তামিলনাডুৰ তিৰুচিৰাপল্লীত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ
March 11th, 05:45 pm
আজিৰ এই কাৰ্য্যসূচী তামিলনাডুৰ ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। ইয়াৰ সৈতে পাঁচ হাজাৰ ছশ কোটি টকাৰ প্ৰকল্প জড়িত হৈ আছে। এই প্ৰকল্পসমূহ হৈছে স্বচ্ছ শক্তিৰ বাবে আন্তঃগাঁথনি, পেট্ৰলিয়াম সম্পৰ্কীয় উৎপাদন, ঘাইপথ, ৰেলপথ আৰু গ্ৰামীণ পথেৰে সম্পৰ্কীয়। ইয়াৰ দ্বাৰা শক্তিৰ সুবিধা, যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ লগতে তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ চাকৰিৰ সৃষ্টি হ’ব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত প্ৰায় ৫,৬৫০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু ফ্লেগ অফ কৰে
March 11th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঐতিহাসিক চহৰ ত্ৰিচি ভ্ৰমণ কৰি তামিলনাডুৰ আন্তঃগাঁথনি আৰু অৰ্থনীতিক শক্তিশালী কৰাৰ লক্ষ্যৰে এলানি ৰূপান্তৰশীল উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। মুঠ পাঁচ হাজাৰ ছশ কোটি টকা বিনিয়োগ সাপেক্ষে এই পদক্ষেপসমূহে স্বচ্ছ শক্তি, পেট্ৰলিয়াম-সম্পৰ্কীয় উৎপাদন আৰু ঘাইপথ, ৰেলপথ তথা গ্ৰামীণ পথৰ জৰিয়তে মাল্টি-মডেল সংযোগ বৃদ্ধিক সামৰি লৈছে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীয়ে কয়, “এই প্ৰকল্পসমূহে শক্তি লাভ, যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব আৰু তামিলনাডুৰ যুৱক-যুৱতীসকলৰ বাবে হাজাৰ-হাজাৰ নিয়োগ সৃষ্টি কৰিব।”নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 14th, 11:00 am
আজি পোংগল এক বিশ্বব্যাপী উৎসৱত পৰিণত হৈছে। তামিল সমাজ আৰু তামিল সংস্কৃতিক লালন-পালন কৰা সমগ্ৰ বিশ্বৰ লোকসকলে পৰম উৎসাহেৰে এই উৎসৱ উদযাপন কৰে। ময়ো তেওঁলোকৰ মাজৰে এজন। এইদৰে সকলোৰে সৈতে একেলগে এই বিশেষ উৎসৱ পালন কৰাটো মোৰ বাবে সৌভাগ্যৰ কথা। তামিল জনজীৱনত পোংগল এক সুখকৰ অভিজ্ঞতাৰ দৰেই। এই উপলক্ষই কৃষক সকলৰ পৰিশ্ৰম, ধৰিত্ৰী আৰু সূৰ্য্যৰ প্ৰতি কৃতজ্ঞতাক মূৰ্ত কৰি তোলাৰ লগতে প্ৰকৃতি, পৰিয়াল আৰু সমাজৰ ভাৰসাম্য ৰক্ষাৰ দিশতো আমাক পথ প্ৰদৰ্শন কৰে। এই সময়ত দেশৰ ভিন্ন প্ৰান্তত লহৰী, মকৰ সংক্ৰান্তি, মাঘ বিহু আৰু আন-আন উৎসৱ উদযাপন কৰা হয়। মই ভাৰতকে প্ৰমুখ্য কৰি সমগ্ৰ বিশ্বৰ সকলো তামিল ভ্ৰাতৃ-ভগ্নীক পোংগলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলো উৎসৱৰ বাবে শুভেচ্ছা জনালো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে
January 14th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। তামিল ভাষাতে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে “আজি পোংগল এক বিশ্বব্যাপী উৎসৱত পৰিণত হৈছে” বুলি উল্লেখেৰে কয় যে তামিল সমাজ আৰু তামিল সংস্কৃতিক লালন-পালন কৰা সমগ্ৰ বিশ্বৰ লোকসকলে পৰম উৎসাহেৰে এই উৎসৱ উদযাপন কৰে। তেওঁ আৰু কয় যে তেৱোঁ তেওঁলোকৰ মাজৰে এজন। এইদৰে সকলোৰে সৈতে একেলগে এই বিশেষ উৎসৱ পালন কৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা বুলি শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে তামিল জনজীৱনত পোংগল এক সুখকৰ অভিজ্ঞতাৰ দৰেই। এই উপলক্ষই কৃষক সকলৰ পৰিশ্ৰম, ধৰিত্ৰী আৰু সূৰ্য্যৰ প্ৰতি কৃতজ্ঞতাক মূৰ্ত কৰি তোলাৰ লগতে প্ৰকৃতি, পৰিয়াল আৰু সমাজৰ ভাৰসাম্য ৰক্ষাৰ দিশতো আমাক পথ প্ৰদৰ্শন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সময়ত দেশৰ ভিন্ন প্ৰান্তত লহৰী, মকৰ সংক্ৰান্তি, মাঘ বিহু আৰু আন-আন উৎসৱ উদযাপন কৰা হয়। তেওঁ ভাৰতকে প্ৰমুখ্য কৰি সমগ্ৰ বিশ্বৰ সকলো তামিল ভ্ৰাতৃ-ভগ্নীক পোংগলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলো উৎসৱৰ বাবে শুভেচ্ছা জনায়।