২,১৯২ কোটি টকা ব্যয়েৰে বিহাৰৰ বখতিয়াৰপুৰ–ৰাজগীৰ–তিলাইয়া একক ৰে’লপথ (১০৪ কিলোমিটাৰ) অংশ দ্বৈত পথলৈ উন্নীতকৰণত কেবিনেটৰ অনুমোদন
September 24th, 03:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে বিহাৰৰ বখতিয়াৰপুৰ–ৰাজগীৰ–তিলাইয়াৰ একক ৰে’লপথৰ (১০৪ কিলোমিটাৰ)অংশ দ্বৈত পথলৈ উন্নীতকৰণৰ বাবে অনুমোদন জনাইছে আৰু ইয়াৰ বাবে আনুমানিক ২,১৯২ কোটি ব্যয় হ’ব।বিহাৰৰ গয়াজীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
August 22nd, 12:00 pm
বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খান ডাঙৰীয়া, জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ জিতন ৰাম মাঝি ডাঙৰীয়া, ৰাজীৱ ৰঞ্জন সিং, চিৰাগ পাছোৱান ডাঙৰীয়া, ৰাম নাথ ঠাকুৰ ডাঙৰীয়া, নিত্যানন্দ ৰায় ডাঙৰীয়া, সতীশ চন্দ্ৰ ডুবে ডাঙৰীয়া, ৰাজ ভূষণ চৌধাৰী ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী ডাঙৰীয়া, বিজয় কুমাৰ সিনহা ডাঙৰীয়া, বিহাৰ চৰকাৰৰ মন্ত্ৰীসকল, সংসদত মোৰ সতীৰ্থ উপেন্দ্ৰ কুশৱাহা ডাঙৰীয়া, আন-আন সাংসদসকল আৰু মোৰ বিহাৰৰ মৰমৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ গয়াত ১৩,০০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে
August 22nd, 11:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ গয়াত ১৩,০০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান আৰু মুক্তিৰ পবিত্ৰ নগৰী গয়া জীক প্ৰণাম জনাই বিষ্ণুপদ মন্দিৰৰ গৌৰৱময় ভূমিৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে গয়া জীৰ ভূমি আধ্যাত্মিকতা আৰু শান্তিৰ ক্ষেত্ৰ। তেখেতে কয় যে এই পবিত্ৰ ভূমিতে ভগৱান বুদ্ধই জ্ঞান লাভ কৰিছিল। “গয়া জীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক উভয় ঐতিহ্যই প্ৰাচীন আৰু অসীম চহকী”, শ্ৰী মোদীয়ে কয়। অঞ্চলটোৰ জনসাধাৰণে চহৰখনক কেৱল “গয়া” বুলিয়েই নহয়, সন্মান সহকাৰে “গয়া জী” বুলি অভিহিত হোৱাটো কামনা কৰিছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আৱেগক সন্মান জনোৱাৰ বাবে বিহাৰ চৰকাৰক অভিনন্দন জনায়। কেন্দ্ৰ আৰু বিহাৰত তেওঁলোকৰ চৰকাৰে গয়া জীৰ দ্ৰুত বিকাশৰ দিশত ধাৰাবাহিকভাৱে কাম কৰি থকাত তেখেতে সন্তোষ প্ৰকাশ কৰে।