৰু বিদেশৰ নেতা আৰু সকলো বিশিষ্ট অতিথিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চ ৰাষ্ট্ৰপতি পুটিনৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ প্ৰতিফলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে লৈ আহিছে বৃহৎ প্ৰতিনিধি দল। তেওঁ সকলো অংশগ্ৰহণকাৰীক উষ্ম আদৰণি জনাই তেওঁলোকৰ মাজত থাকিবলৈ পাই তেওঁ সুখী বুলি কয়। শ্ৰী মোদীয়ে তেওঁৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক মঞ্চত যোগদান কৰি তেওঁৰ বহুমূলীয়া চিন্তাধাৰা শ্বেয়াৰ কৰাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ দৃঢ়তাৰে কয় যে ব্যৱসায় কৰাৰ বাবে সৰলীকৃত আৰু পূৰ্বানুমানযোগ্য প্ৰক্ৰিয়া সৃষ্টি কৰা হৈছে আৰু ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ হৈছে।

সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰাকক্ষণত সংবাদ মাধ্যমত প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ পূৰ্ণপাঠ

December 01st, 10:15 am

এই শীতকালীন অধিৱেশন কেৱল এক অনুষ্ঠান নহয়। বৰঞ্চ ই ৰাষ্ট্ৰৰ প্ৰগতিক ত্বৰান্বিতকৰণৰ বাবে অব্যাহত প্ৰচেষ্টাৰাজিক শক্তিশালী কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ভাৰতে গণতন্ত্ৰৰ জীৱন-যাপন কৰি আহিছে আৰু গণতন্ত্ৰৰ প্ৰতি বিশ্বাস দৃঢ় কৰি তোলা ধৰণেৰে নিজৰ উদ্যম আৰু উৎসাহ বাৰে-বাৰে প্ৰদৰ্শন কৰি আহিছে। শেহতীয়া বিহাৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটাৰৰ ভোটদান কাৰ্য্যই গণতন্ত্ৰৰ সৰ্বাধিক শক্তিকে প্ৰতিফলিত কৰিছে। ইয়াত মাতৃ-ভগ্নীসকলৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণে নতুন আশা আৰু আত্মবিশ্বাসৰ সৃষ্টি কৰে। এই গণতান্ত্ৰিক ব্যৱস্থাৰ ভিতৰত গণতন্ত্ৰৰ শক্তি আৰু শক্তিশালী অৰ্থনীতিক বিশ্বই গভীৰভাৱে নিৰীক্ষণ কৰি আছে। গণতন্ত্ৰই যে প্ৰদান কৰিব (Deliver) পাৰে, সেই কথা ভাৰতে প্ৰমাণ কৰিছে। এখনি উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত ভাৰতৰ অৰ্থনীতিয়ে যি গতিৰে নতুন শিখৰত আৰোহণ কৰিছে, যি দৰে আমাৰ মাজত নতুন আত্মবিশ্বাস আৰু সামৰ্থ্যৰ বীজ সিঁচিছে, এয়াই কেৱল নতুন আত্মবিশ্বাসৰ প্ৰেৰণা যোগোৱাই নহয়, বৰঞ্চ নতুন শক্তিও প্ৰদান কৰিছে।

২০২৫-ৰ শীতকালীন অধিৱেশনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য

December 01st, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনৰ চৌহদত ২০২৫-ৰ শীতকালীন অধিৱেশনৰ প্ৰাকক্ষণত সংবাদ মাধ্যমক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অধিৱেশন কেৱল এক অনুষ্ঠান নহয়, বৰঞ্চ ৰাষ্ট্ৰখনৰ দ্ৰুত অগ্ৰগতিৰ দিশত অব্যাহত থকা যাত্ৰাৰ বাবে নৱীকৃত শক্তিৰ এক গুৰুত্বপূৰ্ণ উৎস। শ্ৰী মোদীয়ে লগতে কয়, “এই শীতকালীন অধিৱেশনে ৰাষ্ট্ৰখনক অধিক দ্ৰুতগতিত আগুৱাই নিবলৈ আমাৰ প্ৰচেষ্টাত নতুন শক্তিৰ সঞ্চাৰ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস।“

শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 28th, 03:35 pm

শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ২৪ সংখ্যক মহন্ত শ্ৰীমদ বিদ্যাধীশ তীৰ্থ স্বামীজী, মাননীয় ৰাজ্যপাল শ্ৰী অশোক গজপতি ৰাজু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ভ্ৰাতৃ প্ৰমোদ সাৱন্ত জী, মঠ কমিটিৰ অধ্যক্ষ শ্ৰী শ্ৰীনিবাস ডেম্পো জী, উপাধ্যক্ষ শ্ৰী আৰ.আৰ. কামাত জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থসকল শ্ৰী শ্ৰীপদ নাইক জী আৰু দিগম্বৰ কামাত জী। আন-আন সকলো বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে

November 28th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই পবিত্ৰ অনুষ্ঠানত ভাগ লৈ তেওঁৰ মন গভীৰ প্ৰশান্তিৰে ভৰি পৰিছে। তেওঁ কয় যে সন্তসকলৰ সান্নিধ্যত অৱস্থান কৰাটো এক আধ্যাত্মিক অভিজ্ঞতা। ইয়াত উপস্থিত থকা ভালে সংখ্যক ভক্তই এই মঠৰ শতিকা পুৰণি জীৱন্ত শক্তিক অধিক বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আজি এই অনুষ্ঠানত জনসাধাৰণৰ মাজত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিছে। তেওঁ উল্লেখ কৰে যে ইয়ালৈ অহাৰ আগতে তেওঁ ৰাম মন্দিৰ আৰু বীৰ বিঠাল মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ কয় যে তাৰ প্ৰশান্ত পৰিবেশে এই অনুষ্ঠানৰ আধ্যাত্মিকতাক গভীৰ কৰি তুলিছে।

ভিডিঅ কনফাৰেন্সনিঙৰ জৰিয়তে হায়দৰাবাদৰ ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়াৰ প্ৰকল্প উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিযা ভাষণৰ অসমীয়া

November 26th, 10:10 am

মোৰ সময় অলপ কম আছে , কাৰণ মই সংসদত উপস্থিত হ’ব লাগিব; মাননীয় ৰাষ্ট্ৰপতিৰ সৈতে এটা কাৰ্যসূচী আছে। সেয়ে দীঘলীয়াকৈ কথা নোকোৱাকৈয়ে ক্ষন্তেকতে কেইটামান কথা শ্বেয়াৰ কৰি মোৰ মন্তব্যৰ সামৰণি মাৰিম। আজিৰ পৰা ভাৰতৰ বিমান পৰিবহণ খণ্ডই নতুনকৈ এক গতি লাভ কৰিছে। ছাফ্ৰানৰ এই নতুন প্ৰকল্পই ভাৰতক বিশ্বব্যাপী এম আৰ অ’ হাব হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। এই এম আৰ অ’ সুবিধাই উচ্চ প্ৰযুক্তিৰ মহাকাশ জগতখনত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগৰ সৃষ্টি কৰিব। শেহতীয়াকৈ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড আৰু মেনেজমেণ্টক লগ পাইছো, ইয়াৰ আগতেও লগ পাইছো। প্ৰতিটো আলোচনাতে ভাৰত সন্দৰ্ভত তেওঁলোকৰ আস্থা আৰু আশা দেখিছোঁ। মোৰ বিশ্বাস যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একে গতিৰে চলি থাকিব৷ আজি এই প্ৰকল্পৰ বাবে টিম ছাফ্ৰানলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে

November 26th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জি এম আৰ এৰ’স্পেচ এণ্ড ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক-এছ ই জেডত অৱস্থিত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘ভাৰতৰ বিমান পৰিবহণ খণ্ডই আজিৰে পৰা এক নতুন উৰণ আৰম্ভ কৰিছে। ছাফ্ৰানৰ নতুন সুবিধাই ভাৰতক গোলকীয় ৰক্ষণাবেক্ষণ, মেৰামতি আৰু সম্পূৰ্ণভাৱে ৰূপান্তৰিত (এম আৰ অ’) কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।’ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই এম আৰ অ’ সুবিধাই উচ্চ-প্ৰযুক্তিৰ এৰ’স্পেচ খণ্ডত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগ সৃষ্টি কৰিব। শ্ৰী মোদীয়ে স্মৰণ কৰে যে তেওঁ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড এণ্ড মেনেজমেণ্টক সাক্ষাৎ কৰিছিল আৰু উল্লেখ কৰিছিল যে ইয়াৰ পূৰ্বেও তেওঁলোকৰ সৈতে হোৱা প্ৰতিটো আলোচনাত তেওঁ ভাৰতৰ প্ৰতি তেওঁলোকৰ আস্থা আৰু আশা প্ৰত্যক্ষ কৰিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একেই গতি অব্যাহত থাকিব। শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে এই নতুন সুবিধাৰ বাবে টিম ছাফ্ৰানক অভিনন্দন জ্ঞাপন কৰে।

মুম্বাইত সামূদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 29th, 04:09 pm

বিশ্ব সামুদ্ৰিক নেতা সন্মিলনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। এই অনুষ্ঠানটো ২০১৬ চনত মুম্বাইত আৰম্ভ কৰা হৈছিল আৰু আজি এই সন্মিলন বিশ্বজনীন অনুষ্ঠানত পৰিণত হোৱাটো আমাৰ সকলোৰে বাবে এক অতি আনন্দৰ বিষয়। আজি এই অনুষ্ঠানত ৮৫ খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। বৃহৎ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান আৰু সেইবোৰৰ চিইঅ’ৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপলৈকে, নীতি নিৰ্ধাৰকৰ পৰা বিনিয়োগকাৰীলৈকে সকলোৱে ইয়াত উপস্থিত আছে। সৰু সৰু দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিও উপস্থিত থাকে। আপোনাৰ দৃষ্টিভংগীয়ে এই শীৰ্ষ সন্মিলনৰ সহযোগিতা আৰু শক্তি দুয়োটাকে বৃদ্ধি কৰিছে।

মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

October 29th, 04:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত ভাষণ দিয়াৰ লগতে বিশ্ব সামুদ্ৰিক চিইঅ’ ফ’ৰামৰ অধ্যক্ষতা কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্ব সামুদ্ৰিক নেতা সন্মিলনত অংশগ্ৰহণ কৰা সকলোকে আদৰণি জনায়। ২০১৬ চনত মুম্বাইত আৰম্ভ হোৱা এই অনুষ্ঠানটো এতিয়া বিশ্বৰ শীৰ্ষ সন্মিলনলৈ উন্নীত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনত ৮৫খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। অনুষ্ঠানত তেওঁ সমবেত হোৱা প্ৰধান জাহাজ চলোৱা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, ষ্টাৰ্টআপ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ উপস্থিতিৰ কথা উল্লেখ কৰে। তেওঁ লগতে ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতি স্বীকাৰ কৰি কয় যে তেওঁলোকৰ সামূহিক দৃষ্টিভংগীয়ে সন্মিলনৰ সহযোগিতা আৰু শক্তি যথেষ্ট বৃদ্ধি কৰিছে।

মহাৰাষ্ট্ৰৰ মুম্বাইত একাধিক উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 08th, 03:44 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত ডাঙৰীয়া, জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ ৰামদাস আঠৱালে ডাঙৰীয়া, কে.আৰ. নাইডু ডাঙৰীয়া আৰু মুৰলীধৰ মহল ডাঙৰীয়া, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে ডাঙৰীয়া আৰু অজিত পাৱাৰ ডাঙৰীয়া, আন-আন মন্ত্ৰী, ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অনো ডাঙৰীয়া, আন-আন বিশিষ্ট অতিথি, ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন, মুম্বাইত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু উৎসৰ্গা কৰে

October 08th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ লগতে মহাৰাষ্ট্ৰৰ মুম্বাইত ভিন্ন উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ আৰু উৎসৰ্গা কৰে। ইয়াত সমবেত সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনাই শ্ৰী মোদীয়ে উপস্থিত থকা সকলোলৈকে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে শেহতীয়াকৈ বিজয়াদশমী আৰু শাৰদ পূৰ্ণিমা উদযাপনৰ কথা উল্লেখ কৰে তথা আগন্তুক দীপাৱলী উৎসৱ উপলক্ষে শুভেচ্ছা জনায়।

নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 25th, 06:16 pm

ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী দিমিত্ৰী পাত্ৰুশ্বেভ, মোৰ কেন্দ্ৰীয় কেবিনেটৰ সহযোগী চিৰাগ পাছোৱান, ৰৱনীত জী, প্ৰতাপৰাও যাধৱ জী, বিভিন্ন দেশৰ সকলো মন্ত্ৰী, অন্যান্য প্ৰতিনিধি, অতিথি, ভদ্ৰমহিলাসকল !

বিশ্ব খাদ্য ভাৰত ২০২৫ ৰ ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 25th, 06:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষক, উদ্যোগী, বিনিয়োগকাৰী, উদ্ভাৱক, আৰু গ্ৰাহক সকলোৱে একেলগে একেস্থানত উপস্থিত হৈ বিশ্ব খাদ্য ভাৰতক নতুন যোগাযোগ, নতুন সংযোগ, আৰু সৃষ্টিশীলতাৰ মঞ্চ কৰি তুলিছে। তেওঁ কয় যে তেওঁ অলপ আগতে প্ৰদৰ্শনীসমূহ ভ্ৰমণ কৰিছে । তেওঁ সেয়া দৰ্শন কৰি সুখ প্ৰকাশ কৰে যে তাত প্ৰাথমিক গুৰুত্ব পুষ্টি, তেলৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু পেকেটত ভৰোৱা সামগ্ৰীৰ স্বাস্থ্যসন্মততা বৃদ্ধি কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

জীৱন-যাপনৰ সহজতা বৃদ্ধি আৰু বিকশিত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত নেক্সটজেন জি এছ টি সংস্কাৰক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

September 04th, 09:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ বিত্তীয় স্থাপত্য আৰু বিশ্বব্যাপী অৱস্থানক নতুন ৰূপ দিয়া সাহসী অৰ্থনৈতিক সংস্কাৰৰ প্ৰতি চৰকাৰৰ দশকজোৰা প্ৰতিশ্ৰুতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। বিনিয়োগৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰা কৰ্পৰেট কৰ হ্ৰাসৰ পৰা আৰম্ভ কৰি, ৰাষ্ট্ৰীয় বজাৰক একত্ৰিত কৰা জি এছ টি ৰূপায়ণলৈকে আৰু জীৱন-যাপনৰ সহজতা বৃদ্ধি কৰা ব্যক্তিগত আয়কৰ সংস্কাৰলৈকে—সংস্কাৰৰ এই গতি সামঞ্জস্যপূৰ্ণ আৰু নাগৰিককেন্দ্ৰিক হৈ আহিছে।

ভাৰতৰ জনস্বাস্থ্য আৰু পুষ্টি পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত নেক্সটজেন জি এছ টি সংস্কাৰৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ বিষয়ত প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে

September 04th, 09:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ জনস্বাস্থ্য আৰু পুষ্টিৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত #নেক্সটজেন জি এছ টি সংস্কাৰৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ বিষয়ত আলোকপাত কৰে। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ৰন্ধা-বঢ়াৰ প্ৰয়োজনীয় সামগ্ৰী আৰু প্ৰ'টিন সমৃদ্ধ সামগ্ৰীৰ ওপৰত কৰ হাৰ হ্ৰাস কৰা সংস্কাৰে সমগ্ৰ দেশৰ পৰিয়ালসমূহৰ বাবে সুলভ মূল্য তথা খাদ্যৰ সুবিধা উন্নত কৰাত প্ৰত্যক্ষভাৱে অৰিহণা যোগাব।