প্ৰধানমন্ত্ৰীক সাক্ষাৎ ২০২৪ বৰ্ষৰ প্ৰশিক্ষণৰত আইএফএছ বিষয়াসকলৰ
August 19th, 08:34 pm
ভাৰতীয় বৈদেশিক সেৱাৰ ২০২৪ বৰ্ষৰ প্ৰশিক্ষণৰত বিষয়াসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত সাক্ষাৎ কৰে। ২০২৪ বৰ্ষৰ বেটছত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৩জন আইএফএছ প্ৰশিক্ষাৰ্থী বিষয়া আছে।উত্তৰপ্ৰদেশৰ বাৰাণসীত উন্নয়নমূলক কামৰ আধাৰশিলা, উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 02nd, 11:30 am
নমোঃ পাৰ্বতী পতয়ে, হৰ হৰ মহাদেৱ, শাওনৰ পবিত্ৰ মাহত আজি কাশীৰ আমাৰ পৰিয়ালৰ সদস্যসকলক লগ পোৱাৰ সৌভাগ্য হ’ল। মই কাশীৰ প্ৰতিগৰাকী পৰিয়ালৰ সদস্যক প্ৰণাম জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভণি কৰে
August 02nd, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ শাওণ মাহত বাৰাণসীৰ পৰিয়ালক লগ পোৱাৰ সন্দৰ্ভত আন্তৰিক আৱেগ প্ৰকাশ কৰে। বাৰাণসীবাসীৰ সৈতে তেওঁৰ গভীৰ আৱেগিক সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে মহানগৰীৰ প্ৰতিজন পৰিয়ালৰ সদস্যক শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে শাওণ মাহৰ শুভ মুহূৰ্তত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে।তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত অনুষ্ঠিত আদী তিৰুভথিৰাই মহোৎসৱৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
July 27th, 12:30 pm
চিন্ময়া মিছনৰ স্বামী, তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেবিনেটত মোৰ সহকৰ্মী ড° এল মুৰুগান জী, স্থানীয় সাংসদ থিৰুমা-ভালাৱন জী, মঞ্চত উপস্থিত তামিলনাডুৰ মন্ত্ৰীসকল, সংসদত মোৰ সহযোগী সন্মানীয় শ্ৰী ইলায়াৰাজা জী, সকলো অডুভাৰ, ভক্ত, ছাত্ৰ, সাংস্কৃতিক ইতিহাসবিদসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰমত আদি তিৰুভথিৰাই মহোৎসৱত ভাষণ দিয়ে
July 27th, 12:25 pm
আজি তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আদি তিৰুভথিৰাই মহোৎসৱত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সৰ্বশক্তিমান ভগৱান শিৱৰ আগত প্ৰণাম জনায় আৰু শ্ৰী ইলয়াৰাজৰ সংগীত তথা ওধুবৰৰ পবিত্ৰ জপ সংগীত শ্ৰৱণ কৰি ৰাজাৰাজা চোলাৰ পবিত্ৰ ভূমিত ঐশ্বৰিক শিৱ দৰ্শনৰ জৰিয়তেগভীৰ আধ্যাত্মিক শক্তিক অনুভৱ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আধ্যাত্মিক পৰিৱেশে আত্মাক গভীৰভাৱে আপ্লুত কৰে।২৬-২৭ জুলাইত তামিলনাডু ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
July 25th, 10:09 am
ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণৰ পৰা উভতি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ জুলাইৰ নিশা প্ৰায় ৮ বজাত তামিলনাডুৰ টুটিকোৰিনত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত ৪৮০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰিব।