প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে

October 31st, 06:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰোহিনীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে শ্ৰী মোদীয়ে কয় যে ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। তেওঁ কয় যে যেতিয়াই তেওঁ এনে সমাৱেশৰ মাজলৈ আহে, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰে। এই অনুভূতিৰ কাৰণ তেওঁ স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ বুলি কয়। প্ৰধানমন্ত্ৰীয়ে স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। উপস্থিত সকলো চিন্তকৰ সৈতে তেওঁৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোনৰ কথা উল্লেখেৰে কয় যে তেওঁলোকে তেওঁক বাৰে-বাৰে তেওঁলোকৰ মাজত থকাৰ সুযোগ দিছে। তেওঁ উল্লেখ কৰে যে যেতিয়াই তেওঁলোকক লগ পায় আৰু তেওঁলোকৰ সৈতে যোগাযোগ কৰে, তেতিয়াই তেওঁৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।

ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 04th, 05:35 pm

আমাৰ পৰম্পৰাত শিক্ষকৰ প্ৰতি স্বাভাৱিকভাবেই সন্মান আছে আৰু তেওঁলোক সমাজৰ এক বৃহৎ শক্তিও। শিক্ষকসকলক আশীৰ্বাদ লাভৰ বাবে থিয় হ’ব লৈ দিয়াটো ভুল হ’ব। মই এনে পাপ কৰিব নিবিচাৰো। কিন্তু আপোনালোকৰ সৈতে বাৰ্তালাপ কৰিব পাৰে মই নিশ্চয়কৈ ভাল পাম। মোৰ বাবে আপোনালোক সকলোকে লগ পোৱাটো এক সুন্দৰ অভিজ্ঞতা হৈ ৰ’ব। আপোনালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ কাহিনী থাকিব লাগিব, কাৰণ ইয়াৰ অবিহনে আপোনালোকে এই পৰ্যায়ত উপনীত নহ’লহেঁতেন। সেই সকলোবোৰ কাহিনী জানিবলৈ যথেষ্ট সময় পোৱাটো কঠিন, কিন্তু আপোনালোকৰ পৰা যিখিনি শিকিব পাৰিলোঁ সেয়া সঁচাকৈয়ে প্ৰেৰণাদায়ক আৰু তাৰ বাবে মই আপোনালোক সকলোকে আন্তৰিকতাৰে অভিনন্দন জনাইছো। ৰাষ্ট্ৰীয় বঁটা লাভ কৰাটো নিজৰ বাবেই শেষ কথা নহয়। এতিয়া এই বঁটা লাভৰ পিছতে সকলোৰে দৃষ্টি আপোনালোকৰ ওপৰতে নিবদ্ধ থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰসাৰ বহু পৰিমাণে বৃদ্ধি পাইছে। আগতে আপোনালোকৰ প্ৰভাৱ বা আদেশৰ ক্ষেত্ৰখন সীমিত আছিল যদিও এতিয়া এই স্বীকৃতিৰ পিছত ই বহু পৰিমাণে বিশাল হৈ পৰিল। । মোৰ বিশ্বাস এয়াই আৰম্ভণি, আৰু এই সুযোগটো গ্ৰহণ কৰিব লাগিব। আপোনালোকৰ ভিতৰত যি আছে, যিমান পাৰে সেয়া ভাগ-বতৰা কৰা উচিত। তেনে কৰাৰ লগে লগে আপোনালোকৰ সন্তুষ্টিৰ ভাব বাঢ়িব আৰু সেই দিশত আপোনালোকে চেষ্টা অব্যাহত ৰাখিব লাগে। এই বঁটাৰ বাবে আপোনালোকক নিৰ্বাচন কৰাটো আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু অহৰহ নিষ্ঠাৰ সাক্ষ্য। তাৰ বাবেইহে এয়া সম্ভৱ হৈছে। এজন শিক্ষকে কেৱল বৰ্তমানেই নহয়, দেশ খনৰ ভৱিষ্যত প্ৰজন্মকো গঢ় দিয়ে, ভৱিষ্যতক উজ্জ্বল কৰে আৰু মই বিশ্বাস কৰোঁ যে এয়া আন যিকোনো কামতকৈ কম নহয়। আজি আপোনালোকৰ দৰে কোটি কোটি শিক্ষকে একে ভক্তি, আন্তৰিকতা, নিষ্ঠাৰে দেশৰ সেৱাত নিয়োজিত হৈ আছে। সকলোৱে ইয়ালৈ অহাৰ সুযোগ নাপায়। হয়তো বহুতে চেষ্টাও কৰা নাছিল, বা কিছুমানে লক্ষ্যও স্থিৰ কৰা নাছিল। এনে সামৰ্থ্য থকা মানুহ অগণন। তেওঁলোকৰ সকলোৰে সামূহিক প্ৰচেষ্টাই দেশ খনৰ অগ্ৰগতি অব্যাহত থকাটো নিশ্চিত কৰে, নতুন প্ৰজন্মক লালন-পালন কৰে, যিসকলে দেশৰ বাবে জীয়াই থাকে আৰু তাত সকলোৰে অৱদান আছে।

ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকসকলক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

September 04th, 05:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকসকলক সম্বোধন কৰে । শ্ৰী মোদীয়ে ভাৰতীয় সমাজে শিক্ষকসকলৰ প্ৰতি থকা স্বাভাৱিক সন্মানক প্ৰশংসা কৰি তেওঁলোকক ৰাষ্ট্ৰ নিৰ্মাণৰ এক শক্তিশালী শক্তি বুলি অভিহিত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে শিক্ষকসকলক সন্মান জনোৱাটো কেৱল এটা অনুষ্ঠানেই নহয়, বৰঞ্চ এয়া তেওঁলোকৰ আজীৱন নিষ্ঠা আৰু প্ৰভাৱৰ স্বীকৃতি।

We are moving ahead with the goal of a quantum jump, not just incremental change: PM Modi

August 23rd, 10:10 pm

In his address at the Economic Times World Leaders Forum, PM Modi highlighted that India is currently the fastest-growing major economy in the world and poised to become the third-largest economy. He affirmed that India built Made-in-India 5G and deployed it across the country quickly. He highlighted major reforms from the Monsoon Session—modernized laws for mining, shipping and ports, and the launch of the National Sports Policy—Khelo Bharat Niti.

নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

August 23rd, 05:43 pm

আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট অতিথিক আদৰণি জনাই তেওঁ কয় যে এই লীডাৰ্ছ ফ’ৰাম মঞ্চৰ সময় “অতি নিখুঁত।” শ্ৰী মোদীয়ে এই সময়োপযোগী পদক্ষেপৰ বাবে আয়োজকসকলক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে মাত্ৰ যোৱা সপ্তাহত তেওঁ লালকিল্লাৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ বা আধুনিক সংস্কাৰৰ বিষয়ে মন্তব্য কৰিছিল, আৰু এই মঞ্চই এতিয়া সেই দৃষ্টিভংগীৰ বাবে শক্তিবৰ্ধক হিচাপে কাম কৰি আছে।

৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ আলোকপাত

August 15th, 03:52 pm

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰা, ভাৰতক আত্মনিৰ্ভৰ কৰা, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বব্যাপী নেতৃত্ব আহৰণ কৰা, সমাজৰ সকলো শ্ৰেণীৰ বাবে সামাজিক ন্যায় নিশ্চিত কৰা আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃঢ় সংকল্প আদি কেইবাটাও বিষয়ৰ ওপৰত ভৱিষ্যতৰ বিস্তৃত ৰূপৰেখা দাঙি ধৰে।

৭৯ তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

August 15th, 07:00 am

স্বাধীনতাৰ এই মহান উৎসৱ ১৪০ কোটি ভাৰতীয়ৰ সংকল্পৰ উদযাপন। এয়া হৈছে আমাৰ সামূহিক কৃতিত্ব প্ৰতিফলিত কৰা, গৌৰৱেৰে পৰিপূৰ্ণ, প্ৰতিখন হৃদয়লৈ অপৰিসীম আনন্দ কঢ়িয়াই অনা এক বিষ্ময়কৰ উৎসৱ। আমাৰ দেশখনে একতাৰ মনোভাৱ প্ৰতিনিয়ত শক্তিশালী কৰিছে। আজি দেশৰ ১৪০ কোটি নাগৰিক ত্ৰিৰংগাৰ ৰঙেৰে বিঢৌত হৈছে। ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ লহৰ চৌপাশে উঠিছে, সেয়া মৰুভূমিয়েই হওক, কিম্বা হিমালয়ৰ শৃংগই হওক, সাগৰতীৰতেই হওক, বা ঘন জনবসতিপূৰ্ণ অঞ্চলতেই হওক, সকলোতে এটাই প্ৰতিধ্বনি, এটাই উল্লাস: আমাৰ প্ৰাণৰো প্ৰাণৰ, আমাৰ দেশ, গৰিমাৰ বেশ আমাৰ দেশ।

India celebrates 79th Independence Day

August 15th, 06:45 am

PM Modi, in his address to the nation on the 79th Independence day paid tribute to the Constituent Assembly, freedom fighters, and Constitution makers. He reiterated that India will always protect the interests of its farmers, livestock keepers and fishermen. He highlighted key initiatives—GST reforms, Pradhan Mantri Viksit Bharat Rozgar Yojana, National Sports Policy, and Sudharshan Chakra Mission—aimed at achieving a Viksit Bharat by 2047. Special guests like Panchayat members and “Drone Didis” graced the Red Fort celebrations.

