নতুন দিল্লীৰ কাৰিয়াপ্পা খেলপথাৰত এনচিচিৰ ৰেলীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
January 28th, 04:00 pm
কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং জী, মঞ্চত উপবিষ্ট আন সকলো গণ্যমান্য ব্যক্তি, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এন চি চি আৰু এন এছ এছৰ কেডেটসকল, টেবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মীসকল আৰু মোৰ মৰমৰ যুৱ বন্ধুসকল। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ চিন ইয়াত দেখা গৈছে।আপোনালোকে প্ৰদৰ্শন অতি সমন্বয়ৰে পৰিৱেশন কৰিছে।দিল্লীত বাৰ্ষিক এন চি চি পিএম ৰেলীত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 28th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ চৰিয়াপ্পা পেৰেড খেলপথাৰত এন চি চিৰ বাৰ্ষিক পিএম ৰেলীত ভাষণ প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানটিলৈ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এন চি চি, এন এছ এছৰ কেডেট, টাবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মী আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ অংশগ্ৰহণকাৰীসকলৰ প্ৰচেষ্টা তেওঁলোকৰ সমন্বিত প্ৰদৰ্শনত স্পষ্ট হৈ পৰিছে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত-ইউৰোপীয় ইউনিয়নৰ ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 27th, 04:32 pm
এয়া কৃতিত্ব কোনো আকস্মিক ঘটনা নহয়; বজাৰ অৰ্থনীতি হিচাপে আমাৰ উমৈহতীয়া মূল্যবোধ আছে। বিশ্বৰ সুস্থিৰতাৰ দিশত আমি অগ্ৰাধিকাৰ শ্বেয়াৰ কৰিছো আৰু মুক্ত সমাজ হিচাপে আমাৰ মানুহৰ মাজতো এক স্বাভাৱিক সংযোগ আছে। এই শক্তিশালী ভেটিৰ ওপৰত আমি আমাৰ অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ গৈছো। আমি ইয়াক বিশ্বৰ অন্যতম প্ৰভাৱশালী অংশীদাৰিত্ব হিচাপে প্ৰতিষ্ঠা কৰিছো আৰু ইয়াৰ ফলাফল আমাৰ বাবে স্পষ্টভাৱে দেখা গৈছে। যোৱা ১০ বছৰত আমাৰ বাণিজ্য দুগুণ হৈছে, ১৮০ বিলিয়ন ইউৰো হৈছে। ভাৰতত ৬ হাজাৰৰো অধিক ইউৰোপীয় কোম্পানীয়ে কাম কৰি আছে। ইউৰোপীয় সংঘৰ পৰা ভাৰতত ১২০ বিলিয়ন ইউৰোতকৈ অধিক বিনিয়োগ হৈছে। ইউৰোপীয় সংঘত ১৫০০ ভাৰতীয় কোম্পানী উপস্থিত আছে, আৰু তাত ভাৰতীয় বিনিয়োগ প্ৰায় ৪০ বিলিয়ন ইউৰো হৈছেগৈ। আজি ভাৰতীয় আৰু ইউৰোপীয় কোম্পানীসমূহৰ মাজত অনুসন্ধান আৰু বিকাশ, উৎপাদন, আৰু সেৱাকে ধৰি প্ৰতিটো ক্ষেত্ৰতে গভীৰ সহযোগিতা আছে। আৰু আপোনালোকৰ দৰে ব্যৱসায়িক নেতাসকলেই ইয়াৰ কৰ্তা আৰু হিতাধিকাৰী দুয়োটাই।নতুন দিল্লীত ভাৰত-ইউৰোপীয় ইউনিয়নৰ ব্যৱসায়িক মঞ্চত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 27th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-ইউৰোপিয়ান সংঘ ব্যৱসায়িক মঞ্চত ভাষণ আগবঢ়ায়। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইউৰোপিয়ান সংঘ(ইইউ) ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰি সুখী হোৱা বুলি কয়। তেওঁ কয় যে ইউৰোপিয়ান সংঘ পৰিষদ আৰু আয়োগৰ অধ্যক্ষৰ ভাৰত ভ্ৰমণ কেৱল সাধাৰণ কূটনৈতিক ভ্ৰমণ হিচাপেই নহয়, বৰঞ্চ ভাৰত-ইউৰ সম্পৰ্কৰ এক নতুন যুগৰ আৰম্ভণি হৈছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে প্ৰথমবাৰলৈ ইইউ নেতৃত্বই ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে।ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
January 27th, 10:15 am
শক্তি সপ্তাহৰ এই নতুন সংস্কৰণত গোৱাত প্ৰায় ১২৫ খন দেশৰ প্ৰতিনিধিসকল সমবেত হৈছে। এটি শক্তি-সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ অহা আপোনালোক সকলো অংশগ্ৰহণকাৰীকে আদৰণি জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰে
January 27th, 10:08 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত সমবেতসকলক সম্বোধন কৰে। ইয়াত শ্ৰী মোদীয়ে কয় যে শক্তি সপ্তাহৰ এই নতুন সংস্কৰণত গোৱাত প্ৰায় ১২৫ খন দেশৰ প্ৰতিনিধিসকল সমবেত হৈছে। তেওঁ তেওঁলোক এটি শক্তি-সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ আহিছে বুলি উল্লেখেৰে সকলো অংশগ্ৰহণকাৰীকে আদৰণি জনায়।কুৱেইটত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান 'হালা মোদী'ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
December 21st, 06:34 pm
মই মাত্ৰ আঢ়ৈ ঘণ্টা আগতে কুৱেইটত উপস্থিত হৈছোহি আৰু মই ইয়াত ভৰি দিয়াৰ পিছৰে পৰা মই চাৰিওফালে এক বেলেগ সম্পৰ্ক, এক পৃথক উষ্ণতা অনুভৱ কৰিছোঁ। আপোনালোক সকলো ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে। কিন্তু আপোনালোক সকলোকে দেখি এনে লাগিছে যেন মোৰ সন্মুখত এখন ক্ষুদ্ৰ ভাৰতহে গঢ়ি উঠিছে। ইয়াত, উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিমৰ প্ৰতিটো অঞ্চলৰ পৰা বিভিন্ন ভাষা কোৱা লোকসকলক মোৰ সন্মুখত দেখিবলৈ পাইছোঁ। কিন্তু সকলোৰে হৃদয়ত একেই প্ৰতিধ্বনি অনুৰণিত হৈ আছে। সকলোৰে হৃদয়ত কেৱল এটাই প্ৰতিধ্বনি অনুৰণিত হৈ আছে— ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।Prime Minister Shri Narendra Modi addresses Indian Community at ‘Hala Modi’ event in Kuwait
December 21st, 06:30 pm
PM Modi addressed a large gathering of the Indian community in Kuwait. Indian nationals representing a cross-section of the community in Kuwait attended the event. The PM appreciated the hard work, achievement and contribution of the community to the development of Kuwait, which he said was widely recognised by the local government and society.১২ জানুৱাৰীত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 11th, 11:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰী, ২০২৪ তাৰিখে মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ১২:১৫ বজাত প্ৰধানমন্ত্ৰীগৰাকী নাচিকত উপস্থিত হ’ব, ইয়াত তেখেতে ২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰিব। বিয়লি প্ৰায় ৩:৩০ বজাত, মুম্বাইত প্ৰধানমন্ত্ৰীগৰাকীয়ে অটল বিহাৰী বাজপায়ী সেতু উদ্বোধন কৰিব। বিয়লি প্ৰায় ৪:১৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নৱী মুম্বাইত এক ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণেৰে একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।গুজৰাটত ছুৰাট ডায়মণ্ড ব’ৰ্ছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণত অসমীয়া অনুবাদ
December 17th, 12:00 pm
ছুৰাটৰ অৰ্থ হৈছে ছুৰাট, ছুৰাটৰ ইতিহাসৰ অভিজ্ঞতা, বৰ্তমানত গতি আৰু ভৱিষ্যতৰ দৃষ্টিভংগী আছে। আৰু এনে কামত কোনেও কেতিয়াও কোনো ত্ৰুটি ৰখা নাই বুলি মোৰ বিশ্বাস। এইদৰে ছুৰাটবাসীয়ে হয়তো সকলো কামতে খৰখেদা কৰে, কিন্তু খাদ্যৰ দোকান এখনত আধা ঘণ্টা শাৰী পাতি থিয় হোৱাৰ ধৈৰ্য্য তেওঁলোকৰ আছে। প্ৰচণ্ড বৰষুণ হৈছে আৰু আঁঠুলৈকে পানী আছে যদিও পকৰাৰ দোকানলৈ যাব লগা হ’লে যাব লাগিব। শাৰদী পূৰ্ণিমা, চণ্ডী পদৱাত গোটেই পৃথিৱীখন ছাদ ওপৰলৈ যায় আৰু এই মোৰ ছুৰাটবাসীয়ে ফুটপাথত পৰিয়ালৰ সৈতে ঘৰী (মিঠাই) খায়। আৰু আনন্দ এনেকুৱা যে চাহেব ওচৰৰ ক’লৈকো নাযায়, কিন্তু গোটেই পৃথিৱীখনে ঘূৰি ফুৰে। মনত আছে ৪০-৪৫ বছৰ আগতে যেতিয়া সৌৰাষ্ট্ৰৰ ভাইহঁতে ছুৰাটৰ ফালে গৈছিল তেতিয়া সৌৰাষ্ট্ৰৰ পৰা অহা আমাৰ পুৰণি বন্ধুক সুধিছিলোঁ যে সৌৰাষ্ট্ৰ এৰি ছুৰাটলৈ আহিলে কেনে লাগে? তেওঁ কয় যে আমাৰ ছুৰাট আৰু আমাৰ কঠিয়াৱাৰৰ মাজত বহুত পাৰ্থক্য আছে। মই ৪০-৪৫ বছৰৰ আগৰ কথা কৈছো। মই কি সুধিম? গতিকে তেওঁ কৈছিল যে আমাৰ কঠিয়াৱাৰত মটৰ চাইকেল এখনে মুখামুখিকৈ খুন্দা মাৰিলে তৰোৱালখন উলিয়াই দিয়াৰ কথা চৰ্চা হয়, কিন্তু ছুৰাটত মটৰ চাইকেল সংঘৰ্ষ হ’লে তেতিয়া লগে লগে তেওঁ কয়, চাওক ভাই, আপোনাৰ আৰু মোৰ দুয়োটাৰে দোষ, এতিয়াই বাদ দিয়ক, ইমান পাৰ্থক্য আছে।ছুৰাট ডায়মণ্ড ব’ৰ্ছ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
December 17th, 11:30 am
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ছুৰাট চহৰৰ ভব্য নতুন হীৰা সংযোজন কৰা হৈছে। “এয়া সাধাৰণ হীৰা নহয়, বৰঞ্চ ই বিশ্বৰ শ্ৰেষ্ঠ”, ছুৰাট ডায়মণ্ড ব’ৰ্ছৰ উজ্জ্বলতাই বিশ্বৰ আটাইতকৈ ডাঙৰ অট্টালিকাটোক আৱৰি লৈছে বুলি আলোকপাত কৰি কয় শ্ৰী মোদীয়ে। তেওঁ শ্ৰী বল্লভভাই লখানী আৰু শ্ৰী লালজীভাই পেটেলৰ বিনম্ৰতা আৰু ইমান বিশাল অভিযানৰ সফলতাৰ আঁৰত সকলোকে লগত লৈ যোৱাৰ মনোভাৱৰ কৃতিত্ব দি এই উপলক্ষে ছুৰাট হীৰা ব’ৰ্ছৰ সমগ্ৰ দলটোক অভিনন্দন জনায়। “বিশ্বত হীৰা ব’ৰ্ছৰ বিষয়ে আলোচনাৰ সময়ত ভাৰতৰ গৌৰৱৰ লগতে এতিয়া ছুৰাট ডায়মণ্ড ব’ৰ্ছ চৰ্চালৈ আহিব”, তেওঁ সজোৰে কয়। প্ৰধানমন্ত্ৰীয়ে কয়, ‘ছুৰাট ডায়মণ্ড ব’ৰ্ছে ভাৰতীয় ডিজাইন, ডিজাইনাৰ, সামগ্ৰী আৰু ধাৰণাৰ ক্ষমতা প্ৰদৰ্শন কৰে। এই ভৱনটো নিউ ইণ্ডিয়াৰ সামৰ্থ্য আৰু সংকল্পৰ প্ৰতীক।” শ্ৰী মোদীয়ে সমগ্ৰ হীৰা উদ্যোগ, ছুৰাট, গুজৰাট আৰু ভাৰতৰ জনসাধাৰণক ছুৰাট ডায়মণ্ড ব’ৰ্ছ উদ্বোধন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। আজিৰ পূৰ্বে ছুৰাট ডায়মণ্ড ব’ৰ্ছৰ পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰীয়ে স্থাপত্যৰ সন্দৰ্ভত বিশ্বজুৰি পৰিৱেশ সমৰ্থকসকলৰ বাবে আদৰ্শ হ’ব পৰা সেউজ ভৱনটোৰ কথা উল্লেখ কৰে৷ বিশেষকৈ ভৱনটোৰ সামগ্ৰিক স্থাপত্য যিটোক শিক্ষণৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব পৰা যায়, সেয়া স্থাপত্য, পঞ্চতত্ব উদ্যান আৰু আন্তঃগাঁথনি অভিযান্ত্ৰিকীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দৃশ্যপটৰ উদাহৰণ দাঙি ধৰিছে৷PM addresses 18th Annual India-Russia Summit
June 01st, 08:05 pm
PM Narendra Modi while addressing the India-Russia business forum today said, “Trade, commerce, innovation and engineering are sectors of immense importance and companies from Russia could explore the opportunities Indian market has to offer.” PM Modi also expressed content over enhanced defence ties between India and Russia in recent years.PM Modi inaugurates Diamond Manufacturing Unit in Surat, Gujarat
April 17th, 10:56 am
PM Narendra Modi inaugurated the Diamond Manufacturing Unit of M/s Hare Krishna Exports Pvt Ltd in Surat. The Prime Minister said Surat has made a mark in the diamond industry but there is now need to look at the entire gems and jewellery sector. He said that as far as the gems and jewellery sector is concerned, our aim should not only be ‘Make in India’ but also 'Design in India'.