India is going to open doors of new possibilities of space for the world: PM Modi

June 28th, 08:24 pm

PM Modi interacted with the astronaut Shubhanshu Shukla from the International Space Station. The PM stated that their conversation embodied the emotions and enthusiasm of 140 crore Indians. The PM said that Shubhanshu now had the rare honour of performing parikrama of Mother Earth herself. Shubhanshu Shukla wholeheartedly agreed with the PM's reflection that ‘science and spirituality are twin pillars of India’s strength’.

Prime Minister Shri Narendra Modi interacts with Group Captain Shubhanshu Shukla aboard the International Space Station

June 28th, 08:22 pm

PM Modi interacted with the astronaut Shubhanshu Shukla from the International Space Station. The PM stated that their conversation embodied the emotions and enthusiasm of 140 crore Indians. The PM said that Shubhanshu now had the rare honour of performing parikrama of Mother Earth herself. Shubhanshu Shukla wholeheartedly agreed with the PM's reflection that ‘science and spirituality are twin pillars of India’s strength’.

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

April 27th, 11:30 am

নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।

তিনিটা PARAM ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ আৰু এটা উচ্চ কাৰ্যক্ষম কম্পিউটিং ব্যৱস্থা দেশলৈ উৎসৰ্গা কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অনুবাদ

September 26th, 05:15 pm

আজি ভাৰতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতাৰ দিন। আজি ইয়াত বিজ্ঞান, প্ৰযুক্তি, গৱেষণাক অগ্ৰাধিকাৰ দি একবিংশ শতিকাৰ নৱভাৰত কেনেকৈ আগবাঢ়িছে তাক প্ৰদৰ্শন কৰা হৈছে। আমি সম্ভাৱনাৰ এক বিস্তৃত পৰিৱেশত নতুন সুযোগৰ সৃষ্টি কৰিছো। আমাৰ প্ৰতিভাৱান বিজ্ঞানী আৰু অভিযন্তাসকলে তিনিটা PARAM Rudra ছুপাৰ কম্পিউটাৰ প্ৰস্তুত কৰিছে, যিবোৰ এতিয়া দিল্লী, পুনে, আৰু কলকাতাত স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও আমি দুটা হাই-পাৰফৰ্মেন্স কম্পিউটিং চিষ্টেম অৰ্ক আৰু আৰুণিক উদ্বোধন কৰিছো। এই শুভ মুহুৰ্ত তথা গুৰুত্বপূৰ্ণ অনুষ্ঠানত আমাৰ বৈজ্ঞানিক সমাজ, অভিযন্তা, আৰু সমূহ দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তিনি পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

September 26th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰায় ১৩০ কোটি টকা মূল্যৰ তিনি পৰম ৰুদ্ৰ ছুপাৰকম্পিউটাৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং অভিযান (NSM)ৰ অধীনত থলুৱাভাৱে বিকশিত কৰা এই ছুপাৰ কম্পিউটাৰ কেইটা পুনে, দিল্লী আৰু কলকাতাস্থিত অগ্ৰণী বৈজ্ঞানিক গৱেষণা সুবিধাত নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বতৰ আৰু জলবায়ু গৱেষণাৰ বাবে প্ৰস্তুত হাই-পাৰ্ফৰ্মেন্স কম্পিউটিং (HPC) ব্যৱস্থাও উদ্বোধন কৰে।

Your vote on Lotus button on 26th April will strengthen the ongoing movement against corruption: PM in Attingal

April 15th, 11:35 am

In his second rally at Attingal, PM Modi said, The BJP has announced in its Sankalp Patra that we will connect global tourists with our heritage and confer World Heritage status on our heritage. There is a great possibility of this happening in Kerala. The BJP's plan is the overall development of major tourist destinations. The BJP will also establish new centers for eco-tourism in Kerala. This will greatly benefit our tribal families by creating opportunities for them. The BJP government will also provide financial help to women for homestays.”

PM Modi addresses enthusiastic crowds at public meetings in Alathur and Attingal, Kerala

April 15th, 11:00 am

Ahead of the Lok Sabha Elections, 2024, PM Modi was garnered with love and admiration at public rallies in Alathur & Attingal, Kerala. The PM extended his best wishes on the occasion of Vishu and presented his transparent vision of Kerala to the audience. PM Modi offered a glimpse of BJP's Sankalp Patra, pledging advancement and prosperity to every corner of the nation.

প্ৰধানমন্ত্ৰীয়ে ২৭-২৮ ফেব্ৰুৱাৰীত কেৰালা, তামিলনাডু আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব

February 26th, 02:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭-২৮ ফেব্ৰুৱাৰী, ২০২৪ত কেৰালা, তামিলনাডু আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব।